এম্ফিট্ৰাইট (/æmfɪˈtraɪtiː/; প্ৰাচীন গ্ৰীক: Ἀμφιτρίτη, ইংৰাজী: Amphitrite) প্ৰাচীন গ্ৰীক শ্ৰুতিকথাত বৰ্ণনা কৰা সাগৰৰ দেৱী, সাগৰৰ ৰাণী আৰু তেওঁৰ পতি হৈছে প'জাইডন। তেওঁ নেৰিয়াছ আৰু অ'চেনিড ড'ৰিছৰ (বা অ'চেনাছ আৰু টেথিছৰ) কন্যা আছিল।১ অলিম্পিয়ান প্যান্থেয়নৰ প্ৰভাৱত তেওঁ প’ছিডনৰ পত্নী হৈছিল আৰু পিছলৈ তেওঁক সাগৰৰ প্ৰতীকী প্ৰতিনিধিত্ব হিচাপে ব্যৱহাৰ কৰা হৈছিল। তেওঁৰ ৰোমান সমকক্ষ ছালাচিয়া, তুলনামূলকভাৱে সৰু ব্যক্তিত্ব আৰু লুনীয়া পানীৰ দেৱী।
পৰিয়াল
হেচিয়ডৰ থিঅ′গনিৰ মতে এম্ফিট্ৰাইট আছিল নেৰিয়াছ আৰু ডৰিছৰ অন্যতম নেৰেইড কন্যা। পৌৰাণিক লেখক এপ'ল'ড'ৰাছে অৱশ্যে তেওঁক নেৰেইডৰ লগতে অ'চেনাছ আৰু টেথিছৰ কন্যা অ'চেনিডসকলৰ ভিতৰতো তালিকাভুক্ত কৰিছে।২
এম্ফিট্ৰাইটৰ সন্তানৰ ভিতৰত আছিল ছীল৩ আৰু ডলফিন।৪ তেওঁ সাগৰীয় দানৱসকলৰো মাতৃ আছিল আৰু তেওঁৰ সৃষ্টি কৰা ঢৌবোৰে শিলত খুন্দা মাৰি নাৱিকসকলক বিপদত পেলাইছিল।[1] প'জাইডন আৰু এম্ফিট্ৰাইটৰ এজন পুত্ৰ আছিল ট্ৰাইটন, তেওঁ মেৰমেন আছিল আৰু এগৰাকী কন্যা আছিল ৰ'ডছ। পৌৰাণিক লেখক এপ'ল'ড'ৰাছৰ মতে বেন্থেচিকিমে প'জাইডন আৰু এম্ফিট্ৰাইটৰ কন্যা আছিল।৫
কিংবদন্তি
এম্ফিট্ৰাইটৰ ৰূপত মোহিত হৈ সমুদ্ৰ দেৱতা প'জাইডনে তেওঁক বিবাহ কৰাৰ ইচ্ছা প্ৰকাশ কৰে, কিন্তু এম্ফিট্ৰাইটে নিজৰ কুমাৰীত্ব ৰক্ষা কৰিবলৈ এটলাছ পৰ্বতলৈ পলায়ন কৰে। প'জাইডনে তেওঁক বিচাৰিবলৈ সেই পৰ্বতলৈ বহু জীৱ প্ৰেৰণ কৰে। এটা ডলফিনে এম্ফিট্ৰাইটৰ ওচৰলৈ গৈ তেওঁক বিবাহত বহিবলৈ পতিয়ন নিয়াবলৈ সক্ষম হয়। ডলফিনৰ সহায়ৰ পুৰস্কাৰ হিচাপে প'জাইডনে ডলফিনটোৰ বাবে ডেলফিনাছ নক্ষত্ৰমণ্ডলৰ সৃষ্টি কৰে।
ইউষ্টেথিয়াছে বৰ্ণনা কৰা মতে প'জাইডনে এম্ফিট্ৰাইটক আন নেৰেইডছৰ সৈতে নাক্সছত নাচি থাকোঁতে প্ৰথম দেখিছিল, আৰু তেওঁক লৈ গৈছিল। কিন্তু কাহিনীটো আন এটা সংস্কৰণৰ মতে এম্ফিট্ৰাইট তেওঁৰ ওচৰৰ পৰা সাগৰৰ আটাইতকৈ দূৰৈত থকা এটলাছলৈ পলায়ন কৰিছিল, তাত প'জাইডনৰ ডলফিনটোৱে সাগৰৰ দ্বীপসমূহৰ মাজত তেওঁক বিচাৰি ফুৰিছিল আৰু অৱশেষত বিচাৰি পাই বিবাহৰ বাবে মান্তি কৰাইছিল আৰু এই কামৰ পুৰস্কাৰ স্বৰূপে ডলফিনক ডেলফিনাছ নক্ষত্ৰমণ্ডলত স্থান দিয়া হৈছিল।
তথ্যসূত্ৰ
- ↑ Roman, L., & Roman, M. (2010)
- ↑ Apollodorus, 1.2.2, 1.2.7, 1.4.5
- ↑ "…A throng of seals, the brood of lovely Halosydne." (Homer, Odyssey iv.404)
- ↑ Aelian, On Animals (12.45) ascribed to Arion a line "Music-loving dolphins, sea-nurslings of the Nereis maids divine, whom Amphitrite bore."
- ↑ Hard, p. 105; Apollodorus, 3.15.4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এম্ফিট্ৰাইট” প্ৰবন্ধৰ সংশোধন ৪৯৩৬৬৬ (১৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।