অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দ্য এলকেমিষ্ট (উপন্যাস)

দ্য এলকেমিষ্ট (The Alchemist) পাওলো কোৱেলহো ৰচিত এক উপন্যাস। ইয়াৰ প্ৰথম প্ৰকাশ হয় ১৯৮৮ চনত। মূল পৰ্টুগীজ ভাষাত ৰচিত এই গ্ৰন্থখন ২০১১ চনলৈকে ৭১টা বিভিন্ন ভাষালৈ অনূদিত হৈছে।

হালনাগাদ: ২৬ ফেব্ৰুৱাৰী ২০২৬ ১,২০৪ শব্দ · ৭ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

দ্য এলকেমিষ্ট (The Alchemist) পাওলো কোৱেলহো ৰচিত এক উপন্যাস। ইয়াৰ প্ৰথম প্ৰকাশ হয় ১৯৮৮ চনত। মূল পৰ্টুগীজ ভাষাত ৰচিত এই গ্ৰন্থখন ২০১১ চনলৈকে ৭১টা বিভিন্ন ভাষালৈ অনূদিত হৈছে। প্ৰতীকধৰ্মী এই গ্ৰন্থখনত ছাণ্টিয়াগো নামৰ এক এণ্ডালুচিয়ান ভেড়াৰখীয়া যুৱকে বাৰম্বাৰ দেখা এক সপোনৰ পম খেদি গুপ্তধনৰ সন্ধানত ইজিপ্তলৈ ৰাওনা হয়। তেওঁৰ এই যাত্ৰাৰ কথাকে লৈ কাহিনীভাগ আগুৱাই গৈছে।

ফৰাচী বাতৰি এজেঞ্চী এজেন্স ফ্ৰান্স প্ৰেছি চমুকৈ এ এফ পিৰ মতে বিশ্বৰ ১৬০ খনতকৈও অধিক দেশত গ্ৰন্থখনৰ ৬৫ মিলিয়নতকৈও অধিক কপিৰ বিক্ৰী হয় আৰু বিশ্বৰ সৰ্বাধিক বিক্ৰেত গ্ৰন্থৰ ইতিহাসত অন্যতম হিচাপে পৰিগণিত হয়। সৰ্বাধিক ভাষালৈ অনূদিত জীৱিত লেখকৰ গ্ৰন্থ হিচাপে দ্য এলকেমিষ্টে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডচতো স্থান লাভ কৰে।

কাহিনীৰ সাৰাংশ

পুনঃপৌনিক সপোন এটাৰ আঁত ধৰি গুপ্তধন বিচাৰি এণ্ডালুচিয়ান ভেড়াৰখীয়া যুৱক ছাণ্টিয়াগোৰ যাত্ৰাক লৈ দি এলকেমিষ্টৰ কাহিনীভাগে অগ্ৰগতি লাভ কৰিছে। বাৰম্বাৰ একেটা সপোনকে দেখি ছাণ্টিয়াগোৱে ইয়াক ভৱিষ্যকথন হিচাপে বিশ্বাসত লয় আৰু ইয়াৰ অৰ্থ বিচাৰি দাঁতিকাষৰীয়া চহৰাঞ্চলৰ এক জিপচী মহিলাক সাক্ষাৎ কৰে। জিপচীগৰাকীয়ে ছাণ্টিয়াগোৰ সপোনৰ কথা শুনি ইজিপ্তৰ পিৰামিডত গুপ্তধনৰ লুকাই আছে বুলি জানিবলৈ দিয়ে। এই কথা শুনি ছাণ্টিয়াগোৱে ইজিপ্টলৈ যাবলৈ থিৰাং কৰে।

যাত্ৰাৰ আৰম্ভণিতে ভেড়াৰখীয়া যুৱকজনে মেলকিজেডেক (Melchizedek) নামৰ চালেমৰ বৃদ্ধ ৰজাক লগ পায়। তেওঁ ছাণ্টিয়াগোক ইজিপ্টলৈ যাবৰ বাবে ভেড়াসমূহ বেচি দিবলৈ পৰামৰ্শ দিয়ে। বৃদ্ধ ৰজাজনে নিজৰ জীৱনৰ আকাংক্ষাৰ কথাও ব্যক্ত কৰে। তেওঁ লগতে কয়, "যেতিয়া তুমি কিবা পাবলৈ খোজা, তাক পোৱাত সহায় কৰিবলৈ গোটেই ব্ৰহ্মাণ্ডখনেই অভিসন্ধি কৰে। " গ্ৰন্থখনৰ গভীৰ ভাৱ আৰু দৰ্শনো এয়াই।

