অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ফালুদা

ফালুডা বা ফালুদা হৈছে চেৱৈৰে তৈয়াৰী এবিধ মোগলাই শীতল মিঠাই। ইয়াৰ উৎপত্তি পাৰ্চী খাদ্য ফালুদেহৰ পৰা হৈছে, যাৰ ভিন্নতা সমগ্ৰ পশ্চিম, মধ্য, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত পোৱা যায়। পৰম্পৰাগতভাৱে ইয়াক গাখীৰৰ সৈতে গোলাপৰ ৰস, চেৱৈ আৰু মিঠা তুলসীৰ গুটি (বাচিল) মিহলাই তৈয়াৰ কৰা হয়।

হালনাগাদ: ১৩ ডিচেম্বৰ ২০২৫ ২৪২ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ফালুডা বা ফালুদা হৈছে চেৱৈৰে তৈয়াৰী এবিধ মোগলাই শীতল মিঠাই।১২ ইয়াৰ উৎপত্তি পাৰ্চী খাদ্য ফালুদেহৰ পৰা হৈছে, যাৰ ভিন্নতা সমগ্ৰ পশ্চিম, মধ্য, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত পোৱা যায়।৩ পৰম্পৰাগতভাৱে ইয়াক গাখীৰৰ সৈতে গোলাপৰ ৰস, চেৱৈ আৰু মিঠা তুলসীৰ গুটি (বাচিল) মিহলাই তৈয়াৰ কৰা হয়। ইয়াক প্ৰায়ে আইচক্ৰীমৰ সৈতে পৰিবেশন কৰা হয়।<ref ৪ ফালুডা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা চেৱৈ ঘেঁহু, ৪ এৰোৰুট, কৰ্ণষ্টাৰচ বা চেগোৰপৰা তৈয়াৰ কৰা হয়।৫৬ ভাৰতত ই এক জনপ্ৰিয় ষ্ট্ৰীট ফুড।

ইতিহাস

ফালুডাৰ উৎপত্তি ইৰাণৰ (পাৰস্য) পৰাই হয়, য'ত একেধৰণৰ মিঠাই ফালুদেহ জনপ্ৰিয় আছিল।৭ The ১৬ৰ পৰা ১৮ শতিকাত দক্ষিণ এছিয়াত আক্ৰমণ কৰি বসতি স্থাপন কৰা বহু মধ্য এছিয়ান বংশৰ সৈতে মধ্যযুগৰ শেষৰ ফালে ভাৰতলৈ এই মিঠাই আহিছিল।৭ বৰ্তমানৰ ফালুডাৰ ৰূপটো মোগল সাম্ৰাজ্যত বিকশিত হৈছিল আৰু ৰাজ্য জয়ৰ লগে লগে ই বিয়পি পৰিছিল। মোগলৰ পৰা পৃষ্ঠপোষকতা লাভ কৰা পাৰ্চী শাসকসকলে বিশেষকৈ হায়দৰাবাদ ডেক্কান আৰু বৰ্তমানৰ ভাৰতৰ কৰ্ণাটিক অঞ্চলত নিজৰ নিজৰ অভিযোজনৰ দ্বাৰা মিঠাইবিধ পৃষ্ঠপোষকতা কৰিছিল।২ এই মিঠাই এতিয়া পাকিস্তানী খাদ্য, বাৰ্মিজ খাদ্য, ভাৰতীয় খাদ্য, বাংলাদেশী খাদ্য আৰু শ্ৰীলংকাৰ খাদ্যৰ অংশ আৰু বিয়া আৰু অন্যান্য অনুষ্ঠানত ইয়াক পৰিবেশন কৰা হয়। ইয়াক প্ৰায়ে ভাৰতীয় আইচক্ৰীম সংস্কৰণ কুলফিৰ সৈতে পৰিবেশন কৰিব পাৰি।

