অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দ্য ছিক্ৰেট অফ দ্য নাগাজ

দ্য ছিক্ৰেট অফ দ্য নাগাজ (The Secret of the Nagas) ভাৰতীয় লেখক অমিষ ত্ৰিপাঠীয়ে লিখা শিৱ ত্ৰিলজীৰ দ্বিতীয়খন গ্ৰন্থ। প্ৰথমখন গ্ৰন্থ দ্য ইমৰ্টেলছ অফ মেলুহাত মেলুহা নামৰ কাল্পনিক ঠাইক কেন্দ্ৰ কৰি ত্ৰিলজীৰ কাহিনীভাগ আৰম্ভ হয়।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১,৮৬৪ শব্দ · ১০ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

দ্য ছিক্ৰেট অফ দ্য নাগাজ (The Secret of the Nagas) ভাৰতীয় লেখক অমিষ ত্ৰিপাঠীয়ে লিখা শিৱ ত্ৰিলজীৰ দ্বিতীয়খন গ্ৰন্থ। প্ৰথমখন গ্ৰন্থ দ্য ইমৰ্টেলছ অফ মেলুহাত মেলুহা নামৰ কাল্পনিক ঠাইক কেন্দ্ৰ কৰি ত্ৰিলজীৰ কাহিনীভাগ আৰম্ভ হয়। ইয়াত এখন যুদ্ধৰ সূচনা হয় য'ত শিৱৰ নেতৃত্বত সূৰ্যবংশী মেলুহাবাসীয়ে চন্দ্ৰবংশী স্বদ্বীপবাসীৰ পৰা উদ্ধাৰ পোৱা বুলি ধাৰণা কৰে। কিতাপখনৰ শেষ বিন্দুত শিৱই সতীক এজন নাগৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰে আৰু ইয়াৰপৰাই পৰৱৰ্তী গ্ৰন্থ দ্য ছিক্ৰেট অফ দ্য নাগাজৰ কাহিনীভাগ আৰম্ভ হয়।

ত্ৰিলজীৰ প্ৰথমখন গ্ৰন্থৰ মুক্তিৰ পিছতহে ত্ৰিপাঠীয়ে দ্বিতীয়খন লিখিবলৈ আৰম্ভ কৰে। তেওঁ কাহিনীটোত উল্লিখিত ঠাইসমূহৰ বিস্তাৰৰ বাবে ভূগোল আৰু ইতিহাসৰ ওপৰত থকা তেওঁৰ জ্ঞানৰ ওপৰতে নিৰ্ভৰ কৰিছিল। ২০১১ চনৰ ১২ আগষ্টত কিতাপখনে মুক্তিলাভ কৰে। ইয়াৰ প্ৰকাশক আছিল ৱেষ্টলেণ্ড প্ৰেছ। মুক্তিৰ আগেয়ে লেখকে কিতাপখনত কেইবাটাও চৰিত্ৰৰ আচল প্ৰকৃতিৰ লগতে বহু কথা উন্মোচন হোৱাৰ কথা প্ৰকাশ কৰে। মাল্টিপ্লেক্স ছবিঘৰসমূহত প্ৰদৰ্শনৰ বাবে দুটা 'থিয়েট্ৰিকেল ট্ৰেইলাৰ' নিৰ্মাণ কৰা হয়, কিয়নো ত্ৰিপাঠীয়ে বিশ্বাস কৰিছিল যে ছবিঘৰলৈ যোৱা দৰ্শকে কিতাপো পঢ়ে, আৰু ই অধিক প্ৰচাৰ লাভ কৰিব।

মুক্তিৰ আগতেই কিতাপখনৰ চাহিদা উচ্চমানৰ আছিল আৰু ৮০,০০০টা কপি আগতীয়াকৈ অৰ্ডাৰ দিয়া হৈছিল। পুনৰ্মুদ্ৰণ কৰাৰ আগেয়ে প্ৰথম মাহতে ৯৫,০০০ কপিৰ বিক্ৰিৰে ক্ষণিকতে কিতাপখনে বেষ্টচেলাৰ তালিকাৰ শীৰ্ষস্থান পায়। ২০১৩ চনৰ জানুৱাৰীত দ্য ইমৰ্টেলছ অফ মেলুহা আৰু দ্য ছিক্ৰেট অফ দ্য নাগাজে এক মিলিয়ন কপি ছপাৰ সীমা অতিক্ৰম কৰে। এই গ্ৰন্থ দুখনে প্ৰকাশৰ দুবছৰৰ ভিতৰতে মুঠ ২২ কোটিৰ বিক্ৰীৰে 'নীলচেন বুকস্কেন'ৰ বেষ্টচেলাৰ তালিকাৰ শীৰ্ষস্থান অব্যাহত ৰাখে। বাণিজ্যিকভাৱে সফল যদিও দ্য ছিক্ৰেট অফ দ্য নাগাজে সমালোচকসকলৰ মিশ্ৰিত সঁহাৰি লাভ কৰে। ইয়াৰ "আকৰ্ষণীয় ধাৰণা"টোৰ বাবে ই প্ৰশংসা লাভ কৰাৰ বিপৰীতে ত্ৰিপাঠীয়ে কৰা অ-সাহিত্যিক ভাষাৰ বাবে সমালোচনাৰ সন্মুখীন হয়।

