আফ্ৰ'দীতে বা এফ্ৰোডাইটি (Aphrodite) হৈছে প্ৰাচীন গ্ৰীচৰ প্ৰেম, সৌন্দৰ্য, সুখলাভ, আকৰ্ষণ আৰু প্ৰজননৰ দেৱী তথা দ্বাদশ অলিম্পিয়ানৰ অন্যতম। ৰোমানসকলে তেওঁক ভেনাচ হিচাপে চিহ্নিত কৰে। এফ্ৰোডাইটিৰ মুখ্য চিহ্নসমূহ হৈছে মিৰটল (চিৰহৰিৎ উদ্ভিদবিশেষ), গোলাপ, কপৌ, ঘৰচিৰিকা আৰু ৰাজহাঁহ।১২৩৪ কাইথিৰা, চাইপ্ৰাচ, কৰিন্থ আৰু এথেন্সতেই ঘাইকৈ এফ্ৰোডাইটি পন্থাৰ কেন্দ্ৰসমূহ আছিল। এফ্ৰোডাইছিয়া আছিল তেওঁৰ প্ৰতি উৎসৰ্গিত মূল উৎসৱ। তেওঁক যুঁজাৰু দেৱী হিচাপেও আৰাধনা কৰা হৈছিল। তেওঁ আছিল প্ৰাচীন গ্ৰীচৰ দেহোপজীৱিনীসকলৰ পৃষ্ঠপোষক যাৰ ভিত্তিতেই পণ্ডিতসকলে গ্ৰীক-ৰোমান সংস্কৃতিত প্ৰচলিত পবিত্ৰ দেহ ব্যৱসায়ৰ ধাৰণাটো আগবঢ়ায়।
জন্ম
হেচিঅ'দৰ থিঅ'গনিৰ মতে পুত্ৰ ক্ৰণচৰদ্বাৰা ইউৰেনাচৰ খণ্ডিত যৌনাংগৰদ্বাৰা উৎপন্ন হোৱা সমুদ্ৰৰ ফেনৰ পৰা কাইথিৰাৰ উপকূলত এফ্ৰোডাইটিৰ জন্ম হয়।৫৬ কিন্তু হোমাৰৰ ইলিয়াডৰ মতে এফ্ৰোডাইটি জ্যুচ আৰু ডায়'নেৰ জীয়ৰী।৭৮
আখ্যান
কিংবদন্তি মতে, এফ্ৰোডাইটিৰ বিবাহ হৈছিল অগ্নি, কমাৰশিল্প আৰু ধাতুশিল্পৰ দেৱতা হেফেইষ্টাচৰ সৈতে।৯১০১১ কিন্তু এফ্ৰোডাইটিয়ে প্ৰায়েই হেফেইষ্টাচৰ বিশ্বাসভংগ কৰিছিল আৰু তেওঁৰ বহুসংখ্যক প্ৰেমাস্পদ আছিল। ওডিছীৰ মতে তেওঁক এবাৰ এৰিচৰ সৈতে মিলনৰত অৱস্থাত হেফেইষ্টাচে ধৰা পেলাইছিল। ১২ দেৱ-দেৱীসকলৰ মনত প্ৰায়েই মৰণশীল মানৱৰ প্ৰতি প্ৰেমভাৱ জগোৱাৰ বাবে ক্ষুণ্ণ হৈ এবাৰ জ্যুচে এফ্ৰোডাইটিৰ হৃদয়ত এঙ্কিচাছ নামৰ এক মানৱ ভেড়াৰখীয়াৰ প্ৰতি প্ৰেমৰ উন্মেষ ঘটোৱাইছিল। ১৩ ইলিয়াডত এথেনা আৰু হীৰাৰ লগতে ট্ৰয়ৰ যুদ্ধৰ সূচনাৰ (পেৰিছৰ বিচাৰ) সৈতেও এফ্ৰোডাইটি জড়িত।১৪
এফ্ৰোডাইটিৰ সৈতে প্ৰায়েই প্ৰেম আৰু যৌনতাৰ দেৱতা ইৰ'চক দেখা পোৱা যায়।১৫
তথ্যসূত্ৰ
- ↑ Cyrino 2010, পৃ. 121–122
- ↑ Tinkle 1996, পৃ. 81
- ↑ Cyrino 2010, পৃ. 121–122
- ↑ Cyrino 2010, পৃ. 63, 96
- ↑ Hesiod, Theogony, lines 191–192
- ↑ Kerényi 1951, পৃ. 69
- ↑ Iliad v. 370 and xx. 105
- ↑ Cyrino 2010, পৃ. 14
- ↑ Cyrino 2010, পৃ. 72
- ↑ Stuttard 2016, পৃ. 86
- ↑ Kerényi 1951, পৃ. 71
- ↑ Kerényi 1951, পৃ. 72
- ↑ Cyrino 2010, পৃ. 89
- ↑ Walcot 1977, পৃ. 31
- ↑ Cyrino 2010, পৃ. 44
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এফ্ৰোডাইটি” প্ৰবন্ধৰ সংশোধন ৬১৭৭৯৮ (১৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।