গিজাৰ পিৰামিড
গিজাৰ পিৰামিডছবি: Ricardo Liberato · CC BY-SA 2.0

যাত্ৰাপথত ছাণ্টিয়াগোৱে প্ৰেম, বিপদ, সুযোগ, দুৰ্যোগ আদিৰ সৈতে মোকাবিলা কৰিবলগা হয় আৰু ইয়াৰ ফলত নিজৰ লগতে পৃথিৱীৰ বিষয়ে বহু কথা শিকে। ছাণ্টিয়েগোৱে ফাতিমা নামৰ এক আৰৱীয় মহিলাও লগ পায় যি তেওঁক বুজায় যে যদি তেওঁ নিজৰ হৃদয়খনক অনুসৰণ কৰে তেন্তে তেওঁ হৃদয়ে বিচৰাটোকে লাভ কৰিব।

ইয়াৰ পিছত ছাণ্টিয়াগোৰ এক অকলশৰীয়া ধাতুবিদৰ সৈতে সাক্ষাৎ হয়। তেওঁ কয় যে মানুহে নিজা সপোনবোৰৰ ধন-সোণবোৰ বিচাৰি উলিয়াব খোজে কিন্তু সেই সপোনটোক বিচাৰিব নোখোজে। এই কথা শুনি ভেড়াৰখীয়া যুৱকজন নিজৰ বিষয়েই সন্দিহান হৈ পৰে। ধাতুবিদজনে ইয়াকো কয়, "যিসকলে তেওঁলোকৰ সপোনবোৰ বুজি নাপায় তেওঁলোকে ইয়াৰ শিকনিও বুজি পাবলৈ অক্ষম হ'ব। "

চৰিত্ৰসমূহ

ছাণ্টিয়াগো

এণ্ডালুচিয়াৰ সৰু চহৰাঞ্চলত জন্মলাভ কৰা ছাণ্টিয়াগো গ্ৰন্থখনৰ নায়ক। তেওঁ সৰুকালছোৱাত বিদ্যাশিক্ষা গ্ৰহণ কৰিছিল কিন্তু পৃথিৱীখন ভ্ৰমণ কৰাৰ এক ইচ্ছাও পুহি ৰাখিছিল। অৱশেষত সাহস গোটাই এণ্ডালুচিয়াৰ সমভূমিসমূহ ভ্ৰমি ফুৰিবৰ বাবে এজন ভেড়াৰখীয়া হ'বলৈ ছাণ্টিয়াগোৱে দেউতাকৰ পৰা অনুমতি লয়। এদিন ছাণ্টিয়াগোৱে টাৰিফা চহৰত এজন ৰহস্যময় ব্যক্তিক লগ পায় যি তেওঁক আফ্ৰিকাৰ আনটো প্ৰান্তৰলৈ যাবৰ বাবে উৎসাহিত কৰে। ছাণ্টিয়াগো এজন কৌতূহলী যুৱক যাৰ মুকলি মন তেওঁৰ নিজা সপোনবোৰৰ (Personal Legend) সন্ধান কৰিবলৈ বিশেষভাৱে উপযোগী। তেওঁ নিজ স্বাধীনতাক যথেষ্ট মূল্য দিয়ে আৰু সেযে তেওঁ নিজ ইচ্ছানুসৰী এজন ভেড়াৰখীয়া হোৱাৰ লগতে তেওঁৰ স্বাধীনতা খৰ্ব কৰিব পৰা যিকোনো কামত জড়িত হোৱাৰ পৰা বিৰত থাকে। শেষৰ ফালে ছাণ্টিয়াগোৱে অনুভৱ কৰে যে কিছু বিপদৰ সম্ভাৱনা নথকা কামে বিপদৰ সম্ভাৱনা থকা কামতকৈ স্বাধীনতাৰ প্ৰতি বেছি ভাবুকি কঢ়িয়ায়।১

