অজন্থা উইজেছিংহে পেৰেৰা এগৰাকী শ্ৰীলংকাৰ শিক্ষাবিদ, বিজ্ঞানী, বিশ্ববিদ্যালয়ৰ প্ৰবক্তা, পৰিৱেশ কৰ্মী আৰু ৰাজনীতিবিদ।১ শ্ৰীলংকাৰ জাবৰ সংকটৰ অন্ত পেলাবলৈ কৰা প্ৰচেষ্টাৰ বাবে তেওঁক জনাজাত আৰু তেওঁক জাবৰ ৰাণী বুলি ডাকনাম দিয়া হয়।২ জাবৰৰ সংকট সমাধানৰ বাবে তেওঁ কঠিন আৱৰ্জনা পুনঃব্যৱহাৰৰ ওপৰত ৰাষ্ট্ৰীয় কাৰ্যসূচী প্ৰতিষ্ঠা কৰিছিল।৩৪ ২০১৯ চনৰ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনতো তেওঁ প্ৰাৰ্থী আছিল,৫৬ নিৰ্বাচনত একমাত্ৰ মহিলা প্ৰাৰ্থী আৰু ১৯৯৯ চনৰ পিছত প্ৰথম মহিলা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।৭৮
প্ৰাথমিক জীৱন আৰু শিক্ষা
ইংলেণ্ডত উচ্চ পঢ়া-শুনা সমাপ্ত কৰি ২৩ বছৰ বয়সত শ্ৰীলংকালৈ উভতি আহে অজন্থা পেৰেৰা। কেলানিয়া বিশ্ববিদ্যালয়ত জৈৱ ৰসায়ন, শৰীৰবিজ্ঞান আৰু প্ৰাণীবিজ্ঞানৰ সহকাৰী প্ৰবক্তা হিচাপে যোগদান কৰে। তেওঁ কলম্বো বিশ্ববিদ্যালয়ত পৰিৱেশ অধ্যয়নৰ জ্যেষ্ঠ প্ৰবক্তা হিচাপে যোগদান কৰে আৰু তাৰপৰাই তেওঁ স্নাতক ডিগ্ৰীও সম্পূৰ্ণ কৰে।৯
কেৰিয়াৰ
পেৰেৰাই শ্ৰীলংকা আৰু ফিজিৰ কেইবাটাও মন্ত্ৰ্যালয়ৰ সৈতে বিশেষজ্ঞ হিচাপে কাম কৰি আহিছে। বৰ্তমান তেওঁ দেশত কঠিন আৱৰ্জনাসমূহৰ পুনঃব্যৱহাৰ ব্যৱস্থাপনা কৌশল তৈয়াৰ কৰাৰ কাম কৰি আছে।১০
২০১৯ চনত ৰাজনীতিৰ প্ৰতি আগ্ৰহী হৈ ২০১৯ চনৰ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত শ্ৰীলংকাৰ ছ’চিয়েলিষ্ট পাৰ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ মাত্ৰ ২৭,৫৭২টা ভোট লাভ কৰি সপ্তম সৰ্বাধিক ভোট পোৱা প্ৰাৰ্থী হিচাপে পৰিগণিত হয়।৫৬ এই নিৰ্বাচনত তেওঁ একমাত্ৰ মহিলা প্ৰাৰ্থী আৰু ১৯৯৯ চনৰ পিছত শ্ৰীলংকাৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আছিল।৭৮
২০২০ চনৰ ফেব্ৰুৱাৰী মাহত ইউএনপিৰ নেতা ৰানিল উইক্ৰেমচিঙেৰ পৰামৰ্শৰ আমন্ত্ৰণৰ পিছত তেওঁ ইউনাইটেড নেচনেল পাৰ্টিত যোগদান কৰে, কিয়নো পেৰেৰাৰ দাদায়ো ইয়াৰ পূৰ্বে দলটোক প্ৰতিনিধিত্ব কৰিছিল।১১ ২০২০ চনৰ শ্ৰীলংকাৰ সংসদীয় নিৰ্বাচনত কলম্বো জিলাত ইউএনপিক প্ৰতিনিধিত্ব কৰি প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও নিৰ্বাচিত হ'ব নোৱাৰিলে।১২১৩১৪
তথ্যসূত্ৰ
- ↑ Dr. Ajantha Perera pledges a corruption-free nation · Daily FT. www.ft.lk
- ↑ (2019-10-12). Socialism is about giving power to the working class - Dr Ajantha Perera. Sunday Observer
- ↑ Focus on having more women in politics, says Dr. Perera · Daily FT. www.ft.lk
- ↑ Presidential candidates throw in their hats for the top job. Times Online - Daily Online Edition of The Sunday Times Sri Lanka
- ↑ (2019-08-28). ජනාධිපතිවරණයට ඉදිරිපත්වන කාන්තාව
- ↑ Presidential Election - 2019: Final Result - All Island. news.lk. Department of Government Information
- ↑ (2019-08-28). ජනාධිපතිවරණයට ඉදිරිපත්වන කාන්තාව
- ↑ Women and politics · Daily FT. www.ft.lk
- ↑ Plus. www.sundaytimes.lk
- ↑ Ajantha Perera. Ashoka · Everyone a Changemaker
- ↑ Ajantha Perera: Former Presidential candidate joins UNP. CeylonToday
- ↑ The UNP is a party with a history - Dr. Ajantha Perera. www.dailymirror.lk
- ↑ (2020-02-28). Dr. Ajantha joins UNP to contest General Election from Colombo. Sri Lanka News - Newsfirst
- ↑ (2020-07-24). Women nominees: Poor showing from major parties in run-up to Sri Lanka's polls. EconomyNext
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অজন্থা পেৰেৰা” প্ৰবন্ধৰ সংশোধন ৫৯৭৪৫৭ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।