অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

হেৰী পটাৰ

হেৰী পটাৰ (Harry Potter) হৈছে ইংৰাজ লেখিকা জে. কে. ৰাউলিঙৰ সাতখন কল্প কাহিনীৰ উপন্যাসৰ শৃংখলা। ৰাউলিঙৰ মতে এই কাহিনীটোৰ ধাৰণাটো প্ৰথমে তেওঁৰ মনলৈ ১৯৯০ চনত এক ৰেলযাত্ৰাৰ সময়ত আহে। কাহিনীৰ নায়ক হৈছে কিশোৰ যাদুকৰ হেৰী পটাৰ আৰু মূল খলনায়ক ক'লা যাদুকৰ ভলডেম'ৰ্ট।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ২,৩২৮ শব্দ · ১৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

হেৰী পটাৰ (Harry Potter) হৈছে ইংৰাজ লেখিকা জে. কে. ৰাউলিঙৰ সাতখন কল্প কাহিনীৰ উপন্যাসৰ শৃংখলা। ৰাউলিঙৰ মতে এই কাহিনীটোৰ ধাৰণাটো প্ৰথমে তেওঁৰ মনলৈ ১৯৯০ চনত এক ৰেলযাত্ৰাৰ সময়ত আহে।১ কাহিনীৰ নায়ক হৈছে কিশোৰ যাদুকৰ হেৰী পটাৰ আৰু মূল খলনায়ক ক'লা যাদুকৰ ভলডেম'ৰ্ট। ইয়াত মূলতঃ হেৰী পটাৰ, তেওঁৰ বন্ধু-বান্ধৱী আৰু সৎ যাদুকৰসকলৰ ভলডেম'ৰ্ট আৰু তেওঁৰ সহযোগী ক'লা যাদুকৰবিলাকৰ বিৰুদ্ধে ৰোমাঞ্চকৰ অভিযান বৰ্ণিত হৈছে। এই শৃংখলাটোত লেখিকাই সাধাৰণ মানুহৰপৰা নিজৰ অস্তিত্ব গোপনে ৰখা এখন যাদু জগতৰ ঘটনাৱলী চিত্ৰন কৰিছে যি যাদুশক্তিৰহিত সাধাৰণ মানুহৰ সমাজকো প্ৰভাৱিত কৰে। প্ৰথমখন গ্ৰন্থ হেৰী পটাৰ এণ্ড দ্য ফিল'চ'ফাৰ্ছ ষ্ট'ন-ত নায়ক হেৰী পটাৰৰ মাক-দেউতাকৰ হত্যা তথা ভলডেম'ৰ্টৰ সাময়িক পতনেৰে গোটেই কাহিনীটো আৰম্ভ হৈছে।২ শেষৰখন গ্ৰন্থ হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জ-ত খলনায়কৰ সম্পূৰ্ণ পতন তথা তাৰ ১৯ বছৰৰ পাছৰ এক সুস্থিৰ পৰিৱেশৰ বৰ্ণনাৰে শেষ হৈছে।৩

১৯৯৭ চনত হেৰী পটাৰ এণ্ড দ্য ফিলোচফাৰ্চ ষ্ট’ন (আমেৰিকাত হেৰী পটাৰ এণ্ড চৰচৰাৰ্চ ষ্ট’ন নামেৰে প্ৰকাশিত) নামৰ এই ছিৰিজৰ প্ৰথম গ্ৰন্থ প্ৰকাশিত হয়। প্ৰকাশিত হোৱাৰ পাছৰ পৰাই এই ছিৰিজৰ গ্ৰন্থসমূহে ৰচনাৰ শৈল্পিক উৎকৰ্ষৰ বাবে সমালোচকসকলৰ কাষত প্ৰশংসিত হৈছে আৰু সমগ্ৰ্ৰবিশ্বৰ পাঠকমহলত তুমুল জনপ্ৰিয়তা আৰু ব্যবসায়িক সাফল্য অৰ্জন কৰিছে।৪ গ্ৰন্থৰ ৰাজ্যৰ সমানেই চিনেমা আৰু ভিডিঅ’ গেমৰ দুনিয়াতো আলোড়ন সৃষ্টি কৰিছে। ২০০৭ চনৰ এপ্ৰিল মাহ পৰ্যন্ত সাতখন গ্ৰন্থৰ প্ৰথম ছখন গ্ৰন্থ সমগ্ৰ পৃথিৱীতে ৩২৫ মিলিয়ন কপিৰো বেছি বিক্ৰী হৈছে৫ আৰু ৬৪টাৰো অধিক ভাষালৈ অনূদিত হৈছে।৬ কেৱলমাত্ৰ বাইবেল আৰু বুক অব মৰমন (মৰমনসকলৰ ধৰ্মগ্ৰন্থ) বাদে আৰু কোনো গ্ৰন্থই এই ৰেকৰ্ড নাই।৭ এই ছিৰিজৰ সপ্তম আৰু সৰ্বশেষ গ্ৰন্থ, হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জ, প্ৰকাশিত হৈছে ২০০৭ চনৰ ২১ জুলাইত।৮ প্ৰকাশসকলে কেবল আমেৰিকা যুক্তৰাষ্ট্ৰতেই গ্ৰন্থখনৰ ৰেকৰ্ড-ভঙ্গকাৰী ১২ মিলিয়ন কপি বিক্ৰিৰ ঘোষনা কৰিছিল।৯