মেলকিজেদেক

মেলকিজেদেক চালেম নামৰ এক ৰহস্যময় সুদূৰ প্ৰদেশৰ ৰজা। টাৰিফা চহৰত ছাণ্টিয়াগোৰ সৈতে তেওঁৰ দেখা হয়। তাতেই তেওঁ প্ৰথমবাৰৰ বাবে ছাণ্টিয়াগোক পৃথিৱীৰ আত্মা আৰু নিজৰ স্বপ্নৰ কথা জনায়। মেলকিজেদেকে সেইসকল লোকক সদায় সহায় কৰে যিসকলে নিজৰ সপোনবোৰৰ বিষয়ে নজনা স্বত্বেও ইয়াক প্ৰাণ দিয়াৰ চেষ্টা কৰে। তেওঁ প্ৰথম অৱস্থাত এক সাধাৰণ আৰৱীয় বেশভূষাৰে দেখা দিয়ে যদিও পাছত তেওঁ ওপৰৰ সাজ একাষৰীয়া কৰোঁতে বহুমূলীয়া পাথৰ খটোৱা এক সোণৰ বৰ্ম দেখা যায়। মেলকিজেদেকে ছাণ্টিয়াগোক উৰিম আৰু থুম্মিম নামৰ দুটা যাদুকৰী পাথৰো প্ৰদান কৰে।১

ইংৰাজ লোক

আল-ফেয়াম (Al-Fayoum) নামৰ মৰূদ্যানমুখী এখ মৰুযাত্ৰীৰ দলত ছাণ্টিয়াগোৱে ইংৰাজ লোকজন লগ পায়। তেওঁ এজন মহান ধাতুবিদ হ'বলৈ চেষ্টা কৰি আছিল আৰু এজন আল-ফেয়ামৰ এজন খ্যাতনামা ধাতুবিদৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবলৈ আহিছিল। আল-ফেয়ামৰ এই ধাতুবিদজনৰ বয়স ২০০ বছৰৰো অধিক আৰু তেওঁ যিকোনো ধাতু সোণলৈ ৰূপান্তৰ কৰিব পাৰে বুলি উৰাবাতৰি উলাইছিল। ছাণ্টিয়াগোৱে ইংৰাজজনৰ পৰা ধাতুবিদ্যাৰ বহু জ্ঞান লাভ কৰে আৰু ছাহাৰা মৰুভূমিৰে গৈ থাকোঁতে তেওঁ ছাণ্টিয়াগোক নিজৰ গ্ৰন্থখন ধাৰলৈ দিয়ে।

ফাতিমা

ফাতিমা আল-ফেয়াম মৰূদ্যানত থকা এগৰাকী সুন্দৰী তিৰোতা। তাত থকা সময়তে ছাণ্টিয়াগো ফাতিমাৰ প্ৰেমত পৰে। দুয়ো প্ৰতিদিনে কেইবাসপ্তাহ ধৰি আলাপ কৰে আৰু অৱশেষত সি ফাতিমাক বিবাহৰ প্ৰস্তাৱ দিয়ে। ফাতিমাই বিবাহৰ আগেয়ে ছাণ্টিয়াগোক তেওঁৰ নিজা সপোনটোৰ (Personal Legend) সন্ধান কৰিবলৈ কয়। এই কথাই ছাণ্টিয়াগোক বিবুধিত পেলায়, কিন্তু ধাতুবিদজনে তেওঁক বুজায় যে প্ৰকৃত প্ৰেম এজন ব্যক্তিৰ স্বপ্ন পূৰণৰ যোগেদি প্ৰাপ্ত কৰা নাযায়। যদি এনে হয়, তেন্তে ই প্ৰকৃত প্ৰেম নহয়।

ধাতুবিদ

তেওঁ ইজিপ্টৰ আল-ফেয়ামত বাস কৰা এজন বৰ শক্তিশালী ধাতুবিদ। প্ৰথমাৱস্থাত ধাতুবিদজনৰ কথা ছাণ্টিয়াগোৱে ইংৰাজ লোকজনৰ মুখে শুনে। কিন্তু পিছত তেওঁ নিজে ধাতুবিদজনৰ প্ৰকৃত অনুগামী হৈ উঠে। ধাতুবিদছনে ক'লা কাপোৰ পৰিধান কৰে আৰু প্ৰমোদৰ উদ্দেশ্যে শেন চৰাই এটাৰ সহায়ত চিকাৰ কৰে। তেওঁ সঞ্জীৱনী সুধা (Elixir of Life) আৰু পৰশ পাথৰৰো (Philosopher's Stone) গৰাকী।

