অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডনা ষ্ট্ৰিকলেণ্ড

ডনা থিয় ষ্ট্ৰিকলেণ্ড (জন্ম: ২৭ মে', ১৯৫৯) এগৰাকী কানাডিয়ান পদাৰ্থবিদ। লেজাৰ বিষয়ে গৱেষণা কৰি তেওঁ লেজাৰৰ উন্নতি সাধন কৰাৰ বাবে তেওঁ বিখ্যাত। পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী মহিলা।

হালনাগাদ: ১৫ মে’ ২০২৫ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ডনা থিয় ষ্ট্ৰিকলেণ্ড (জন্ম: ২৭ মে', ১৯৫৯) এগৰাকী কানাডিয়ান পদাৰ্থবিদ। লেজাৰ বিষয়ে গৱেষণা কৰি তেওঁ লেজাৰৰ উন্নতি সাধন কৰাৰ বাবে তেওঁ বিখ্যাত।১ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী মহিলা। ২০১৮ চনত তেওঁ আৰু তেওঁৰ পিএইচডি উপদেষ্টা জেৰাৰ্ড মৌৰোৰ লগত আৰু আৰ্থাৰ অস্কিনৰ সৈতে যুটীয়ভাৱে তেওঁলোকৰ লেজাৰ বিষয়ক গৱেষণাৰ বাবে পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে। বৰ্তমান তেওঁ ৱাৰ্টালু বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক হিচাপে নিয়োজিত হৈ আছে।

প্ৰাৰম্ভিক জীৱন

১৯৫৯ চনৰ ২৭ মে তাৰিখে কানাডাৰ অন্তৰিঅ'ৰ গুইল্ফত ডনা ষ্ট্ৰিকলেণ্ডৰ জন্ম হয়।২ তেওঁ ১৯৮১ চনত মেকমাষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক পদাৰ্থ বিজ্ঞান বিষয়ত অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ ৰচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা পোহৰ বিজ্ঞান বিভাগত ১৯৮৯ চনত পিএইচডি ডিগ্ৰী লাভ কৰে।৩৪ তেওঁৰ ডক্টৰেল থেছিছৰ শিৰোনাম আছিল "অতি উজ্জ্বল লেজাৰৰ উন্নয়ন আৰু বহু ফটন আয়নিকৰণত ইয়াৰ ব্যৱহাৰ" আৰু ইয়াৰ উপদেষ্টা আছিল জেৰাৰ্ড মৌৰো।২ তেওঁলোকৰ যুটীয়ে চিৰপেদ পালছ্ এম্পলিফিকেচন উদ্ভাৱন কৰে।৫

বঁটা আৰু সন্মান

২০১১ তেওঁ চনত অপ্টিকেল ছচাইটিৰ উপাধ্যক্ষ আৰু ২০১৩ চনত অধ্যক্ষ আছিল। তেওঁ লগতে ২০০৪ চনৰ পৰা ২০১০ চনলৈ অপ্টিকেল লেটাৰ নামৰ জাৰ্নেল এখনৰ সম্পাদিকা আছিল।৬

১৯৯৯ চনত তেওঁ অন্তৰিঅ'ৰ বিখ্যাত ৰিচাৰ্ছ এক্সচেলেন্স বঁটা লাভ কৰে। তেওঁৰ গৱেষণা আৰু নেতৃত্বৰ বাবে ২০০০ চনত কত্ৰেল স্কলাৰ বঁটা লাভ কৰে। ২০০৮ চনত তেওঁ আমেৰিকাৰ অপ্টিকেল ছচাইটিৰ ফেল' নিৰ্বাচিত হয়।৫

  • ১৯৯৮ – শ্লোন গৱেষণা ফেল'শ্বিপ৭
  • ১৯৯৯ – প্ৰিমীয়াৰ্ছ ৰিচাৰ্ছ এক্সচেলেন্স বঁটা৩
  • ২০০০ – কত্ৰেল স্কলাৰ বঁটা৮
  • ২০০৮ – অপ্টিকেল ছচাইটি অফ আমেৰিকাৰ ফেল'৩
  • ২০১৮ – জেৰাৰ্ড মৌৰো আৰু আৰ্থাৰ অস্কিনৰ সৈতে যুটীয়াভাৱে পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (5 April 2012). Donna Strickland - Physics and Astronomy
  2. ↑ Strickland, Donna T. (1988). Development of an ultra-bright laser and an application to multi-photon ionization. Laboratory for Laser Energetics. University of Rochester
  3. ↑ Biographies -Donna T. Strickland. The Optical Society
  4. ↑ (11 September 2012). Donna Strickland. Education Program for Photonics Professionals. University of Waterloo
  5. ↑ Murphy, Jessica. (2 October 2018). Donna Strickland: The 'laser jock' Nobel prize winner. BBC News
  6. ↑ Arthur Ashkin, Gérard Mourou, and Donna Strickland Awarded 2018 Nobel Prize in Physics. osa.org. The Optical Society
  7. ↑ Past Sloan Fellows. sloan.org. Alfred P. Sloan Foundation
  8. ↑ Cottrell Scholars. rescorp.org. Research Corporation For Science Advancement
  9. ↑ Arthur Ashkin, Gérard Mourou and Donna Strickland win the Nobel Prize for Physics. Physics World

সম্পৰ্কিত শ্ৰেণী

পদাৰ্থ বিজ্ঞানীকানাডাৰ ব্যক্তিপদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডনা ষ্ট্ৰিকলেণ্ড” প্ৰবন্ধৰ সংশোধন ৫০৮৮১৪ (১৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।