এই গ্ৰন্থৰ সাফল্যই ৰাউলিঙক ইতিহাসত সবাতোকৈ বেছি উপাৰ্জন কৰা লেখকৰ তালিকাত শীৰ্ষস্থান দিছে।১০ গ্ৰন্থসমূহৰ ইংৰাজী সংস্কৰন প্ৰকাশ কৰে ব্লুমচবাৰি যুক্তৰাজ্যত, স্কলাষ্টিক প্ৰেচ যুক্তৰাষ্ট্ৰত, অ্যালেন আৰু আনউইন অষ্ট্ৰেলিয়াত আৰু ৰেইনকোষ্ট বুকচ কানাডাত।

এই পৰ্যন্ত প্ৰথম ছখন গ্ৰন্থৰ কাহিনীক লৈ কৰা ছখন সফল চলচ্চিত্ৰই মুক্তি পাইছে। সৰ্বশেষ গ্ৰন্থ হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জৰ কাহিনীৰ আধাৰত দুই পৰ্ব বিশিষ্ট চলচ্চিত্ৰ নিৰ্মিত হৈছে। ইয়াৰ প্ৰথম পৰ্বটি মুক্তি পাইছে ১৯ নৱেম্বৰ ২০১০ চনত আৰু দ্বিতীয় পৰ্বটি মুক্তি পায় ১৫ জুলাই ২০১১ চনত।১১১২

উৎপত্তি আৰু প্ৰকাশনৰ ইতিহাস

১৯৯০ চনত জে. কে. ৰাউলিং ম্যানচেষ্টাৰৰ পৰা যাত্ৰী কঢ়িওৱা ট্ৰেনত যাত্ৰা কৰোঁতে লণ্ডনলৈ অহাৰ পথত হেৰী পটাৰ গ্ৰন্থৰ ধাৰণাটো তেওঁৰ মনলৈ আহে। তেওঁ এই ঘটনাৰ বৰ্ণনা দিবলৈ গৈ তেওঁৰ ৱেবছাইটত কয় যে১৩

সেই সন্ধ্যাত, লেখিকাই তেওঁৰ প্ৰথম উপন্যাস লিখাৰ-পূৰ্ব পৰিকল্পনাত হাত দিয়ে, হেৰী পটাৰ এণ্ড দ্য ফিলোছফাৰ্চ ষ্ট’ন, এটি অৰ্ধ-পৰিপূৰ্ণ পৰিকল্পনা য’ত আছিল সাতখন গ্ৰন্থৰ কাহিনীৰ ঘটনা, বিভিন্ন ঐতিহাসিক আৰু আত্মজীবনীমূলক তথ্যাবলী,আৰু যাদুৰ দেশ সম্পৰ্কিত বিভিন্ন তথ্য।১৪ শেষ পৰ্যন্ত ৰাউলিঙে পৰ্তুগাললৈ গুচি যায়, য’ত তেওঁ তেওঁৰ প্ৰথম স্বামীক ১৯৯২ চনত বিয়া কৰায়, আৰু ১৯৯৩ চনত তেওঁৰ প্ৰথম সন্তান জেচিকাই জন্মগ্ৰহণ কৰে। এসময়ত তেওঁ ফিলোচফাৰ্চ ষ্ট’নৰ লেখা চলায় গৈছিল। বিবাহ বিচ্ছেদৰ পাছত ৰাউলিঙে তেওঁৰ ছোৱালীক লৈ ব্ৰিটেনলৈ উভতি আহে আৰু এডিনবাৰ্গত তেওঁৰ বায়েকৰ ওচৰাওচৰিকৈ বসবাস কৰিবলৈ আৰম্ভ কৰে। এসময়ত তেওঁ লেখা চলায় গৈছিল এটি কফি হাউচত। সপ্তাহত তেওঁৰ আয় আছিল মাত্ৰ £৯০ (যাৰ মাজত £৭০ আহিছিল সমাজ কল্যাণৰ পৰা) আৰু তেতিয়ালৈ তেওঁ তেওঁৰ ছোৱালীৰ বাবে কোনো নাৰ্চাৰীৰ ব্যবস্থা কৰিব পৰা নাছিল, তেওঁৰ নিদ্ৰামগ্ন শিশু কন্যটি তেওঁৰ লেখাৰ সৰ্বক্ষনৰ সঙ্গী আছিল। ৰাউলিঙে পৰিশ্ৰম কৰি তেওঁৰ লেখা শেষ কৰে যিটো তেওঁ কেতিয়াও শেষ কৰিব নোৱাৰিব বুলি ভয় খাইছিল।

১৯৯৬ চনত হেৰী পটাৰ এণ্ড দ্যা ফিলোচফাচ ষ্ট’ন শেষ হয় আৰু পাণ্ডুলিপিটো এজেণ্টৰ হাতত দিয়া হয়।

দ্বিতীয় এজেণ্ট, ক্ৰিষ্টোফাৰ লিটল, যাৰ মাধ্যমেৰে তেওঁ ইয়াৰ বাবে চেষ্টা কৰে, তেওঁ ৰাউলিংঙক লগে লগেই লিখি জনায় যে পাণ্ডুলিপিটো তেওঁৰ পছন্দ হৈছে আৰু তেওঁ তেওঁক সহায় কৰিব। এজেণ্টে পাণ্ডুলিপিটো ব্লুমচবাৰিলৈ পঠায়।১৫

