সুন্দৰলাল বহুগুণা (Sunderlal Bahuguna, ৯ জানুৱাৰী ১৯২৭ – ২১ মে' ২০২১)১ এগৰাকী ভাৰতীয় প্ৰসিদ্ধ গড়ৱালী পৰিৱেশবিদ আৰু চিপকো আন্দোলনৰ নেতা আছিল। চিপকো আন্দোলনৰ ধাৰণাটো তেওঁৰ পত্নীৰ আছিল আৰু তেওঁ এই পদক্ষেপ লৈছিল। বহু বছৰ ধৰি তেওঁ হিমালয়ৰ অৰণ্য সংৰক্ষণৰ বাবে যুঁজ দি আহিছিল। প্ৰথমে ১৯৭০ৰ দশকত চিপকো আন্দোলনৰ সদস্য হিচাপে আৰু পিছত ১৯৮০ৰ দশকৰ পৰা ২০০৪ চনৰ আৰম্ভণিলৈ তেওঁ তেহৰি বান্ধ বিৰোধী আন্দোলনৰ নেতৃত্ব দিছিল।২ তেওঁ ভাৰতৰ প্ৰাৰম্ভিক পৰিৱেশবিদসকলৰ মাজৰ এজন আছিল৩ আৰু পিছলৈ তেওঁ আৰু চিপকো আন্দোলনৰ সৈতে জড়িত লোকসকলে বৃহৎ বান্ধৰ লগত জড়িত পৰিৱেশগত সমস্যাসমূহৰ বিষয়ে মাত মাতিবলৈ আৰম্ভ কৰে।
২০২১ চনৰ ২১ মে' তাৰিখে ৯৪ বছৰ বয়সত উত্তৰাখণ্ডৰ সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, ঋষিকেশত কৰ'নাভাইৰাছ ৰোগ ২০১৯ ৰোগত আক্ৰান্ত হৈ সুন্দৰলাল বহুগুণাৰ মৃত্যু হয়।৪৫
প্ৰাৰম্ভিক জীৱন
সুন্দৰলাল বহুগুণাৰ জন্ম ১৯২৭ চনৰ ৯ জানুৱাৰীত উত্তৰাখণ্ডৰ তেহৰিৰ ওচৰৰ মাৰোদা গাঁৱত হৈছিল। তেওঁ কলিকতাত আয়োজিত এক অনুষ্ঠানত দাবী কৰিছিল যে তেওঁৰ পূৰ্বপুৰুষসকলৰ উপাধি বন্দোপাধ্যায় আছিল আৰু তেওঁলোক ৮০০ বছৰ আগতে বংগৰ পৰা তেহৰিলৈ প্ৰব্ৰজন কৰিছিল।৬ আৰম্ভণিতে তেওঁ অস্পৃশ্যতাৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু পিছত ১৯৬৫ চনৰ পৰা ১৯৭০ চনলৈ তেওঁৰ সুৰা বিৰোধী অভিযানত পাহাৰীয়া মহিলাসকলক সংগঠিত কৰিবলৈ আৰম্ভ কৰিছিল।৭ অহিংসাৰ বাৰ্তা প্ৰচাৰ কৰা জাতীয়তাবাদী শ্ৰী দেৱ সুমনৰ নিৰ্দেশনাত তেওঁ তেৰ বছৰ বয়সত সামাজিক কাৰ্যকলাপ আৰম্ভ কৰিছিল আৰু স্বাধীনতাৰ সময়ত তেওঁ উত্তৰ প্ৰদেশৰ কংগ্ৰেছ দলৰ সৈতে জড়িত আছিল।৮ বহুগুণাই ১৯৪৭ চনৰ আগতে ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে মানুহক একত্ৰিত কৰিছিল।৯ তেওঁ নিজৰ জীৱনত গান্ধীবাদী নীতি গ্ৰহণ কৰে আৰু তেওঁৰ পত্নী বিমলাক এই চৰ্তৰে বিয়া কৰায় যে তেওঁলোকে গ্ৰাম্য লোকসকলৰ মাজত বাস কৰিব আৰু গাঁৱত আশ্ৰম স্থাপন কৰিব। ১০ মোহনদাস কৰমচান্দ গান্ধীৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ হিমালয়ৰ বনাঞ্চল আৰু পাহাৰৰ মাজেৰে খোজকাঢ়ি ৪,৭০০ কিলোমিটাৰো অধিক পথ অতিক্ৰম কৰি হিমালয়ৰ ভঙ্গুৰ পৰিৱেশ ব্যৱস্থাৰ ওপৰত বৃহৎ উন্নয়নমূলক প্ৰকল্পৰ দ্বাৰা হোৱা ক্ষতি আৰু তাৰ পিছত গাওঁসমূহত সামাজিক জীৱনৰ অৱক্ষয় লক্ষ্য কৰিছিল।১০
চিপকো আন্দোলন
বনাঞ্চলৰ গছ-গছনি ঠিকাদাৰ সকলে ধ্বংস কৰাৰ পৰা ৰক্ষা কৰাৰ প্ৰচেষ্টাত ১৯৭৪ চনৰ ২৬ মাৰ্চ তাৰিখে উত্তৰ প্ৰদেশত স্বতঃস্ফূৰ্তভাৱে চিপকো আন্দোলন আৰম্ভ হৈছিল।১১ হিন্দী ভাষাত "চিপকো"ৰ আক্ষৰিক অৰ্থ হৈছে "আলিংগন" আৰু মানুহে গছবোৰ কটাৰ সময়ত সিহঁতক আলিংগন কৰি ধৰি ৰাখিবলৈ আৰম্ভ কৰিছিল। চিপকো আন্দোলনআৰু সাধাৰণতে পৰিৱেশবাদৰ ক্ষেত্ৰত সুন্দৰলাল বহুগুণাৰ এক উল্লেখযোগ্য অৱদান আছিল আৰু চিপকোৰ শ্লোগান "পৰিস্থিতিবিজ্ঞান স্থায়ী অৰ্থনীতি"ৰ তেওঁৰে সৃষ্টি। সুন্দৰলাল বহুগুণাই ১৯৮১ চনৰ পৰা ১৯৮৩ চনলৈ প্ৰায় ৫,০০০ কিলোমিটাৰ ট্ৰেন্স-হিমালয় পদযাত্ৰাৰ জৰিয়তে আন্দোলনটোক গুৰুত্ব দিয়াত সহায় কৰিছিল।