পেডা বা পেৰা ভাৰতৰ উত্তৰ প্ৰদেশৰ ম উদ্ভাৱন হোৱা এবিধ মিঠাই। অথুৰা চহৰত ইয়াৰ উৎপত্তি হৈছিল। পৰম্পৰাগতভাৱে ঘূৰণীয়া গল্ক এটা হাতৰ তলুৱা বা আঙুলিৰে হেঁচা মাৰি দিলে যি ৰূপ লয় সেই হিচাপে প্ৰস্তুত কৰা হয়। ইয়াৰ মূল উপাদানসমূহ হ’ল খোয়া, চেনি আৰু ইলাচিৰ গুটিকে ধৰি পৰম্পৰাগত সোৱাদ যেনে শুকান ফল। ইয়াৰ ৰং বাদামী। ইয়াকপেধা, পেণ্ডা ( গুজৰাটী ভাষাত) আৰু পেৰা বুলিও জনা যায়। অসমৰ বোকাখাটৰ পেড়া অতি জনপ্ৰিয়। পূজাত দেৱতালৈয়ো প্ৰসাদ হিচাপে পেড়া আগবঢ়োৱা হয়।
ইতিহাস আৰু ব্যুৎপত্তি
পেডাৰ পিদা শব্দটো সংস্কৃত শব্দ পিণ্ডা বা পিণ্ডক ১ ৰ পৰা উদ্ভৱ হৈছে। শব্দটোৱে গাখীৰ আৰু আটা ভিত্তিক মিঠাইক এটা গোট হিচাপে ভাগ কৰে। ভাৰতীয় প্ৰাচীন চিকিৎসা শাস্ত্ৰ চৰক সংহিতাৰ পৰা আৰম্ভ কৰি পাকশাস্ত্ৰ ভোজনকুটুহললৈকে আয়ুৰ্বেদিক আৰু পাকাশাস্ত্ৰ গ্ৰন্থসমূহত পিণ্ডকক মিঠা আৱিষ্কাৰ হিচাপে উল্লেখ কৰা হৈছে। চৰক সংহিতাইত আটা ভিত্তিক ভাৰতীয় মিঠাইৰ তালিকাত পিণ্ডকক স্থান দিয়া হৈছে।২ ভোজনকুতুহল নামৰ পুথিত ইলাচি, নিমাখ আৰু জলকীয়া আদি মছলা আৰু গাখীৰ আৰু চেনি ব্যৱহাৰ কৰি মিঠাই প্ৰস্তুত কৰাৰ বৰ্ণনা কৰা হৈছে।৩
সংস্কৃত সাহিত্যত গাখীৰৰ পেডাকদুগ্ধপিণ্ডক আৰু ক্ষীৰাৱটিকা আদি নামেৰে উল্লেখ কৰা হৈছে। আচাৰ্য সুষেনৰ আয়ুৰ্বেদ মহোদাধিত কৃতন্ন্ন বৰ্গত ইয়াৰ প্ৰস্তুতিৰ কথা উল্লেখ আছে।৪ আন এখন আয়ুৰ্বেদিক গ্ৰন্থ ন্বৃহদোগ্যতৰংগিনীতক্ষীৰাৱতী নামৰ এবিধ মিঠাইৰ বৰ্ণনা কৰা হৈছে যি বৰ্তমান দুধ পেডা বুলি জনাজাত।৫
বৰ্তমানৰ উত্তৰ প্ৰদেশৰ মথুৰা চহৰত আধুনিক পেডাৰ উৎপত্তি হৈছিল।৬ মথুৰা পেডা চহৰৰ বৈশিষ্ট্য। উত্তৰ প্ৰদেশৰ পৰা এই পেডা ভাৰত উপমহাদেশৰ বহু ঠাইলৈ বিয়পি পৰে। ১৮৫০ চনত বৰ্তমানৰ কৰ্ণাটকতলৈ প্ৰব্ৰজন কৰা লক্ষ্ণৌৰ ঠাকুৰ ৰাম ৰতন সিঙে তাত পেডাৰ প্ৰচলন কৰে। পেড়াৰ এই প্ৰকাৰবিধ বৰ্তমান ধৰৱাদ পেধা নামেৰে বিখ্যাত ৷৭৮ মহাৰাষ্ট্ৰৰ সতৰাৰ কান্দি পেডেল৯ আৰু কৰ্ণাটকৰ ডুড পেডাও দুই জনপ্ৰিয় প্ৰকাৰ।
অসমৰ বোকাখাটৰ গাখীৰৰ পেড়া বিখ্যাত। বোকাখাটত অতীজৰে পৰা প্ৰচুৰ পৰিমাণে গাখীৰ উৎপাদন হয়। মিঠাই নিৰ্মাতা আৰু বিক্ৰেতাসকলে এই বিশুদ্ধ গাখীৰ পানী নিমিহলোৱাকৈ পেড়া বনায়। এই পেড়াত কোনো বাহ্যিক সোৱাদৰ সমল নাথাকে। এই পেড়া সাধাৰণতে পাতল বা৯ গাঢ় বাদামী ৰঙৰ হয়। সম্পূৰ্ণ গাখীৰেৰে তৈয়াৰী এই এই পেড়া সমগ্ৰ অসমতে জনপ্ৰিয়। অসমত বিহুৰ সময়ত পিঠাৰ সৈতে পেড়াও বনায়।
পুষ্টি
