পাপড়ি চাট বা পাপৰি চাট বা পেপৰি চাট ( উচ্চাৰণ: pāpṛī cāṭ ) হৈছে ভাৰত উপমহাদেশ অৰ্থাৎ ভাৰত, বাংলাদেশ, নেপাল আৰু পাকিস্তানৰ১২৩ কিছু অঞ্চলত জনপ্ৰিয় পৰম্পৰাগত ফাষ্ট ফুড আৰু পদপথৰ দাঁতিৰ খাদ্য বা ষ্ট্ৰিট ফুড।আমেৰিকাৰ কিছুসংখ্যক ৰেষ্টোৰাত চাটৰ পৰম্পৰাগত সংস্কৰণতো অটুট ৰাখি পৰিবেশন কৰা হয়।৪৫ ই সকলো বয়স আৰু লিংগৰ লোকৰ বাবে সমানেই জনপ্ৰিয় বুলি ধাৰণা কৰা হয়। সমগ্ৰ ভাৰতবৰ্ষত বহুতো বিভিন্ন অতিৰিক্ত খাদ্যক পেপৰি চাট বুলিও কোৱা হয়।১
প্ৰস্তুতি

পাপড়ি চাট পৰম্পৰাগতভাৱে পাপড়ি চাট পেপৰি নামেৰে জনাজাত আৰু ইয়াক চাউলৰ গুড়িৰ ৱেফাৰ বা ওপৰত দিয়া লেপন ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়। লগতে সিজোৱা বুটমাহ, সিজোৱা আলু, দৈ আৰু তেতেলীৰ চাটনি৬ দি তাওৱাত চাট মছলা আৰু চেভ (মিহি ভূজিয়া)১৭ দি মিহলাই দিয়া হয়। পেপৰি সাধাৰণতে ময়দা আৰু ঘিউ বা তেলৰ সৈতে প্ৰস্তুত কৰা হয়। পদিনা৮, ধনিয়া'৯ আৰু মছলা১০ আদিও ব্যৱহাৰ কৰা হয়। খাদ্যবিধৰ মিঠা, টেঙা, টেঙা-মিঠা, আৰু নিমখীয়া সোৱাদ আৰু ক্ৰীমৰ দৰে এক মসৃণতা আছে।
প্ৰণালী
ময়দাখিনি ভালদৰে চেকি ল'ব লাগে। তাত বেকিং চোডা, নিমখ, গুড় আৰু ক’লা জিৰা মিহলাই ল'ব লাগে। এতিয়া যথেষ্ট ঘিউ দিব লাগিব। আটা-ময়দাখিনি পানীৰ লগত ভালদৰে মিহলাই ল'ব লাগিব। ইয়াৰ পৰা সৰু সৰু পাপড সাজি ভাজিলেই পাপড়ি প্ৰস্তুত হ'ব।
সেউজীয়া চাটনি বনোৱাৰ পদ্ধতি: ধনীয়া পাত, পদিনা পাত আৰু জলকীয়া একেলগে পিহি লৈ। তাত নেমুৰ ৰস আৰু অলপ নিমখ ভালদৰে মিহলাই সেউজীয়া চাটনি প্ৰস্তুত কৰা হয়।
তেতেলীৰ চাটনি বনোৱাৰ পদ্ধতি:কেৰাহীত পানী গৰম কৰি তেতেলী আৰু খেজুৰ একেলগে উতলাব লাগিব। তেতেলী-খেজুৰ উতলাই কোমল হ’লে গুড়ৰ সৈতে উতলাব লাগে। এতিয়া জিৰা গুড়ি, ধনিয়াৰ গুড়ি আৰু জলকীয়াৰ গুড়ি আৰু নিমখ এটা এটাকৈ দিব লাগিব। চাটনি উতলি ঘন হ’লে নিমখ আৰু মিঠাৰ সোৱাদ লৈ জুইৰ পৰা পাত্ৰখন নমাই দিব লাগে। এনেকৈয়ে মিঠা আৰু টেঙা তেতেলীৰ চাটনি প্ৰস্তুত কৰা হয়।
পাপদি চাট বনোৱাৰ পদ্ধতি:আলু সিজাই ৰাখিব লাগে। পিঁয়াজ, বিলাহী, কেঁচা জলকীয়া, ধনীয়াৰ পাত পৃথকে পৃথকে থেতেলিয়াই ল’ব লাগে। টেঙা দৈ ফ্ৰীজত ৰাখি ঠাণ্ডা কৰি ৰাখিব লাগে। অলপ নিমখীয়া পানীত বুটমাহ সিজাই পানীখিনি উলিয়াই দিব লাগে। ফ্ৰীজৰ পৰা ঠাণ্ডা টেঙা দৈ উলিয়াই জলকীয়া গুড়ি, চেনি আৰু নিমখৰ লগত মিহলাই ভালদৰে মিহলি কৰি ল'ব লাগে। এইবাৰ পৰিবেশন কৰিবলগীয়া পাত্ৰটোত প্ৰথমে সজাই ল’ব লাগে। তাৰ ওপৰত সিজোৱা আলু, কটা পিঁয়াজ, কটা বিলাহী আৰু সিজোৱা বুটমাহ দিব লাগে। তাৰ ওপৰত ফেটি লোৱা টেঙা দৈ, আৰু কিছু সিজোৱা বুটমাহ, চাট মছলা, নেমুৰ ৰস, ক'লা নিমখ, সেউজীয়া চাটনি আৰু তেতেলীৰ চাটনি দিব লাগে। ওপৰত বহু পৰিমাণে চেভ (মিহি ভূজিয়া) দি পাপদি চাট পৰিবেশন কৰিব পাৰিব।
