থেইয়া (/ˈθiːə/; প্ৰাচীন গ্ৰীক: Θεία, ইংৰাজী: Theia) গ্ৰীক কিংবদন্তিত বৰ্ণিত এগৰাকী গ্ৰীক দেৱী৷ তেওঁক ইউৰিফেছা (Euryphaessa, "বহল-উজ্জ্বল") বুলিও কোৱা হয়৷ তেওঁ গ্ৰীক পৌৰাণিক কাহিনীৰ পৃথিৱী দেৱী গিয়া আৰু আকাশ দেৱতা ইউৰেনাছৰ বাৰজন টাইটানৰ সন্তানৰ ভিতৰত অন্যতম। তেওঁ দৃষ্টি আৰু দৰ্শনৰ গ্ৰীক দেৱী আৰু সম্প্ৰসাৰিতভাৱে সোণ, ৰূপ আৰু ৰত্নক উজ্জ্বলতা আৰু আভ্যন্তৰীণ মূল্য প্ৰদান কৰা দেৱী।১
তেওঁৰ ভাতৃ তথা পতি হাইপেৰিয়ান অন্য এজন টাইটান দেৱতা৷ দুয়োৰে সন্তানসকল হৈচতে সূৰ্য্য দেৱতা হেলিঅ'ছ, চন্দ্ৰ দেৱী ছেলেনে আৰু পুৱাৰ দেৱী ইঅ’ছ। কেতিয়াবা থেইয়া আৰু এথ্ৰাক একে গৰাকী বুলিয়েই কোৱা হয় আৰু কিছুমান কিংবদন্তিত এথ্ৰাক হাইপেৰিয়ানৰ পত্নী আৰু তেওঁৰ সন্তানৰ মাতৃ বুলি কোৱা হয়।২ স্বামী হাইপেৰিয়ান দৰেই থেইয়াৰ বিষয়ে শ্ৰুতিকথাত খুব কমেইহে উল্লেখ কৰা দেখা যায়৷ যদিও শ্ৰুতিকথাত থেইয়াৰ সন্তান সকলৰ বেছিভাগেই গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে তথাপি কেইখনমান গ্ৰন্থ আৰু বিৰল পৰম্পৰাতহে তেওঁৰ নাম উল্লেখ কৰা দেখা যায়।
কিংবদন্তি
কিংবদন্তিসমূহত থেইয়াৰ ভাতৃ হাইপেৰিয়ানক তেওঁৰ স্বামী বুলি কোৱা হৈছিল আৰু হেলিঅ'ছ (সূৰ্য্য), ছেলেনে (চন্দ্ৰ) আৰু ইঅ'ছৰ মাতৃ বুলি কোৱা হৈছিল। গেইয়াছ ভেলেৰিয়াছ কেটুলাছে আকাশৰ সেই তিনিটা পোহৰৰ উৎসক "থেয়াৰ বিখ্যাত বংশধৰ" বুলি বৰ্ণনা কৰিছিল।
প্লুটাৰ্কে এটা উপকথাৰ দৰে কাহিনী লিখিছিল, “দ্য মুন এণ্ড হাৰ মাদাৰ” (যিটো কেতিয়াবা ঈছপৰ সাধু হিচাপেও শ্ৰেণীভুক্ত কৰা হয়)৷ এই সাধুত থেইয়াৰ কন্যা ছেলেনেই মাকক তেওঁৰ জোখৰ কাপোৰ ববলৈ কৈছিল; কিন্তু মাকে তেনে কাপোৰ বব নোৱাৰোঁ বুলি উত্তৰ দিলে, কাৰণ ছেলেনে নিজৰ আকৃতি আৰু আকাৰ সলনি কৰি থাকে, কেতিয়াবা পূৰ্ণচন্দ্ৰ, কেতিয়াবা অৰ্ধচন্দ্ৰ আকৃতিৰ আৰু আন কেতিয়াবা তাৰো আধা।৩
খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ গীতিকবি ষ্টেচিকোৰাছৰ মতে থেইয়াই নিজৰ পুত্ৰৰ সৈতে তেওঁৰ ৰাজপ্ৰসাদত থাকে।৪ পাৰ্গামন বেদীৰ পূব জিগানটমাচি ফ্ৰিজত হেলিঅ’ছৰ কাষৰ এজন যুৱ দৈত্যৰ সৈতে এগৰাকী দেৱীয়ে যুঁজি থকা এটা মূৰ্তি সংৰক্ষিত কৰা আছে, এই দেৱী মূৰ্তিটো তেওঁৰ মাতৃ থেইয়াৰ বুলি অনুমান কৰা হৈছে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থেইয়া” প্ৰবন্ধৰ সংশোধন ৪৯০১৪৯ (১০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।