অগ্ৰগামিনী হৈছে নিৰুপমা বৰগোহাঞি ৰচিত এখন জীৱনীমূলক উপন্যাস। উপন্যাসখন ইন্দিৰা মিৰিৰ জীৱনৰ আধাৰত ৰচিত। অসমীয়া সাহিত্যত ইন্দিৰা মিৰিৰ জীৱনৰ আধাৰত ৰচিত এইখন প্ৰথম উপন্যাস। অসমৰ শৈক্ষিক ক্ষেত্ৰলৈ নিজৰ কঠোৰ পৰিশ্ৰম আৰু ত্য়াগেৰে অৱদান আগবঢ়াই যোৱা মিৰিৰ জীৱন প্ৰতিগৰাকী নাৰীৰ বাবে এক আদৰ্শ।১ ১৯১০-১৯৬০ চনলৈকে অসমীয়া সমাজ, নেফাৰ সমাজ, বিভিন্ন অঞ্চল আৰু জনজাতিসকলৰ জীৱন যাত্ৰা, আৱেগ-অনুভূতি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তেতিয়াৰ পৰিৱেশ সকলো প্ৰাঞ্জল ভাষাৰে বৰ্ণনা কৰিছে।২ উপন্যাসখন গ্ৰন্থ আকাৰে প্ৰকাশ হোৱাৰ পূৰ্বে গৰীয়সী আলোচনীৰ পাতত প্ৰকাশ হৈছিল।৩
লেখিকাৰ পৰিচয়
অসমীয়া সাহিত্যৰ উপন্যাস আৰু গল্পৰ ধাৰা দুটাক নিজৰ সাহিত্যৰাজিৰে সমৃদ্ধ কৰি তোলাত অৰিহণা যোগোৱা সাহিত্যিকসকলৰ ভিতৰত নিৰুপমা বৰগোহাঞি উল্লেখযোগ্য।
গ্ৰন্থখনৰ সংক্ষিপ্ত বিৱৰণ
অকালতে বৈধব্য জীৱন আদৰিব লগা হোৱা মিৰিয়ে জীৱনৰ প্ৰত্যাহবানক নেওচি অসমৰ বৌদ্ধিক জগতখনক কিদৰে উন্নতিৰ পথত আগবঢ়াই থৈ গৈছে সেই সম্পৰ্কে উপন্যাসখনত উল্লেখ আছে। বিশেষকৈ পূৰ্বৰ নেফা আৰু বৰ্তমানৰ অৰুণাচল প্ৰদেশত তেওঁ যি শৈক্ষিক আন্দোলনৰ সূচনা কৰিছিল সেই কাৰ্যৰ বাবে তেওঁ সদায় অসমৰ ইতিহাসত সাহসী তিৰোতা হিচাপে উজ্বলি আছে ৷৪ বিংশ শতিকাৰ সেই সময়চোৱাত নেফাৰ পৰিৱেশ অতি দুৰ্গম আৰু ঘন জংঘলেৰে আবৃত আছিল। অঞ্চলসমূহত থকা যাতায়তৰ অসুবিধাকে ধৰি আন বহুতো সমস্য়াৰ বাবে আন ঠাইৰ মানুহ তালৈ যাবলৈ সন্মত নহয়। কাৰণ পৃথিৱীৰ কোনো ঠাইৰ সৈতে সংযোগ নৰখা নেফাৰ ভিতৰুৱা ঠাইৰ মানুহবোৰ কেৱল নিজৰ ভাষা-সংস্কৃতি আৰু নিজৰ ঠাইৰ মানুহৰ বাদে আন মানুহৰ সংশ্ৰৱত অহা নাছিল ফলত সহজে তেওঁলোকে আন ঠাইৰ মানুহক আকোঁৱালি লব নিবিচাৰে। তেনে এখন ঠাইত জীৱনটো হাতত লৈ মিৰিয়ে শিক্ষাৰ পোহৰ বিলোৱাৰ দায়িত্ব গ্ৰহণ কৰি যি ধৰণৰ শ্ৰদ্ধা আৰু কৰ্তব্যনিষ্ঠাৰে কাম কৰিছিল তেওঁক জনজাতীয় লোকসকলে আপোন কৰি লবলৈ বাধ্য হৈ পৰে। মিৰিৰ এই সাহস আৰু ত্যাগ প্ৰতিগৰাকী অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। তেওঁৰ এই অৱদান, ত্যাগ আৰু সংগ্ৰামৰ কাহিনী উপন্য়াসখনত দোখিবলৈ পোৱা গৈছে।৫ উপন্যাসখনত মিৰিৰ জীৱন সংগ্ৰামৰ সমান্তৰালকৈ অসম আৰু অৰুণাচল প্ৰদেশৰ সামগ্ৰিক দিশৰ প্ৰকাশ দেখিবলৈ পোৱা যায়।
তথ্যসূত্ৰ
- ↑ ৰাজখোৱা, অজন্তা. (জানুৱাৰী, ২০২২). ১২ অসাধাৰণ অসমীয়া নাৰী. গুৱাহাটী ফাউণ্ডেচন. পৃ. ৪৫-৫১
- ↑ দত্ত, জয়ন্ত, গীতাশ্ৰী শইকীয়া(সম্পা.). (জানুৱাৰী, ২০২০). একবিংশ শতিকাৰ অসমীয়া উপন্যাস. অসম বুক ট্ৰাষ্ট
- ↑ বৰগোহাঞি, নিৰুপমা. (নৱেম্বৰ, ২০২২). অগ্ৰগামিনী. ষ্টুডেন্টচ্ ষ্টৰচ্
- ↑ ৰাজখোৱা, অজন্তা. (জানুৱাৰী, ২০২২). ১২ অসাধাৰণ অসমীয়া নাৰী. গুৱাহাটী ফাউণ্ডেচন. পৃ. ৪৫-৫১
- ↑ বৰগোহাঞি, নিৰুপমা. (নৱেম্বৰ, ২০২২). অগ্ৰগামিনী. ষ্টুডেন্টচ্ ষ্টৰচ্
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অগ্ৰগামিনী” প্ৰবন্ধৰ সংশোধন ৪৪২৫৫৯ (৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।