অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

এথ্ৰা (থেছেয়াছৰ মাতৃ)

এথ্ৰা বা এইথ্ৰা (প্ৰাচীন গ্ৰীক: Αἴθρα; ইংৰাজী: Aethra বা Aithra, আক্ষৰিক অৰ্থ: 'উজ্জ্বল আকাশ') গ্ৰীক পৌৰাণিক কাহিনীত বৰ্ণনা কৰা ট্ৰ'জেনিয়ান ৰাজকুমাৰী আৰু ৰজা পিথিউছৰ কন্যা।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৯৫ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

এথ্ৰা বা এইথ্ৰা (প্ৰাচীন গ্ৰীক: Αἴθρα; ইংৰাজী: Aethra বা Aithra, আক্ষৰিক অৰ্থ: 'উজ্জ্বল আকাশ'১২) গ্ৰীক পৌৰাণিক কাহিনীত বৰ্ণনা কৰা ট্ৰ'জেনিয়ান ৰাজকুমাৰী আৰু ৰজা পিথিউছৰ কন্যা।

পৰিয়াল

এথ্ৰা থেছেয়াছৰ (তেওঁৰ পিতৃ আছিল এথেন্সৰ ৰজা এজিয়াছ বা কিছুমান সংস্কৰণত প'জাইডন) আৰু ক্লাইমেনৰ (তেওঁৰ পিতৃ হিপালচেছ) মাতৃ।৩৪ পিতৃ পিথিউছৰ নামেৰে এথ্ৰাক পিথেইছ (Pittheis) বুলিও কোৱা হৈছিল।৫

কিংবদন্তি

প্ৰাৰম্ভিক জীৱন

বেলেৰ'ফনে ট্ৰ'জেনলৈ আহিছিল এথ্ৰাৰ পিতৃ পিথিউছৰ পৰা তেওঁ কন্যাৰ বিবাহৰ হাত বিচাৰিবলৈ, কিন্তু বিয়া হোৱাৰ আগতেই বেলেৰ'ফনেক কৰিন্থৰ পৰা বহিষ্কাৰ কৰা হৈছিল।৬

এবাৰ সন্তানহীন ৰজা এজিয়াছ এথেন্সৰ দক্ষিণ-পশ্চিমে থকা এখন চহৰ ট্ৰ’জেনলৈ যায়৷ সেই সময়ত ট্ৰ’জেনৰ পৃষ্ঠপোষক আছিল এথেনা আৰু প'জাইডন। ইয়াত পিথিউছে এজিয়াছক মদ্যপান কৰোৱাই নিজৰ কন্যা এথ্ৰাৰ সৈতে বিচনাত শুৱাই দিলে। সপোনত এথেনাৰ নিৰ্দেশনা অনুসৰণ কৰি এথ্ৰাই শুই থকা এজিয়াছক এৰি ট্ৰ’জেনৰ সমুদ্ৰতীৰৰ ওচৰতে থকা স্ফাইৰিয়া দ্বীপলৈ গুছি যায়। তাত তেওঁ পেলপছৰ ৰথী স্পাইৰ’ছক পৰম্পৰাগত মদিৰা ঢালি দিয়ে আৰু ৰাতি প'জাইডনৰ লগত শুই পৰে। সেয়েহে এই প্ৰক্ৰিয়াত এথ্ৰাক এজিয়াছ৭ আৰু প'জাইডন৮ দুয়োজনেই গৰ্ভধাৰণ কৰাইছিল বুলি গণ্য কৰা হয়। প্লুটাৰ্কৰ মতে, তেওঁৰ পিতৃয়ে এই বাতৰি কেৱল এই কাৰণেই প্ৰচাৰ কৰিছিল যে থেছেয়াছক ট্ৰ'জেনত শ্ৰদ্ধাৰ প'জাইডনৰ পুত্ৰ বুলি গণ্য কৰা হ'ব পাৰে।৯

