অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

টাইটান

গ্ৰীক কিংবদন্তিৰ মতে তীতান, টাইটান বা টাইটানসকল (Titans) হৈছে প্ৰাক অলিম্পিয়ান দেৱতা। হেচিঅ'ডৰ থিঅ'গনিৰ আখ্যান মতে টাইটানসকল ভূদেৱী গেইয়া আৰু ইউৰেনাচৰ সন্তান। তেওঁলোকৰ মুঠ বাৰগৰাকীৰ ছগৰাকী পুৰুষ: অ'চেনাচ, ক'য়াচ, ক্ৰিয়াচ, হাইপেৰিয়ন, লেপিটাচ আৰু ক্ৰ'নচ। বাকী থকা ছগৰাকী হৈছে নাৰী।

হালনাগাদ: ১৮ জুলাই ২০২৬ ২৫১ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

গ্ৰীক কিংবদন্তিৰ মতে তীতান, টাইটান বা টাইটানসকল (Titans) হৈছে প্ৰাক অলিম্পিয়ান দেৱতা।১ হেচিঅ'ডৰ থিঅ'গনিৰ আখ্যান মতে টাইটানসকল ভূদেৱী গেইয়া আৰু ইউৰেনাচৰ সন্তান। তেওঁলোকৰ মুঠ বাৰগৰাকীৰ ছগৰাকী পুৰুষ: অ'চেনাচ, ক'য়াচ, ক্ৰিয়াচ, হাইপেৰিয়ন, লেপিটাচ আৰু ক্ৰণচ। বাকী থকা ছগৰাকী হৈছে নাৰী। তেওঁলোকক টাইটানেচ বা টাইটানিডেচ বুলিও জনা যায়। তেওঁলোক হৈছে থেইয়া, ৰীয়া, থেমিছ, মেম'চিন, ফ'বি আৰু টেথিচ। ক্ৰ'নচে ৰীয়াৰ সৈতেযোৰ বান্ধে আৰু প্ৰথম প্ৰজন্মৰ অলিম্পিয়ান অৰ্থাৎ জ্যুচ, হেডিচ, প'জাইডন, হেষ্টিয়া, ডিমিটাৰ আৰু হীৰাৰ পিতৃ-মাতৃ হয়। টাইটানসকলৰ কোনো কোনো বংশধৰ যেনে প্ৰমিথিউচ, হেলিঅ'চ আৰু লেট'কো টাইটান হিচাপে জনা যায়।

টাইটানসকল হৈছে দ্বাদশ অলিম্পিয়ানৰ পূৰ্বসূৰী দেৱ-দেৱী। গ্ৰীকসকলৰ উত্তৰাধিকাৰৰ আখ্যানত কিদৰে ক্ৰ'নচে ইউৰেনাচক ক্ষমতাচ্যুত কৰি বাকী টাইটানসকলক লৈ ব্ৰহ্মাণ্ডৰ শাসনত অধিষ্ঠিত হয় আৰু পিছলৈ কিদৰে জ্যুচ আৰু অলিম্পিয়ানসকলে সুদীৰ্ঘ দহ বছৰীয়া যুদ্ধৰ অন্তত ক্ৰ'নচক ক্ষমতাচ্যুত কৰি শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনে সেই কথা বৰ্ণনা কৰা হৈছে। এই যুদ্ধৰ ফলস্বৰূপে টাইটানসকলক টাৰটাৰাচত বন্দী কৰি ৰখা হয়। অৱশ্যে কোনো কোনো টাইটানক মুক্ত কৰি ৰখা হয়।

টাইটানৰ যুদ্ধৰ পৰৱৰ্তী কাল

ৰোমত অৱস্থিত অ'চেনাচৰ প্ৰতিমূৰ্ত্তি
ৰোমত অৱস্থিত অ'চেনাচৰ প্ৰতিমূৰ্ত্তিছবি: Wilfredor · CC0

টাইটানৰ যুদ্ধৰ পিছত ক্ৰ'নচ আৰু তেওঁৰ সহযোগী টাইটানসকলক টাৰটাৰাচত নিক্ষেপ কৰা হয়।২

অৱশ্যে ক্ৰ'নচৰ সৈতে কোনকেইগৰাকী টাইটানক টাৰটাৰাচত বন্দী কৰা হয় সেই বিষয়ে নিশ্চিতি পোৱা নাযায়।৩মূল টাইটানসকলৰ ভিতৰত কেৱল লেপিটাচকহে ক্ৰ'নচৰ সৈতে বন্দী কৰা বুলি পোৱা যায়।৪

অ'চেনাচ, অৰ্থাৎ সমগ্ৰ বিশ্বক আৱৰি থকা নদীখন নিশ্চিতভাৱে মুক্ত হৈ আছিল। তেওঁ আনকি টাইটানসকলৰ পক্ষ লৈ যুদশত অৱতীৰ্ণও হোৱা নাছিল।৫ হেচিঅ'ডৰ মতে অ'চেনাচে তেওঁৰ জীয়ৰী ষ্টিক্সক নাতি জেলাচ (ইৰ্ষা), নাইক (জয়), ক্ৰেট'চ (শক্তি) আৰু বায়াক (বল) টাইটানসকলৰ বিপক্ষে যুঁ‌জলৈ প্ৰেৰণ কৰিছিল।৬ ইলিয়াডৰ মতে অ'চেনাচ আৰু তেওঁৰ ভগ্নী তথা সহধৰ্মিণী টেথিচে হীৰাৰ আদৰ-যত্ন লৈছিল।৭ অ'চেনাচৰ দৰেই টাইটান হাইপেৰিয়নৰ পুত্ৰ সূৰ্যদেৱতা হেলিঅ'চেও আকাশমাৰ্গত দৈনিক ৰথত উঠি বিচৰণ কৰিছিল। ৮

তথ্যসূত্ৰ

  1. ↑ Hansen, p. 302; Grimal, p. 457 s.v. Titans; Tripp, p. 579 s.v. Titans; Rose, p. 1079 s.v. Titan; Smith, s.v. Titan 1.
  2. ↑ 729– 734, translation by Glenn W. Most
  3. ↑ Gantz, pp. 45– 46
  4. ↑ Homer, Iliad 8.478– 481
  5. ↑ Fowler 2013, p. 11; Hard, p. 37; Gantz, pp. 28, 46; West 1983, p. 119
  6. ↑ Hesiod, Theogony 337– 398 . The translations of the names used here follow Caldwell, p. 8
  7. ↑ হোমাৰ, ইলিয়াড 14.200– 204
  8. ↑ Gantz, pp. 30– 31

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক দেৱতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাইটান” প্ৰবন্ধৰ সংশোধন ৬১৮১০২ (১৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।