জেউছ বা জ্যুচ (Zeus) পুৰণি গ্ৰীক ধৰ্ম আৰু কিংবদন্তি মতে "দেৱতা আৰু মানৱৰ পিতৃপুৰুষ",১ হিন্দু ধৰ্ম অনুসৰি ইন্দ্ৰৰ সমকক্ষ, ৰোমান বিশ্বাস বা কিংবদন্তিমতে জুপিটাৰ আৰু ইট্ৰুস্কান সমকক্ষ হৈছে টিনিয়া। তেওঁ গ্ৰীচৰ অলিম্পাচ পৰ্বতৰ পৰা অলিম্পাচ (গ্ৰীক কিংবদন্তি মতে হিন্দুৰ স্বৰ্গৰ সমতুল্য) এটা পৰিয়ালৰ মু্ৰব্বীৰ দৰে স্বৰ্গ আৰু পৃথিৱী শাসন কৰে। তেওঁ আকাশ আৰু বজ্ৰৰ অধিকাৰী।
জ্যুচ ক্ৰণচ আৰু ৰীয়াৰ সন্তান। তেওঁলোকৰ তিনিজন পুত্ৰ আছিল: জ্যুচ, প'জাইডন (সাগৰৰ দেৱতা) আৰু হেডিচ (ৰসাতলৰ/পাতালৰ দেৱতা) বেচিভাগ কিংবদন্তিতে জ্যুচৰ ধৰ্মপত্নী হৈছে হেৰা যদিও কোনো কোনো ক্ষেত্ৰত তেওঁৰ ডায়'নে বুলি এগৰাকী দেৱীও সংগী আছিল বুলি লিখিছে।২ হোমাৰৰ ইলিয়াডত এফ্ৰোডাইটিক (ৰোমানমতে ভেনাচ) জ্যুচ আৰু ডায়'নেৰ জীয়ৰী বুলি উল্লিখিত আছে।৩
অলিম্পাচৰ অনেক দেৱতাৰদৰেই জ্যুচৰো অন্য দেৱী, গন্ধৰ্ব দেৱী আৰু মানৱীৰ লগত যৌনসম্পৰ্ক আছিল আৰু তাৰ ফলস্বৰূপে তেওঁৰ অনেক দেৱ বা অৰ্ধদেৱ (demigod) সন্তান আছে। ইয়াৰে উল্লেখনীয় হৈছে এথেনা, এপ'ল', আৰ্টিমিচ, হাৰ্মিচ, এফ্ৰোডাইটি, প'ৰ্চিফনী (প'ৰ্চীফনী জ্যুচ আৰু ডিমিটাৰৰ জীয়েক), ডায়'নিউচাচ, পাৰ্চিয়াচ, হেৰাক্লিচ (ৰোমান হাৰকিউলিচ), ট্ৰয়ৰ হেলেন, মিন'চ (নিম'চিনীৰ পৰা), এৰিচ, হেবে, হেফেইষ্টাচ (ৰোমান ভালকান) আদি।৪
বাহ্যিক সংযোগ
- Greek Mythology Link, Zeus stories of Zeus in myth
- Theoi Project, Zeus summary, stories, classical art
- Theoi Project, Cult Of Zeus cult and statues
- Photo: Pagans Honor Zeus at Ancient Athens Temple from National Geographic
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যুচ” প্ৰবন্ধৰ সংশোধন ৬৩৬৫৬৩ (২১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।