ব্যুৎপত্তি
পাপড়ি শব্দটোৱে মূলত পাপড় বা ৱেফাৰক বুজায়। চাট শব্দটো আকৌ সংস্কৃত ক্ৰিয়া চটৰ পৰা উদ্ভৱ হৈছে আৰু ইয়াৰ অৰ্থ হৈছে আঙুলিৰ মূৰত সোৱাদ লোৱা। ই সাধাৰণতে আঙুলি চুহিলে কৰা শব্দক সূচায়। পাপড়ি চাটৰ দ্বাৰা কেইবাবিধো ফাষ্ট ফুড আৰু পুৱাৰ আহাৰক বুজোৱা হয়। হিন্দীত চাট হৈছে এবিধ ডাঠ ক্ৰীম ৷ এই শব্দটোৱে অঞ্চলভেদে ভাৰতৰ বিভিন্ন ধৰণৰ ব্যঞ্জনক বুজাব পাৰে। শব্দটোৰ দ্বাৰা ভাৰতৰ ভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ খাদ্যকো বুজায় ১
এতিয়াৰ কৰ্ণাটকৰ তৃতীয় সোমেশ্বৰৰ দ্বাৰা সংকলিত দ্বাদশ শতিকাৰ সংস্কৃত বিশ্বকোষ মানসোল্লাসত পেপৰিৰ এক ব্যঞ্জন-প্ৰকৰণ উল্লেখ কৰিছে।১১
ষ্ট্ৰীট ফুড
ভাৰতৰ ভ্ৰাম্যমাণ খাদ্যৰ দোকানত প্ৰায়ে পাপড়ি চাট দিয়া আৰু খোৱা হয়।.৮ ভাৰতত অন্যান্য অঞ্চলৰ তুলনাত দেশৰ উত্তৰ অঞ্চলত ইয়াৰ জনপ্ৰিয়তা অধিক।১০ কিন্ত বৰ্তমান সমগ্ৰ ভাৰতৰ চহৰসমূহত পাপড়ি চাট ষ্ট্ৰীট ফুড হিচাপে পোৱা যায়।
তথ্যসূত্ৰ
- ↑ Pathak, A. (2015). Secrets From My Indian Family Kitchen. Octopus Books. পৃ. Pt-46. ISBN 978-1-78472-027-8 / Pathak, Anjali. (March 22, 2015). The foodie traveller … in Mumbai, India. the Guardian
- ↑ Fodor's Travel Publications, I. (2008). India. Fodor's India. Fodor's Travel Publications. পৃ. 76. ISBN 978-1-4000-1912-0
- ↑ (June 25, 2015). Ramazan Radar Chaat up a storm. The Express Tribune
- ↑ Allen., Jessica. (July 1, 1987). 5 Best Restaurants For Chaat In New York City. CBS New York
- ↑ Galarneau, Andrew Z. (May 6, 2015). Dosas steal the show at Chennai Express. Gusto
- ↑ Gopal, G. (2007). Delicious Dishes (Vegetarian). Sura Books. পৃ. Pt-59. ISBN 978-81-7478-460-5
- ↑ World, E.Y.; Siciliano-Rosen, L.; Rosen, S. (2014). Delhi Food and Travel Guide: The inside scoop on the best North Indian foods in Delhi. 107. Eat Your World. পৃ. Pt-25
- ↑ Robertson, R. (2014). Robin Robertson's Vegan Without Borders. Andrews McMeel Publishing, LLC. পৃ. 195. ISBN 978-1-4494-6133-1
- ↑ Gordon, James. (October 1, 2012). 38: Papri Chaat at Jay Bharat. L.A. Weekly
- ↑ Batra, N. (2011). 1,000 Indian Recipes. 1,000 Recipes. Houghton Mifflin Harcourt. পৃ. 48–49. ISBN 978-0-544-18910-2
- ↑ K.T. Achaya. (2003). The Story of Our Food. Universities Press. পৃ. 85. ISBN 978-81-7371-293-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাপড়ি চাট” প্ৰবন্ধৰ সংশোধন ৪২০৭৩৮ (৭ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।