অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

থেলিয়া (গ্ৰেচ)

থেলিয়া (/ˈθeɪliə/ বা /θəˈlaɪə/; ইংৰাজী: Thalia বা Thaleia; আক্ষৰিক অৰ্থ: 'the joyous, the abundance') গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি সৌন্দৰ্য্য আৰু কৃপাৰ তিনিগৰাকী দেৱীৰ ভিতৰত অন্যতম৷ তেওঁলোকক চাৰিটেছ (Charites) বুলি জনা যায়, অন্য দুগৰাকী হৈছে তেওঁৰ ভগ্নী এগ্লিয়া (Aglaea) আৰু ইউফ্ৰ’চাইন…

হালনাগাদ: ২০ মাৰ্চ ২০২৫ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

থেলিয়া (/ˈθeɪliə/১ বা /θəˈlaɪə/;২ ইংৰাজী: Thalia বা Thaleia; আক্ষৰিক অৰ্থ: 'the joyous, the abundance') গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি সৌন্দৰ্য্য আৰু কৃপাৰ তিনিগৰাকী দেৱীৰ ভিতৰত অন্যতম৷ তেওঁলোকক চাৰিটেছ (Charites) বুলি জনা যায়, অন্য দুগৰাকী হৈছে তেওঁৰ ভগ্নী এগ্লিয়া (Aglaea) আৰু ইউফ্ৰ’চাইন (Euphrosyne)।৩

গ্ৰীক শব্দ থেলিয়া হৈছে ভোজৰ বাবে প্ৰয়োগ কৰা বিশেষণ, যাৰ অৰ্থ হৈছে চহকী, প্ৰচুৰ, বিলাসী আৰু ভৰপূৰ।

পৰিয়াল

থেলিয়াৰ পিতৃ জ্যুচ আৰু মাতৃ সামুদ্ৰিক দেৱী ইউৰিনম।৩ বিকল্প পিতৃ-মাতৃ জ্যুছ আৰু ইউৰিডম, ইউৰিমেডুছা বা ইউয়ান্থে; ডাইঅ'নিছাছ আৰু ক'ৰ'নিয়া; বা হেলিঅ'ছ আৰু নাইয়াড এগল হ'ব পাৰে।৪৫৬

শিল্প-সংস্কৃতিত

শিল্পত সাধাৰণতে তেওঁলোকক বৃত্তকাৰ হৈ নাচি থকা দৃশ্যত চিত্ৰিত কৰা হৈছিল। থেলিয়া আছিল উৎসৱ আৰু সম্ভ্ৰান্ত ভোজৰ দেৱী আৰু তেওঁৰ দলৰ অংশ হিচাপে এফ্ৰোডাইটিৰ সৈতে জড়িত আছিল।৭৮

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Home: Oxford English Dictionary. www.oed.com
  2. ↑ Definition of THALIA. www.merriam-webster.com
  3. ↑ Hesiod, Theogony, 907
  4. ↑ Cornutus, Compendium of Greek Theology, 15
  5. ↑ Nonnus, Dionysiaca, 15.87 & 48.530
  6. ↑ Pausanias, Description of Greece, 9.35.5
  7. ↑ Homeric Hymn 5 to Aphrodite, 58
  8. ↑ Homer, Iliad, 8.360-369

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থেলিয়া (গ্ৰেচ)” প্ৰবন্ধৰ সংশোধন ৪৯৪৭৬৪ (২০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।