ব্লুমচবাৰিত, সেই সময়ৰ সৰু এটি প্ৰকাশন প্ৰতিষ্ঠান, ফিলোচফাৰ্চ ষ্ট’ন চেয়াৰম্যান নিগেল নিউটনৰ হাতত পৰে। তেওঁ গ্ৰন্থখনক লৈ বেছি উৎসাহী নাছিল। মি. নিউটনে পাণ্ডুলিপিটো ঘৰলৈ লৈ যায় কিন্তু এইখন পঢ়া নাছিল বৰং তেওঁৰ আঠ বছৰীয়া ছোৱালী এলিচক এইখন পঢ়িবলৈ দিয়ে।১৬ পাণ্ডুলিপিটো পঢ়ি এলিচ নিউটনে আনন্দত আত্মহাৰা হৈ দেউতাকক গ্ৰন্থখন প্ৰকাশ কৰাৰ বাবে তাগিদা দিয়ে। অন্য আঠ প্ৰকাশকে গ্ৰন্থখন প্ৰকাশৰ বাবে অসম্মতি জনোৱাৰ পাছত ব্লুমচবাৰিয়ে ৰাউলিঙক অগ্ৰিম £২,৫০০ ৰ প্ৰস্তাব দিয়ে।

যদিও ৰাউলিঙৰ মতে হেৰী পটাৰ লিখাৰ সময়ত কোনো নিৰ্দিষ্ট বয়সৰ পাঠকৰ কথা তেওঁৰ মনলৈ অহা নাছিল, প্ৰকাশকসকলে প্ৰথমে গ্ৰন্থখনক ১১ বছৰ বয়সীয়া পাঠকৰ উপযোগী হিচাপে ধৰি লয়। গ্ৰন্থখন প্ৰকাশৰ কালত অন্যান্য লেখিকাসকলৰ মতে জোয়ানে ৰাউলিঙক প্ৰকাশকসকলে অন্য লিঙ্গ-নিৰপেক্ষ কোনো ছদ্মনাম ব্যাৱহাৰ কৰিবলৈ কয় যাতে এই বয়সৰ ল’ৰাবোৰ আকৃষ্ট হয় কাৰণ ল’ৰাবোৰে সাধাৰণত নাৰী লিখকৰ গ্ৰন্থ কিনাত আগ্ৰহী নহয়। তেওঁ তেওঁৰ জে. কে. ৰাউলিং নামটো নিৰ্বাচন কৰে (জোয়ান ক্যাথলীন ৰাউলিং)। ক্যাথলিন তেওঁৰ আইতাকৰ নাম।

প্ৰথম হেৰী পটাৰ গ্ৰন্থখন যুক্তৰাজ্যত প্ৰকাশ কৰে ব্লুমচবাৰিয়ে ১৯৯৭ চনৰ জুলাইত আৰু যুক্তৰাষ্ট্ৰত প্ৰকাশ কৰে স্কলাষ্টিক প্ৰেচে ১৯৯৮ চনৰ ছেপ্টেম্বৰত। আমেৰিকাৰ গ্ৰন্থখনৰ বাবে ৰাউলিঙ ছয় অঙ্কৰ ডলাৰ লাভ কৰে –যিটো এখন শিশুতুল্য গ্ৰন্থৰ বাবে অনেক বেছি। কোনো কোনো পাঠক ফিলোচফাৰ বুজাত সমস্যাত পৰিব বা ইয়াৰ লগত যাদুক মিলোৱাত ব্যৰ্থ হব বুলি ভাবি স্কলাষ্টিকে আমেৰিকাৰ সংস্কৰনত গ্ৰন্থৰ নাম পৰিবৰ্তন কৰি হেৰী পটাৰ এণ্ড চৰচৰাৰ্চ ষ্ট’ন ৰাখে।

এই ছিৰিজটোৱে অনেক প্ৰকাশন পুৰস্কাৰ আৰু প্ৰশংসা পাইছে। এইবোৰৰ মাজত, প্ৰথম তিনখন গ্ৰন্থ, হেৰী পটাৰ এণ্ড দ্যা ফিলোচফাৰ্চ ষ্ট’ন, হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অফ ছিক্ৰেটচ আৰু হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অফ আজকাবান, ১৯৯৭, ১৯৯৮, ১৯৯৯ চনত নেচলে স্মাৰ্টিচ বুক প্ৰাইজ পাইছে ৯-১১ বছৰ বয়সৰ শ্ৰেণীত।১৭

২০০০ চনৰ মাজত এই ছিৰিজটোৱ আংশিকভাবে প্ৰকাশকৰ ব্যৱসায়ৰ নীতিৰ কাৰণে আৰু বহুলাংশ পাঠকৰ বিশেষ কৈ তৰুণ ল’ৰা পাঠকৰ কাৰণে হাই-প্ৰোফাইল হিচাপে পৰিগণিত হয়। ২০০০ চনৰ মাজত ভিডিঅ’ গেমচ আৰু ইণ্টাৰনেটৰ কাৰণে গ্ৰন্থৰ আকৰ্ষণ অন্য দিশলৈ গুচি যায়। ৰাউলিঙৰ প্ৰকাশকসকলে দ্ৰুতভাবে এই ছিৰিজৰ তিনখন গ্ৰন্থ প্ৰকাশ কৰি পাঠকৰ মন জয় কৰে আৰু তেওঁলোকক হেৰী পটাৰৰ একান্ত ভক্ত কৰি তুলে। ফলত ছিৰিজটোৰ উত্তেজনা বিন্দুমাত্ৰ নকমি বাঢ়িহে যায়।১৮ মতানৈক্যৰ চৰম মুহূৰ্তত বিপুল মিডিয়া কভাৰেজৰ মাধ্যমত ২০০০ চনত হেৰী পটাৰৰ চতুৰ্থ গ্ৰন্থহেৰী পটাৰ এণ্ড দ্য গবলেট অফ ফায়াৰ প্ৰকাশিত হয়।