স্ফটিক বিক্ৰেতা

টাঞ্জিয়াৰছত (Tangiers) ছাণ্টিয়াগোৱে এক ঠগৰ কবলত পৰি সমস্ত ধন হেৰুৱায়। তাত এজন স্ফটিক পাত্ৰৰ বিক্ৰেতাই তেওঁক ৰোজগাৰ প্ৰদান কৰে। দোকানখনত কাম কৰি ছাণ্টিয়াগোৱে দোকানীজনৰ জীৱন দৰ্শন আৰু ভৱিষ্যতৰ সপোন দেখাৰ গুৰুত্বৰ বিষয়ে বহু কথা শিকে। সাধাৰণতে বিপদৰ সম্ভাৱনা মূৰ পাতি ল'বলৈ পছন্দ নকৰা এই স্ফটিক বিক্ৰেতাজন দয়ালু আৰু তেওঁ ছাণ্টিয়াগোৰ অনুসন্ধানৰ কথা তাৰ নিজতকৈও অধিক বুজি পায়। কিয়নো স্ফটিক বিক্ৰেতাজনেই ছাণ্টিয়াগোক কয় যে তেওঁ আৰু স্পেইনলৈ ঘূৰি নাযায় কাৰণ এয়াই তেওঁৰ অদৃষ্ট নহয়।১

ইজিপ্ত দেশীয় সন্ন্যাসী

ছাণ্টিয়াগো এক আশ্ৰমত গৈ উপস্থিত হওঁতে তাৰ এই সন্ন্যাসীজনে তেওঁৰ সাদৰেৰে ভিতৰলৈ মাতি নিয়ে। এয়া কাহিনীভাগৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি গণ্য কৰা হয় কিয়নো ইয়াতেই ছাণ্টিয়াগোৱে ধাতুবিদজনৰ পৰা এক অতিশয় গুৰুত্বপূৰ্ণ কৌশল আয়ত্ত কৰে। পোষক চৰিত্ৰৰ এই সন্ন্যাসীজনে ছাণ্টিয়াগোৰ পথ প্ৰদৰ্শন কৰে।

লেখনি

১৯৮৭ চনত কোৱেলহোৱে মাথোঁ দুটা সপ্তাহতে দ্য এলকেমিষ্ট লিখি উলিয়ায়। এই বিষয়ে তেওঁ বৰ্ণনা কৰি কয় যে কাহিনীটো তেওঁৰ "আত্মাত ইতিমধ্যেই লিখা আছিল। "২

বিষয়বস্ত

এজন ব্যক্তিৰ লক্ষ্যস্থানৰ সন্ধানেই গ্ৰন্থখনৰ মূল ভাৱ। দ্য নিউয়ৰ্ক টাইমছৰ (The New York Times), দ্য এলকেমিষ্ট "সাহিত্যতকৈও আত্মসহায়হে" (more self-help than literature)।৩ বৃদ্ধ ৰজা মেলকিজেদেকে ছাণ্টিয়াগোক কৈছিল, "যেতিয়া তুমি কিবা পাবলৈ খোজা, তাক পোৱাত সহায় কৰিবলৈ গোটেই ব্ৰহ্মাণ্ডখনেই অভিসন্ধি কৰে। " এয়াই উপন্যাসখনৰ অৰ্ন্তনিহিত দৰ্শন আৰু এই ভাৱেই কোৱেলহোৰ দ্য এলকেমিষ্টক পৰিচালিত কৰিছে।৪

প্ৰকাশন

প্ৰথমে ব্ৰাজিলৰ এক অখ্যাত প্ৰকাশন গোষ্ঠীৰ বেনাৰত দ্য এলকেমিষ্ট ছপা আকাৰে প্ৰকাশ পাইছিল। উপন্যাসখনৰ প্ৰকাশকজনে কোৱেলহোক কৈছিল যে গ্ৰন্থখন কেতিয়াও বিক্ৰী নহয় আৰু "তেওঁ ষ্টক এক্সচেঞ্জতে অধিক ধন উপাৰ্জন কৰিব পাৰিব। "৫