ৰূপক বা বক্ৰোক্তি

হিন্দুস্তানী ভাষাত কেতিয়াবা ফালুডা হোৱা বস্তুৰ উল্লেখ হিচাপে ব্যৱহাৰ কৰা হয়, যিটো চেৱৈৰ ইংগিত। উদাহৰণস্বৰূপে, কোনোবাই বদনামত পৰিলে ক’ব পাৰে যে তেওঁৰ ইজ্জত ফালুডালৈ ৰূপান্তৰিত কৰা হৈছে (इज़्ज़त का फ़ालूदा) যিটো মোটামুটিভাৱে "মোৰ সুনামত আঘাত হানিছে" বুলি কোৱাৰ সমতুল্য।৮ ই ৰাইটা ফেইল গয়া, অব ক্যা ভুজিয়া তলে আদি বাক্যাংশৰ দৰে এক বক্ৰোক্তি।

ভিন্নতা

কিছুমান ভাৰতীয় সংস্কৰণত অৰ্ধস্বচ্ছ ঘেঁহুৰ ষ্টাৰচ নুডলছ আৰু সোৱাদযুক্ত ৰস থাকে।

ম্যানমাৰত ফালুডা (ဖာလူဒါ) তুলসীৰ গুটি, গ্ৰাছ জেলী, কণীৰ পুডিং, ভেনিলা আইচক্ৰীম, মিঠা গাখীৰ আৰু গোলাপৰ ৰসেৰে তৈয়াৰ কৰা হয়।৯ অধিক বিশদ সংস্কৰণত চেগো, চাউলৰ নুডলছ, ফলৰ জেলী, আৰু কটা ফলও অন্তৰ্ভুক্ত কৰা হৈছে।

দক্ষিণ বাংলাদেশত,ম, পিষ্টা, চেগু পাৰ্ল, ক্ৰীমযুক্ত নাৰিকল, আম, গাখীৰ আৰু ভাৰ্মিচেলিৰে ফালুডা তৈয়াৰ কৰা হয়, আনকি ক'লা চাহো থাকিব পাৰে।

মালয়েছিয়া আৰু ছিংগাপুৰত বেণ্ডুং নামৰ একেধৰণৰ পানীয় আছে ৷

থাইলেণ্ডত একেধৰণৰ পানীয় নাম মেইংলাক (น้ำแมงลัก) আছে, যিটো নেমু, তুলসীৰ গুটি, টুকুৰা টুকুৰ কৰা জেলী, টেপিওকা পাৰ্ল আৰু ইয়বৰ ম চেনি, পানী আৰু গোলাপ জলৰ সৈতে মিহলাই তৈয়াৰ কৰা হয়।

ইৰাকী কুৰ্দসকলে গাঢ় চেৱৈৰ এটা সংস্কৰণ তৈয়াৰ কৰে।

মৰিচাছৰ সংস্কৰণটোক আলৌদা বুলি কোৱা হয় ৷

'বম্বে ক্ৰাছ' নামেৰে জনাজাত এটা ভিন্নতা দক্ষিণ আফ্ৰিকাৰ ভাৰতীয়সকলৰ মাজত জনপ্ৰিয়।

তথ্যসূত্ৰ

  1. ↑ Marks, Gil. (17 November 2010). Encyclopedia of Jewish Food. HMH. ISBN 978-0-544-18631-6
  2. ↑ The Royal Falooda. Eating India
  3. ↑ Taylor Sen, Colleen. (2015). The Oxford Companion to Sugar and Sweets. Oxford University Press. পৃ. 357. ISBN 978-0-19-931339-6
  4. ↑ (26 May 2015). Falooda Recipe. Sailu's Food
  5. ↑ Falooda. ifood.tv
  6. ↑ Falooda Sev Recipe
  7. ↑ Sinaiee, Maryam. (10 May 2015). Faloodeh: Persian Rosewater and Lemon Sorbet. The Persian Fusion
  8. ↑ India today, Volume 24. Thomson Living Media India Ltd., 1999
  9. ↑ Aye, MiMi. (2019-06-13). Mandalay: Recipes and Tales from a Burmese Kitchen. Bloomsbury Publishing. ISBN 9781472959485

সম্পৰ্কিত শ্ৰেণী

খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফালুদা” প্ৰবন্ধৰ সংশোধন ৫৬৩৪০৬ (১৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।