২০০১ চনত দুখন সৰু গ্ৰন্থ প্ৰকাশিত হয় - নিউট স্ক্যাম্যাণ্ডাৰ ৰ ফেণ্টাষ্টিক বিষ্টচ এণ্ড হোৱেৰ টু ফাইণ্ড দেম আৰু কেনিলওয়ৰ্থি হুইস্প ৰ কুইদিচ থ্ৰু দ্য এজছ। এই গ্ৰন্থদুখনৰ আয় ব্ৰিটিছ দাতব্য সংস্থা কমিক ৰিলিফ ত জমা হয়। ছিৰিজৰ পৰবৰ্তীকালত দুয়োখন গ্ৰন্থৰ, হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অফ দ্য ফিনিক্স আৰু হেৰী পটাৰ এণ্ড দ্য হাফ-ব্লাড প্ৰিন্স, প্ৰকাশৰ ফলত মতানৈক্য আৰু বাঢ়ি যায়। জনগনে হেৰী পটাৰ গ্ৰন্থ পাবলৈ ইমানেই ব্যাকুল হৈ পৰে যে প্ৰকাশৰ আগেয়েই অনেকে গ্ৰন্থখন চুৰি কৰাৰ চেষ্টা কৰে।

প্ৰায় এক যুগৰ সমান কাল ছিৰিজটোৱ সকলো বয়সৰ অসংখ্য ভক্ত পাইছে, যাৰ ফলত প্ৰতি গ্ৰন্থৰ দুটাকৈ সংস্কৰন উলিওৱা হৈছে - যাৰ গল্প একেই কিন্তু প্ৰচ্ছদ বেলেগ, এটি শিশুসকলৰ উদ্দেশ্যে আনটি বয়স্ক পাঠকৰ উদ্দেশ্যে। ইয়াৰ অনেক অনুবাদৰ কাৰণে সমগ্ৰ বিশ্বতে এইখন জনপ্ৰিয়। অৰ্ডাৰ অফ দ্যা ফিনিক্স গ্ৰন্থখন প্ৰথম ইংৰাজী ভাষাত প্ৰকাশিত গ্ৰন্থ যিখন ফ্ৰান্সৰ বজাৰত সবাতোকৈ বেছি বিক্ৰি হৈছে১৯ ২০০৫ চনত হেৰী পটাৰ এণ্ড দ্যা হাফ-ব্লাড প্ৰিন্স প্ৰকাশৰ পাছত ২৪ ঘণ্টাত গ্ৰন্থখনৰ ৯ মিলিয়ন কপি বিক্ৰি হৈছে আৰু ইয়াৰ জনপ্ৰিয়তা কমাৰ কোনো লক্ষণ দেখা যোৱা নাছিল২০

কাহিনী

কাহিনীৰ সংক্ষিপ্তসাৰ

কাহিনী আৰম্ভ হৈছে জনসাধাৰণৰ কাষৰ পৰা গোপনে থকা যাদুৰ বিশ্বক লৈ। কাহিনী অনুসৰি বিগত অনেক বছৰ ধৰি যাদুৰ বিশ্ব লৰ্ড ভোলডেমৰ্টৰ ভয়ত ভীত-সন্ত্ৰস্ত অবস্থাত ৰৈছে। এদিন ৰাতি ভোলডেমৰ্টে গোপনে থকা পটাৰ পৰিয়ালৰ সন্ধান পায় আৰু লিলি আৰু জেমচ পটাৰক হত্যা কৰে। তথাপি যেতিয়া তেওঁ আভাডা কেডাভ্ৰা বা মৃত্যু অভিশাপ দি হেৰী পটাৰক হত্যা কৰাৰ চেষ্টা কৰে তেতিয়া অভিশাপটো হেৰীৰ কাষৰ পৰা প্ৰতিফলিত হৈ তেওঁৰ ফাললৈ ছিটিকি আহে। ফলত ভোলডেমৰ্ট ধ্বংসপ্ৰাপ্ত হয় আৰু তেওঁ জীবন আৰু মৃত্যুৰ মধ্যবৰ্তী এটি স্থানত উলমি ৰয়। তেওঁ আত্মাৰ দৰে কিবা এটাত পৰিণত হয়। হেৰীৰ কোন ক্ষতি নহ’ল, কেবল তেওঁৰ কপালত এটা গভীৰ কটা দাগ পৰি যায়। ভোলডেমৰ্টৰ কাষৰ পৰা হেৰীৰ ৰহস্যময়ভাবে বাচি যোৱাৰ ঘটনা যাদু সমাজত বিয়পি পৰে আৰু হেৰী "যি ল’ৰাটো বাচিছিল" (The Boy Who Lived) নামেৰে পৰিচিত হয়।

