হেৰা (Hera) হৈছে প্ৰাচীন গ্ৰীচৰ এক দেৱী আৰু তেওঁ নাৰী, বিবাহ, পৰিয়াল আৰু সন্তান জন্মৰ অধিষ্ঠাত্ৰী। তেওঁ দ্বাদশ অলিম্পিয়ানৰ অন্যতম আৰু জ্যুচৰ ভগ্নী তথা সহধৰ্মিণী। হেৰা টাইটান ক্ৰণচ আৰু ৰিয়াৰ জীয়ৰী আৰু তেওঁ দেৱতাসকলৰ ৰাণী হিচাপে অলিম্পাচ পৰ্বতত শাসন চলায়। হেৰাক বিবাহিতা তিৰোতাৰ পোষক আৰু ৰক্ষাকৰ্তা হিচাপে গণ্য কৰা হয় যি বিবাহ আৰু বিবাহৰ যোগেদি হোৱা মিলনত আশীৰ্বাদ বৰ্ষণ কৰে। জ্যুচৰ অগণন প্ৰেমাস্পদ আৰু অবৈধ সন্তানসমূহ, আৰু হেৰাক চেৰাই যোৱা মৰণশীল মানৱসকলৰ প্ৰতি ঈৰ্ষা আৰু প্ৰতিশোধপৰায়ণতা হেৰাৰ অনন্য চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ এটা।
হেৰাক সততে তেওঁ পবিত্ৰ বুলি গণ্য কৰা জন্তুসমূহ যেনে গাইগৰু, সিংহ আৰু ময়ূৰৰ সৈতে দেখা যায়। তেওঁক তেজস্বী আৰু সুসজ্জিত ৰূপত, প্ৰায়ে সিংহাসনত উপৱিষ্ট আৰু দীঘলীয়া মুকুট পৰিধান কৰা অৱস্থাত চিত্ৰিত কৰা হয়। তেওঁ হাতত সততে এটা ডালিম ধাৰণ কৰে যি উৰ্বৰা তেজ আৰু মৃত্যুক সূচায়।১
হেৰাৰ ৰোমান সমকক্ষ হৈছে জুন'।২
মাতৃপ্ৰধানতা সম্পৰ্কত গুৰুত্ব
অধ্যাপক জ'হান জেকব বেক'ফেনৰ মতে ৩ এনে হ'ব পাৰে যে গ্ৰীক ধৰ্মত গভীৰভাৱে সোমাই পৰা হেৰা মূলতঃ অতীজতে গ্ৰীচত বাস কৰা মাতৃপ্ৰধান লোকসকলৰহে দেৱী। ইয়ালৈ লক্ষ্য ৰাখিলে, বিবাহৰ দেৱী হিচাপে তেওঁৰ কাৰ্যকলাপে নিজৰ ওপৰতেই পিতৃপ্ৰধান আধিপত্যৰ বান্ধোনডাল প্ৰতিষ্ঠা কৰিছে য'ত জ্যুচৰ কাৰ্যৰ বিৰোধিতাক হেৰাৰ ঈৰ্ষাপৰায়ণতা আখ্যা দিয়া হৈছে।৪
অৱশ্যে এখন প্ৰাচীন মাতৃপ্ৰধান সমাজৰ ধাৰণাটো বিতৰ্কিত হৈ ৰয়। আধুনিক কালৰ পণ্ডিতসকলে যথোপযুক্ত সমলৰ অভাৱত এই ধাৰণাটো নস্যাৎ কৰে। ৫
জ্যুচৰ সৈতে বিবাহ
হেৰাক তেওঁৰ ঈৰ্ষাপৰায়ণতাৰ কাৰণে জনা যায়। নিৰ্ভয় বুলি গণ্য কৰা জ্যুচেও আনকি হেৰাৰ প্ৰকোপলৈ ভয় কৰে। যেতিয়া জ্যুচ হেৰাৰ প্ৰেমত পৰে হেৰাই তেওঁৰ বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। তেতিয়া জ্যুচে চল কৰি এক ধুমুহা-ঢেৰেকনিৰ সৃষ্টি কৰে আৰু নিজে এটি কুলিৰ ৰূপ লৈ হেৰাৰ খিৰিকীৰ বাহিৰত বিপদগ্ৰস্ত হোৱাৰ অভিনয় কৰে। হেৰাই দয়াপৰৱশ হৈ কুলিটোক নিজৰ বুকুৰ মাজত উম দিয়ে। তেতিয়া জ্যুচে নিজৰ ৰূপ লৈ হেৰাক বলপূৰ্বক ৰমণ কৰে। ইয়াৰ পিছত হেৰা লজ্জানত হৈ জ্যুচৰ বিবাহৰ প্ৰস্তাৱ গ্ৰহণ কৰে। তেওঁলোকৰ বিয়াত সমস্ত প্ৰকৃতি জাতিষ্কাৰ হৈ উঠে আৰু বহুতো উপহাৰ প্ৰদান কৰা হয়।৬
তথ্যসূত্ৰ
- ↑ Ruck, Carl A.P., and Danny Staples, The World of Classical Myth, 1994
- ↑ Larousse Desk Reference Encyclopedia, The Book People, Haydock, 1995, p. 215
- ↑ Bachofen, Mutterrecht 1861, as Mother Right: An Investigation of the Religious and Juridical Character of Matriarchy in the Ancient World. Bachofen was seminal in the writings of Jane Ellen Harrison and other students of Greek myth
- ↑ Slater 1968
- ↑ See, for example, the following: * Cynthia Eller, The Myth of Matriarchal Prehistory: Why an Invented Past Won't Give Women a Future, (Boston: Beacon Press, 2001); * Encyclopædia Britannica describes this view as "consensus", listing matriarchy as a hypothetical social system. 'Matriarchy' Encyclopædia Britannica, 2007
- ↑ D'Aulaire, Ingri; D'Aulaire, Edgar Parin. (1992). D'Aulaires' Book of Greek Myths. Delacorte Books for Young Readers. পৃ. 24. ISBN 0440406943
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেৰা (গ্ৰীক দেৱী)” প্ৰবন্ধৰ সংশোধন ৬১৭৭৯৫ (১৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।