হেস্পেৰিড (/hɛˈspɛrɪdiːz/; প্ৰাচীন গ্ৰীক: Ἑσπερίδες, ইংৰাজী: Hesperide) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত সন্ধিয়াৰ আৰু সূৰ্যাস্তৰ সোণালী পোহৰৰ নিম্ফ (nymph; অপেশ্বৰী)৷ এওঁলোকক "সন্ধিয়াৰ কন্যা" বা "পশ্চিমৰ নিম্ফ" বুলিও কোৱা হয়। এওঁলোকক এওঁলোকৰ পিতৃ এটলাছৰ নাম অনুসৰি আটলাণ্টাইডছ (Atlantides) বুলিও কোৱা হৈছিল।১
ব্যুৎপত্তি
হেস্পেৰিড নামটোৰ অৰ্থ হৈছে হেস্পেৰ’ছৰ (Hesperos অৰ্থাৎ সন্ধিয়া) পৰা উৎপত্তি হোৱা (originating)। লেটিন ভাষাত হেস্পেৰ’ছ (Hesperos) বা ভেস্পাৰ (Vesper) শব্দৰ পৰা হেস্পেৰাছ (Hesperus) নামৰ উদ্ভৱ হৈছিল যাৰ অৰ্থ হৈছে সন্ধিয়াৰ তৰা (অৰ্থাৎ শুক্ৰ গ্ৰহ) লগতে ইংৰাজী শব্দ "west"ৰ (পশ্চিম) সৈতেও শব্দটোৰ সম্পৰ্ক আছে।
কিংবদন্তি
সাধাৰণতে অন্য গ্ৰীক ত্ৰাইডৰ দৰেই হেস্পেৰিডৰ সংখ্যাও তিনি। ধ্ৰুপদীবিদ ইভেলিন বাইৰ্ড হেৰিছনে লক্ষ্য কৰিছে, "যিহেতু হেস্পেৰিড নিজেই আপেলৰূপে মূৰ্ত হোৱা উপহাৰৰ প্ৰতীক মাত্ৰ, সেয়েহে এওঁলোক মানৱ নাটকৰ অভিনেতা হ'ব নোৱাৰে। এওঁলোকৰ বিমূৰ্ত, বিনিময়যোগ্য নামবোৰ তেওঁলোকৰ ব্যক্তিহীনতাৰ লক্ষণ"।২
কেতিয়াবা তেওঁলোকক ৰাতিৰ (Nyx) সন্ধ্যা কন্যা হিচাপে চিত্ৰিত কৰা হয়৩৪ হেস্পেৰিডসকলক এটলাছ৫ আৰু হেস্পেৰিছ,৬ বা ফাৰ্চিছ আৰু কেটোৰ৭ বা জ্যুচ আৰু থেমিছৰ৮ কন্যা হিচাপেও তালিকাভুক্ত কৰা হৈছে। ৰোমান সাহিত্যিক উৎসত নিম্ফসকলক কেৱল "পশ্চিম"ৰ মূৰ্তি হেস্পেৰাছৰ কন্যা বুলি কোৱা হয়।৯
তথ্যসূত্ৰ
- ↑ Diodorus Siculus. Library, 4.27.2
- ↑ Evelyn Byrd Harrison, "Hesperides and Heroes: A Note on the Three-Figure Reliefs", Hesperia'33'.1 (January 1964 pp. 76–82) pp 79–80
- ↑ Hesiod, Theogony 215
- ↑ Hyginus. Fabulae,Preface; Cicero. De Natura Deorum, iii.44
- ↑ Hyginus, De Astronomica 2.3.1 citing Pherecydes as the authority
- ↑ Diodorus Siculus, Bibliotheca historica 4.27.2
- ↑ scholia in Apollonius of Rhodes, Argonautica, 4.1399
- ↑ scholia in Euripides, Hippolytus, 742
- ↑ Maurus Servius Honoratus, ad Aeneid, iv.484
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেস্পেৰিড” প্ৰবন্ধৰ সংশোধন ৫২২২৩৭ (৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।