বাটাৰ চিকেন ( Butter chicken) হৈছে দিল্লীৰ উৎপত্তিস্থল ভাৰতীয় খাদ্য। মছলাযুক্ত বিলাহীআৰু মাখন (বাটাৰ) চাটনিৰ সৈতে কুকুৰাৰ পৰা তৈয়াৰী এক প্ৰকাৰৰ তৰকাৰী। ইয়াৰ চচ ইয়াৰ চহকী টেক্সচাৰৰ বাবে জনাজাত। ই চিকেন টিক্কা মছলাৰ দৰেই, য'ত বিলাহীৰ পেষ্ট ব্যৱহাৰ কৰা হয়।১
ইতিহাস
ভাৰত বিভাজনৰ পিছত ১৯৫০ চনত২ পুৰণি দিল্লীৰ দৰয়াগঞ্জ অঞ্চলৰ মতি মহল ৰেষ্টুৰেণ্টত কুন্দন লাল জাগী আৰু কুন্দন লাল গুজৰালে৩ যি দুয়োজনেই ব্ৰিটিছ ভাৰতৰ উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ পেছাৱাৰৰ পৰা পাঞ্জাবী শৰণাৰ্থী আছিল।৪৫ এই তৰকাৰীটো "আকস্মিকভাৱে" বিলাহীৰ চচত বাকী থকা তণ্ডুৰী কুকুৰা মিহলাই তৈয়াৰ কৰা হৈছিল, যিটো মাখন (বাটাৰ)যুক্ত।৬
১৯৭৫ চনত ইংৰাজী বাক্যাংশ "বাটাৰ চিকেন" তৰকাৰী প্ৰথমবাৰৰ বাবে ছপা ৰূপত প্ৰকাশ পায়, মানহাটানৰ গেলৰ্ড ইণ্ডিয়ান ৰেষ্টুৰেণ্টৰ ঘৰটোৰ বিশেষত্ব হিচাপে।৭ টৰণ্টো আৰু কেৰিবিয়ানত ইয়াক পিজ্জা, পৌটিন,ৰেপ, ৰুটি বা ৰোলত ভৰোৱা হিচাপে পোৱা যায়,৮ আনহাতে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত ইয়াক পাই ভৰোৱা হিচাপেও খোৱা হয়।৯১০১১১২ ভাৰত, বাংলাদেশ, পাকিস্তান আৰু আন বহু দেশত এই তৰকাৰী সাধাৰণতে দেখা যায় য'ত দক্ষিণ এছিয়াৰ প্ৰব্ৰজনকাৰী লোক উপস্থিত থাকে।১৩১৪৮১৫১৬ ভাৰতৰ বাহিৰত ইয়াৰ জনপ্ৰিয়তাৰ বাবে ইয়াক কেতিয়াবা ভুলকৈ পশ্চিমীয়া মূলৰ বুলি ধৰা হয় (যেনে চিকেন টিক্কা মছলা, যাৰ সৈতে ইয়াক কেতিয়াবা বিভ্ৰান্ত কৰা হয়)।১৭
প্ৰস্তুতি
নেমুৰ ৰস, দৈ, কাশ্মীৰী ৰঙা জলকীয়া, নিমখ, গৰম মছলা, আদাৰ পেষ্ট, আৰু হালধিৰ পেষ্টৰ মিশ্ৰণত কেইবা ঘণ্টা ধৰি কুকুৰা মেৰিনেট কৰা হয়।
মেৰিনেট কৰা কুকুৰাটো তণ্ডুৰ (পৰম্পৰাগত মাটিৰ অভেন)ত সিজোৱা হয়, কিন্তু গ্ৰীল, অভেনত ৰোষ্ট বা কেৰাহীত ভাজিও কৰিব পাৰি। ইয়াক মৃদু তৰকাৰী চচত পৰিবেশন কৰা হয় য’ত মাখন থাকে। টমেটো, হালধি আৰু আদা ভিত্তিক চাটনি যিটো মসৃণ হৈ বেছিভাগ পানী বাষ্পীভৱন হোৱালৈকে জুইত ৰাখিব লাগে। তাৰ পিছত চালনীৰে চেকি মসৃণ কৰি লোৱা হয়। মছলাৰ ভিতৰত ইলাচি, জিৰা, লৱণ, ডালচেনি, ধনীয়া, ক’লা জলকীয়া, গৰম মছলা, আৰু মেথি (পাঞ্জাবী/হিন্দী: কাছুৰী মেথি) আদি হ’ব পাৰে। কাজু পেষ্ট ঘনকৰণ হিচাপে ব্যৱহাৰ কৰিব পাৰি আৰু শেষত ধনীয়াৰে সজাই লোৱা হয়।
তথ্যসূত্ৰ
- ↑ Irwin, Heather. (September 2019). A Butter Chicken Vs. Tikka Masala Showdown at Cumin in Santa Rosa. Sonoma Magazine. SMI Media
- ↑ (11 April 2019). Butter chicken: A brief history
- ↑ (21 August 2021). Kundan Lal Gujral: Father of butter chicken. India Today
- ↑ (14 August 2017). 'Vadiya Khao': Refugees taught Delhi how to eat out in style. Hindustan Times
- ↑ (11 October 2017). ICC 2017 by IFCA – Showcasing the culinary spirit of IndiaKundan. Hospitality Biz India
- ↑ (14 August 2004). What If Kundan Lal Hadn't Hit Upon Butter Chicken?. Outlook India
- ↑ Shelhart, John D.; Cobleigh, Ira U.; Bacon, Norman. (1975). Manhattan Menus
- ↑ Liu, Karon. (13 August 2019). How butter chicken roti became a Toronto classic. The Toronto Star
- ↑ Saurine, Angela. (26 May 2015). The best pies in Sydney and regional NSW revealed. The Daily Telegraph
- ↑ Broadfield, Rob. (18 November 2017). Rob Broadfield: Taste testing Mrs Mac's new Perth Stadium range of pies. The West Australian
- ↑ (28 September 2018). New vegan pie awards and the changing taste of a Kiwi classic. New Zealand Herald
- ↑ (2022-09-13). Kiwi as, bro! The NZ food mashups that would disgust (or surprise) the world. New Zealand Herald
- ↑ Celjo, Farah; Hegarty, Siobhan. (22 August 2018). India's most popular curry: Butter chicken. SBS
- ↑ (30 May 2017). How Did Butter Chicken Become Synonymous With Delhi?. HuffPost India
- ↑ Wilson, Laurie. (11 August 2018). What Is the Difference Between Authentic and American Indian Food?. Chowhound
- ↑ Anand, Anjum. (21 April 2010). Sweet and murky: the British curry. The Guardian
- ↑ Reinfrank, Alkira. (26 May 2020). What is butter chicken? Isn't it curry?. South China Morning Post
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাটাৰ চিকেন” প্ৰবন্ধৰ সংশোধন ৬৩২৭৯৫ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।