কাহিনী সাৰাংশ

লগতে চাওক: দ্য ইমৰ্টেলছ অফ মেলুহা

দ্য ইমৰ্টেলছ অফ মেলুহাৰ সমাপ্তিৰ পৰাই দ্য ছিক্ৰেট অফ দ্য নাগাজৰ কাহিনীভাগ আৰম্ভ হয়। মেলুহাৰ চৰ্চিত ৰক্ষাকৰ্তা শিৱই তেওঁৰ বন্ধু বৃহস্পতিৰ হত্যাকাৰী এক নাগৰ হাতৰপৰা পত্নী সতীক ৰক্ষা কৰিবলৈ যায়। নাগজনে পলায়ন কৰে যদিও কিছুমান আচৰিত চিহ্নযুক্ত মুদ্ৰা এৰি যায়। সতীৰ পিতৃ দক্ষ আৰু অযোধ্যাৰ ৰজা দিলীপৰ সৈতে আলোচনা কৰি শিৱই জানিব পাৰে যে এই মুদ্ৰা পূৰ্ব ভাৰতৰ ব্ৰঙ্গৰ শাসনকৰ্তা চন্দ্ৰকেতুৰ। নাগসকলৰ বিশয়ে অধিক জানিবলৈ শিৱ আৰু সতী কাশীলৈ ৰাওনা হয় য'ত ব্ৰঙ্গদেশৰ কিছুসংখ্যক লোকে বাস কৰে। তেওঁলোকৰ যাত্ৰাত পৰ্বতেশ্বৰ, নন্দী, বীৰভদ্ৰ, আয়ুৰ্ৱতী, অযোধ্যাৰ ৰাজকুমাৰ আৰু ৰাজকুমাৰী ক্ৰমে ভাগীৰথ আৰু আনন্দময়ীয়েও লগ দিয়ে। কাশীত ব্ৰঙ্গৰ লোকসকলৰ বিৰুদ্ধে হোৱা হিংসাত্মক ঘটনাৰ উপশম কৰিবলৈ যাওঁতে পৰ্বতেশ্বৰ গুৰুতৰভাৱে আহত হয়। ব্ৰঙ্গ দলপতি দিবদাসে দিয়া এক ঔষধৰ সহায়ত তেওঁ সুস্থ হৈ উঠে কিন্তু আয়ুৰ্ৱতীৰপৰা শিৱই জানিব পাৰে যে এই ঔষধত ব্যৱহৃত ঔষধি উদ্ভিদ কেৱল নাগ ৰাজধানী পঞ্চৱতীতহে পোৱা যায়। দিবদাসৰ সৈতে আলোচনা কৰি শিৱই জানিব পাৰে যে ব্ৰঙ্গ এক সংক্ৰামক মহামাৰীৰদ্বাৰা আক্ৰান্ত যাৰ ঔষধৰ বাবে তেওঁলোকে নাগসকলৰ সৈতে মিত্ৰতা কৰিবলৈ বাধ্য হৈছে। শিৱই ব্ৰঙ্গলৈ যাবলৈ সিদ্ধান্ত লয় কিন্তু দিবদাসে কয় যে তালৈ যাবলৈ কিছুমান বিশেষ নৌকাৰ প্ৰয়োজন যাক নিৰ্মাণ কৰিবলৈ কমেও ছমাহ লাগিব।

নৌকাসমূহ সাজু হৈ উঠোঁতেই সতীয়ে কাৰ্ত্তিকৰ জন্ম দিয়ে। শিৱৰ ব্ৰঙ্গ অভিমুখী যাত্ৰা আৰম্ভ হয়। আনহাতে সতী কাশীতেই থাকি যায় য'ত তেওঁ এখন গাঁৱৰ গাঁওবাসীক নৰখাদক সিংহৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ ৰাওনা হয়। সৈন্যসহিত সিংহৰ এটা বিৰাট পালৰ হাতত নিপাত হ'বলৈ ধৰোঁতেই এগৰাকী মহিলা আৰু এজন পুৰুষৰ নেতৃত্বত নাগৰ এটা দলে আহি সিংহবোৰ মাৰি তেওঁলোকক উদ্ধাৰ কৰে। সেই নাগ মহিলাগৰাকী কালী, যি সতীৰ যমজ ভগ্নী। দুখন অতিৰিক্ত হাত লৈ জন্ম হোৱাৰ বাবে কালীক পিতৃ দক্ষই পৰিত্যাগ কৰে। পুৰুষজন আছিল সতীৰ প্ৰথম পুত্ৰ গণেশ, যাক সতীয়ে ইমানদিনে মৃত হিচাপে জন্ম লোৱা বুলিয়ে বিশ্বাস কৰি আহিছিল। হস্তীসদৃশ মুখমণ্ডলৰ বাবে দক্ষই গণেশকো পৰিত্যাগ কৰি সতীৰ ওচৰত মিছা মাতিছিল। সতীয়ে দুয়োকে কাশীলৈ লৈ আহে আৰু শিৱ অহালৈ বাট চায়।

