অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ৰবিনছন ক্ৰুছো

ৰবিনছন ক্ৰুছো (Robinson Crusoe) হৈছে প্ৰখ্যাত ইংৰাজ ঔপন্যাসিক আৰু সাংবাদিক ডেনিয়েল ডিফোৰ দ্বাৰা ৰচিত এখন উপন্যাস। এই উপন্যাসখন ২৫ এপ্ৰিল ১৭১৯ চনত প্ৰথম প্ৰকাশ পায়। উপন্যাসখনৰ নায়ক ৰবিনছন ক্ৰুছোক বহুতো পাঠকে সঁচা ভ্ৰমণকাৰী ব্যক্তি বুলি বিশ্বাস কৰিছিল।

হালনাগাদ: ৪ ছেপ্তেম্বৰ ২০২৫ ২২৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰবিনছন ক্ৰুছো (Robinson Crusoe) হৈছে প্ৰখ্যাত ইংৰাজ ঔপন্যাসিক আৰু সাংবাদিক ডেনিয়েল ডিফোৰ দ্বাৰা ৰচিত এখন উপন্যাস। এই উপন্যাসখন ২৫ এপ্ৰিল ১৭১৯ চনত প্ৰথম প্ৰকাশ পায়। উপন্যাসখনৰ নায়ক ৰবিনছন ক্ৰুছোক বহুতো পাঠকে সঁচা ভ্ৰমণকাৰী ব্যক্তি বুলি বিশ্বাস কৰিছিল।১

পত্ৰ-পত্ৰিকা, স্বীকাৰোক্তিমূলক আৰু প্ৰবন্ধবাদী গ্ৰন্থখনৰ শিৰোনামৰ নায়কজন (জন্মৰ নাম ৰবিনছন ক্ৰেউট্‌জনায়াৰ (Robinson Kreutznaer)) ভেনেজুৱেলা আৰু ত্ৰিনিদাদ উপকূলৰ নিকটবৰ্তী এটি দ্বীপত আঠাইশ বছৰ দুই মাহ আৰু ঊনৈশ দিন ধৰি বন্দী হৈ আছিল।

কাহিনীটো আলেকজেণ্ডাৰ চেলকিৰ্ক (Alexander Selkirk)-ৰ জীৱনৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা বুলি ভবা হয়। তেওঁ স্কটিচ প্ৰান্তৰ আছিল। যিয়ে চাৰি বছৰ ধৰি মাচ এ টায়ৰ্ৰা (Más a Tierra) নামৰ প্ৰশান্ত মহাসাগৰীয় দ্বীপ এটাত আছিল, ই বৰ্তমান চিলিৰ অন্তৰ্গত। ইয়াক ১৯৬৬ চনত ৰবিনছন ক্ৰুছো দ্বীপ (Robinson Crusoe Island) নামেৰে পুনঃনামকৰণ কৰে।২

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: ডেনিয়েল ডিফো

১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত জন্ম গ্ৰহণ কৰা ডেনিয়েল ডিফো একাধাৰে সাহিত্যিক, সাংবাদিক, ৰাজনীতিবিদ, ব্যৱসায়ী, চোৰাংচোৱা আৰু অৰ্থনীতিবিদ আছিল।৩ তেওঁৰ বিখ্যাত উপন্যাসসমূহৰ ভিতৰত 'ৰবিনছন ক্ৰুছো'ই তেওঁক অমৰ কৰি ৰাখিছে।৩

১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত তেওঁৰ জন্ম হয়। ডেনিয়েল ডিফোৰ দেউতাকৰ নাম আছিল জেমছ্‌ ফ’ (James Foe)।৩ তেওঁৰ জন্মসূত্ৰে তথা প্ৰকৃত নাম আছিল ডেনিয়েল ফ’ (Daniel Foe)। তেওঁ ১৬৮৪ চনত এজন ধনী সদাগৰৰ জীয়েক মেৰী টাফ্‌লিক বিয়া কৰায়। ডেনিয়েল ডিফোৰ বয়স ১০ বছৰ হওঁতে তেওঁৰ মাক আনি ফ’ (Annie Foe)-ৰ মৃত্যু হয়।

১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত জন্মগ্ৰহণ কৰা ডেনিয়েল ডিফোৰ মৃত্যু হয় লণ্ডনত ১৭৩১ চনৰ ২৪ এপ্ৰিল তাৰিখে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Heitman, Danny. Fiction as Authentic as Fact. wsj.com
  2. ↑ Severin, Tim, In search of Robinson Crusoe, New York: Basic Books, 2002, pp. 23–24
  3. ↑ Daniel Defoe. biography.com

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী গ্ৰন্থউপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবিনছন ক্ৰুছো” প্ৰবন্ধৰ সংশোধন ৫৩৭১৯৪ (৪ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।