অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীশা ৰবি

দীশা আনাপ্পা ৰবি (Disha Annappa Ravi; জন্ম: ১৯৯৮/৯৯, বাংগালোৰ) ভাৰত চৰকাৰে অভিযোগ দৰ্শাইছিল যে, কৃষক আন্দোলনটোৰ প্ৰতি সমৰ্থন জনাবলৈ কিদৰে আৰু কেনেকৈ পথ অৱলম্বন কৰিব লাগে, সেই সন্দৰ্ভত এই টুলকিটটোৱে প্ৰণালীবদ্ধভাৱে সামাজিক ন্যায়প্ৰদানৰ ক্ষেত্ৰত যোগাযোগৰ মাধ্যম হিচাপে কাম কৰিছিল।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৫ ২৫৭ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

দীশা আনাপ্পা ৰবি (Disha Annappa Ravi; জন্ম: ১৯৯৮/৯৯, বেংগালুৰু) এগৰাকী ভাৰতীয় তৰুণী আৰু এগৰাকী পৰিৱেশ কৰ্মী। তেখেত 'ফ্ৰাইডেছ ফৰ ফিউছাৰ (ভাৰত)'ৰ প্ৰতিষ্ঠাতা। সুপৰিচিত পৰিৱেশ কৰ্মী গ্ৰেটা থুন্‌বাৰিৰ এটা অনলাইন টুলকিটৰ লগত জড়িত থকাৰ অভিযোগক্ৰমে ২০২১ চনৰ ১৩ ফেব্ৰুৱাৰীত দীশা ৰবিক গ্ৰেপ্তাৰ কৰা হৈছিল। তেখেতৰ গ্ৰেপ্তাৰৰ পাৰ্শ্বক্ৰিয়া হিচাপে ভাৰতত চলি থকা কৃষক আন্দোলনটোৰ মাত্ৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিয়পি পৰে।১২ ভাৰত চৰকাৰে অভিযোগ দৰ্শাইছিল যে, কৃষক আন্দোলনটোৰ প্ৰতি সমৰ্থন জনাবলৈ কিদৰে আৰু কেনেকৈ পথ অৱলম্বন কৰিব লাগে, সেই সন্দৰ্ভত এই টুলকিটটোৱে প্ৰণালীবদ্ধভাৱে সামাজিক ন্যায়প্ৰদানৰ ক্ষেত্ৰত যোগাযোগৰ মাধ্যম হিচাপে কাম কৰিছিল।৩৪ অভিযোগমতে, ইয়াৰ ফলত একধৰণৰ অচলাৱস্থাৰ সৃষ্টি হৈছিল।৫৬ দীশা ৰবিৰ গ্ৰেপ্তাৰৰ ঘটনাক্ৰমক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক ৰূপত সমালোচনা কৰা হয়।

প্ৰাৰম্ভিক জীৱন

দীশা হৈছে বাংগালোৰৰ এগৰাকী তৰুণী। তেখেত এগৰাকী পৰিৱেশ আৰু জলবায়ু কৰ্মী।৭ তেখেত ভাৰতৰ "ফ্ৰাইডেইছ ফ'ৰ ফিউছাৰ"ৰ এগৰাকী প্ৰতিষ্ঠাপক।৮২৯ 'দ্য কুইণ্ট'ৰ মতে, ৰবি 'ফ্ৰাইডেইছ ফ'ৰ ফিউছাৰ' আন্দোলনৰ অধীনৰ MAPA বিভাগৰ এগৰাকী সদস্য। মাপাৰ অৰ্থ হৈছে- "Most Affected People and Areas"১০ 'অটো ৰিপৰ্ট আফ্ৰিকা'ৰ সৈতে সম্পন্ন হোৱা এটা বিশেষ সাক্ষাৎকাৰত ৰবিয়ে কৈছে যে, “My motivation to join climate activism came from seeing my grandparents, who are farmers, struggle with the effects of the climate crisis,”।১১ আৰ্তজনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰবিয়ে তেওঁলোকৰ দাবী অথবা অভিযোগসমূহ সমাজৰ সমুখলৈ লৈ আহে।৭১২১৩তেখেতে আন্তৰ্জাতিক জলবায়ু মঞ্চ আৰু কৰ্মীসকলৰ বাবে একাধিক সম্পাদকীয় আৰু লেখা-মেলা প্ৰকাশ কৰিছে।১৪১৫ ২০২০ চনৰ ছেপ্টেম্বৰত প্ৰকাশিত ব্ৰিটিছ 'ভগ্' আলোচনীৰ সংখ্যাত পাৰিপাৰ্শ্বিক বৰ্ণবাদৰ বিৰুদ্ধে কাম কৰি থকা চাৰিগৰাকী সমাজকৰ্মীৰ লগত দিশা ৰবিকো স্থানাভুক্ত কৰা হয়।২১৬১৭ ২০২১ চনৰ ১৫ ফেব্ৰুৱাৰীত 'দ্য নিউ ইণ্ডিয়া এক্সপ্ৰেছ' কাকতে দীশা ৰবিক "বাংগালোৰৰ গ্ৰেটা" হিচাপে নামকৰণ কৰে।১৮