পেডাৰ কেলৰিৰ পৰিমাণ ইয়াৰ আকাৰ, উপাদান আৰু প্ৰস্তুত কৰাৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে। ই ভিন্ন হ'ব পাৰে যদিও গড়ে এটা পেডাত প্ৰায় ৪০ৰ পৰা ৯০ কেলৰি থকাটো সম্ভৱ।১০১১ ইয়াত যথেষ্ট পৰিমাণৰ প্ৰটিন, চৰ্বি, চুক্ৰ’জ আৰু লেক্ট’জ থাকে। ১২
শ্বেল্ফ লাইফ আৰু ষ্ট’ৰেজ
আন কম গাখীৰ ভিত্তিক মিঠাই যেনে ৰসগোল্লা বা কালাকান্দৰ (ফ্ৰীজত ৰখাৰ সময়ত ২ দিনতকৈ কম সময়ৰ বাবে) তুলনাত পেডাৰ শ্বেল্ফ-লাইফ বেছি। ১৩ ইয়াৰ কাৰণ হ’ল ইয়াত থকা চেনিৰ উচ্চ ওঅৰিমাণ আৰু কম আৰ্দ্ৰতা। সাধাৰণতে শীতলিকৰণ যন্ত্ৰত নৰখাকৈ ই ৩ দিন ভালে থাকে। ১৪
তথ্যসূত্ৰ
- ↑ Platts, John T. (John Thompson). (1884). A Dictionary of Urdu, Classical Hindi, and English. dsal.uchicago.edu
- ↑ wisdomlib.org. (2021-05-24). The group of Cooked foods (Kritanna) (Chapter 27k). www.wisdomlib.org
- ↑ www.wisdomlib.org. (2014-08-03). Pindaka, Piṇḍaka, Piṇḍakā, Pimdaka: 16 definitions. wisdomlib.org
- ↑ MD(Ayu), Dr J. V. Hebbar. (2017-08-31). Milk Peda (Doodh Pedha) Recipe, Benefits As Per Ayurveda. Easy Ayurveda
- ↑ (1959). Journal of the Oriental Institute, M.S. University of Barida, Baroda. Oriental Institute, Maharajah Sayajirao University
- ↑ Sanjeev Kapoor. Mithai. Popular. ISBN 9788179917121
- ↑ (13 May 2008). Pedas, anyone?. Deccan Herald
- ↑ Ashwin Rajagopalan (26 January 2016). Dharwad Peda: A Regional favourite From Karnataka's sweet repertoire, NDTV
- ↑ 13 products have potential for GI registration
- ↑ Nutrition peda. www.nutritionix.com
- ↑ (2013-11-03). Healthy Indian Sweets · Healthy Living. IndiaTimes
- ↑ Londhe; Pal, Dharam; Narender Raju, P. (2012-06-01). Effect of packaging techniques on shelf life of brown peda, a milk-based confection. LWT - Food Science and Technology. পৃ. 117–125
- ↑ (2020-09-28). Now 'best before' dates for all of your favourite sweets. Business Today
- ↑ Yadav, Ramesh. EFFECT OF ANTIOXIDANTS AND PRESERVATIVE ON KEEPING QUALITY OF PEDA STORED AT SUB-ZERO TEMPERATURE
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেড়া” প্ৰবন্ধৰ সংশোধন ৬০৯০৭৩ (২৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।