নেলী লেটিচিয়া মেকক্লুং ( ইংৰাজী: Nellie Letitia McClung; জন্ম: ২০ অক্টোবৰ ১৮৭৩ – ১ ছেপ্টেম্বৰ ১৯৫১) আছিল এগৰাকী কানাডাৰ লেখিকা, ৰাজনীতিবিদ আৰু সমাজ কৰ্মী, যাক কানাডাৰ অন্যতম বিশিষ্ট ভোটাধিকাৰী হিচাপে গণ্য কৰা হয়। ১৯০৮ চনত ' ছয়িং ছিডছ ইন ডেনি' নামৰ কিতাপখনৰ জৰিয়তে লিখাৰ কাম আৰম্ভ কৰে আৰু অৱশেষত দুখন আত্মজীৱনীকে ধৰি ষোল্লখন কিতাপ প্ৰকাশ কৰে। কানাডাৰ মহিলা ভোটাধিকাৰ আন্দোলনত তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল, ১৯১৬ চনত আলবাৰ্টা আৰু মেনিটোবাত মহিলাসকলক ভোটদান কৰাত সহায় কৰিছিল।১৯২১ চনত মেকক্লুঙে আলবাৰ্টাৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু ১৯২৬ চনলৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।১
বিখ্যাত পাঁচজনৰ সদস্য হিচাপে তেওঁ আছিল পাঁচগৰাকী মহিলাৰ ভিতৰত এগৰাকী যিয়ে মহিলাসকলৰ কানাডাৰ চেনেটত কাৰ্যনিৰ্বাহ কৰাৰ অধিকাৰৰ বাবে প্ৰথমে কানাডাৰ উচ্চতম ন্যায়ালয়লৈ, আৰু তাৰ পিছত প্ৰাইভি কাউন্সিলৰ ন্যায়িক সমিতিলৈ লৈ গৈছিল। ১৯৩৬ চনত কানাডাৰ ব্ৰডকাষ্টিং কৰ্পৰেশ্যনৰ ব’ৰ্ডত নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা আছিল মেকক্লুং। ১৯৩৮ চনত ছুইজাৰলেণ্ডৰ জেনেভাত লীগ অৱ নেচনছৰ প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
প্ৰাথমিক জীৱন



১৮৭৩ চনৰ ২০ অক্টোবৰত জন আৰু লেটিচিয়া মুনী (ন্নি মেককাৰ্ডি)ৰ ছয় সন্তানৰ ভিতৰত কনিষ্ঠ মেকক্লুঙৰ অন্টাৰিঅ'ৰ চেটছৱৰ্থত জন্ম হয়।২ তাইৰ দেউতাকে চেটছৱৰ্থত ৬০ হেক্টৰ (১৫০ একৰ) মাটি আছিল যদিও মাটিৰ মানদণ্ড ভাল নাছিল আৰু পৰিয়ালটোৱে জীৱন নিৰ্বাহৰ বাবে সংগ্ৰাম কৰিছিল। ১৮৮০ চনত যেতিয়া নেলীৰ বয়স সাত বছৰ আছিল, তেতিয়া তেওঁলোক ৱিনিপেগৰ পৰা দুশ কিলোমিটাৰ পশ্চিমে অৱস্থিত ছৌৰিছ নদীৰ উপত্যকালৈ গুচি যায়।৩ নেলীয়ে ষোল্ল বছৰ বয়সত মেনিটোবা নৰ্মেল স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। শিক্ষকতাৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ পিছত তেওঁ মেনিটোবাৰ হেজেলত শিক্ষকতাৰ পদ লাভ কৰে আৰু মাহে ৪০ ডলাৰ দৰমহা পায়।৪ হেজেলত আঠাইশ মাহ শিক্ষকতা কৰাৰ পিছত তেওঁ মানিটৌলৈ গুচি যায়।৫
মানিটৌত শিক্ষকতা কৰি থাকোঁতে তেওঁ মেকক্লুং পৰিয়ালৰ সৈতে বৰ্ডত উঠিছিল। ভোটাধিকাৰী তথা মহিলা খ্ৰীষ্টান টেম্পৰেন্স ইউনিয়নৰ প্ৰাদেশিক সভানেত্ৰী মিচেছ এনি য়ে মেকক্লুঙক মোহিত কৰিছিল। নেলী মেকক্লুঙে কয় যে মিচেছ এনিয়ে তেওঁৰ লগ পোৱা একমাত্ৰ মহিলা যিগৰাকীক তেওঁ শাহুৱেক হিচাপে বিচাৰিব।৬ ১৮৯৬ চনৰ আগষ্ট মাহত নেলীয়ে মিচেছ এনি মেকক্লুঙৰ পুত্ৰ ৰবাৰ্ট ৱেছলীক বিয়া কৰায়।১৮৯৭ চনৰ পৰা ১৯১১ চনৰ ভিতৰত তেওঁলোকৰ পাঁচটা সন্তান জন্ম হয়।৭ ডব্লিউ চি টি ইউ, মেথডিষ্ট লেডিজ এইড, এপৱৰ্থ লীগ আৰু হোম ইকনমিক্স এছ'চিয়েচনকে ধৰি বহুতো স্থানীয় সংগঠনৰ সৈতে জড়িত আছিল।৮
জীৱিকা
১৯০৫ চনৰ পৰা ৱেছলীয়ে নিজৰ ফাৰ্মাচী ব্যৱসায় বিক্ৰী কৰাৰ পিছত মেকক্লুং পৰিয়ালে আৰ্থিক অসুবিধাৰ সন্মুখীন হয়।৯ তেওঁলোকৰ আয়ৰ পৰিপূৰক হিচাপে সহায় কৰিবলৈ নেলীয়ে দৰমহা পোৱা লেখাৰ কাম বিচাৰিছিল, আলোচনীৰ বাবে চুটিগল্প লিখিছিল।১০ ১৯০৮ চনত তেওঁৰ প্ৰথম উপন্যাস 'ছয়িং ছিডছ ইন ডেনি' প্ৰকাশ কৰে।কানাডা আৰু আমেৰিকাত ১ লাখ কপি বিক্ৰী হোৱাৰ লগতে মেকক্লুঙে ২৫,০০০ ডলাৰ (২০২১ চনত ৬৪২,০২৫ ডলাৰ) উপাৰ্জন কৰি বেষ্টচেলাৰ হৈ পৰে।১১ তেওঁৰ গ্ৰন্থখনৰ সফলতাৰ লগে লগে মেকক্লুঙক সমগ্ৰ মেনিটোবা আৰু ছাস্কাচেৱানৰ অনুষ্ঠানত ভাষণ দিবলৈ আমন্ত্ৰণ জনোৱা হয়, যাৰ ফলত তেওঁৰ ৰাজহুৱা বক্তা হিচাপে কেৰিয়াৰ আৰম্ভ হয়।১২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেলী মেকক্লুং” প্ৰবন্ধৰ সংশোধন ৫৭১০৮২ (২৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।