শিৱই ব্ৰঙ্গত জানিবলৈ পায় যে সেই বিশেষ ঔষধটো পৰশুৰাম নামৰ এক দস্যুৱে তৈয়াৰ কৰিব জানে, যি এক বন্য জীৱন-যাপন কৰে আৰু তেওঁৰ অঞ্চলটোৰ ওচৰলৈ অহা যিকোনো লোককে হত্যা কৰে। শিৱ আৰু তেওঁৰ সৈন্যদলে পৰশুৰামক পৰাভূত কৰে আৰু এই কথা জানি আচৰিত হয় যে তেওঁ এজন বাসুদেৱ, বিজ্ঞ লোকৰ এটা গোট যি শিৱক তেওঁৰ যাত্ৰাত পথ-প্ৰদৰ্শন কৰি আহিছে। পৰশুৰামেও শিৱক নীলকণ্ঠ বুলি জানি আচৰিত হয় আৰু নিজৰ কাৰ্যত অনুতপ্ত হৈ নিজৰ বাওঁহাতখন খণ্ডিত কৰে। তেওঁ ঔষধ তৈয়াৰৰ প্ৰণালীটো ব্ৰঙ্গৰ লোকসকলক দি শিৱৰ সৈতে কাশীলৈ ৰাওনা হয়। কাশীত শিৱক কালী আৰু গণেশৰ সৈতে পৰিচয় কৰাই দিয়া হয়। তেওঁ গণেশক বৃহস্পতিৰ হত্যাকাৰী আৰু সতীৰ আক্ৰমণকাৰী হিচাপে চিহ্নিত কৰে। ক্ৰোধাম্বিত হৈ তেওঁ সতীক এৰি ব্ৰঙ্গসকলৰ ঠাইত থাকিবলৈ লয়। এদিন গণেশে কাৰ্ত্তিকৰ সৈতে স্থানীয় উদ্যান এখনত ধেমালি কৰি থাকোঁতে তেওঁলোকক তিনিটা সিংহই আক্ৰমণ কৰে। কাৰ্ত্তিকক বচাওঁতে গণেশ গুৰুতৰভাৱে আহত হয়। শিৱই গণেশক কিছু পৰিমাণে ক্ষমা কৰি দিয়ে। দক্ষ হঠাতে কাশীলৈ অহাত কালী আৰু গণেশসহিত তেওঁলোক আটায়ে দক্ষৰ মুখামুখি হয় আৰু দক্ষই স্বীকাৰ কৰে যে তেওঁ সতীৰ প্ৰথম স্বামীক হত্যা কৰে আৰু কালি আৰু গণেশক নিৰ্বাসিত কৰে। দক্ষই সতী আৰু তেওঁৰ মাজত অবিশ্বাসৰ সৃষ্টি কৰাৰ কাৰণে শিৱক জগৰীয়া কৰে। দক্ষৰ কাৰ্যত ক্ষুদ্ধ সতীয়ে তেওঁক কাশী পৰিত্যাগ কৰি মেলুহালৈ ওলটি যাবলৈ কয়।

শিৱই নাগসকলৰ ৰাণী কালীৰ নেতৃত্বত দণ্ডক অৰণ্যৰ মাজেদি পঞ্চৱতীলৈ যাবলৈ সিদ্ধান্ত লয়। যাত্ৰাপথত তেওঁলোক গোদাবৰী নদীৰ দিশৰপৰা ভগৱান ৰুদ্ৰই নিষিদ্ধ কৰি যোৱা বিস্ফোৰক দৈৱাস্ত্ৰ কঢ়িয়াই অনা নৌকাৰদ্বাৰা আক্ৰমণৰ বলি হয়। ইয়াক প্ৰতিহত কৰি তেওঁলোক অৱশেষত নাগৰাজ্য পায়গৈ। তাত শিৱই সম্পূৰ্ণ অক্ষত অৱস্থাত পাঠদান কৰি থকা বৃহস্পতিক লগ পাই স্তম্ভিত হয়।

চৰিত্ৰ আৰু পটভূমি

ত্ৰিপাঠীয়ে বিশ্বাস কৰে যে "কিংবদন্তিসমূহ আন একো নহয় কেৱলমাত্ৰ সঁচা অতীতৰ বিশৃংখল স্মৃতিহে। মাটিৰ তলত আৰু অৱহেলাত পোত যোৱা অতীত। "১ গ্ৰন্থখনত হিন্দু সাহিত্যৰ জনাজাত চৰিত্ৰৰ লগতে লেখকৰ কল্পনাপ্ৰসূত চৰিত্ৰও আছে।২ অৱশ্যে এই হিন্দু চৰিত্ৰসমূহে ইয়াৰ আটাইখিনি পৰম্পৰাগত বৈশিষ্ট্য বহন কৰা নাই।৩