এই নিৰাশাৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ সপৰিবাৰে ৰিঅ' ডি জেনেইৰ' এৰি এক ৪০ দিনীয়া ভ্ৰমণসূচীত ম'জেভ মৰুভূমিলৈ ৰাওনা হয়। ভ্ৰমণ সমাপ্ত কৰি আহিয়েই তেওঁ সংগ্ৰাম কৰি যাবলৈ মন বান্ধে।৫ কোৱেলহোৰ মতে তেওঁ কিতাপখনৰ মহত্ত্বৰ বিষয়ে ইমানেই নিঃসন্দেহ আছিল যে তেওঁ বিভিন্ন প্ৰকাশনসমূহৰ দুৱাৰত টুকুৰিয়াবলৈ আৰম্ভ কৰে।২

অনুবাদসমূহ

নিউয়ৰ্ক টাইমছৰ মতে দ্য এলকেমিষ্ট ৬৭টা বিভিন্ন ভাষালৈ অনূদিত হৈছে। এই বৃহৎসংখ্যক অনুবাদে ২০০৯ চনৰ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডচত কোৱেলহোক বিশ্বৰ সৰ্বাধিক অনূদিত হোৱা লেখকৰ মৰ্যাদা প্ৰদান কৰে।৩

ভাগ-বতৰা

পাওলো কোৱেলহোৱে নথি বটোৱাৰা নেটৱৰ্কসমূহৰ যোগেদি তেওঁৰ গ্ৰন্থসমূহৰ প্ৰসাৰ ঘটোৱা কাৰ্যৰ যথেষ্ট পোষকতা কৰে। বিটটৰেণ্ট আদিৰ দৰে নেটৱৰ্কত তেওঁ নিজৰ গ্ৰন্থসমূহ অন্তৰ্ভুক্ত কৰিছে আৰু এইখিনিতে উল্লেখ্য যে উক্ত কাৰণতে দ্য এলকেমিষ্ট ব্যাপক হাৰত বিক্ৰী হৈছে।৬ তেওঁ জনায়, "মই ভাবোঁ যেতিয়া এজন পাঠকৰ কেইটামান অধ্যায় পঢ়াৰ সম্ভাৱনা থাকে তেতিয়া পিছলৈ তেওঁ কিতাপখন কিনিব পাৰে।"৬ বৰ্তমান সময়ত গুগল বুকছ আৰু কোৱেলহোৰ এজেঞ্চী চেণ্ট জৰ্ডি এচছিয়েডছত তেওঁৰ গ্ৰন্থসমূহ উপলব্ধ।৭৮ কোৱেলহোৰ নিজা ব্ল'গ পাইৰেট কোৱেলহোত অনুবাদসহিত তেওঁৰ সমস্ত গ্ৰন্থৰ প্ৰতিলিপি পোৱা যায়।৯

সঁহাৰি

সমালোচনা

১৯৯৩ চনত অষ্ট্ৰেলিয়ান বাতৰিকাকত দ্য এডভাৰ্টাইজাৰে দ্য এলকেমিষ্টৰ বিষয়ে এক যোগাত্মক পুনৰীক্ষণ প্ৰকাশ কৰে।১০ তেতিয়াৰ পৰাই উপন্যাসখন উচ্চ প্ৰশংসিত হ'বলৈ ধৰে আৰু ৭৪খন দেশত সৰ্বাধিক বিক্ৰেত গ্ৰন্থত শীৰ্ষত থকাৰ লগতে জাৰ্মানী আৰু ইটালীত সন্মানজনক পুৰস্কাৰ লাভ কৰে।১১১২১৩ দক্ষিণ আফ্ৰিকা, ফিনলেণ্ড, তুৰ্কী আদি দেশৰ পঢ়ুৱৈয়ে গ্ৰন্থখনক "বিমুগ্ধকাৰী কাহিনী", "এক চমকলগা, সৰল বৰ্ণনা" আৰু "এক সুন্দৰ কাহিনী, জীৱনৰ এক ৰূপক" বুলি বৰ্ণনা কৰে।১৪ উইল স্মিথ, জৰ্জ গাৰ্চিয়া আদিৰ দৰে খ্যাতিসম্পন্ন ব্যক্তিয়েও দ্য এলকেমিষ্টৰ প্ৰশংসা কৰে।১৫ কোৱেলহোৰ ইৰাণী প্ৰকাশক এৰাছ হেজাজিয়ে দ্য এলকেমিষ্টক কেইবাটাও কাৰণত অসাধাৰণ বুলি গণ্য কৰে: তেওঁ লক্ষ্য কৰে যে কিতাপখনৰ "জীৱনকাল আশা কৰাতকৈ অধিক... ই প্ৰকাশকালৰ পৰা কিছু বছৰলৈ উচ্চ বাণিজ্যিক বাজেটৰদ্বাৰা পোষিত নাছিল। ইয়াক ফৰাচী নাইবা স্পেনিছত লিখা হোৱা নাছিল। ইয়াৰ সৈতে কোনো চলচ্চিত্ৰ সংযুক্ত হৈ থকা নাছিল আৰু যোগাত্মক সমালোচনাৰে সংবাদ মাধ্যমৰদ্বাৰা প্ৰস্তাৱিত নাছিল, কিন্তু তথাপিও কেৱল মৌখিক প্ৰচাৰকে মূল ব্যৱসায়িক ভিত্তি হিচাপে লৈ ই বিক্ৰী হৈ আছিল। "১৬১৭

