অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

হাৰ্মিচ

হেৰ্মেছ বা হাৰ্মিচ (Hermes) হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱতা আৰু দ্বাদশ অলিম্পিয়ানৰ অন্যতম। হাৰ্মিচক দেৱতাসকলৰ বাৰ্তাবাহকৰূপে গণ্য কৰা হয়। তেওঁ মনৱ বাৰ্তাবাহক, ভ্ৰমণকাৰী, চোৰ, বণিক আৰু বক্তাসকলৰ ৰক্ষাকৰ্তা।

হালনাগাদ: ১৭ জুলাই ২০২৬ ১৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

হেৰ্মেছ বা হাৰ্মিচ (Hermes) হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱতা আৰু দ্বাদশ অলিম্পিয়ানৰ অন্যতম। হাৰ্মিচক দেৱতাসকলৰ বাৰ্তাবাহকৰূপে গণ্য কৰা হয়। তেওঁ মনৱ বাৰ্তাবাহক, ভ্ৰমণকাৰী, চোৰ, বণিক আৰু বক্তাসকলৰ ৰক্ষাকৰ্তা।১২৩ তেওঁ মানৱ আৰু দেৱতা উভয়ৰে জগতত নিজৰ পাখিলগা পাদুকাযোৰৰ সহায়ত ক্ষিপ্ৰতাৰে আৰু মুক্তভাৱে বিচৰণ কৰি ফুৰিব পাৰে। মৃত্যুৰ পিছত আত্মাসমূহক পাতালপুৰীলৈ বাট দেখুৱাই নিয়াৰ দায়িত্বও হাৰ্মিচৰ ওপৰত ন্যস্ত। ৪৫

কিংবদন্তিসমূহত হাৰ্মিচক দেৱতাসকলৰ দূত বা বাৰ্তাবাহক হিচাপে দেখা পোৱা যায়৬ আৰু তেওঁক জ্যুচ আৰু মায়াৰ পুত্ৰ হিচাপে উপস্থাপন কৰা হয়। তেওঁক দৈৱিক চাতুৰ্যকাৰ আখ্যা দিয়া হয়।৭৮

চিহ্ন

হাৰ্মিচৰ সৈতে জড়িত সামগ্ৰী বা চিহ্নসমূহ হৈছে হাৰ্মা (মূৰ আৰু পুৰুষাংগৰ সৈতে এক ভাস্কৰ্যবিশেষ), ডাকোৱা কুকুৰা, কাছ, ধনৰ মোনা, পাখিলগা পাদুকা, পাখিলগা শিৰোস্ত্ৰাণ, পাম গছ (নাৰিকলজাতীয় গছ), ছাগলী, ৪ সংখ্যা, বিভিন্নপ্ৰকাৰৰ মাছ আৰু ধূপ।৯ অৱশ্যে হাৰ্মিচৰ মুখ্য চিহ্ন হৈছে সৰ্পদণ্ড। তেওঁৰ চিহ্নসমূহত ইট্ৰুস্কান দেৱতা টাৰ্মচৰ প্ৰভাৱ আছে।১০

ৰোমান সমকক্ষ

ৰোমান কিংবদন্তিত হাৰ্মিচক মাৰ্কিউৰি নামেৰে জনা যায়।১১ লেটিন ভাষাত ইয়াৰ অৰ্থ বা বেপাৰ বা বণিজ।১২

তথ্যসূত্ৰ

  1. ↑ Burkert, p. 158
  2. ↑ Powell, Barry B. (2015). Classical Myth. Pearson. পৃ. 177–190. ISBN 978-0-321-96704-6
  3. ↑ Lay, p. 3
  4. ↑ Powell, pp. 179, 295
  5. ↑ Burkert, pp. 157–158
  6. ↑ Burkert, p. 158
  7. ↑ Burkert, p. 156
  8. ↑ Homer, 1–512, as cited in Powell, pp. 179–189
  9. ↑ Austin, M. Hellenistic world from Alexander to the Roman conquest: a selection of ancient sources in translation. Cambridge University Press, 2006. p. 137
  10. ↑ Combet-Farnoux, Bernard (1980). "Turms étrusque et la fonction de « minister » de l'Hermès italique". Mercure romain: Le culte public de Mercure et la fonction mercantile à Rome de la République archaïque à l'époque augustéenne. École française de Rome. pp. 171–217
  11. ↑ Bullfinch's Mythology (1978), Crown Publishers, p. 926
  12. ↑ Powell, p. 178

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক দেৱতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাৰ্মিচ” প্ৰবন্ধৰ সংশোধন ৬১৭৮০৫ (১৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।