অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দ্য টেল অফ গেঞ্জি

দ্য টেল অফ গেঞ্জি (源氏物語; The Tale of Genji) একাদশ শতিকাৰ আগছােৱাত ৰচিত এই প্ৰখ্যাত ৰােমাঞ্চখন জাপানী গদ্য সাহিত্যৰ এখন কালজয়ী গ্ৰন্থ। অতি বৃহৎ আকাৰৰ চৌৱন্নটা অধ্যায় সম্বলিত এই গ্ৰন্থখনিত এজন জাপানী সম্ৰাটৰ কিৰিছুৱা নামৰ উপপত্নীৰ গৰ্ভজাত সন্তান গেঞ্জিৰ জীৱন-যৌৱন,প্ৰেমৰ কাহিনী আৰু তেওঁৰ পিছৰ জীৱনৰ…

হালনাগাদ: ১৯ মে’ ২০২৫ ২২৬ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

দ্য টেল অফ গেঞ্জি (源氏物語; The Tale of Genji) একাদশ শতিকাৰ আগছােৱাত ৰচিত এই প্ৰখ্যাত ৰােমাঞ্চখন জাপানী গদ্য সাহিত্যৰ এখন কালজয়ী গ্ৰন্থ। অতি বৃহৎ আকাৰৰ চৌৱন্নটা অধ্যায় সম্বলিত এই গ্ৰন্থখনিত এজন জাপানী সম্ৰাটৰ কিৰিছুৱা নামৰ উপপত্নীৰ গৰ্ভজাত সন্তান গেঞ্জিৰ জীৱন-যৌৱন,প্ৰেমৰ কাহিনী আৰু তেওঁৰ পিছৰ জীৱনৰ দুখ, বাৰ্ধক্য আৰু তেওঁৰ মৃত্যুৰ পিছত নাতি-নাতিনীয়েকহঁতৰ জীৱনৰ অৱক্ষয়ৰ বৰ্ণনা আছে। ৰাজসভাত ডাঙৰ হােৱা গেঞ্জিয়ে আকৰ্ষণীয় চেহেৰা, সুমিষ্ট ভাষণ,কাব্য আৰু সঙ্গীতত ব্যুৎপত্তিৰ বাবে আটাইৰে প্ৰিয়ভাজন হ’ব পাৰিছিল। তেওঁৰ প্ৰতি সততে আকৰ্ষিত নাৰীসকলৰ সৈতে গেঞ্জিৰ গােপন, অবৈধ সম্পৰ্ক গঢ়ি উঠে। প্ৰেম, মােহ, বন্ধুত্ব আৰু পাৰিবাৰিক জীৱনৰ বিভিন্ন অভিব্যক্তি থকা গ্ৰন্থখনত গেঞ্জিকোঁৱৰৰ জীৱনৰ অন্তিম দশা আৰু নাতি-নাতিনীহঁতৰ অৱক্ষয়ৰ বৰ্ণনাত বৌদ্ধধৰ্মৰ আদৰ্শ অনুসৰি কৰ্মৰ পৰিণতিৰ প্ৰভাৱ লক্ষ্য কৰা যায়। তৎকালীন জাপানী সমাজৰ আঢ্যৱন্ত শ্ৰেণীৰ জীৱনধাৰাৰ চিত্ৰণ, বিভিন্ন চৰিত্ৰৰ চিত্ৰণ আৰু বিকাশ আৰু সমসাময়িক ৰাজপৰিয়ালৰ মাজৰ সংঘাত, প্ৰেম-বাসনা আদিৰ পৰিণতিৰ বৰ্ণনাৰে সমৃদ্ধ গ্ৰন্থখনিক বিশ্ব সাহিত্যৰ প্ৰথম উপন্যাস বুলি কোৱা হয়৷ আজিৰ পৰা প্ৰায় এহেজাৰ বছৰ আগতে এখন সুপৰিকল্পিত,মনােগ্ৰাহী গ্ৰন্থ লিখাৰ দক্ষতা অৰ্জন কৰা লেখকগৰাকীৰ পৰিচয় সম্বন্ধে কিন্তু নিশ্চিত তথ্য পাবলৈ নাই। জাপানৰ অতি প্ৰভাৱশালী ফুজিৱাৰা বংশৰ মুৰাছাকি ছিকিবু নামৰ এগৰাকী সম্ভ্ৰান্ত মহিলাক ইয়াৰ লেখিকা বুলি ভবা হয়। লেখিকাগৰাকীৰ নামটো সম্পৰ্কেও সন্দেহৰ অৱকাশ আছে। পৰৱৰ্তী সময়ত কিতাপখনৰ বিভিন্ন অধ্যায়ৰ ক্ৰমত সম্ভাৱ্য পৰিৱৰ্তন সম্পৰ্কে বা আন লেখকৰদ্বাৰা মূল কাহিনীৰ পৰিৱৰ্ধন সম্পৰ্কেও প্ৰশ্ন উত্থাপিত হৈছে। অৱশ্যে ৰচনাশৈলীৰ একৰূপতাই গ্ৰন্থখন এগৰাকী লেখিকাৰ সৃষ্টি বুলি পতিয়ন নিয়ায়। ‘গেঞ্জি কোঁৱৰৰ সাধু’ নামেৰে গ্ৰন্থখনিৰ এটি সংক্ষিপ্ত অসমীয়া অনুবাদ আগবঢ়াইছে অতুল চন্দ্ৰ হাজৰিকাই।১

তথ্যসূত্ৰ

  1. ↑ বিশ্বকোষ, পঞ্চম খণ্ড, অসম সাহিত্য সভা, পৃ.২৪২ (ক-খ)

সম্পৰ্কিত শ্ৰেণী

গ্ৰন্থউপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য টেল অফ গেঞ্জি” প্ৰবন্ধৰ সংশোধন ৫১০২৭০ (১৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।