পৰবৰ্তী ৰাতি হেগৰিড নামত এজন যাদুকৰে হেৰীক তেওঁৰ মাহীয়েকৰ ঘৰ পোৱায়গৈ, যিটো পৰৱৰ্তীকালত তেওঁৰ বাসস্থান হয়গৈ। অনাথ হেৰী নিষ্ঠুৰ মাগোল (যাদুকৰ নহয় এওঁলোক) ডাৰ্ছলিৰ আত্মীয়। হেৰীয়ে যাদুশক্তিৰ পৰা ৰক্ষা পোৱাত ডাৰ্ছলিহঁতে হেৰীৰ পৰা তেওঁৰ যাদুকৰ পিতা মাতাৰ কথা লুকুৱাই ৰাখে, আৰু তেওঁৰ লগত যে যাদু বিশ্বৰ সম্পৰ্ক আছে তাকো গোপনে ৰাখে। এইকাৰণে হেৰীৰ মাজত কোনো অসাধাৰণ কোনো গুণ দেখিলে তেওঁলোক হেৰীক শাস্তি দিয়ে।

পৰৱৰ্তীকালত হেৰীৰ এঘাৰতম জন্মদিনত, হেৰীয়ে প্ৰথমবাৰৰ বাবে যাদুৰ বিশ্বৰ কথা জানিব পাৰে, যেতিয়া তেওঁ হগৱাৰ্টচ স্কুল অব ৱিচ্ছক্ৰাফট এণ্ড ৱিজাৰ্ডৰি পৰা নামভৰ্তিৰ চিঠি পায়। অৱশ্যে হেৰীয়ে সেই চিঠি পঢ়িবলৈ নাপায় কাৰণ মহায়েক ভাৰ্ননে তেওঁৰ পৰা চিঠিখন কাঢ়ি নিছিল। এঘাৰতম জন্মদিনত হগৱাৰ্টছৰ পক্ষৰ পৰা হেগৰিডে হেৰীক নিবলৈ আহে। তেতিয়াই হেৰীয়ে জানিব পাৰে যে তেওঁ এজন যাদুকৰ আৰু হগৱাৰ্টছ স্কুললৈ তেওঁক আমন্ত্ৰণ জনোৱা হৈছে। হেৰীয়ে স্কুলত যোগদান কৰে আৰু যাদু বিদ্যা আয়ত্ত্ব কৰে। প্ৰতিখন গ্ৰন্থতে হেৰীৰ স্কুল জীৱনৰ এক এক বছৰৰ বৰ্ণনা থাকে। ইয়াৰ বেছিভাগ অংশতেই হেৰী হগৱাৰ্টছত থকাকালত হোৱা বিভিন্ন এডভেঞ্চাৰ, যাদু বিদ্যা শিকা, বন্ধুসকলৰ লগত আচৰন, ভলডেমৰ্টৰ লগত যুদ্ধ, মানসিক অৱস্থা প্ৰভৃতিৰ বৰ্ণনা থাকে।

মহাবিশ্ব

আমি দেখা পৃথিৱীৰ পৰা হেৰীৰ যাদুৰ পৃথিৱী পৃথকে আৰু গোপনে ৰখা হৈছে। তথাপিও দুই পৃথিৱীৰ মাজত এক নিবিড় যোগসূত্ৰ ৰৈছে। অন্যান্য কল্পকাহিনী যেনে দ্য লৰ্ড অব দ্যা ৰিংছত যাদুৰ পৃথিৱী থাকে ৰহস্যময় অতীতত, কিন্তু হেৰী পটাৰ ছিৰিজৰ যাদুৰ পৃথিৱীয়ে বৰ্তমান পৃথিৱীৰ লগতেই সহাবস্থান কৰিছে। এই যাদু বিশ্বৰ প্ৰায় সকলো যাদুময় প্ৰাণী আৰু বস্তুৰ লগত আমাৰ পৃথিৱীৰ সাধাৰণ যাদুহীন প্ৰাণী আৰু বস্তুৰ মিল লক্ষ্য কৰা যায়। যাদুৰ এই পৃথিৱীৰ অনেক প্ৰতিষ্ঠান আছে যিবোৰ আমাৰ বিভিন্ন পৰিচিত চহৰত অৱস্থিত, যেনে লণ্ডন, যাক আমি আমাৰ পৃথিৱীতে চিনি পাওঁ। এই পৃথিৱীতে আছে অনেক আহল-বহল সুপ্ত ৰাস্তা যাৰ প্ৰবেশপথ আমাৰ পৰিচিত পৃথিৱীত বিভিন্ন প্ৰাচীন মদ্যাশালা, নিৰ্জন প্ৰাসাদ, পৰিত্যক্ত জনপদ প্ৰভৃতিৰ মাজত গোপনে আৰু সযত্নে লুকুৱাই ৰখা হৈছে। সাধাৰণ যাদুবিদ্যাহীন জনগণে ("মাগোল" নামে পৰিচিত) এইবোৰ বিচাৰি নাপায়। যাদুবিদ্যা সম্পৰ্কিত ক্ষমতা জন্মগতভাবেই পোৱা যায়, যি কাৰণত যাদু শিকি যি কোনো ব্যক্তিয়ে যাদুকৰ হব নোৱাৰে। তথাপি যাদুকৰ পিতা-মাতাৰ যাদুৰ গুণাৱলীহীন সন্তান ("স্কুইব" নামে পৰিচিত) আৰু যাদুশক্তিহীন পিতা-মাতাৰ ঘৰত যাদুকৰৰ জন্ম ("মাডব্লাড" নামে পৰিচিত) হব পাৰে। জন্মগত যাদুকৰসকলৰ যাদুবিদ্যা শিক্ষণ আৰু নিয়ন্ত্ৰণ লাভৰ বাবে যাদু শিক্ষাৰ বিদ্যালয়লৈ যাব লাগে। জন্মগতভাবে যাদুকৰ হওক বা নহওক যাদুৰ বিশ্বৰ মানুহৰ বেছিভাগেই মাগল বিশ্ব সম্পৰ্কে অজ্ঞ আৰু এইকাৰণ তেওঁলোকৰ চেহেৰা, পোছাক পৰিচ্ছদ, আচাৰ-আচৰন, ব্যবহৃত বস্তুপাতি মাগল সমাজত উদ্ভট দেখা যায়। তত্‌ সত্ত্বেও যাদুবিশ্ব আৰু ইয়াৰ বিভিন্ন আকৰ্ষণীয় বিষয় ছিৰিজত সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। এই গ্ৰন্থৰ এটি মূল ভাব হৈছে যাদুবিশ্বক আমাৰ চিনাকি বিশ্বেৰ মাধ্যমেৰে চোৱা। গ্ৰন্থত দেখা যায় যাদু বিশ্বত অনেক সমস্যা আছে, আমি আমাৰ সমাজত প্ৰতিনিয়ত যিবোৰৰ মুখামুখি হৈছো।