গ্ৰন্থখনৰ বিপক্ষে উত্থাপিত হোৱা এক মূল অভিযোগ আছিল যে সাৰগৰ্ভ সৰলতাৰ বাবে খ্যাত সেই কাহিনীটো আচলতে আৰৱীয় এহেজাৰ এনিশাৰ সাধুৰ সংকলনৰ চতুৰ্দশ সাধু দ্য ৰুইনদ মেন হু বিকেম ৰিচ্চ এগেইন থ্ৰু এ ড্ৰিমৰ পুনৰ্কথনহে।১৮ অৱশ্যে কোৱেলহোৱে এই সূত্ৰৰ বিষয়ে কিতাপখনৰ কোনো ঠাইতে অথবা পাতনিত উল্লেখ কৰা নাই।

বাণিজ্যিক

উপন্যাসখনে প্ৰকাশৰ লগে লগেই সৰ্বাধিক বিক্ৰেত গ্ৰন্থৰ মৰ্যাদা পোৱা নাছিল। এক ক্ষুদ্ৰ প্ৰকাশন গোষ্ঠীৰদ্বাৰা প্ৰকাশ পোৱা দ্য এলকেমিষ্ট ইয়াৰ পূৰ্বৱৰ্ত্তী গ্ৰন্থ "দ্য পিলগ্ৰিমেজ"ৰ দৰেই ব্ৰাজিলত এক ধীৰ গতিত বিক্ৰী হৈছিল। দ্য এলকেমিষ্ট ব্যৱসায়িকভাৱে সফল হয় ফ্ৰান্সত য'ত ১৯৯০ চনত উপন্যাসখনে অভাৱনীয়ভাৱে 'বেষ্টছেলাৰ' হিচাপে পৰিগণিত হয়।১৯ সমগ্ৰ বিশ্বতে উপন্যাসখনৰ ৬৫ মিলিয়ন কপিৰ বিক্ৰী হয়।৩ ২০১২ চনৰ ৫ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহান্তত উপন্যাসখনে দ্য নিউয়ৰ্ক টাইমছৰ সৰ্বাধিক বিক্ৰেত গ্ৰন্থৰ তালিকাত ২১২ সপ্তাহ সম্পূৰ্ণ কৰে।২০ গ্ৰন্থখনৰ কেঁচাবন্ধা সংস্কৰণটো কিতাপৰ দোকানসমূহৰ আচবাবত একেদৰেই থাকি যায়।২১

সাংস্কৃতিক প্ৰভাৱ

বোলছবি

কোৱেলহোৱে কয় যে গ্ৰন্থখনৰ স্বত্ব বিক্ৰীৰ বাবে তেওঁ ইচ্ছুক নাছিল। তেওঁ বিশ্বাস কৰিছিল যে পঢ়ুৱৈৰ মনত একোখন গ্ৰন্থৰ জীৱনটো নিহিত হৈ থাকে, আৰু তেওঁ কেতিয়াবাহে এনে মিল (বোলছবিত) পায় যি গ্ৰন্থখনৰ সৈতে সহবাস কৰে। তথাপিও সময়ৰ লগে লগে কোৱেলহোৱে ইয়াৰ সম্ভাৱনাটোক এটা সুযোগ দিবলৈ থিৰাং কৰে।৫

