পাউৰুটী (Bread) হৈছে ময়দা আৰু পানীৰ ডাঠ মিশ্ৰণৰ পৰা সাধাৰণতে বেকিং পদ্ধতিৰে প্ৰস্তুত কৰা এক প্ৰকাৰৰ প্ৰধান খাদ্য। অতিজৰে পৰা ই পৃথিৱীৰ এক বৃহৎ অংশৰ এক বিশিষ্ট খাদ্য ৰূপে পৰিগণিত হৈ আহিছে। কৃষিৰ আৰম্ভণিৰ পৰাই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত, আৰু ধৰ্মীয় ৰীতি-নীতি আৰু ধৰ্মনিৰপেক্ষ সংস্কৃতি দুয়োটাতে এক অপৰিহাৰ্য ভূমিকা পালন কৰা ই হৈছে মানৱ-নিৰ্মিত আটাইতকৈ পুৰণি খাদ্য।
প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা জীৱাণু, ৰাসায়নিক পদাৰ্থ, ঔদ্যোগিকভাৱে উৎপাদিত ইষ্ট, বা উচ্চ-চাপৰ দ্বাৰা সৃষ্টি হোৱা গেছৰ বুদবুদে পাউৰুটী ফুলাই তোলে। বহুতো দেশত, বাণিজ্যিকভাৱে প্ৰস্তুত কৰা পাউৰুটীৰ সোৱাদ, গাঁথনি, ৰং, স্থায়িত্ব, পুষ্টি, আৰু উৎপাদনৰ আদি বৃদ্ধি তথা উন্নত কৰিবলৈ কিছুমান অন্য ৰসায়নো যোগ কৰা হয়।
পাউৰুটী হৈছে এবিধ সংৰক্ষণযোগ্য খাদ্য।১ নিমখ, ময়দা, পানী, ইষ্ট আৰু ৰন্ধন কাৰ্যত ব্যৱহৃত চ'ডা হৈছে পাউৰুটীৰ সাধাৰণ উপাদান, তথাপি বহু সময়ত পাউৰুটী প্ৰস্তুত কৰোঁতে গাখীৰ, কণী, চেনি, মচলা, ফল, পিঁয়াজ, বাদাম ইত্যাদি সামগ্ৰীও মিহলি কৰা হয়।
ময়দাৰ উপৰিও স্পেল্ট (spelt), এমাৰ (emmer), ইনকৰ্ণ (einkorn) আৰু কামুটৰ (kamut) দৰে গম প্ৰজাতিৰ অন্য শস্যৰ গুড়িৰ পৰাও পাউৰুটী তৈয়াৰ কৰা হয়।২ ৰাই (rye), যৱ (barley), গোমধান (maize), অ'ট (oats), জোৱাৰ (sorghum), বাজৰা (millet) আৰু চাউলকে (rice) ধৰি ঘেঁহু বিহীন অন্যান্য খাদ্যশস্যৰ গুড়িৰ পৰাও পাউৰুটী তৈয়াৰ কৰা হয়, কিন্তু ৰাইৰ বাহিৰে, বাকীবোৰত সাধাৰণতে গ্লুটেন নামৰ এবিধ প্ৰ’টিন কম পৰিমাণে থকা বাবে সেইবোৰত কিছু পৰিমাণে ময়দা মিহলি কৰা হয়।৩
তথ্যসূত্ৰ
- ↑ "bread." Britannica Concise Encyclopedia. Encyclopædia Britannica, Inc., 2006. Answers.com 19 Feb. 2008
- ↑ Wheat. Grains & Legumes Nutrition Council
- ↑ Cauvain, Stanley. (2015). Technology of Breadmaking. Springer. পৃ. 377. ISBN 978-3-319-14687-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাউৰুটী” প্ৰবন্ধৰ সংশোধন ২৯২৩৮০ (২৫ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।