২০২০ চনৰ ছেপ্টেম্বৰতে, ৰবিয়ে ব্যাখ্যা কৰে যে, “I'm striking because we're living through the climate crisis. Heavy rains and lax measures taken by governments have led to millions of people being displaced because of floods, particularly in India. My house was flooded last week.”১৯

বাংগালোৰস্থিত মাউণ্ট কাৰ্মেল কলেজৰ পৰা দীশা ৰবিয়ে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে।৫ ৰবি এগৰাকী "ভেগান"। গ্ৰেপ্তাৰৰ পূৰ্বতে ৰবিয়ে এটা ভেগান ফুড কোম্পানীত "ৰন্ধন অভিজ্ঞতা প্ৰবন্ধক" হিচাপে কাম কৰি আছিল।১৭২৮

তথ্যসূত্ৰ

  1. ↑ (2021-02-14). India activist Disha Ravi arrested over 'toolkit'. BBC News
  2. ↑ (15 February 2021). Delhi Police Arrests Climate Activist Disha Ravi, Who is She?. The Quint
  3. ↑ (4 February 2021). Explainer: What does the Greta Thunberg 'toolkit' cited as a sign of 'conspiracy' actually contain?. Scroll.in
  4. ↑ Yeung, Jessie; Gupta, Swati. (15 February 2021). Climate activist Disha Ravi arrested in India over farmers' protest 'toolkit'. CNN
  5. ↑ (14 February 2021). 21-year-old activist 'picked up' in Bengaluru for Greta 'toolkit'. The New Indian Express
  6. ↑ (2021-02-14). 'Key conspirator, collaborated with pro-Khalistani body': Delhi Police on Disha Ravi, arrested in toolkit case. The Indian Express
  7. ↑ Chan, Emily. (26 September 2020). 4 Activists Of Colour On The Urgent Need To Counteract Environmental Racism. British Vogue
  8. ↑ (15 February 2021). Farmers toolkit case: Aarey to EIA, Goa to Dehra Dun, Disha Ravi part of many climate causes. The Indian Express. Express News Service
  9. ↑ Abraham, Bobins. (15 February 2021). What Is Fridays For Future, One Of The Causes Arrested Activist Disha Ravi Was Associated With. India Times. Times Internet Limited
  10. ↑ Henry, Nikhila. (February 16, 2021). Now Charged With Sedition, Disha Fought for India at FFF Globally. The Quint
  11. ↑ Fighting for our present, not just our future: Global youth climate strikes are back. Auto Report Africa
  12. ↑ Kumar, Manasi Paresh. (2019-12-24). How Bengaluru youth are taking part in the global movement against climate change. Citizen Matters, Bengaluru
  13. ↑ Noticias, ANCCOM. (2020-09-23). Proyectorazo por la crisis ambiental. ANCCOM
  14. ↑ (15 February 2021). From climate activist to 'Toolkit Editor', who is Disha Ravi?. The Economic Times. IANS
  15. ↑ Kia, Kara. (2020-11-19). Greta Thunberg, David Attenborough, and the Climate Conversation's White Saviour Problem. POPSUGAR News
  16. ↑ FPJ Web Desk. (14 February 2021). Who is Disha Ravi? All you need to know about the 21-year-old climate change activist held in Greta Thunberg toolkit case. The Free Press Journal
  17. ↑ Lalwani, Vijayta. (14 February 2021). Who is Disha Ravi, the climate activist arrested by Delhi police?. Scroll.in
  18. ↑ Chauhan, Bala; Sultan, Parvez. (15 February 2021). Disha Ravi, Bengaluru's Greta, sent to 5-day Delhi police custody. The New Indian Express
  19. ↑ Corbett, Jessica. (25 September 2020). Masked, Socially Distanced, and Mad as Hell: Global Youth Take to the Streets for Over 3,200 #ClimateStrike Events. Common Dreams

সম্পৰ্কিত শ্ৰেণী

পৰিৱেশ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীশা ৰবি” প্ৰবন্ধৰ সংশোধন ৪৬৩৯৯৯ (১৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।