গণদেবতা হ'ল বঙালী ভাষাৰ অন্যতম কথাসাহিত্যিক তাৰাশঙ্কৰ বন্দ্যোপাধ্যায় ৰচিত এখন বিখ্যাত আৰু জনপ্ৰিয় উপন্যাস।১ ১৯৪২ খ্ৰীষ্টাব্দত প্ৰকাশিত মহাকাব্যিক পটভূমিৰ এই উপন্যাসখনৰ বিষয়বস্তু বিভাজনোত্তৰ ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থা আৰু স্বাধীনতা আন্দোলন তথা ঔদ্যোগীকৰণৰ পৰিপ্ৰেক্ষিতত গ্ৰাম্য সমাজৰ বিৱৰ্তন। বিংশ শতিকাৰ অন্যতম গুৰুত্বপূৰ্ণ বাংলা উপন্যাস হিচাপে বিবেচিত এই উপন্যাসখন বহু ভাষালৈ অনূদিত হৈছে।২ ১৯৬৬ খ্ৰীষ্টাব্দত এই উপন্যাসখনক ভাৰতৰ সৰ্বোচ্চ সাহিত্যিক সন্মান জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হয়।৩ ১৯৭৯ খ্ৰীষ্টাব্দত তৰুণ মজুমদাৰে এই উপন্যাসৰ কাহিনী অৱলম্বন কৰি গণদেবতা শিৰোনামেৰে এখন চলচ্চিত্ৰ নিৰ্মাণ কৰে।৪ উল্লেখ্য যে, ১৯৪৩ খ্ৰীষ্টাব্দত প্ৰকাশিত পঞ্চগ্ৰাম উপন্যাসখনক পৰৱৰ্তী সময়ত গণদেবতাৰ অবিচ্ছেদ্য অংশ হিচাপে বিবেচনা কৰা হয়।
কাহিনী
বিংশ শতিকাৰ সময়ছোৱাত বংগদেশৰ এখন গাঁও শিৱকালিপুৰত অনিৰুদ্ধ কৰ্মকাৰ একমাত্ৰ কমাৰ আৰু গিৰিশ সূত্ৰধৰ একমাত্ৰ কাঠমিস্ত্ৰী। তেওঁলোকে নিজৰ কামৰ বিনিময়ত উপযুক্ত পৰিমাণৰ ধান আৰু ধন নোপোৱাৰ বাবে ময়ূৰাক্ষী নদীৰ সিপাৰে থকা চহৰত নিজৰ খুচুৰা দোকান স্থাপন কৰে। ফলত গাঁওখনৰ উচ্চ, মধ্য আৰু নিম্ন শ্ৰেণীৰ লোকসকল তেওঁলোকৰ প্ৰতি অসন্তুষ্ট হৈ এখন সভা আহ্বান কৰে। সভাত অনিৰুদ্ধ কৰ্মকাৰে নিজৰ উদাহৰণ আৰু কাৰণ দাঙি ধৰি কয় যে তেওঁ গাঁওবাসীৰ কাম আৰু কৰি থাকিব নোৱাৰে। ইয়াৰ পিছত সামাজিক নিয়ন্ত্ৰণৰ প্ৰতিটো ব্যৱস্থাই অবাধ স্বেচ্ছাচাৰিতা, নিৰ্লজ্জ স্বাৰ্থপৰতা আৰু নিৰ্দয় দানৱীয় নিষ্ঠুৰতাৰ ক্ষেত্ৰলৈ পৰিণত হয়।
শিৱকালিপুৰ গাঁৱৰ ধনী, খঙাল আৰু নিষ্ঠুৰ প্ৰধান শ্ৰীহৰি পালে নিজকে অপমানিত অনুভৱ কৰে। তেওঁ অনিৰুদ্ধৰ দুই বিঘা আধাপকা ধান কাটি পেলায়। অনিৰুদ্ধৰ প্ৰতি সহানুভূতিশীল হৈ গাঁওখনৰ নিম্নবৰ্ণৰ লোকসকল—নাপিত, দোকানী, লুটিয়াল, মুচি আৰু ধোবী—সকলোৱে প্ৰতিবাদ কৰে। তেওঁলোকে ঘোষণা কৰে যে নগদ ধন নোপোৱাকৈ কোনেও কোনো কাম নকৰে।
শ্ৰীহৰিয়ে নিষ্ঠুৰ প্ৰতিশোধ লোৱাৰ লগতে সকলোকে নিজৰ প্ৰতি অনুগত কৰি ৰখাৰ উদ্দেশ্যে সমগ্ৰ হৰিজন গাঁৱখনত জুই লগাই দিয়ে। অনিৰুদ্ধ, কাঠমিস্ত্ৰী গিৰিশ, দেবু ঘোষ আৰু চিকিৎসক জগনক বাদ দি আন হৰিজন গাঁওবাসীসকলে শ্ৰীহৰিৰ ধানৰ ওপৰত নিৰ্ভৰ কৰি আৰু তেওঁৰ আশ্ৰয়ত জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হয়।