চৰিত্ৰসমূহ

  • শিৱ - কাহিনীটোৰ মুখ্য চৰিত্ৰ। তেওঁ মেলুহালৈ অহা এজন প্ৰব্ৰজনকাৰী আৰু গুনা জনজাতিৰ মুৰব্বী। মেলুহা আহি পাই সোমৰস পান কৰাৰ পিছতেই তেওঁৰ কণ্ঠ নীলবৰণীয়া হৈ পৰে আৰু মেলুহান কিংবদন্তিৰ মতে অশুভ শক্তিক সংহাৰ কৰোঁতা নীলকণ্ঠৰূপে পৰিগণিত হয়। মেলুহাবাসীয়ে শিৱক তেওঁলোকৰ উদ্ধাৰকৰ্তাৰূপে মানিবলৈ লয়।
  • সতী - ৰজা দক্ষৰ জীয়ৰী এক মেলুহান ৰাজকন্যা। শিৱ তেওঁৰ প্ৰেমত পৰে যদিও সতীক বিকৰ্ম বা অস্পৃশ্য অৰ্থাৎ পূৰ্বজন্মৰ পাপৰ ফল বহন কৰিবলগা লোক হিচাপে গণ্য কৰা হোৱাৰ বাবে আইনমতে তেওঁক বিয়া কৰাবলৈ অসমৰ্থ হয়। সতী এক পাকৈত তৰোৱাল চলাওঁতা আৰু সৰুৰে পৰাই বৰ সাহসী। অৱশ্যে উপন্যাসখনৰ মাজতে তেওঁ শিৱক বিয়া কৰে আৰু তেওঁৰ সন্তান ধাৰণ কৰে।
  • নন্দী - মেলুহান সৈন্যৰ সেনানায়ক। শিৱৰ এজন নিষ্ঠাৱান ভক্ত যাৰপৰা শিৱই প্ৰায়ে মতামত আৰু পৰামৰ্শ বিচাৰে।
  • বীৰভদ্ৰ - শিৱৰ বাহিনীৰ এজন সেনানায়ক আৰু শিৱৰ এজন অন্তৰংগ বাল্যবন্ধু। পিছত শুদা হাতেৰে বাঘ এটা বশ কৰাৰ বাবে তেওঁ বীৰ ভদ্ৰ নাম পায়। তেওঁ কৃত্তিকাক বিয়া কৰাবলৈ শিৱৰ অনুমতি বিচাৰে।
  • বৃহস্পতি - মুখ্য মেলুহান বৈজ্ঞানিক যি শিৱৰ এজন ভাল বন্ধু হৈ পৰে। তেওঁ নীলকণ্ঠৰ কিংবদন্তি বিশ্বাস নকৰে যদিও এই কথা বিশ্বাস কৰে যে শিৱ মেলুহাক এক নৱ উজ্জ্বলতাৰ দিলে লৈ যাবলৈ সমৰ্থ।
  • দক্ষ - মেলুহাৰ ৰজা। শিৱই তেওঁলোকৰ দেশখন ৰক্ষা কৰিবলৈ কৰা প্ৰতিটো চেষ্টাতে তেওঁ উৎসাহ যোগায়।
  • পৰ্বতেশ্বৰ - মেলুহান সৈন্যৰ মুৰব্বী আৰু এজন সূৰ্যবংশী। পৰ্বতেশ্বৰ দক্ষৰ প্ৰতি উৎসৰ্গিত আৰু তেওঁ শিৱৰ প্ৰতি কিছু জটিল মনোভাৱ পোষণ কৰে। পৰৱৰ্তী সময়ত তেওঁ শিৱৰ এজন অনুগামী হৈ পৰে কিয়নো তেওঁ উপলব্ধি কৰে যে ভগৱান ৰামে অসম্পূৰ্ণকৈ থৈ যোৱা কাম শিৱই পূৰ কৰিব পাৰিব। তেওঁ ৰামৰ এজন ভাল অনুগামী।
  • আয়ুৰ্ৱতী - তেওঁ চিকিৎসকৰ নেত্ৰী তথা এগৰাকী বুদ্ধিমতী আৰু সন্মানীয় মহিলা যি সকলো ধৰণৰ ৰোগ নিৰাময় কৰিবলৈ সক্ষম। তেৱেঁই প্ৰথমে শিৱক তেওঁলোকৰ ৰক্ষাকৰ্তা নীলকণ্ঠ বুলি চিনাক্ত কৰে।

জাতি

  • সূৰ্যবংশী - সূৰ্যবংশীসকল শ্ৰী ৰামৰ অনুগামী আৰু সূৰ্য দিনপঞ্জীৰ অনুসৰণ কৰোঁতা। তেওঁলোকে যিমান পাৰি এক আদৰ্শ জীৱন যাপন কৰিবলৈ চায়। সূৰ্যবংশীসকলে সত্য, ধৰ্ম, মান, কৰ্ত্তব্য আৰু সন্মানত বিশ্বাস ৰাখে।
  • চন্দ্ৰবংশী - এওঁলোকে চন্দ্ৰ দিনপঞ্জী অনুসৰণ কৰে। পৰম্পৰা অনুসৰি চন্দ্ৰবংশী আৰু সূৰ্যবংশীসকলৰ মাজত শত্ৰুতা চলি আহিছে। তেওঁলোক স্বাধীন প্ৰজাতন্ত্ৰ যি শৃংগাৰ, সৌন্দৰ্য আৰু স্বতন্ত্ৰতাত বিশ্বাস কৰে।
  • নাগ - এওঁলোক শাৰীৰিক বিসংগতিযুক্ত অভিশপ্ত লোক। নাগসকল ভীষণ দক্ষ যোদ্ধা।

ৰাজ্য

অগ্ৰগতি আৰু মুক্তি

প্ৰথমাৱস্থাত ত্ৰিপাঠীয়ে দৰ্শনৰ ওপৰত এখন কিতাপ লিখিবলৈ সিদ্ধান্ত লৈছিল, কিন্তু পৰিয়ালৰফালৰ পৰা নিৰুৎসাহ হয়। সেয়ে তেওঁ হিন্দু দেৱতা শিৱৰ ওপৰত এখন কিতাপ লিখে।৫৬ ত্ৰিপাঠীৰ এজেণ্টে নিজাববীয়াকৈ কিতাপখন প্ৰকাশৰ সিদ্ধান্ত লয়।৭ ২০১০ চনৰ ফেব্ৰুৱাৰীত মুক্তি পোৱাৰ পিছত দ্য ইমৰ্টেলছ অফ মেলুহাই বৃহৎ বাণিজ্যিক সফলতা লাভ কৰে। চাহিদাৰ সৈতে সংগতি ৰাখি ইয়াক কেইবাবাৰো পুনৰ্মুদ্ৰণ কৰা হয়।৮

