এন আফ্ৰিকান নাইটছ এণ্টাৰটেইনমেণ্ট (ইংৰাজী ভাষা: An African Night's Entertainment) হ’ল নাইজেৰিয়ান লেখক চাইপ্ৰিয়ান একৱেনসিৰ দ্বাৰা ৰচিত ১৯৬২ চনৰ এখন লোককথাভিত্তিক উপন্যাস।১২
কাহিনীভাগ
উপন্যাসখনৰ পটভূমি উত্তৰ নাইজেৰিয়া আৰু এজন বৃদ্ধ কাহিনীকাৰে ইয়াৰ বৰ্ণনা কৰিছে। ইয়াত আবু বাকিৰৰ কাহিনী কোৱা হৈছে। আবু বাকিৰৰ বাগদত্তা আৰু তেওঁৰ জীৱনৰ প্ৰেম জাইনোবে শেষত এজন সন্তানৰ প্ৰয়োজন হোৱা চহকী ব্যৱসায়ী মল্লাম শ্বেলুৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত আবু বাকিৰে প্ৰতিশোধৰ পথ লয়। মল্লাম শ্বেলু আৰু জাইনোবৰ কিয়াউতা নামৰ এজন পুত্ৰ সন্তান লাভ কৰে।
আবুৱে প্ৰতিশোধ লোৱাৰ শপত খায় আৰু কিয়াউটাক মূল্যহীন কৰি তুলিবলৈ এটা তন্ত্ৰ-মন্ত্ৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহৰ উদ্দেশ্যে কেইবাখনো চহৰ আৰু গাঁৱত ঘূৰি ফুৰে (এই প্ৰক্ৰিয়াত তেওঁ চকু আৰু কাণ হেৰুৱায়)। অৱশেষত তেওঁ মন্ত্ৰটো তৈয়াৰ কৰাত সফল হয় আৰু কিয়াউতাৰ ওপৰত প্ৰয়োগ কৰে। কিয়াউতা এজন সমাজবিৰোধী গুণ্ডালৈ ৰূপান্তৰিত হয় আৰু শেষত তেওঁ নিজৰ পিতাকক হত্যা কৰে। কিছু সময়ৰ পিছত, কিয়াউতাৰ ওপৰত মন্ত্ৰৰ প্ৰভাৱ নাইকিয়া হোৱাৰ পিছত তেওঁ নিজেই আবুক হত্যা কৰে।
মূল বিষয়বস্তু
উপন্যাসখনৰ প্ৰধান বিষয়বস্তুসমূহৰ ভিতৰত আছে ইচ্ছা, প্ৰতিশোধ আৰু বাল্যবিবাহ।৩
বিতৰ্ক
উপন্যাসখনক লৈ এক বিতৰ্কৰ সৃষ্টি হৈছিল যেতিয়া ইয়াৰ লেখক চাইপ্ৰিয়ান একৱেনসিৰ বিৰুদ্ধে ১৯৩৪ চনত ৰুপাৰ্ট ইষ্ট আৰু জন টাফিডা উমাৰুৰ দ্বাৰা হাউছা ভাষাত লিখিত উপন্যাস জিকিন মাগায়ী চুৰি (প্লেজিয়াৰিজম) কৰাৰ অভিযোগ উত্থাপিত হৈছিল। অৱশ্যে তেওঁ নিজকে ৰক্ষা কৰি কৈছিল যে এয়া এজন বৃদ্ধ হাউছা মল্লামে তেওঁক কোৱা এটা লোককথাৰ নিজা পুনঃকথনহে।৪৫
তথ্যসূত্ৰ
- ↑ Ekwensi, Cyprian. (1996). An African night's entertainment. John Murray. ISBN 0-7195-7126-X
- ↑ (2018-09-24). Remebering (sic) Cyprian Ekwensi And His Phenomenal Works. The Guardian Nigeria News - Nigeria and World News
- ↑ An African Night Entertainment. Adeboyefa blogspot
- ↑ African Writing Online; Tribute; Remembering Cyprian Ekwensi by Amanze Akpuda. www.african-writing.com
- ↑ (2016-01-18). Could This Be Literary Fraud? Dissecting Cyprian Ekwensi's An African Night Entertainment And John Tafida's Jiki Magayi By Ibrahim Musa. Sahara Reporters
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এন আফ্ৰিকান নাইটছ এণ্টাৰটেইনমেণ্ট” প্ৰবন্ধৰ সংশোধন ৬০২০০৭ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।