ভেগানবাদ (Veganism) হৈছে পশুজাত সামগ্ৰীৰ ব্যৱহাৰ আৰু পশুৰ উৎসৰ খাদ্য গ্ৰহণৰ পৰা বিৰত থকাৰ প্ৰথা আৰু ইয়াৰ লগত জড়িত দৰ্শন যিয়ে জীৱ-জন্তুৰ পণ্যৰ মৰ্যাদাক নাকচ কৰে। ভেগানিজম চৰ্চা কৰা ব্যক্তিক পৰ্ণাশনী (Vegan) হিচাপে জনা যায়। নৈতিক পৰ্ণাশনীয়ে সকলো ধৰণৰ পশুজাত সামগ্ৰী বা পশু জড়িত হৈ থকা কৰ্মৰ ব্যৱহাৰ বাদ দিয়ে, সেয়া কৃষিৰ বাবে শ্ৰম বা খাদ্যৰ বাবে (যেনে-মাংস, মাছ আৰু অন্যান্য পশুৰ সাগৰীয় খাদ্য, কণী, মৌ, আৰু দুগ্ধজাত সামগ্ৰী যেনে-গাখীৰ বা পনীৰ), কাপোৰ আৰু উদ্যোগত (যেনে-চামৰা, উল, নোম, আৰু কিছুমান প্ৰসাধন সামগ্ৰী), মনোৰঞ্জনত (যেনে-চিৰিয়াখানা, বিদেশী পোহনীয়া জন্তু, আৰু চাৰ্কাচ), বা সেৱাসমূহ (যেনে, মাউণ্টেড পুলিচ, কাম কৰা জীৱ-জন্তু, আৰু পশু পৰীক্ষা)। পৰিৱেশ, স্বাস্থ্য বা ধৰ্মৰ বাবে উপকাৰৰ বাবে নিৰামিষ খাদ্য অনুসৰণ কৰা লোকসকলকো নিয়মিতভাৱে পৰ্ণাশনী বুলি কোৱা হয়, বিশেষকৈ অ-পৰ্ণাশনীসকলে।
১৯৪৪ চনত ড'নাল্ড আৰু ড'ৰথী ৱাটছনে "ভেগানিজম" শব্দটোৰ উদ্ভাৱন কৰিছিল। লক্ষ্য আছিল ইয়াক নিৰামিষভোজীৰ পৰা পৃথক কৰা, যিয়ে মাংস খোৱাক নাকচ কৰে কিন্তু পশুজাতীয় অন্যান্য সামগ্ৰী, যেনে-গাখীৰ, দুগ্ধজাত সামগ্ৰী, কণী আৰু অন্যান্য "শোষণৰ সৈতে জড়িত ব্যৱহাৰ"ৰ ব্যৱহাৰ গ্ৰহণ কৰে। ২০১০ চনৰ পৰা ভেগানিজমৰ প্ৰতি আগ্ৰহ যথেষ্ট বৃদ্ধি পায়।.
ঐতিহাসিক প্ৰেক্ষাপট
নিৰামিষভোজৰ সূচনা খ্ৰীষ্টপূৰ্ব ৩৩০০–১৩০০ চনত ভাৰতীয় উপমহাদেশৰ সিন্ধু উপত্যকাৰ সভ্যতাৰ পৰাই পোৱা যায়,১২৩ বিশেষকৈ উত্তৰ আৰু পশ্চিম প্ৰাচীন ভাৰতত।৪ প্ৰাথমিক নিৰামিষভোজীসকলৰ ভিতৰত ভাৰতীয় দাৰ্শনিক যেনে পৰ্বনাথ, মহাবীৰ, আচাৰ্য কুণ্ডকুণ্ড, উমাস্বতী, সমন্তভদ্ৰ, আৰু বল্লুবৰৰ লগতে ভাৰতীয় সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্য আৰু অশোক আদিও আছিল।৫ "পৰ্ণাশনী" শব্দটোৰ পূৰ্বৰ কিন্তু নিৰামিষভোজীৰ বিপৰীতে স্পষ্টভাৱে ভেগানসকলৰ ভিতৰত আল-মা'আৰী আৰু লুইছ গম্পাৰ্টজ আদি অন্তৰ্ভুক্ত।৬প্ৰাথমিক পৰিচিত ভেগানসকলৰ ভিতৰত এজন আছিল আৰব কবি আল-মা'আৰী, যি তেওঁৰ কবিতা "আই ন' লংগাৰ ষ্টিল ফ্ৰম নেচাৰ"ৰ বাবে বিখ্যাত।৭তেওঁলোকৰ যুক্তি আছিল স্বাস্থ্য, আত্মাৰ স্থানান্তৰ, পশুৰ কল্যাণ আৰু এই মতবাদৰ ওপৰত ভিত্তি কৰি (যিটো পৰ্ফাইৰীয়ে ‘ডি এবষ্টিনেন্সিয়া এব ইছু এনিমেলিয়াম’ত সমৰ্থন কৰিছিল) যে যদি মানুহে ন্যায়ৰ যোগ্য, তেন্তে জীৱ-জন্তুও ন্যায়ৰ যোগ্য।৮
তথ্যসূত্ৰ
- ↑ Bajpai, Shiva. (2011). The History of India – From Ancient to Modern Times. Himalayan Academy Publications. ISBN 978-1-934145-38-8
- ↑ Spencer, Colin. (1996). The Heretic's Feast: A History of Vegetarianism. Fourth Estate Classic House. পৃ. 33–68, 69–84. ISBN 978-0-87451-760-6
- ↑ Tähtinen, Unto. (1976). Ahiṃsā: Non-violence in Indian tradition. Rider. ISBN 978-0-09-123340-2
- ↑ Singh, Upinder. (2008). A History of Ancient and Early medieval India: from the Stone Age to the 12th century. Pearson Education. পৃ. 137. ISBN 978-81-317-1120-0
- ↑ For Valluvar, see Kamil Zvelebil, The Smile of Murugan: On Tamil Literature of South India, E. J. Brill, 1973, pp. 156–171.P. S. Sundaram, Tiruvalluvar Kural, Penguin, 1990, p. 13. A. A. Manavalan, Essays and Tributes on Tirukkural (1886–1986 AD) (1 ed.). Chennai: International Institute of Tamil Studies, 2009, pp. 127–129
- ↑ Wolf, Lucien; Marsden, Ben. (2004). Gompertz, Lewis (1783/4–1861), animal rights campaigner and inventor
- ↑ Margoliouth, D. S. (15 March 2011). Art. XI.—Abu'l-'Alā al- Ma'arrī's Correspondence on Vegetarianism. Journal of the Royal Asiatic Society of Great Britain & Ireland. পৃ. 289–332
- ↑ Dombrowski, Daniel A. (January 1984). Vegetarianism and the Argument from Marginal Cases in Porphyry. Journal of the History of Ideas. পৃ. 141–143 Daniel A. Dombrowski, The Philosophy of Vegetarianism, University of Massachusetts Press, 1984, 2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেগানবাদ” প্ৰবন্ধৰ সংশোধন ৬৩১৬৪৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।