অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অনিমেষ চতুষ্ক (উপন্যাস)

অনিমেষ চতুষ্ক (Animesh quartet) হ'ল প্ৰখ্যাত বাঙালী সাহিত্যিক সমৰেশ মজুমদাৰৰ দ্বাৰা ৰচিত চাৰিখন উপন্যাসৰ একত্ৰ সংকলন। চাৰিখন উপন্যাস হ'ল উত্তৰাধিকাৰ, কালবেলা, কালপুৰুষ এবং মৌষলকাল। গৌতম ঘোষে কালবেলা উপন্যাসখনক লৈ এখন বোলছবি নিৰ্মাণ কৰিছে।

হালনাগাদ: ১২ জুলাই ২০২৬ ২৮০ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

অনিমেষ চতুষ্ক (Animesh quartet) হ'ল প্ৰখ্যাত বাঙালী সাহিত্যিক সমৰেশ মজুমদাৰৰ দ্বাৰা ৰচিত চাৰিখন উপন্যাসৰ একত্ৰ সংকলন।১২৩ চাৰিখন উপন্যাস হ'ল উত্তৰাধিকাৰ, কালবেলা, কালপুৰুষ এবং মৌষলকাল। গৌতম ঘোষে কালবেলা উপন্যাসখনক লৈ এখন বোলছবি নিৰ্মাণ কৰিছে।৪

কাহিনী

চি‍ৰিজৰ প্ৰধান চৰিত্ৰ অনিমেষ মিত্ৰ, তেওঁ ডুৱাৰ্চত ডাঙৰ-দীঘল হৈছে। পৰৱৰ্তীকালত তেওঁৰ ককাক সৰিৎশেখৰ মিত্ৰই জলপাইগুড়ি চহৰত ঘৰ-দুৱাৰ তেওঁ তাতেই পঢ়া-শুনা কৰে। ১৯৬০ চনত পঢ়া-শুনা কৰিবলৈ কলকাতালৈ আহিয়েই আৰক্ষীৰ গুলীত আহত হয়। পৰৱৰ্তীকালত এবছৰৰ পাছত স্কটিছ চাৰ্চ কলেজত ভৰ্তি হয়। ইয়াৰ পাছত কিছুদিন চি পি এমৰ লগত জডি়ত থকাৰ পাছত মতাদৰ্শগত মতানৈক্যৰ বাবে তেওঁ নক্সাল আন্দোলনত যোগদান কৰে। ইয়াৰ মাজতে মাধৱীলতাৰ সৈতে তেওঁৰ পৰিচয় হয়। ইজন সিজনৰ প্ৰেমত পৰে। পাছত নক্সালবাদী আন্দোলনৰ বাবে অনিমেষক গ্ৰেপ্তাৰ কৰা হয়। কাৰাগাৰত তেওঁৰ ওপৰত তীব্ৰ অত্যাচাৰ কৰা হৈছিল আৰু ফলস্বৰূপে তেওঁ খোজ কঢ়াৰ ক্ষমতা হেৰুৱাই পেলাইছিল।

পৰৱৰ্তী সময়ত চিপিএম ক্ষমতালৈ অহাত তেওঁলোকক মুকলি কৰি দিয়া হৈছিল। মাধৱীলতাই অনিমেষক বস্তিৰ ঘৰলৈ লৈ যায়। তাতেই মাধৱীলতা, অনিমেশ আৰু তেওঁলোকৰ সন্তান অৰ্ক বাস কৰিছিল। পৰবৰ্তী কাহিনীত অৰ্কই অন্যতম ভূমিকা পালন কৰিছে।

তিনিখন উপন্যাসত লেখকে নিজৰ জীৱন দৰ্শনৰ আধাৰত সমসাময়িক ৰাজনৈতিক পৰিঘটনা উন্মোচন কৰিছে।৫৬

মুখ্য চৰিত্ৰ

  • অনিমেষ মিত্ৰ
  • মাধৱীলতা
  • অৰ্ক মিত্ৰ
  • সৰিৎশেখৰ মিত্ৰ
  • মহীতোষ মিত্ৰ
  • ছোটমা
  • পিসিমা

সময়ক্ৰম

১৯৭৯ চনৰ পৰা ১৯৮৯ চনৰ ভিতৰত প্ৰথম তিনিখন উপন্যাস - উত্তৰাধিকাৰ, কালবেলা আৰু কালপুৰুষ প্ৰকাশ পাইছিল। বিখ্যাত সাহিত্য আলোচনী দেশ পত্ৰিকাত ধাৰাবাহিকভাৱে প্ৰকাশিত কালবেলাৰ বাবে তেওঁ সাহিত্য অকাডেমীৰ বঁটা লাভ কৰে। চিৰিজৰ শেষৰখন গ্ৰন্থ মৌষলকাল ২০১৩ চনত প্ৰকাশ পাইছিল। মমতা বন্দ্যোপাধ্যায়ৰ তৃণমূল কংগ্ৰেছ দলে‍ দীৰ্ঘদিন ক্ষমতাত থকা চিপিএম দলক উৎখাত কৰাৰ পাছত তেওঁ এই গ্ৰন্থখন লিখিছিল।৬

অনিমেষ চতুষ্কক সমৰেশ মজুমদাৰৰ শ্ৰেষ্ঠ কৰ্ম আৰু সমকালীন বাংলা সাহিত্যৰ অন্যতম গুৰুত্বপূৰ্ণ অৱদান হিচাপে‍ ধৰা হয়।৫

চলচ্চিত্ৰ

প্ৰখ্যাত পৰিচালক গৌতম ঘোষে ২০০৯ চনত কালবেলা উপন্যাসখনৰ আধাৰত এখন বোলছবি নিৰ্মাণ কৰিছিল। ইয়াত অনিমেষৰ চৰিত্ৰত পৰমব্ৰত চট্টোপাধ্যায় আৰু মাধৱীলতাৰ চৰিত্ৰত পাওলি দামে অভিনয় কৰিছিল।৪

চতুষ্ক

  • উত্তৰাধিকাৰ
  • কালবেলা
  • কালপুৰুষ
  • মৌষলকাল

তথ্যসূত্ৰ

  1. ↑ (৮ সেপ্টেম্বৰ ২০১৭). Political Write
  2. ↑ (৮ সেপ্টেম্বৰ ২০১৭). Simple yet searing
  3. ↑ (৮ সেপ্টেম্বৰ ২০১৭). যেগুলো আকাশে ভাসে সেগুলো তাৎক্ষণিক সাহিত্য
  4. ↑ (৮ সেপ্টেম্বৰ ২০১৭). আজ ‘কালবেলা’
  5. ↑ (৮ সেপ্টেম্বৰ ২০১৭). সুনীল দা মাৰা যাওয়াৰ পৰ লেখাৰ চাপ আৰও বেড়ে গেছে
  6. ↑ (৮ সেপ্টেম্বৰ ২০১৭). অনিমেষ আবাৰও গ্ৰেফতাৰ হবে

সম্পৰ্কিত শ্ৰেণী

উপন্যাসবঙালী উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিমেষ চতুষ্ক (উপন্যাস)” প্ৰবন্ধৰ সংশোধন ৬১৬৮৯৮ (১২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।