প্ৰথমখন গ্ৰন্থৰ মুক্তিৰ পিছত ত্ৰিপাঠীয়ে ত্ৰিলজীৰ দ্বিতীয় গ্ৰন্থৰ কাম আৰম্ভ কৰে।৯ তেওঁ কাহিনীটো প্ৰথমখন গ্ৰন্থ য'ত শেষ হৈছিল ঠিক তাৰপৰা আৰম্ভ কৰিবলৈ বিচাৰিছিল, য'ত সতীৰ ভাগ্য উন্মোচিত হ'ব। তেওঁ চৰিত্ৰসমূহক সুদূৰ উত্তৰ ভাৰত আৰু পাঁচ হাজাৰ বছৰৰো আগতে অৱস্থিত এক পৌৰাণিক সাম্ৰাজ্য দক্ষিণৰ নাগসকলৰ দেশলৈকে যাবলৈ দিছিল য'ত ধৰ্মযুদ্ধ আৰু পৃথিৱীৰ ৰক্ষাকৰ্তা নীলা কণ্ঠৰ এজন ভগৱানৰ কিংবদন্তিয়ে বিৰাজ কৰিছিল।৯১০ ২০১১ চনৰ জুলাইত মুম্বাই মিৰ'ৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ স্পষ্ট কৰে যে এবছৰৰ ভিতৰত ৪০০০ খ্ৰীষ্টপূৰ্বত ভাৰতৰ ভৌগোলিক পৰিস্থিতি সম্পৰ্কে গৱেষণা কৰাটো তেওঁৰ বাবে কঠিন আছিল, সেয়ে তেওঁ নিজৰ তথা আত্মীয়সকলৰ জ্ঞানৰ ওপৰতে নিৰ্ভৰ কৰিছিল।৯ তেওঁ লগতে যোগ দি কয়, "আঠ বছৰ আগলৈকে মই এজন নাস্তিক আছিলো, কিন্তু মই সদায়েই গভীৰ বিশ্বাসী আত্মীয়সকলৰদ্বাৰা আবৃত আছিলো, সেয়ে ধৰ্মশাস্ত্ৰৰ লগতেই মই ডাঙৰ হৈছিলো আৰু শিকিছিলো। "৯ কাহিনীটোত অন্তৰ্ভুক্ত কিংবদন্তিমূলক আৰু প্ৰযুক্তিগত কথাবোৰ ত্ৰিপাঠীৰ ইতিহাস আৰু পৌৰাণিক প্ৰযুক্তিৰ বিষয়ে পঢ়া কাহিনীৰপৰা উদ্ভৱ হৈছিল; তেওঁৰ দেউতাকে তেওঁক সহায় কৰিছিল যি এজন বৈজ্ঞানিক।৯ কিতাপখন লিখি থাকোঁতে সম্পূৰ্ণ সময় ইয়াত দিবৰ বাবে তেওঁ বেংকাৰৰ চাকৰি ত্যাগ কৰে।১১

আইবিএন লাইভৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ত্ৰিপাঠীয়ে এই কথা প্ৰকাশ কৰে যে প্ৰথম গ্ৰন্থখন য'ত শেষ হৈছিল তাৰপৰাই কাহিনীটো আৰম্ভ হ'ব।১২ প্ৰথম গ্ৰন্থখন সম্পাদনা কৰা শ্ৰাৱণী পণ্ডিতে দ্য ছিক্ৰেট অফ দ্য নাগাজৰ সম্পাদনা কৰে। ৰশ্মি পাছলকাৰে বেটুপাতৰ আৰ্হি প্ৰস্তুত কৰে, য'ত শিৱক এটা সাপ লৈ কাশী নগৰৰ সীমাৰ ফালে চাই থকা দেখুওৱা হৈছে।১৩ সাগৰ পাছলকাৰে শিৱৰ ভূমিকাত থিয় দিয়া এই আলোকচিত্ৰখন গ্ৰহণ কৰে চন্দন ক'ৱলীয়ে। কম্পিউটাৰ গ্ৰাফিক্সৰ সহায়ত সাপটো সৃষ্টি কৰাৰ বিপৰীতে মেক-আপ কৰিছিল প্ৰকাশ গ'ৰে।১৩ কিতাপখনক অগ্ৰগতি দিবলৈ দুটা ট্ৰেইলাৰো নিৰ্মাণ কৰা হয়, তাৰে এটাত নৃত্যৰতা সতী আৰু আনটোত সোমৰস পান কৰি নীলকণ্ঠ হোৱা শিৱক দেখুওৱা হয়। এই ভিডিঅ'কেইটাৰ ধাৰণা দি বজাৰীকৰণ কৰিছিল থিংক হোৱাই নট গোটৰ সংগ্ৰাম সুৰভে আৰু শালিনী আয়াৰে।১৩ ট্ৰেইলাৰকেইটা ২০১১ চনৰ ছেপ্টেম্বৰ বা অক্টোবৰৰ শেষৰফালে চলচ্চিত্ৰৰ লগে লগে ছবিঘৰসমূহত প্ৰদৰ্শন কৰাৰ পৰিকল্পনা কৰা হৈছিল। ত্ৰিপাঠীয়ে বিশ্বাস কৰিছিল যে ই "কাম কৰিব কিয়নো থিয়েটাৰলৈ যোৱা লোকসকল আৰু মোৰ কিতাপ পঢ়া লোকসকল একেবোৰেই। " ২০১১ চনৰ ১২ আগষ্টত মুম্বাইৰ লেণ্ডমাৰ্ক বুকষ্টৰছত কিতাপখন মুকলি কৰা হয়। উন্মোচনী অনুষ্ঠানত ত্ৰিপাঠীৰ সৈতে অভিনেতা বিবেক অ'বেৰয় উপস্থিত থাকে। দ্য ছিক্ৰেট অফ দ্য নাগাজকে ধৰি শিৱ ত্ৰিলজীৰ ইউকে প্ৰকাশ স্বত্ব জ' ফ্লেট্চাৰ বুকছে ক্ৰয় কৰে।