কাহিনীৰ গঠন আৰু ধৰণ

এই ছিৰিজৰ উপন্যাসসমূহ প্ৰায় কল্পসাহিত্য ধৰণৰ, কোনো কোনো ক্ষেত্ৰত শিক্ষাবিষয়ক উপন্যাসৰ লগত ইয়াৰ মিল পোৱা যায়। বিশেষকৈ য’ত হগৱাৰ্টচৰ কথা কোৱা হৈছে, যিখন এখন ব্ৰিটিছ স্কুল আৰু যাৰ পাঠ্যক্ৰমত যাদুৰ বিভিন্ন ব্যৱহাৰ অন্তুৰ্ভুক্ত কৰা হৈছে। এই অৰ্থত থমাচ হিউগচৰ টম ব্ৰাউন'চ স্কুল ডেজ উপন্যাসৰ লগত ইয়াৰ মিল পোৱা যায়।২১ গ্ৰন্থখনত ষ্টিফেন কিংৰ ভাষাত ৰহস্যময় গল্প,২২ আৰু প্ৰতিখন গ্ৰন্থ ছাৰ্লক হ’ম্‌ছ ছিৰিজৰ দৰে ৰচনাৰ ঢং লক্ষ্য কৰা যায়। গ্ৰন্থখনৰ বৰ্ণনাত বিভিন্ন ঘটনাৰ সূত্ৰ লুকাই থাকে আৰু উপন্যাসৰ চৰিত্ৰবোৰে বিভিন্ন স্থানত বিভিন্ন ব্যক্তিক সন্দেহজনক ব্যক্তিৰ তালিকাত ৰাখে আৰু কাহিনীৰ শেষৰ ফালে ঘটনাৰ মোৰ একদম ঘূৰি যায়। গ্ৰন্থখন তৃতীয় পুৰুষৰ ভাষাত লিখা; তথাপি কিছু কিছু ঠাইত ইয়াৰ ব্যতিক্ৰম ৰৈছে (যেনে গবলেট অব ফায়াৰ, ফিলচ'ফাৰ্চ ষ্ট’ন আৰু হাফ ব্লাড প্ৰিন্সৰ আৰম্ভণিৰ ফালৰ কিছু অধ্যায়ত)। ঘটনাৰ গোপনীয়তাবোৰ পাঠকে তেতিয়াহে জানিব পাৰে যেতিয়া হেৰীয়ে তাক জানিব পাৰে। প্ৰধান চৰিত্ৰ হাৰমাইনি আৰু ৰন সহ অন্যান্য চৰিত্ৰৰ চিন্তা-চেতনা হেৰীৰ কাষত প্ৰকাশৰ আগমুহূৰ্ত পৰ্যন্ত পাঠকৰ কাষত গোপনে থাকে।

গ্ৰন্থখনে কিছু নিৰ্দিষ্ট চিৰাচৰিত নিয়ম মানি চলে। প্ৰতিখন গ্ৰন্থৰে সময়সীমা থাকে এবছৰ আৰু প্ৰতিখন গ্ৰন্থৰ আৰম্ভণিতে হেৰীয়ে মাগোল দুনিয়াত তেওঁৰ পেহা-পেহীয়েক ডাৰ্চলি পৰিয়ালৰ লগত থাকে। পাছত হেৰীয়ে যাদুৰ দুনিয়াত ডায়াগন এলি, ৱিজলীহঁ‌তৰ ঘৰ অথবা বাৰ নম্বৰ, গ্ৰিমল্ড প্লেচ এলেকালৈ যায়। ইয়াৰ পাছত বিদ্যালয়ৰ ৰেলগাড়ীত তেওঁ হগৱাৰ্টচলৈ উভতি আহে। হগওয়াৰ্টচলৈ অহাৰ পাছত কাহিনীয়ে পৰিপক্বতা লাভ কৰে আৰু অন্যান্য চৰিত্ৰ বৰ্ণনালৈ আহে। প্ৰতি গ্ৰন্থতেই দেখা যায় বিদ্যালয়ত পাঠদানৰ সময়ত কঠিন ৰচনা, কষ্টসাধ্য যাদু, অসহনশীল শিক্ষকৰ লগত হেৰীৰ মানসিক যুদ্ধ। ঘটনাৰ শেষ হয় তেতিয়া যেতিয়া হেৰীৰ হাতত ভোলডেমৰ্ট পৰাস্ত হয় আৰু অ্যালবাচ ডাম্বলডোৰে হেৰীক কাহিনীৰ বিভিন্ন তাৎপৰ্য ব্যাখ্যা কৰে।