১০ তেওঁ বিভিন্ন গাঁও যাত্ৰা কৰি এই আন্দোলনৰ প্ৰতি সমৰ্থন সংগ্ৰহ কৰিছিল। তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে বৈঠকৰ ফলস্বৰূপে শ্ৰীমতী গান্ধীয়ে পৰৱৰ্তী ১৯৮০ চনত সেউজীয়া গছ কাটিবলৈ ১৫ বছৰৰ নিষেধাজ্ঞা আৰোপ কৰিছিল।২ আন্দোলনৰ অন্যতম অগ্ৰগামী গৌৰা দেৱীৰ সৈতেও তেওঁ ওতপ্ৰোতভাৱে জড়িত আছিল।
তেহৰি বান্ধ বিৰোধী প্ৰতিবাদ

তেওঁ কেইবা দশক ধৰি তেহৰি বান্ধ বিৰোধী প্ৰতিবাদৰ লগত জড়িত আছিল। তেওঁ প্ৰতিবাদসমূহত সত্যাগ্ৰহ পদ্ধতি ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ প্ৰতিবাদৰ চিহ্ন হিচাপে ভাগীৰথীৰ পাৰত বাৰে বাৰে অনশন কৰিছিল। ১২ ১৯৯৫ চনত এই বান্ধৰ পাৰিপাৰ্শ্বিক প্ৰভাৱ সম্পৰ্কে এখন পৰ্যালোচনা সমিতি নিযুক্তিৰ তদানীন্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ আশ্বাসৰ পিছত তেওঁ ৪৫ দিনীয়া অনশন প্ৰত্যাহাৰ কৰিছিল। তাৰ পিছত তেওঁ প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াৰ কাৰ্যকালত আন এটা দীঘলীয়া অনশন ৰাজঘাট সমাধি পৰিসৰৰ গান্ধী সমাধিত ৭৪ দিন ধৰি অনশন কৰিছিল।১৩ তেওঁ প্ৰকল্প পৰ্যালোচনাৰ ব্যক্তিগত প্ৰতিশ্ৰুতি দিছিল। অৱশ্যে এক দশকৰো অধিক সময় ধৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ত চলি থকা আদালতৰ গোচৰৰ স্বত্বেও ২০০১ চনত তেহৰি বান্ধত পুনৰ কাম আৰম্ভ হয় যাৰ পিছত তেওঁক ২০০১ চনৰ ২০ এপ্ৰিল তাৰিখে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
অৱশেষত বান্ধৰ জলাশয়টো ২০০৪ চনত পূৰ্ণ কৰিবলৈ আৰম্ভ কৰা হয় আৰু ২০০৪ চনৰ ৩১ জুলাইত তেওঁক অৱশেষত কোটিৰ এক নতুন আৱাসলৈ স্থানান্তৰ কৰা হয়। পিছত তেওঁ উত্তৰাখণ্ডৰ ৰাজধানী চহৰ ডেৰাডুনলৈ স্থানান্তৰিত হয় আৰু তাত তেওঁৰ পত্নীৰ সৈতে বাস কৰিছিল।২
সুন্দৰলাল বহুগুণা হিমালয়ৰ লোকসকলৰ এজন উৎসাহী ৰক্ষক আছিল। তেওঁ পাহাৰীয়া লোকসকলৰ বিশেষকৈ কৰ্মৰত মহিলাসকলৰ দুৰ্দশাৰ বাবে কাম কৰিছিল। তেওঁ ভাৰতৰ নদীবোৰ ৰক্ষা কৰিবলৈও সংগ্ৰাম কৰিছিল।১৪১৫
মৃত্যু
সুন্দৰলাল বহুগুণাৰ দেহত কৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে আৰু ২০২১ চনৰ ৮ মে' তাৰিখে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ২০২১ চনৰ ২১ মে' তাৰিখে ৯৪ বছৰ বয়সত উত্তৰাখণ্ডৰ সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, ঋষিকেশত ক'ভিড-১৯ ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।১৬১৭
বঁটা আৰু সন্মান
- ১৯৮১: ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী বঁটা, কিন্তু তেওঁ ইয়াক ল'বলৈ অস্বীকাৰ কৰে১৮
- ১৯৮৭: চুইডেনৰ ৰাইট লাইভলিহুড এৱাৰ্ড (চিপকো আন্দোলনৰ বাবে)১১
- ১৯৮৬: গঠনমূলক কামৰ বাবে যমুনালাল বাজাজ বঁটা১৯
- ১৯৮৯: আইআইটি ৰুৰকীয়ে সামাজিক বিজ্ঞানৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে
- ২০০৯: পৰিৱেশ সংৰক্ষণৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা পদ্মবিভূষণ বঁটা২০২১
গ্ৰন্থৰাজি
- 'ইণ্ডিয়াজ এনৱৰমেণ্ট- মিথ এণ্ড ৰিয়েলিটি'-বন্দনা শিৱ, মেধা পাটকৰৰ সৈতে২২
- 'এনৱৰমেণ্টেল ক্ৰাইছিছ এণ্ড হিউমেনছ এট ৰিস্ক: পাইৰটি ফৰ এক্সন', ৰাজীৱ কে সিনহাৰ সৈতে
- 'ভূ প্ৰয়োগ মেন বুনিয়াদী পৰিৱৰ্তন কি অৰ'
- 'ধৰতী কি পুকাৰ'২২
তথ্যসূত্ৰ
- ↑ Sharma, Seema. (10 January 2018). Dams paving way for more calamities: Sunderlal Bahuguna. The Times of India
- ↑ Bahuguna, the sentinel of Himalayas by Harihar Swarup, The Tribune, 8 July 2007
- ↑ Sunderlal Bahuguna, a pioneer of India's environmental movement... New York Times, 12 April 1992
- ↑ (21 May 2021). Noted environmentalist Sunderlal Bahuguna passes away. The Economic Times
- ↑ (2021-05-21). LIVE: Leader of Chipko Movement, Sunderlal Bahuguna, succumbs to Covid-19. Hindustan Times
- ↑ Banerjee, Sudeshna. (13 March 2011). Bengali Bahuguna. The Telegraph, Calcutta
- ↑ Sunderlal Bahuguna আৰ্কাইভ কপি culturopedia.com
- ↑ Pallavi Takur, Vikas Arora, Sheetal Khanka. (2010). Chipko Movement. Global Vision Pub. House. পৃ. 131. ISBN 9788182202887
- ↑ Shiva, Vandana. (1990). Staying alive: women, ecology, and development. Zed Books. পৃ. 70. ISBN 9780862328238
- ↑ Goldsmith, Katherine. A Gentle Warrior. Resurgence & Ecologist
- ↑ Chipko Right Livelihood Award Official website
- ↑ Big Dam on Source of the Ganges Proceeds Despite Earthquake Fear New York Times, 18 September 1990
- ↑ "If the Himalayas die, this country is nowhere" . An Interview with Sunderlal Bahuguna with Anuradha Dutt (1996 Rediff Article). Uttarakhand.prayaga.org. Retrieved on 1 May 2012
- ↑ 'My fight is to save the Himalayas' Frontline, Volume 21 – Issue 17, 14– 27Aug 2004
- ↑ Bahuguna uttarakhand.prayaga.org
- ↑ (21 May 2021). Noted environmentalist Sunderlal Bahuguna passes away. The Economic Times
- ↑ (2021-05-21). LIVE: Leader of Chipko Movement, Sunderlal Bahuguna, succumbs to Covid-19. Hindustan Times
- ↑ (2017-01-10). Noted activist Sunderlal Bahuguna turns 90. Pioneer
- ↑ Jamnalal Bajaj Awards Archive. Jamnalal Bajaj Foundation
- ↑ (2009-01-26). List of Padma awardees 2009. The Hindu
- ↑ Padma Vishushan awardees. Govt. of India Portal
- ↑ Sunderlal Bahuguna. flipkart
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুন্দৰলাল বহুগুণা” প্ৰবন্ধৰ সংশোধন ৬৪০২৮১ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।