২০১৩ চনত শিৱ ত্ৰিলজীক আধাৰ কৰি বায়ুপুত্ৰজ নামৰ এক সংগীত এলবাম মুকলি কৰা হয়। এই এলবামটো দ্য ইমৰ্টেলছ অফ মেলুহা আৰু দ্য ছিক্ৰেট অফ দ্য নাগাজৰ এক অতিৰিক্ত ৰূপ যি গ্ৰন্থকেইখনত উল্লিখিত শিৱৰ নৃত্য আৰু যুদ্ধৰ বক্তৃতাৰদ্বাৰা অনুপ্ৰাণিত। চনু নিগম, তৌফিক কুৰেশ্বি, পলাশ সেন, বিক্ৰম ঘোষ আদি শিল্পীয়ে এলবামটোত কাম কৰিছিল। কোনো গ্ৰন্থ শৃংখলাৰ আধাৰত নিৰ্মিত এইটোৱেই একমাত্ৰ সংগীত এলবাম।

সমালোচনা

মিণ্টৰ আদিষ্ট খান্নাই চৰিত্ৰসমূহৰ মানৱীয় দিশটো, আৰু তেওঁলোকৰ আৱেগ আৰু উসাহৰ সফল চিত্ৰায়ন কৰিবলৈ ত্ৰিপাঠী সমৰ্থ হোৱাৰ বিষয়ে মন্তব্য কৰি গ্ৰন্থখনত শিৱৰ চিত্ৰায়নক প্ৰশংসা কৰে। তেওঁ ইয়াকো আঙুলিয়াই যে ভাৰতীয় ধৰ্মগ্ৰন্থক লৈ ত্ৰিপাঠীয়ে পৰীক্ষা-নিৰীক্ষা সফল হৈছে। অৱশ্যে তেওঁ দুৰ্বল সংলাপ আৰু কিতাপখনত সিঁচৰতি হৈ থকা ব্যকৰণগত ভুলৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে।১৪১৫ দেইলী নিউজ এণ্ড এনালাইছিছৰ ৰিত' প'লে খান্নাৰ লগতে সুৰ মিলায় আৰু কয় যে কিতাপখন, "ধাৰণাটোৰ দিশেৰে আকৰ্ষণীয়। কিন্তু ইয়াক নিছলা ধৰণে সম্পাদন কৰা হৈছে। "১৬

মুম্বাই বছৰ দ্বৈপায়ন পাল গ্ৰন্থখনক লৈ অসন্তুষ্ট হয় আৰু ইয়াৰ ভালেকেইটা কাৰণ দাঙি ধৰে। তেওঁ অনুভৱ কৰে যে দ্য ছিক্ৰেট অফ দ্য নাগাজত দ্য ইমৰ্টেলছ অফ মেলুহাৰ দৃঢ় পটভূমি আৰু অদ্ব্যৰ্থবোধক কাহিনী কথনৰ অভাৱ দেখা গৈছে যাৰ শেষৰভাগ উৎসুক্য বৰ্তাই ৰখাত ব্যৰ্থ হৈছে।১৭ পালে বিশেষকৈ ত্ৰিপাঠীৰ ভাষাৰ সমালোচনা কৰি কয়, "এনে লাগে যেন দ্য ছিক্ৰেট অফ দ্য নাগাজৰ ৰচনাকালত ত্ৰিপাঠীৰ সৰহভাগ মনোযোগ ভাষাৰ ওপৰত আছিল। লেখনিৰ সহজাত প্ৰবৃত্তিটোত নিশ্চিত আৰু দুখলগাকৈ অনুপযুক্ত প্ৰচেষ্টাই কিতাপখনক পঢ়নৰ ক্লান্তিময়তা দিছে। কিতাপখন ভাৱবোধক চিনৰ ভিৰ আৰু অপ্ৰয়োজনীয় হেলনীয়া আখৰেৰে জৰ্জড়িত। বাক্যবোৰ দুৰ্বল, ওলমি পৰা টুকুৰালৈ কাটি পেলোৱা হৈছে। "১৭ এছিয়ান এজৰ কিশ্বৰ দেশায়ে অনুভৱ কৰে যে দ্য ছিক্ৰেট অফ দ্য নাগাজত শিৱৰ চৰিত্ৰায়নে প্ৰথমখন গ্ৰন্থৰ আগ্ৰহ কিছু পৰিমাণে হেৰুৱাইছে, আৰু বলীউদৰ হিৰোৰ দৰে উপস্থাপিত হৈছে। দেশায়ে ইয়াকো লক্ষ্য কৰে যে কিতাপখনৰ অত্যধিক চৰিত্ৰ আছে, যাৰ সৰহসংখ্যক বিস্তাৰিত নোহোৱাকৈ ৰৈ গৈছে। কিতাপখনক এক কম্পিউটাৰ গেমৰ সৈতে তুলনা কৰি সমালোচকজনে এনেদৰে মোখনি মাৰে, "এক লক্ষণীয় গুন [কিতাপখনৰ] হৈছে যে ই এক অতিশয় দৰ্শনীয় কাহিনী আৰু কমেইহে সাহিত্যিক অনুশীলনৰ দৰে। "১৮সেয়ে হ'লেও কিছুসংখ্যক সমালোচক যেনে আউটলুক (আলোচনী)ৰ সন্দীপন দেবে দৰ্শনশীল ৰীতিটোক (visual style) বেছি প্ৰাধান্য দিয়ে আৰু অনুভৱ কৰে যে ত্ৰিপাঠী ফেণ্টাছী ধৰণটোৰ প্ৰতি বিশ্বাসী হৈ থাকে।১৯