দেবনাথ ওৰফে দেবু ঘোষে চৰকাৰী জৰীপ বিভাগৰ কৰ্মচাৰী আমিনক মাৰপিট কৰাৰ লগতে চৰকাৰী জৰীপৰ কামত বাধা দিয়াৰ বাবে কাৰাবন্দী হ'বলগীয়া হয়। দেবু কাৰাগাৰলৈ যোৱাৰ পিছত যতীন নামৰ এজন যুৱক হঠাতে গাঁওখনত স্বদেশী আন্দোলনৰ সৈতে জড়িত হৈ পৰে আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হয়। হিন্দু সমাজ আৰু সমাজৰ প্ৰভাৱশালী লোকসকলৰ আধিপত্যত সমাজখনৰ অৱক্ষয় ঘটি থকা বুলি উপলব্ধি কৰি যতীনে চৰকাৰৰ বিৰুদ্ধে মাত মাতি নিজৰ জীৱন ৰক্ষা কৰে।
দেবু উভতি অহাৰ পিছত তেওঁ যতীনৰ সৈতে এখন সভা আৰু সমিতি গঠন কৰে। দৰিদ্ৰতা, দুৰ্দশা আৰু ৰোগে জুৰুলা কৰা শিৱকালিপুৰক উদ্ধাৰ কৰাৰ উদ্দেশ্যে তেওঁলোকে এটা সামাজিক আন্দোলন গঢ়ি তোলে। তেওঁলোকে সাধাৰণ মানুহৰ মাজত দেশপ্ৰেমৰ ভাব জগাই তুলিবলৈ চেষ্টা কৰে আৰু ব্ৰিটিছ শাসন উৎখাত কৰি দিঘী আৰু সৰোবৰ নিৰ্মাণ কৰা পূৰ্বপুৰুষসকলৰ পৰম্পৰা ৰক্ষা কৰিবলৈ প্ৰয়াস কৰে।
সমালোচনা
তাৰাশংকৰৰ গণদেবতা উপন্যাসখনক কালোত্তীৰ্ণ কৃতি হিচাপে বিবেচনা কৰা হয়। এজন সমালোচকে কৈছে, "গণদেবতা-পঞ্চগ্ৰাম উপন্যাসত দ্বাৰক চৌধুৰীৰ ট্ৰেজিক পৰিণতিত অথবা হিৰু পালৰ শ্ৰীহৰি ঘোষৰূপে অবিশ্বাস্য গোত্ৰান্তৰত তাৰাশংকৰে এই সত্যই প্ৰকাশ কৰিছে। সংগৃহীত অগাধ বিত্ত আৰু সেই সূত্ৰে অৰ্জিত অমিত প্ৰতাপেই বৰ্ণগত শ্ৰেণীভেদৰ মূৰত আঘাত হানিবলৈ ছিৰু পালক প্ৰৰোচিত কৰিছে। তাৰাশংকৰে বুজাব বিচাৰিছে অৱক্ষয়-উন্মুখ সমাজত যি নৱপ্ৰেৰণা ক্ৰমশঃ সঞ্চাৰিত হৈ আছে, তাৰ নিয়ামক অৰ্থ বা বিত্ত।"৫
অসমীয়া অনুবাদ
এই উপন্যাসখন অসমীয়ালৈ অনুবাদ কৰাৰ বাবে সুৰেণ তালুকদাৰে ২০১৫ চনত সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰে।
তথ্যসূত্ৰ
- ↑ Amaresh Datta: Encyclopaedia of Indian Literature, Sahitya Akademi, 1987
- ↑ Sisir Kumjar Das: History of Indian Literature - 1911-56, Sahitya Akademi, India
- ↑ Jnanpith Award Winners
- ↑ IMDb তথ্যতীৰ্থ
- ↑ কালোত্তীৰ্ণ শিল্পী তাৰাশংকৰ বন্দ্যোপাধ্যায়
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গণদেবতা” প্ৰবন্ধৰ সংশোধন ৬৩৮৪৯৮ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।