অনিতা আৰনচ্ ( Anita Aarons; ৬ নৱেম্বৰ ১৯১২ – ৩ জানুৱাৰী ২০০০) আছিল এগৰাকী অষ্ট্ৰেলিয়ান-কানাডিয়ান ভাস্কৰ্য শিল্পী।
জীৱন
ছিডনীত জন্মগ্ৰহণ কৰা এৰনচে নিউয়ৰ্ক চহৰলৈ যোৱাৰ আগতে ইষ্ট চিডনী টেকনিকেল কলেজ১ আৰু ছিডনীৰ নেচনেল আৰ্ট স্কুলত অধ্যয়ন কৰিছিল আৰু ১৯৬৪ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু অষ্ট্ৰেলিয়াৰ স্থানসমূহত কৰ্ম প্ৰদৰ্শন কৰিছিল। তেওঁ কেইবাখনো প্ৰতিষ্ঠানত ভাস্কৰ্য্য আৰু শিল্পকলাৰ শিক্ষা দিছিল, আৰু ভাস্কৰ্য শিল্পী হিচাপে কাম কৰাৰ উপৰিও ষ্টেইনড গ্লাছৰ খিৰিকী, আচবাব, গহনা আদি ডিজাইন কৰিছিল। তেওঁৰ কামৰ উদাহৰণ অন্তৰ্ভুক্ত কৰা সংগ্ৰহসমূহৰ ভিতৰত চাৰ্লটটাউন নেচনেল ক্ৰাফ্ট কলেকচন আৰু টৰণ্টোৰ কানাডিয়ান ক্ৰাফ্টমেন গিল্ডৰ নেচনেল কলেকচন আদি অন্তৰ্ভুক্ত।২
১৯৫১ চনৰ ২৫ জুনত এৰনচক চিটি অৱ ছিডনীৰ স্বাস্থ্য আৰু বিনোদন সমিতিৰ এখন সভাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হয় আৰু ফিলিপ পাৰ্কৰ শিশু খেলপথাৰত ভাস্কৰ্যৰ এটা স্থাপনৰ বাবে তেওঁৰ দাখিল কৰা বিষয়টোৰ ওপৰত আলোচনা কৰা হয়। ১৯৫১ চনৰ ২ অক্টোবৰত পৰিষদে এই দাখিলৰ অনুমোদন জনায়। ১ ৯৫২ চনৰ ২ এপ্ৰিলত এই ভাস্কৰ্যটো আঁতৰাই পেলোৱা হয়।১
১৯৬৫ চনত তেওঁ ৰয়েল আৰ্কিটেকচাৰেল ইনষ্টিটিউট অৱ কানাডাৰ জাৰ্নেল আৰ এ আই চিৰ সমালোচক হয় আৰু স্থাপত্যত শিল্পৰ ভূমিকা সম্পৰ্কে "এলাইড আৰ্টছ" শীৰ্ষক এটা স্তম্ভ লিখে।৩
১৯৮৩ চনত কানাডাৰ কলা সন্মিলনৰ পৰা ডিপ্লমা ডি অনাৰ বঁটা লাভ কৰে।৪
জীৱনৰ শেষৰ ফালে এৰনছ অষ্ট্ৰেলিয়ালৈ উভতি যায় আৰু ব্ৰিজবেনত বসতি স্থাপন কৰে আৰু ২০০০ চনৰ ৩ জানুৱাৰীত তেওঁৰ মৃত্যু হয়।৪৫
অণ্টাৰিঅ’ৰ বিশেষ সংগ্ৰহৰ আৰ্ট গেলেৰীত ১৯৭০ আৰু ১৯৮০ চনত সক্ৰিয় কানাডাৰ শিল্পৰ ব্যক্তিত্ব বা বিশ্বৰ ব্যক্তিসকলৰ সাক্ষাৎকাৰ লোৱা অনিতা এৰনছৰ ষোল্লটা অডিঅ’ ৰেকৰ্ডিঙৰ সৰু সংকলন আছে। ইয়াৰ ভিতৰত ৰন ব্ল'ৰ, গ্ৰেহাম ক'ট্ৰি, ড'ৰথী কেমেৰন, গুইডো মলিনাৰী, ইভ গ'চাৰ, টেড বিলাৰ, গৰ্ডন ৰেনাৰ আৰু জেক পলক আদি অন্যতম।৬
এৰনছৰ ৰচনাও আছে, "ইয়াৰ অৱ দ্য মুন" যিটো এন এছ ডব্লিউৰ আৰ্ট গেলেৰীয়েও অনুষ্ঠিত কৰে।৭
তথ্যসূত্ৰ
- ↑ Play Sculpture. City of Sydney
- ↑ Jules Heller; Nancy G. Heller. (19 December 2013). North American Women Artists of the Twentieth Century: A Biographical Dictionary. Routledge. ISBN 978-1-135-63882-5
- ↑ Alfoldy, Sandra. (2012). The allied arts: architecture and craft in postwar Canada. McGill-Queen's University Press. পৃ. 21. ISBN 9780773539600
- ↑ (9 March 2022). Anita Aarons. Design and Art Australia Online
- ↑ Anita Aarons. Australian Prints and Printmaking. Centre for Australian Art
- ↑ Anita Aarons collection. Art Gallery of Ontario
- ↑ Year of the Moon, 1969 by Anita Aarons. Art Gallery of NSW
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিতা আৰণচ্” প্ৰবন্ধৰ সংশোধন ৪৯৩৮২৮ (১৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।