২০০৩ চনত ৱাৰ্ণাৰ ব্ৰাদাৰ্ছ পিকচাৰ্ছে চলচ্চিত্ৰ ৰূপ দিবৰ বাবে দ্য এলকেমিষ্টৰ গ্ৰন্থ স্বত্ব ক্ৰয় কৰে। পিছে চিত্ৰনাট্যৰ কিছু বিসংগতিৰ বাবে২২ ছবিখন নিৰ্মিত নহ'ল। চিত্ৰনাট্যৰ এডোখৰত ১০,০০০ সৈনিকেৰ এক যুদ্ধৰ দৃশ্য আছিল যি বিষয়ক লৈ গ্ৰন্থখন লিখা হোৱা নাছিল।২৩ প্ৰকাশিত বাতৰি মতে দ্য এলকেমিষ্টৰ স্বত্ব পুনঃক্ৰয় কৰিবৰ বাবে কোৱেলহোৱে ৱাৰ্ণাৰ ব্ৰাদাৰ্ছলৈ ২ মিলিয়ন ইউ এছ ডলাৰ আগবঢ়াইছিল।২৪

২০০৮ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত (Cannes Film Festival) হাৰ্ভি ৱেইনষ্টাইনে ( Harvey Weinstein) ঘোষণা কৰে যে তেওঁ নিজে প্ৰযোজক হিচাপে থাকি দ্য এলকেমিষ্টক চলচ্চিত্ৰ ৰূপ দিবৰ বাবে ইয়াৰ স্বত্ব ক্ৰয় কৰিছে। তেওঁ ইয়াকো কয় যে ল'ৰেন্স ফিচবাৰ্নে ( Laurence Fishburne) ইয়াৰ পৰিচালনা কৰাৰ উপৰি নাম ভূমিকাতো অভিনয় কৰিব। বিৱৰণী অনুসৰি ছবিখনৰ বাজেট হ'ব ৬০ মিলিয়ন ডলাৰ। নিজে খুব কমসংখ্যক ছবিৰ পৰিচালনা কৰা ৱেইনষ্টাইনে ব্যক্ত কৰে, "মোৰ আনুগত্য ল'ৰেন্সৰ প্ৰতি নহয়, মোৰ আনুগত্য মোৰ প্ৰতি নহয়, মোৰ আনুগত্য পাওলো কোৱেলহোৰ বাদে আন কাৰো প্ৰতি নহয়। "২৫ কোৱেলহোৱে কয়, "মোৰ গ্ৰন্থখনক মই বিচৰাধৰণে চলচ্চিত্ৰৰ ৰূপ দিয়া হ'ব বাবে মই সুখী আৰু মই আশা কৰোঁ যে মোৰ কৰ্মৰ উদ্যম আৰু সৰলতাক সংৰক্ষিত কৰা হ'ব। মোৰ বন্ধু ল'ৰেন্স ফিচবাৰ্ন আৰু হাৰ্ভি ৱেইনষ্টাইনে একেলগে কাম কৰাক লৈ মই উত্তেজিত হৈছো। "১৩

অন্যান্য মাধ্যম

হাৰ্পাৰকলিনছ গোষ্ঠীৰ হাৰ্পাৰওৱান নামৰ প্ৰকাশনে উপন্যাসখন ফৰাচী শিল্পী মবিয়াছৰ চিত্ৰসম্বলিত এক ৰূপ তৈয়াৰ কৰি উলিয়ায়। কিন্তু ই পূৰ্ণাংগ সচিত্ৰ উপন্যাসৰ বাবে সন্মতি দিবলৈ কোৱেলহোক পতিয়ন নিয়াত ব্যৰ্থ হয়।২৬ ২০১০ চনৰ জুনত হাৰ্পাৰওৱানে ঘোষণা কৰে যে তেওঁলোকে উপন্যাসখনৰ এক সচিত্ৰ ৰূপ দিব। সেইমতেই ২০১০ চনত ডেৰেক ৰুইজৰ পোষকতা আৰু ডেনিয়েল ছেম্পিয়েৰৰ চিত্ৰৰে 'দ্য এলকেমিষ্ট: এ গ্ৰাফিক নভেল' প্ৰকাশিত হয়।

