অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ইৰেবাছ

গ্ৰীক আখ্যান অনুসৰি ইৰেবাছ ("গভীৰ অন্ধকাৰ, ছাঁ বা "আৱৰি থকা") বা ইৰেবোছ হৈছে আদি দেৱতাসকলৰ অন্যতম যি অন্ধকাৰক প্ৰতিনিধিত্ব কৰে। উদাহৰণ স্বৰূপে, হেচিঅ'ডৰ থিঅ'গনিয়ে তেওঁক মহাশূন্যৰ পৰা জন্মলাভ কৰা সৃষ্টিৰ আদি অৱস্থাৰ প্ৰথম পাঁচটা সত্তাৰ ভিতৰত এজন বুলি চিনাক্ত কৰে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৭৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

গ্ৰীক আখ্যান অনুসৰি ইৰেবাছ ("গভীৰ অন্ধকাৰ, ছাঁ বা "আৱৰি থকা"১) বা ইৰেবোছ হৈছে আদি দেৱতাসকলৰ অন্যতম যি অন্ধকাৰক প্ৰতিনিধিত্ব কৰে। উদাহৰণ স্বৰূপে, হেচিঅ'ডৰ থিঅ'গনিয়ে তেওঁক মহাশূন্যৰ পৰা জন্মলাভ কৰা সৃষ্টিৰ আদি অৱস্থাৰ প্ৰথম পাঁচটা সত্তাৰ ভিতৰত এজন বুলি চিনাক্ত কৰে। ২

আখ্যান

গ্ৰীক কবি হেচিঅ'ডৰ থিঅ'গনিৰ মতে ইৰেবাছ হৈছে কেঅ'ছ বা মহাশূন্যৰ সন্তান আৰু নাইক্সৰ ভ্ৰাতৃ।২

পৌৰাণিক গ্ৰীক পৰম্পৰা আৰু সাহিত্যত ইৰেবাছৰ বিশেষত্ব কম যদিও তেওঁক নাইক্সৰ লগতে আন কেইবাগৰাকীও দেৱ-দেৱীৰ পিতৃ আছিল বুলি কোৱা হয়। পৌৰাণিক কাহিনীৰ উৎসসমূহৰ মতে তেওঁলোক হৈছে ইথাৰ, হেমেৰা, হেচপেৰাইডচ, হিপ্নোছ, মইৰাই, গেৰাছ, ষ্টাইক্স, চাৰন, নেমেচিছ আৰু থানাটোছ।৩

গ্ৰীক সাহিত্যত ইৰেবাছ নামটো পাতালপুৰীৰ এক অঞ্চল হিচাপেও ব্যৱহাৰ কৰা হয় য'ত মৃত ব্যক্তিসকলৰ প্ৰৱেশ ঘটে। কেতিয়াবা টাৰ্টাৰাছৰ সলনিও ইৰেবাছৰ নাম ব্যৱহাৰ কৰা হয়।৪৫৬৭৮

তথ্যসূত্ৰ

  1. ↑ Graves, Robert. (2017). The Greek Myths - The Complete and Definitive Edition. Penguin Books Limited. পৃ. 124. ISBN 9780241983386
  2. ↑ Hesiod. Theogony, 116– 124.
  3. ↑ Hyginus. Fabulae, 1-49
  4. ↑ Elizabeth, Alice. (1896). The Sources of Spenser's Classical Mythology. Silver, Burdett and Company. পৃ. 52, 55
  5. ↑ Morford, Mark P. O. (1999). Classical Mythology: Sixth Edition. Oxford University Press US. পৃ. 36, 84, 253, 263, 271. ISBN 0-19-514338-8
  6. ↑ Peck, Harry Thurston. (1897). Harper's Dictionary of Classical Literature and Antiquities, Volume 1. Harper. পৃ. 620
  7. ↑ Rengel, Marian. (2009). Greek and Roman Mythology A to Z. Infobase Publishing. পৃ. 51. ISBN 978-1-60413-412-4
  8. ↑ Turner, Patricia. (2001). Dictionary of Ancient Deities. Oxford University Press. পৃ. 170. ISBN 0-19-514504-6

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক দেৱতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰেবাছ” প্ৰবন্ধৰ সংশোধন ৬৩২৫৪৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।