যাদুবিশ্বৰ বিভিন্ন উপাদান

তেজৰ বিশুদ্ধতা: সাধাৰণ যাদুকৰসকলে মাগোলসকলক নিম্নস্তৰৰ মানুহ হিচাপে সন্দেহৰ চকুৰে চায়, আৰু কিছু যাদুকৰৰ বাবে এই আচৰণ চৰম গোঁড়ামিত পৰিণত হৈছে। এই ধৰণৰ চৰিত্ৰৰ লোকসকল নিজৰ পূৰ্বপুৰুষৰ তেজৰ বিশুদ্ধতাক লৈ গৰ্ব প্ৰকাশ কৰে আৰু নিজকে উচ্চখাপৰ মানুহ বা "পিওৰ ব্লাড" হিচাপে গণ্য কৰে, তেওঁলোকৰ পাছত স্থানে থাকে "হাফ-ব্লাড" যাদুকৰ (যিসকলৰ পিতামাতাৰ এজন যাদুকৰ অন্যজন মাগল) আৰু সৰ্বনিন্মত থাকে "মাগল-বৰ্ণ" (যিসকলৰ পূৰ্বপুৰুষ কোনো যাদুকৰ নাছিল)। বিশুদ্ধ তেজৰ সমৰ্থক যাদুকৰসকলে ভাবে যাদু বিশ্বৰ সকলো ক্ষমতা আৰু নিয়ন্ত্ৰণ কেবল তেওঁলোকৰ হাততেই থকা উচিত আৰু মাগল পিতামাতাৰ যাদুকসকল আচল যাদুকৰ নহয়। কোনো কোনোৱ আকৌ চৰম গোড়ামিৰ কাৰণে ভাবে তেওঁলোকক যাদুবিদ্যা শিকিবলৈ দিয়াই উচিত নহয়। অধিকাংশ বিশুদ্ধ তেজৰ সমৰ্থক শ্ৰেণীৰ যাদুকৰ নিজেই বিশুদ্ধ তেজৰ অধিকাৰী, কিন্তু কলাযাদুৰ ভয়ঙ্কৰতম যাদুকৰ ভোলডেমৰ্ট নিজে এজন হাফ-ব্লাড হয়ো বিশুদ্ধ তেজৰ তত্ত্বৰ সমৰ্থক। তথাপি যাদু বিশ্বৰ অনেক কম পৰিয়ালেই বিশুদ্ধ তেজৰ অধিকাৰী, কিয়নো বংশ ৰক্ষাৰ খাতিৰতে এওঁলোকৰ অনেকে এনে কাৰোবাক বিয়া কৰাইছ যাৰ পূৰ্বপুৰুষৰ অন্তত: এজন অবিশুদ্ধ তেজৰ যাদুকৰ আছিল। এনে এক বিশুদ্ধ তেজৰ পৰিয়ালৰ বিলুপ্তি ঘটিছে হেৰী পটাৰ ছিৰিজৰ পঞ্চম গ্ৰন্থত, য’ত "ব্লেক পৰিয়ালৰ" সৰ্বশেষ উত্তৰাধিকাৰী চিৰিয়াছ ব্লেকৰ মৃত্যু হয়।

ফেঁচা: যাদুবিশ্বৰ সবাতোকৈ সাধাৰণ প্ৰতীকৰ এটি হৈছে ফেঁচা। প্ৰথম উপন্যাসৰ পৰাই ইয়াৰ উপস্থিতি লক্ষ্য কৰা যায়। বিভিন্ন গ্ৰন্থত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আমাৰ বিশ্বত যিদৰে পাৰৰ দ্বাৰা চিঠিপত্ৰ বিলি কৰা হৈছিল, সেইধৰণে যাদুবিশ্বত ফেঁচাৰ মাধ্যমেৰে চিঠিসহ বিভিন্ন বস্তু পৰিবহণ কৰা হয়। এইবোৰক পোহনীয়া প্ৰাণী হিচাপেও ব্যবহাৰ কৰা হয়। হেৰীৰ এটি বৰফৰ দৰে বগা ফেঁচা আছে যাৰ নাম হেডউইগ।

হগৱাৰ্টচ হাউচ: বিভিন্ন আবাসিক বিদ্যালয়ৰ দৰে হগৱাৰ্টচো চাৰিটা হাউচত বিভক্ত, যিবোৰৰ নাম সেইবোৰৰৰ প্ৰতিষ্ঠাতাৰ নামেৰে নামকৰণ কৰা হৈছে। বিদ্যালয়ত এটি বাছনি টুপী আছে যিটোৱে শিক্ষাৰ্থীৰ বিভিন্ন গুণাৱলী বিচাৰ কৰি বিদ্যালয়ৰ প্ৰথম বৰ্ষতেই তেওঁলোকক বিভিন্ন হাউচত ভাগ ভাগ কৰি দিয়ে। হাউচবোৰ হৈছে গ্ৰিফিণ্ডৰ, গডৰিক গ্ৰিফিণ্ডৰৰ নামেৰে, যিটোৱে সাহসীসকলৰ মূল্যায়ন কৰে; ৰেভেনক্ল, ৰোয়েনা ৰেভেনক্লৰ নামেৰে, যিটোৱে বুদ্ধিমত্তাক প্ৰাধান্য দিয়ে; হাফলপাফ, হেলগা হাফলপাফৰ নামেৰে যিটোৱে নিষ্কলুষতা আৰু বিশ্বাসক প্ৰাধান্য দিয়ে; আৰু শ্লিদেৰিন, চালাজাৰ শ্লিদেৰিনৰ নামেৰে, যিটোত উচ্চাকাংখা তেজৰ বিশুদ্ধতাক প্ৰাধান্য দিয়ে। বিদ্যালয়ত পঢ়িবলৈ অহাৰ পাছত হেৰীয়ে তেওঁৰ সবাতোকৈ কাষৰ দুই বন্ধু ৰন আৰু হাৰমাইনিৰ লগত গ্ৰিফিণ্ডৰ হাউচৰ সদস্য মনোনীত হয়।