পিছলৈ এথ্ৰাই স্ফাইৰিয়া দ্বীপত এথেনা আপাটুৰিয়া (প্ৰতাৰক)ৰ বাবে মন্দিৰ উৎসৰ্গা কৰে আৰু দ্বীপটোক স্ফেৰিয়াৰ পৰিৱৰ্তে হিয়েৰা নামকৰণ কৰে আৰু ট্ৰ'জেনৰ কুমাৰীসকলৰ মাজত বিবাহৰ দিনা এথেনা আপাটুৰিয়াক নিজৰ কঁকাল কিংকিনি উচৰ্গা কৰাৰ প্ৰথাও প্ৰৱৰ্তন কৰে।১০ পিছৰ সময়ত যেতিয়া এথ্ৰা এইদৰে দুজনৰ দ্বাৰা গৰ্ভৱতী হৈছিল, তেতিয়া এজিয়াছ এথেন্সলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়। যোৱাৰ আগতে তেওঁ নিজৰ চেণ্ডেল, ঢাল আৰু তৰোৱালখন শক্তিশালী জ্যুচৰ আদিম বেদী হিচাপে কাম কৰা এটা বিশাল শিলৰ তলত ঢাকি থয় আৰু এথ্ৰাক কয় যে যেতিয়া তেওঁলোকৰ পুত্ৰ ডাঙৰ হ’ব, তেতিয়া তেওঁ শিলটো আঁতৰাই কৰি নিজৰ অস্ত্ৰ-শস্ত্ৰবোৰ সংগ্ৰহ কৰিব। পিছত এথ্ৰাৰ পুত্ৰ থেছেয়াছে সেইদৰে তেওঁৰ জন্মগত অধিকাৰ থকা অস্ত্ৰ-শস্ত্ৰবোৰ উদ্ধাৰ কৰি এজন মহান নায়ক হৈ পৰিল আৰু অন্যান্য দুঃসাহসিক অভিযানৰ লগতে মাইনোটাৰক (Minotaur) হত্যা কৰিলে।

পিছৰ দুঃসাহসিক অভিযান

পিছলৈ যেতিয়া থেছেয়াছে হেলেনক অপহৰণ কৰিছিল, তেতিয়া তেওঁ হেলেনক সুৰক্ষিত ৰখাৰ দায়িত্ব এথ্ৰাৰ ওপৰত ন্যস্ত কৰিছিল। হেলেনৰ ভাতৃদ্বয় ডিঅ’স্কুৰীসকলে (Dioscuri) হেলেনক ঘূৰাই নিয়াৰ লগতে প্ৰতিশোধ স্বৰূপে এথ্ৰাক লেচিডেমনৰ ওচৰলৈ অপহৰণ কৰি লৈ যায়। তাত তেওঁক হেলেনৰ দাসী হৈ থাকে আৰু তেওঁৰ সৈতে তেওঁ ট্ৰয়লৈ যায় আৰু নাতি আকামাছে বিচাৰি নোপোৱালৈকে তাতেই থাকে। ট্ৰয় দখল কৰাৰ লগে লগে তেওঁ গ্ৰীকসকলৰ শিবিৰলৈ আহিল, য'ত তেওঁৰ নাতিসকলে তেওঁক চিনি পায় আৰু ডেমোফনে এথ্ৰাক মুক্ত কৰি দিবলৈ আগামেমননক কয়। সেই অনুসৰি আগামেমননে হেলেনৰ ওচৰলৈ এজন দূত পঠিয়াইছিল যাতে তেওঁ এথ্ৰাক এৰি দিবলৈ অনুৰোধ কৰে। এনেদৰে এথ্ৰাই মুক্তি লাভ কৰে। হাইজিনাছৰ মতে, পিছলৈ তেওঁ পুত্ৰসকলৰ মৃত্যুৰ শোকত নিজৰ জীৱনৰ অন্ত পেলাইছিল।

তথ্যসূত্ৰ

  1. ↑ Robert Graves, The Greek Myths, (1955; 1960) index, s.v. "Aethra"
  2. ↑ Bane, p. 13
  3. ↑ Scholia on Homer, Iliad 3.144; Dictys Cretensis, 6.2
  4. ↑ Bell, Robert E. (1991). Women of Classical Mythology: A Biographical Dictionary. ABC-CLIO. পৃ. 10–13. ISBN 9780874365818
  5. ↑ Ovid, Heroides 10.31
  6. ↑ Pausanias, 2.31.12
  7. ↑ Plutarch, Theseus 3; Hyginus, Fabulae 14
  8. ↑ Apollodorus, 3.15.7; Hyginus, Fabulae 37; Bacchylides, Dithyrambs 3.34
  9. ↑ Plutarch, Theseus 6
  10. ↑ Pausanias, 2.33.11

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এথ্ৰা (থেছেয়াছৰ মাতৃ)” প্ৰবন্ধৰ সংশোধন ৬৩২১৬২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।