"ইয়াৰ নিজস্ব ভূগোল, ইতিহাস আৰু কিংবদন্তিৰ সৈতে সুন্দৰকৈ বৰ্ণিত পৃতিৱী, আৰু কিছু আধুনিক বিজ্ঞানৰ স্পৰ্শৰে তেওঁ কাহিনীটোক এক বিশেষ মোহনীয়তা দিছে। আৰু দ্বিতীয় ভাগটো লিখিবলৈ যুক্তিপূৰ্ণভাৱে কঠিনতম, যিহেতু ই ধেনুভিৰীয়া পটভূমিৰ মাজভাগটো, য'ত বক্ৰ পথটো বৰ সহজে চেপেটা হৈ পৰিব পাৰে। লেখকজনে প্ৰথম ভাগটোৰ বেগটো চলাই নিব লাগিব, যেতিয়া শেষ ভাগটোৰ কাৰণে টুকুৰাসমূহ সজাব, কাহিনী কওঁতাৰ সৈতে সমগ্ৰ যাত্ৰাত লগ দিবলৈ যথেষ্ট হোৱাকৈ পঢ়ুৱৈক বাৰে বাৰে আশা দি কিছুমান সূত্ৰ সিঁচৰিত কৰি এৰি যাব লাগিব। কিন্তু অমিষে নিৰাশ নকৰে। ইমৰ্টেলছত দি যোৱা ৰহস্যময় ইংগিতবোৰ ব্যাখ্যা কৰা হৈছে, ....., আৰু শিৱৰ অনুসন্ধান অধিক জটিল হৈ পৰিছে, আনকি ইয়াৰ অন্তিম লক্ষ্যটো বেছিকৈ মৌলিক হৈ পৰিছে। "

১৯

বাণিজ্যিক সফলতা

মুক্তিৰ আগতেই দ্য ছিক্ৰেট অফ দ্য নাগাজৰ উচ্চমানৰ চাহিদা আছিল। 'নীলসেন বুকস্কেন'ৰ মতে ১০০,০০০ ছপা কপিৰ ভিতৰত ৮০,০০০টা কপি ইতিমধ্যে আগতীয়াকৈ অৰ্ডাৰ দিয়া আছিল।১২ মুক্তিৰ পিছতেই হিন্দুস্তান টাইমছে প্ৰকাশ কৰা তালিকা অনুসৰি ই সৰ্বাধিক বিক্ৰী হোৱা কল্পনাপ্ৰসূত গ্ৰন্থ হিচাপে পৰিগণিত হয়।২০ ইয়াৰ ৯৫,০০০টা কপিৰ বিক্ৰী হোৱাৰ লগতে ছপা হৈ থকা ৫০,০০০ কপিৰ অৰ্ডাৰ দিয়া হয়।১১ আদিষ্ট খান্নাই (মিণ্ট) শৃংখলাটোৰ বৰ্ধিত গুৰুত্বৰ দিশত এই সফলতাক প্ৰশংসা কৰে। তেওঁ ব্যাখ্যা কৰে যে কিংবদন্তিৰ চিত্ৰায়নত ত্ৰিপাঠীৰ ভিন্ন ধৰণটো বহুদিনৰ আগৰপৰাই কমিক্চ লেখকসকলৰ পক্ষে জনপ্ৰিয় আছিল, কিন্তু এতিয়ালৈকে বৰ কমসংখ্যক লেখকেহে ইয়াক ব্যৱহাৰ কৰিছে - আৰু ত্ৰিপাঠীয়ে লাভ কৰা কোনোধৰণৰ সফলতা নহয়।১৫ তেওঁ সমসাময়িক লেখক চেতন ভগতৰ উপন্যাস ৰিভ'লিউচন ২০২০ৰ সৈতে দ্য ছিক্ৰেট অফ নাগাজৰ খুচুৰা মূল্যৰ এক বৈপৰীত্য নিৰ্দেশ কৰি কয় যে যি সময়ত ত্ৰিপাঠীৰ গ্ৰন্থখন প্ৰকৃত মূল্যত বিক্ৰী হৈছে, ভগতৰ উপন্যাসখন বিক্ৰী বৃদ্ধিৰ বাবে এক কম মূল্যত বিক্ৰী কৰা হৈছে।১৫ দ্য ফাৰ্ষ্ট প'ষ্টৰ দীপাঞ্জনা প'লেও একেদৰেই ভাবে, যি বিশ্বাস কৰে যে "যদি পাঠকসকলে লেখনিটো ভাল পায়, তেওঁলোক অধিক মূল্য দিবলৈ অনিচ্ছুক নহয়। "২১ ২০১০ আৰু ২০১১ চনৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থসমূহৰ অন্যতম হৈ কিতাপখনৰ ১৭৫,০০০টা কপিৰ বিক্ৰী হয়। ২০১৩ চনৰ জানুৱাৰী মাহলৈকে দ্য ইমৰ্টেলছ অফ মেলুহা আৰু দ্য ছিক্ৰেট অফ দ্য নাগাছে এক মিলিয়ন কপি ছপাৰ সীমা অতিক্ৰম কৰে। কিতাপ দুখনে প্ৰকাশৰ দুবছৰৰ ভিতৰতে মুঠ ২২ কোটি টকাৰ বিক্ৰীৰে 'নীলসেন বুকস্কেন'ৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰ তালিকাত শীৰ্ষস্থান অক্ষুণ্ন ৰাখে।২২২৩