কুইডিচ: যাদুবিশ্বৰ জনপ্ৰিয়তম খেলা কুইডিচ। ঝাড়ুৰ ওপৰত উঠি বতাহত উৰি এই খেল খেলা হয়। কুইডিচৰ খেলাৰ ধৰণ প’লো আৰু ফুটবলৰ লগত কিছুদূৰ মিলে। হেৰী খুব ভাল এজন কুইডিচ খেলুৱৈ যি গ্ৰিফিণ্ডৰৰ হৈ বেছ কেইবাখনো খেলত জয়লাভ কাঢ়ি আনিছে। হেৰীয়ে খেলত চকাৰ হিচাপে খেলে যাৰ প্ৰধান কাম হৈছে সোণালী স্নিচ্চ ধৰা। লি জৰ্ডান স্কুলৰ পৰা বাহিৰ হৈ যোৱাৰ আগেয়ে সমস্ত কুইডিচ খেলৰ ধাৰাবিৱৰণীৰ দায়িত্ব তেওঁৰ ওপৰতেই আছিল। ছিৰিজৰ গ্ৰন্থসমূহৰ মাজত কেবলমাত্ৰ সপ্তম গ্ৰন্থতহে কুইডিচৰ উল্লেখ নাই।২৩

গ্ৰন্থসমূহ

  1. হেৰী পটাৰ এণ্ড দ্য ফিল'চ'ফাৰ্ছ ষ্ট'ন (আমেৰিকা যুক্তৰাষ্ট্ৰত হেৰী পটাৰ এণ্ড দ্য ছৰ্চাৰাৰ্চ ষ্ট'ন)
  2. হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অফ্ ছিক্ৰেট্চ
  3. হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অফ্ আজকাবান
  4. হেৰী পটাৰ এণ্ড দ্য গবলেট অফ্ ফায়াৰ
  5. হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অফ্ ফিনিক্স
  6. হেৰী পটাৰ এণ্ড দ্য হাফ ব্লাড প্ৰিন্স
  7. হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জ

বাহ্যিক সংযোগ

প্ৰাতিষ্ঠানিক ৱেবছাইট

অন্যান্য আকৰ্ষণীয় সংযোগসমূহ

তথ্যসূত্ৰ

  1. ↑ jkrowling.com_official{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} website of J.K. Rowling
  2. ↑ Harry Potter and The Philosopher's Stone_Ebook_http://mobile9.com
  3. ↑ Harry Potter and The Deathly Hallows_Ebook_http://mobile9.com
  4. ↑ Allsobrook, Dr. Marian. (2003-06-18). Potter's place in the literary canon. BBC
  5. ↑ Dearbáil Jordan. (2007). Time comes for Harry to fly to the rescue. Times UK
  6. ↑ Rowling, JK. J.K.Rowling Official Site - Harry Potter and more: Acknowledgements
  7. ↑ Wizard revisited
  8. ↑ Publication Date for Harry Potter and the Deathly Hallows. Joanne Rowling
  9. ↑ McLaren, Elsa. (2007-03-15). Harry Potter's final adventure to get record print run. The Times
  10. ↑ Watson, Julie and Kellner, Tomas. "J.K. Rowling And The Billion-Dollar Empire". Forbes.com, 26 February 2004. Accessed 19 March 2006
  11. ↑ (25 April 2008). Release Date Set for Harry Potter 7: Part I. Comingsoon.net
  12. ↑ (24 February 2009). WB Sets Lots of New Release Dates!. Comingsoon.net
  13. ↑ Rowling, J.K. Biography. JKRowling.com
  14. ↑ (October 12, 1999). J.K. Rowling interview transcript, The Connection. Quick Quote Quill
  15. ↑ (July 12, 1999). "Spell Binder" People Magazine. Quick Quotes Quill
  16. ↑ (July 3, 2005). Revealed: The eight-year-old girl who saved Harry Potter. New Zeland Herald
  17. ↑ (May 21, 2006). Past winners. Nestle Smarties Prize
  18. ↑ (Jul 12, 1999). Books' Hero Wins Young Minds. New York Times
  19. ↑ (July 1, 2003). OOTP is best seller in France - in English!. BBC
  20. ↑ (July 18, 2005). Potter book smashes sales records. BBC
  21. ↑ "J. K. Rowling" by Leslie Ellen Jones, NoveList/EBSCO Publishing, 2003, retrieved September 9, 2005
  22. ↑ (July 23, 2000). "Wild About Harry". New York Times
  23. ↑ Accio Quote: Luna commentated last Quidditch match

সম্পৰ্কিত শ্ৰেণী

হেৰী পটাৰউপন্যাসগ্ৰন্থ শৃংখলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেৰী পটাৰ” প্ৰবন্ধৰ সংশোধন ৬৪০৩৪২ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।