দহি পুৰি হৈছে ভাৰতীয় উপমহাদেশত প্ৰচলিত এবিধ লঘু আহাৰ। ই মহাৰাষ্ট্ৰত বিশেষভাৱে জনপ্ৰিয়।১ এই খাদ্য এক প্ৰকাৰৰ চাট আৰু ইয়াৰ উৎপত্তি হৈছিল মহাৰাষ্ট্ৰৰ মুম্বাই চহৰত।২ ইয়াক পানী পুৰি অৰ্থাৎ ফুচকাৰ পুৰিৰ (গোলগপ্পা) সৈতে পৰিবেশন কৰা হয়। ইয়াক দহি ফুচকা বা দহি চেৱ পুৰি নামেৰেও জনা যায়। আলুক মহাৰাষ্ট্ৰত বটাতা বুলি কোৱা হয়।৩ দহি পুৰিত আলু ব্যৱহাৰ কৰাৰ বাবে ইয়াৰ আন এটা নাম দহি বটাতা পুৰি। সাধাৰণ পানী পুৰিৰ সৈতে ইয়াৰ মূল পাৰ্থক্যটো হ'ল দহি পুৰিত কৰা দৈৰ ব্যৱহাৰ। দৈ আৰু আলুৰ উপৰিও ইয়াত গজালি ওলোৱা মগু, পিঁয়াজ, চাটনি আদি থাকে।
প্ৰস্তুত প্ৰণালী
দহি পুৰিৰ প্ৰধান উপাদান হ’ল গোলগপ্পা আৰু দহি (বা দৈ)। বিলাহী, পিঁয়াজ, কেঁচা জলকীয়া, ধনীয়া পাত, কেঁচা মগু, মিঠা তেতেলীৰ চাটনি, সেউজীয়া চাটনি আৰু নিমখ, ৰঙা জলকীয়াৰ গুড়িৰ দৰে মছলা আদি দহি পুৰিৰ বাবে প্ৰয়োজনীয় আন আন উপাদান। এইসমূহৰ বাহিৰেও গোলগপ্পাৰ ভিতৰত সাধাৰণতে আলুৰে পূৰ দিয়া হয়। দহি পুৰি প্ৰস্তুত কৰিবলৈ পুৰি একোটাৰ মূৰটো অলপ ভাঙি আলু আৰু অন্যান্য সতেজ উপাদানসমূহ ইয়াত ভৰাই দিয়া হয়। তাৰ পিছত ইয়াৰ ওপৰত মিঠা দৈ দিয়া হয়। এই দৈ শীতল আৰু সতেজ হ'ব লাগে। লগতে ইয়াৰ গাঢ়তাও অধিক হ'ব নালাগে।৪ সৰ্বশেষত উপযুক্ত টপিংছৰ সৈতে দহি পুৰি সজাই পৰিৱেশন কৰা হয়। সোৱাদৰ বাবে সামান্য পৰিমাণৰ নিমখো দিব পাৰি। টপিংছৰ ভিতৰত সাধাৰণতে থাকে চেৱ, মগু, ডালিম আৰু মিহিকৈ কটা ধনীয়াৰ পাত। অঞ্চলভেদে দহি পুৰিত কেঁচা বা সিজোৱা বুটো দিয়া হয়। কোনো কোনো সময়ত সাধাৰণ পানী পুৰি পিছত দহি পুৰিৰে খোৱাৰ সামৰণি মৰা হয়।৪
আঞ্চলিক ভিন্নতা
মহাৰাষ্ট্ৰত দহি পুৰিত পিঁয়াজ আৰু নহৰু যোগ কৰা হয়। ইয়াৰ লগতে সতেজ সেউজীয়া মগু হৈছে ইয়াৰ এক অন্যতম গুৰুত্বপূৰ্ণ উপাদান। গোলগপ্পাত ব্যৱহাৰ কৰা আলু সৰু সৰুকৈ কাটি পূৰ দিয়া হয়। আন উপাদানবোৰ ইটোৰ ওপৰত সিটো ৰাখি পৃথক পৃথক তৰপ গঠন কৰি সজোৱা হয়। পশ্চিম বংগত দহি পুৰিত কেতিয়াও পিঁয়াজ আৰু নহৰু দিয়া নহয়। ইয়াৰ পৰিৱৰ্তে স্বাদ বৃদ্ধিৰ বাবে বাঙালীসকলে তপতাই লোৱা জিৰা আৰু জলকীয়াৰ গুড়ি ব্যৱহাৰ কৰে। পাঞ্জাবীসকলে দহি পুৰিৰ সোৱাদ বঢ়াবলৈ আদা যোগ কৰে।২
পৰম্পৰাগতভাৱে দহি পুৰি এক ষ্ট্ৰীট ফুড বা পথৰ দাঁতিত সহজে উপলব্ধ খাদ্য যদিও আধুনিক যুগত ইয়াক ৰেষ্টুৰেণ্টসমূহতো পৰিৱেশন কৰা হয়।
তথ্যসূত্ৰ
- ↑ Forum. Dahi Puri Recipe
- ↑ Dahi Puri. ifood.tv
- ↑ (19 February 2021). Dahi Batata Puri Recipe. timesofindia.com
- ↑ Tarla Dalal. Dahi puri. tarladalal.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দহি পুৰি” প্ৰবন্ধৰ সংশোধন ৫৬৩১৯৯ (১৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।