উপন্যাসখন বিভিন্ন স্থানীয় ভাষা যেনে হিন্দী, গুজৰাটী, তেলুগু আৰু মাৰাঠী ভাষাতো প্ৰকাশ পায়।২৪ ত্ৰিপাঠীয়ে কয়, "মই প্ৰকৃততেই আজিৰ পৰা অহা পাঁচ বছৰক বিশ্বাস কৰোঁ, য'ত অধিক বিক্ৰীৰ বাবে ইংৰাজীতকৈ আন ভাষাবোৰকহে হিচাপত ধৰিবলগা হ'ব। সেইটোৱেই প্ৰকাশৰ ক্ষেত্ৰত এক বিৰাট পৰিৱৰ্তন হৈ আহিছে --- যি দূৰদৰ্শনত আঞ্চলিক ভাষাৰ টি আৰ পি অধিক হোৱাৰ দৰেই আনৰ সংস্কৃতিক বুজি পোৱাতকৈয়ো নিজৰ সংস্কৃতিলৈ এক সন্তুষ্টি কঢ়িয়াই আনিছে। "২৪ কিতাপখনৰ এক আমাজন কাইণ্ডলে সংস্কৰণো মুকলি কৰা হয়।২৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Theory on Indian Gods. অমিষ ত্ৰিপাঠী Official Website
  2. ↑ Amish Tripathi. The Character. Official Website
  3. ↑ (2010-09-29). The Immortals of Meluha: A review. Hindustan Times
  4. ↑ Amish Tripathi. The World. Official website
  5. ↑ Chakraberti, Sujata. (2010-04-09). Amish Tripathi’s going digital. Daily News & Analysis
  6. ↑ Babbar, Sonakshi. (2011-09-10). Writing changed me from an atheist to a Shiva bhakt: Amish Tripathi. The Hindustan Times
  7. ↑ Tripathi, Amish. (2010-09-01). The MBA Writer. OPEN. Open Media Network Pvt Ltd
  8. ↑ Umair, Siddique. (2010-09-11). Faith at Heart. The Hindu. Kasturi and Sons Ltd. পৃ. 13
  9. ↑ Pathak, Shilpi Dubey. (2011-07-13). I’m nervous about the fans’ expectations: Amish. Mumbai Mirror. The Times Group. পৃ. 8
  10. ↑ (2011-07-06). Shiva presents surprise success. IBN Live
  11. ↑ (2011-08-31). Shiva chose me to write this story. The Deccan Chronicle. Deccan Holdings Ltd
  12. ↑ Trikha, Suparna. (2011-08-11). The Immortals…sequel out on Aug 12. Hindustan Times. HT Media
  13. ↑ The Secret of the Nagas, 2011, Acknowledgements, p. xii
  14. ↑ Khanna, Aadisht. (2011-09-09). Book review: The Secret of the Nagas. Mint. HT Media Ltd
  15. ↑ Khanna, Aadisht. (2011-09-01). Snakes on a plain. Mint. HT Media Ltd
  16. ↑ Paul, Rito. (2011-09-04). Book review: The Secret Of The Nagas. Daily News and Analysis. Diligent Media Corporation
  17. ↑ Pal, Dipayan. (2011-08-24). Book Review: The Secret of the Nagas. Mumbai Mirror
  18. ↑ Desai, Kishwar. (2011-09-04). A Godsend For Your PlayStation. Asian Age. M. J. Akbar. পৃ. 5
  19. ↑ Deb, Sandipan. (2011-09-26). Review: Goddammit! A Vasudev And His Radio Wave!. Outlook. Outlook Publishing (India) Pvt. Ltd
  20. ↑ Rao, Mallika. (2011-09-01). Amish Tripathi’s book on Nagas bestseller. Hindustan Times. HT Media
  21. ↑ Paul, Deepanjana. (2011-08-31). No figment of imagination, pop fiction is a great leveller. The First Post
  22. ↑ (2012-06-02). linkid=a4cf965f-bdd9-4d45-8ae4-47de17b68db9& pdaffid=5ncoZjso4AlFtIgb4L6Vlg%3d%3d HT Neilsen Bookscan Top 10. Hindustan Times. HT Media Ltd
  23. ↑ (2013-01-11). Shiva Trilogy's final book to release in March 2013. The Times of India. The Times Group
  24. ↑ (2012-08-11). English mass-market books tap Hindi speakers. Zee News
  25. ↑ (2012-05-22). Secret of the Nagas (Kindle Edition). Amazon.com

সম্পৰ্কিত শ্ৰেণী

উপন্যাসইংৰাজী গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য ছিক্ৰেট অফ দ্য নাগাজ” প্ৰবন্ধৰ সংশোধন ৬৩৯৮৮৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।