কৰ্ণিছ কালেক্টিভে উপন্যাসখনৰ এক নাট্যৰূপ দিয়ে আৰু সেই সময়লৈকে ই তেওঁলোকৰ সফলতম নিৰ্মাণ হিচাপে পৰিগণিত হয়।২৭ ভাৰতত অশ্বিন গিডৱানী প্ৰডাকচনে প্ৰথমে ইয়াক মঞ্চৰূপ দিয়ে।২৮২৯ ভাৰতত বলিউডৰ অভিনেত্ৰী কাজল আৰু চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে গ্ৰন্থখনৰ নাট্যৰূপ উন্মোচন কৰে।৩০৩১

সংগীত জগততো দ্য এলকেমিষ্টে একে নামৰে অসংখ্য বেণ্ডক অনুপ্ৰাণিত কৰে।২৬ উপন্যাসখনৰদ্বাৰা অনুপ্ৰাণিত হৈ সংগীতকাৰ আৰু নিয়ন্ত্ৰক ছাং জিন হঙৰ বিবাহ অনুষ্ঠানত একক বিশ্ব সমলয়ে (One World Symphony) সৃষ্টি কৰা এক অৰ্কেষ্ট্ৰাৰ প্ৰদৰ্শন অনুষ্ঠিত হয়।৩২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ The Alchemist, ebook. Version 4.7.0. mjBook made by mjSoftware. Vendor mjSoftware
  2. ↑ Pool, Hannah. (2009-03-19). Question time. The Guardian
  3. ↑ Cowles, Gregory. (2009-10-08). Inside the List. The New York Times
  4. ↑ Flanagan, Mark. The Alchemist
  5. ↑ (2008). Interview with Paulo Coelho. Goodreads.com
  6. ↑ Best-Selling Author Turns Piracy into Profit TorrentFreak. May 12, 2008
  7. ↑ The Alchemist Book Preview Google Books.
  8. ↑ Extract from The Alchemist Sant Jordi Associados.
  9. ↑ Pirate Coelho
  10. ↑ Guy, Bill. "BOOKS OF THE YEAR". The Advertiser. December 4, 1993
  11. ↑ Paulo Coelho Biography on PauloCoelho.com
  12. ↑ A Brief History of the Book Saint Jordi Asociados
  13. ↑ The Weinstein Company to Bring 'The Alchemist' to the Big Screen Zoom In Online: Film & TV
  14. ↑ The Alchemist: Reviews on Sant Jordi Associados
  15. ↑ Will Smith Interview Tavis Smiley on PBS. December 13, 2007
  16. ↑ The Alchemy of the Alchemist: How Paulo Coelho became the most translated living author for the same book. Arashhejazi.com
  17. ↑ The Alchemist by Paulo Coelho - Reviews, Discussion, Bookclubs, Lists. Goodreads.com
  18. ↑ The Ruined Man Who Became Rich Again Through A Dream. Sacred-texts.com
  19. ↑ Riding, Alan. (2005-08-30). Paulo Coelho: Writing in a Global Language. The New York Times
  20. ↑ Best Sellers. The New York Times
  21. ↑ Bosman, Julie. (2011-09-26). Best-Selling Author Gives Away His Work. The New York Times
  22. ↑ Fishburne to direct The Alchemist The Guardian. June 27, 2007
  23. ↑ Doland, Angela 'The Alchemist' to be made into movie USA Today. May 18, 2008
  24. ↑ (2008-07-22). Paulo Coelho. The Guardian
  25. ↑ Weinstein to produce 'Alchemist' film adaptation Muzi.com News. May 18, 2008
  26. ↑ Itzkoff, David. (2010-07-06). Graphic Novel of ‘The Alchemist’: Words Into Pictures. The New York Times
  27. ↑ The Cornish Theatre Collective The Alchemist
  28. ↑ The week gone by.. (11 Images). Movies.ndtv.com
  29. ↑ How The Alchemist came alive on theatre. rediff.com
  30. ↑ The week gone by.. (11 Images). Movies.ndtv.com
  31. ↑ (2008-07-14). Kajol and Karan at the launch of The Alchemist. Nowrunning.com
  32. ↑ Schweitzer, Vivien. (2009-09-15). Inspiration From Bjork, ‘The Alchemist’ and the Sea. The New York Times

সম্পৰ্কিত শ্ৰেণী

উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য এলকেমিষ্ট (উপন্যাস)” প্ৰবন্ধৰ সংশোধন ৫৮২৭৪৯ (২৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।