অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জুডি বাৰী

জুডিথ বিয়েট্ৰিছ বাৰী (Judith Beatrice Bari; ৭ নৱেম্বৰ, ১৯৪৯ – ২ মাৰ্চ, ১৯৯৭)এগৰাকী আমেৰিকান পৰিৱেশবিদ, নাৰীবাদী আৰু শ্ৰমিক নেত্ৰী আছিল যি মূলতঃ উত্তৰ কেলিফৰ্ণিয়াত সক্ৰিয় আছিল।

হালনাগাদ: ২৯ মাৰ্চ ২০২৫ ১৮২ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

জুডিথ বিয়েট্ৰিছ বাৰী (Judith Beatrice Bari; ৭ নৱেম্বৰ, ১৯৪৯ – ২ মাৰ্চ, ১৯৯৭)এগৰাকী আমেৰিকান পৰিৱেশবিদ, নাৰীবাদী আৰু শ্ৰমিক নেত্ৰী আছিল যি মূলতঃ উত্তৰ কেলিফৰ্ণিয়াত সক্ৰিয় আছিল।১ ১৯৮০ আৰু নব্বৈৰ দশকত 'আৰ্থ ফাৰ্ষ্ট!' মেণ্ডোচিনো কাউণ্টি আৰু আনুসংগিক অঞ্চলৰ প্ৰাচীন ৰেডউড অৰণ্যত কাঠ কটাৰ বিৰুদ্ধে অভিযান চলাইছিল৷

১৯৯০ চনৰ ২৪ মে'ত কেলিফৰ্ণিয়াৰ অকলেণ্ডত২ বাৰীয়ে তেওঁৰ গাড়ীৰ আসনৰ তলত পাইপ বোমা বিস্ফোৰণ ঘটাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সামান্য আঘাতপ্ৰাপ্ত সহকৰ্মী ডেৰিল চেৰ্ণীৰ সৈতে তেওঁ গাড়ী চলাই আছিল। সন্ত্ৰাসবাদী উদ্দেশ্যত বোমা কঢ়িয়াই নিয়াৰ অভিযোগ উত্থাপন কৰি এফ বি আইৰ সহায়ত অকলেণ্ড আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। সেই অভিযোগসমূহ বাতিল হোৱাৰ বিপৰীতে ১৯৯১ চনত এই যুটিয়ে বোমা বিস্ফোৰণৰ তদন্তৰ সময়ত নাগৰিক অধিকাৰ উলংঘা কৰাৰ বাবে অকলেণ্ড আৰক্ষী বিভাগ আৰু এফ বি আইৰ বিৰুদ্ধে গোচৰ দাখিল কৰে। ২০০২ চনত গোচৰটো বিচাৰলৈ যোৱাৰ সময়ত বিচাৰকে তেওঁলোকৰ পক্ষত সন্ধান পাইছিল। ১৯৯৭ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ বাৰীৰ মৃত্যু হৈছিল।

১৯৯৯ চনত ব্যুৰো অৱ লেণ্ড মেনেজমেণ্টৰ প্ৰশাসনৰ অধীনত হেডৱাটাৰ্ছ ফৰেষ্ট ৰিজাৰ্ভ (H.R. 2107, Title V. Sec.501.৩) স্থাপনৰ বাবে এখন বিধেয়ক গৃহীত কৰা হয়। এইটোৱে মিশ্ৰিত পুৰণি-বৃদ্ধ আৰু পূৰ্বতে চপোৱা অৰণ্যৰ সুৰক্ষা লাভ কৰে। এইটো বাৰীয়ে বহুদিনৰ পৰা সমৰ্থন কৰি অহা এটা প্ৰকল্প আছিল।

তথ্যসূত্ৰ

  1. ↑ Steve Ongerth. Redwood Uprising, Chapter 25
  2. ↑ Wilken, Claudia. (October 15, 1997). Bari et al. v. Doyle et al.. Decision and Order, pp. 2-3. United States District Court for the Northern District of California
  3. ↑ Library of Congress, text of H.R. 2107, Title V Priority Land Acquisitions, Land Exchangs, and Maintenance

সম্পৰ্কিত শ্ৰেণী

পৰিৱেশ কৰ্মীআমেৰিকা যুক্তৰাষ্ট্ৰৰ নাৰী অধিকাৰ কৰ্মীআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুডি বাৰী” প্ৰবন্ধৰ সংশোধন ৪৯৯২৩২ (২৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।