গ্ৰীক দেৱতা
৪১ প্ৰবন্ধ
-
প'ণ্টাছ
গ্ৰীক আখ্যানমতে প'ণ্টাছ (আক্ষৰিক অৰ্থত "সাগৰ") হৈছে এক প্ৰাচীন, প্ৰাক-অলিম্পিয়ান সাগৰ-দেৱতা। তেওঁ গ্ৰীকসকলৰ আদি দেৱতাসকলৰ মাজৰ এজন। প'ণ্টাছ গেইয়াৰ পুত্ৰ আছিল আৰু তেওঁৰ কোনো পিতৃ নাই। গ্ৰীক কবি হেচিঅ'ডৰ মতে তেওঁ যৌন মিলনৰ অবিহনে জন্ম গ্ৰহণ কৰিছিল।
-
মেটিছ (শ্ৰুতিকথা)
মেটিছ (/ˈmiːtɪs/; প্ৰাচীন গ্ৰীক: Μῆτις, ইংৰাজী: Metis; আক্ষৰিক অৰ্থ: 'প্ৰজ্ঞা', 'দক্ষতা' বা 'শিল্প'), প্ৰাচীন গ্ৰীক ধৰ্ম আৰু গ্ৰীক শ্ৰুতিকথাত বৰ্ণনা কৰা এগৰাকী অন্যতম গ্ৰীক অ'চেনিড। গ্ৰীক দেৱতাৰ ৰজা জ্যুছৰ উপদেষ্টা আৰু প্ৰথম পত্নী হিচাপে তেওঁ জনাজাত।
-
অ'ৰা (অপেশ্বৰী)
গ্ৰীক আৰু ৰোমান পৌৰাণিক কাহিনীত অ'ৰা (গ্ৰীক: Αὔρα, আক্ষৰিক: "বতাহ") বতাহৰ এগৰাকী স বনদেৱী বা অপেশ্বৰী, যাৰ নামৰ অৰ্থ "বতাহ।" ইংৰাজীত বহুবচন ৰূপ, অ'ৰে (গ্ৰীক: Αὔραι) কেতিয়াবা বতাহৰ অপেশ্বৰীৰ এটা দলক বৰ্ণনা কৰা দেখা যায়।
-
এজেচিয়া
এজেচিয়া বা এজোচিয়া এগৰাকী বা ততোধিক গ্ৰীক দেৱীৰ কাল্টিক উপনাম আছিল, বা কিছুমান ক্ষেত্ৰত সম্ভৱতঃ এগৰাকী সুকীয়া দেৱী আছিল। ই সঠিকভাৱে কাৰ উপনাম আছিল সেই বিষয়ে বিভিন্ন উৎসৰ মাজত মতানৈক্য আছে: আলেকজেণ্ড্ৰিয়াৰ হেচিচিয়াছে লিখিছে যে, এইটো ডিমিটাৰৰ উপনাম, আনহাতে চুডা নামেৰে জনাজাত বাইজেণ্টাইন…
-
এৰিছ (গ্ৰীক দেৱী)
এৰিছ (Greek Éris) হৈছে গ্ৰীক বিবাদ আৰু কন্দলৰ দেৱী। তেওঁৰ ৰোমান সমতুল্য হৈছে ডিচকৰ্ডিয়া, যাৰ অৰ্থ একে। এৰিছৰ গ্ৰীক বিপৰীত দেৱী হাৰমনিয়া, যাৰ ৰোমান সমকক্ষ কনকৰ্ডিয়া, যদিও তেওঁক ৰোমান ভিক্টোৰিয়াৰ সমকক্ষ নাইকৰ বিৰোধী বুলিও বৰ্ণনা কৰা হৈছে।
-
কেলিপ্সো
গ্ৰীক পৌৰাণিক আখ্যান অনুযায়ী কেলিপ্সো ("তেওঁ যি গুপ্ত কৰি ৰাখে") এগৰাকী অপেশ্বৰী আছিল যি অগিজিয়া দ্বীপত বাস কৰিছিল। এই দ্বীপত হোমাৰৰ অডিচি অনুসৰি তেওঁ অডিচিয়াছক সাত বছৰ ধৰি আটক কৰি ৰাখিছিল।
-
থাউমাছ
থাউমাছ অথবা থাউমান্ট (গ্ৰীক: Θαύμας) হ'ল গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি এজন সমুদ্ৰ দেৱতা। তেওঁ পণ্টাছ আৰু গাইয়াৰ পুত্ৰ আছিল আৰু নেৰেউছ, ফৰ্কিছ, চেটো আৰু ইউৰিবিয়াৰ সহোদৰ আছিল।
-
নেৰেউছ
নেৰেউছ (গ্ৰিক: Νηρεύς) হ'ল গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি পণ্টাছ (সমুদ্ৰ) আৰু গাইয়া (পৃথিৱী)ৰ জ্যেষ্ঠ পুত্ৰ। পণ্টাছ নিজেও গাইয়াৰ পুত্ৰ আছিল। নেৰেউছ আৰু ড'ৰিছ একেলগে পঞ্চাশজনী কন্যাৰ (নেৰেইডসকল) আৰু এজন পুত্ৰ নেৰিটেছৰ পিতৃ-মাতৃ হৈছিল। তেওঁলোকে এইজিয়ান সাগৰত বাস কৰিছিল।
-
ফৰ্কিছ
ফৰ্কিছ বা ফৰ্কাছ হ'ল গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি এজন আদিম সাগৰৰ দেৱতা। সাধাৰণতে তেওঁক পণ্টাছ আৰু গাইয়া (পৃথিৱী)ৰ পুত্ৰ বুলি ধৰা হয়। শাস্ত্ৰীয় পণ্ডিত কাৰ্ল কেৰেনি ফৰ্কিছক সাদৃশ্য থকা সাগৰ দেৱতা নেৰেউছ আৰু প্ৰোটেউছৰ সৈতে একে ধৰণে বিবেচনা কৰিছিল।
-
হেলিয়াদাই
হেলিয়াদাই (উচ্চাৰণ: হে-লি-আ-দাই; প্ৰাচীন গ্ৰীক: Ἡλιάδαι) গ্ৰীক পৌৰাণিক কাহিনীত সূৰ্যদেৱতা হেলিয়ছ আৰু ৰোডছৰ পুত্ৰসকলৰ সমষ্টিগত নাম। তেওঁলোকক ৰোডছ দ্বীপৰ প্ৰাচীন ৰাজবংশৰ প্ৰতিষ্ঠাপক বুলি গণ্য কৰা হয়। তেওঁলোক জ্যোতিষবিদ্যা, সমুদ্ৰযাত্ৰা আৰু বিজ্ঞানৰ ক্ষেত্ৰত অতি দক্ষ বুলি বৰ্ণনা কৰা হৈছে।
-
ৰোডোচ
গ্ৰীক পুৰাণত, ৰোডোচ/ৰোডাচ (Rhódos) বা ৰোড (Rhódē) আছিল ৰোডচ দ্বীপৰ দেৱী তথা মানৱীয় ৰূপ আৰু সূৰ্য দেৱতা হেলিঅ’চৰ পত্নী।