অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

থেমিষ্টো

থেমিষ্টো (প্ৰাচীন গ্ৰীক: Θεμιστώ, ইংৰাজী: Themisto) গ্ৰীক শ্ৰুতিকথা অনুসৰি থেছালিনৰ ৰাজকুমাৰী আছিল৷ তেওঁ লেপিথৰ ৰজা হাইপচিয়াছ আৰু নাইয়াড ক্লিডানোপৰ কন্যা। তেওঁৰ নামটো প্ৰাচীন গ্ৰীক শব্দ "θεμιστος"ৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে "নিয়মৰ অন্তৰ্গত" বা "ৰীতি-নীতিৰ অন্তৰ্গত"।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৫৭ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

থেমিষ্টো (প্ৰাচীন গ্ৰীক: Θεμιστώ, ইংৰাজী: Themisto) গ্ৰীক শ্ৰুতিকথা অনুসৰি থেছালিনৰ ৰাজকুমাৰী আছিল৷ তেওঁ লেপিথৰ ৰজা হাইপচিয়াছ১ আৰু নাইয়াড ক্লিডানোপৰ কন্যা।২৩ তেওঁৰ নামটো প্ৰাচীন গ্ৰীক শব্দ "θεμιστος"ৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে "নিয়মৰ অন্তৰ্গত" বা "ৰীতি-নীতিৰ অন্তৰ্গত"।৪

পৰিয়াল

থেমিষ্টোৰ ভগ্নীসকল আছিল চাইৰীনী, আলকায়া আৰু আস্তিয়াগিয়া। তেওঁ ব'অ'টিয়ান ৰজা আথামাছৰ তৃতীয় তথা অন্তিম পত্নী আছিল। কিছুমান সূত্ৰৰ মতে, এই দম্পতীহালৰ লিউকন, ইৰিথ্ৰিয়াছ, শ্বোনিয়াছ আৰু প্টাউছ নামৰ চাৰিজন সন্তান আছিল। অন্য কিছুমান উৎস অনুসৰি স্ফিচিয়াছ আৰু অৰ্কোমেনাছ নাইবা শ্বোনিয়াছ আৰু লিউকন নামৰ দুজন পুত্ৰ আছিল৷ অন্য কিছুমান সংস্কৰণৰ মতে লিউকনৰ পিতৃ আছিল প'জাইডন।৫

কিংবদন্তি

থেমিষ্টোৱে তেওঁৰ স্বামীৰ পূৰ্বৰ পত্নীৰ সন্তানসকলক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল যদিও ভুলতে নিজৰ পুত্ৰকে হত্যা কৰিছিল। ইউৰিপিডিছৰ দ্বাৰা ৰচিত এক অজীৱিত কৰুণ গাথাৰ এয়া এক বিষয় আছিল৷ আথামাছে তেওঁৰ দ্বিতীয় পত্নী ইনোৰ মৃত্যু হৈছে বুলি ভাবি থেমিষ্টোক বিয়া কৰায়৷ কিন্তু কিন্তু পৰবৰ্তী সময়ত ইনো জীবিত আৰু মেনাডসকলৰ সৈতে মাউণ্ট পাৰ্নাছাছত আছে বুলি প্ৰমাণিত হয়। আথামাছে তেওঁক ঘৰলৈ ঘূৰাই আনিছিল যদিও ঘূৰি অহা কথাটো গোপন কৰি ৰাখিছিল; থেমিষ্টোৱে সঁচাকৈয়ে এই কথা গম পাই প্ৰতিশোধ হিচাপে ইনোৰ সন্তানক হত্যা কৰাৰ সংকল্প ল'লে। কিন্তু তেওঁ ইনোক কোনোদিনে দেখা নাছিল৷ হত্যাৰ পৰিকল্পনা কৰি তেওঁ ইনোক চাকৰ বুলি ভাবি ইনোকেই তেওঁৰ সন্তানসকলক বগা কাপোৰ পিন্ধাবলৈ নিৰ্দেশ দিলে৷ ইনোৱে নিজৰ সন্তানক ক’লা কাপোৰ পিন্ধোৱাৰ সলনি থেমিষ্টোৰ সন্তানক ক'লা কাপোৰ পিন্ধাই দিলে। তাৰ পিছত থেমিষ্টোৱে ক’লা কাপোৰ পিন্ধা সকলো ল’ৰা-ছোৱালীক হত্যা কৰিলে। থেমিষ্টোৱে উপলব্ধি কৰিব পৰা নাছিল যে তেওঁ আচলতে নিজৰ সন্তানকহে হত্যা কৰিছিল। সেই কথা পিছত জানিব পাৰি তেওঁ আত্মহত্যা কৰে। অন্য এটা সংস্কৰণৰ মতে ইনোৰ মৃত্যুৰ পিছতহে থেমিষ্টো আৰু আথামাছৰ বিবাহ সম্পন্ন হৈছিল আৰু সন্তান হত্যাৰ দৰে কোনো ঘটনা সংঘটিত হোৱা নাছিল।

তথ্যসূত্ৰ

  1. ↑ Hyginus, Fabulae 161; Virgil, Georgics 4.320
  2. ↑ Graves, Robert. (2017). The Greek Myths - The Complete and Definitive Edition. Penguin Books Limited. পৃ. 276. ISBN 9780241983386
  3. ↑ Scholia ad Pindar, Pythian Ode 9.31
  4. ↑ User-submitted name Themisto - Behind the Name. www.behindthename.com
  5. ↑ Hyginus, Fabulae 157

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থেমিষ্টো” প্ৰবন্ধৰ সংশোধন ৬৩১৮২১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।