নীল এল্ডে'ন আৰ্মষ্ট্ৰং (Neil Alden Armstrong; জন্ম: ৫ আগষ্ট ১৯৩০ - মৃত্যু: ২৫ আগষ্ট ২০১২) আমেৰিকাৰ এগৰাকী মহাকাশচাৰী (নাচা এষ্ট্ৰনাট কৰ্প্চ), টেষ্ট পাইলট, এৰ'স্পেচ ইঞ্জিনীয়াৰ, বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু আমেৰিকাৰ নৌসেনাৰ উড্ডয়ক (aviator) আছিল। তেওঁ চন্দ্ৰত খোজ কঢ়া প্ৰথম মানৱ আছিল। মহাকাশচাৰী হোৱাৰ আগেয়ে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌ বাহিনীত অফিচাৰ আছিল। এই পদতে তেওঁ কোৰিয়াৰ যুদ্ধতো অংশগ্ৰহণ কৰিছিল। যুদ্ধৰ পাচত তেওঁ টেষ্ট পাইলট হিচাবে আমেৰিকাৰ নেশ্যনেল এডভাইজৰী কমিটি ফৰ এৰ'নটিক্চ-অৰ হাই স্পীড ফ্লাইট ষ্টেশ্যন (বৰ্তমান ড্ৰাইডেন ফ্লাইট ৰিচাৰ্চ চেন্টাৰ)-অত কাম কৰে আৰু ৯০০ তকৈও অধিক উৰণৰ অভিজ্ঞতা অৰ্জন কৰে। তেওঁ পাৰডিউ বিশ্ববিদ্যালয় (Purdue University)ৰপৰা স্নাতক আৰু চাউথ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয় (University of Southern California)ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।
১৯৬২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ বায়ুসেনাৰ (U.S. Air Force) 'অচিৰেই মহাকাশত মানৱ' (Man In Space Soonest) আৰু (X-20 Dyna-Soar) -অৰ 'মানৱ মহাকাশ উৰণ' (human spaceflight) প্ৰকল্পৰ অধীনত আৰ্মষ্ট্ৰঙে 'নাচা মহাকাশচাৰী গোট'ত (NASA Astronaut Corps) যোগদান কৰে।
তেওঁৰ প্ৰথম মহাকাশ যাত্ৰা আছিল ১৯৬৬ চনত, NASA-ৰ জেমিনী-৮ -অৰ কমাণ্ড পাইলট হিচাবে। তেওঁ এই যাত্ৰাৰ দ্বাৰাই আমেৰিকাৰ প্ৰথম নাগৰিক মহাকাশচাৰী হিচাবে পৰিগণিত হয়। এই অভিযানতে তেওঁ পাইলট ডেভিড স্কটৰ সৈতে প্ৰথম মানৱবাহী মহাকাশযানৰ ডকিং আৰু বাৰ্থিং (docking) সম্পন্ন কৰে।
মিশ্যন কমাণ্ডাৰ হিচাবে আৰ্মষ্ট্ৰঙৰ দ্বিতীয় আৰু অন্তিম মহাকাশযাত্ৰা আছিল ১৯৬৯ চনৰ এপ'ল' ১১-অৰ চন্দ্ৰাৱতৰণ যাত্ৰা। এই যাত্ৰাত তেওঁ আৰু বাজ এলড্ৰিন চন্দ্ৰত অৱতৰণ কৰি 2½ ঘন্টাৰ অনুসন্ধান কৰে। এই সময়ছোৱাত সহযাত্ৰী মাইকেল কলিন্স-এ মহাকাশযানৰ কক্ষতে থাকি কমাণ্ড মডিউল পৰিচালনা কৰিছিল। কলিন্স আৰু এলড্ৰিনৰ লগতে আৰ্মষ্ট্ৰঙক আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সন-এ আমেৰিকা যুক্টৰাষ্ট্ৰৰ (Presidential Medal of Freedom), ১৯৭৮ চনত জিমি কাৰ্টাৰ-এ Congressional Space Medal of Honor আৰু ২০০৯ চনত Congressional Gold Medal প্ৰদান কৰে।
২৫ আগষ্ট, ২০১২ তাৰিখে কৰ'নাৰী ধমনী বন্ধ হৈ হোৱা জটিলতাৰ ফলত ৮২ বছৰ বয়ষত চিনচিনাটি, অ'হায়'ত আৰ্মষ্ট্ৰঙৰ মৃত্যু হয়।১
গ্ৰন্থপঞ্জী
- Cambridge Biographical Dictionary (1990). Cambridge: Cambridge University Press.
- Chaikin, Andrew. (1995). A man on the moon. Penguin books. ISBN 0-14-024146-9
- Cornish, Scott. Neil Armstrong Signature Exemplars. CollectSpace.com
- Francis, French; Burgess, Colin. (2007). ((In the Shadow of the Moon (book)|In the Shadow of the Moon))
- Hansen, James R. (2005). ((First Man: The Life of Neil A. Armstrong)). Simon & Schuster. ISBN 0-7432-5631-X
- Jones, Eric. (1995). One Small Step. Apollo 11 Lunar Surface Journal. NASA
- Kranz, Gene. (2000). Failure is not an Option: Mission Control From Mercury to Apollo 13 and Beyond. Simon & Schuster. ISBN 0-7432-0079-9
- Nelson, Craig. Rocket Men: The Epic Story of the First Men on the Moon. John Murray, 2009. ISBN 978-1-84854-291-4
- Smith, Andrew. (2005). In Search of the Men Who Fell to Earth: Moondust. Bloomsbury. ISBN 0-7475-6368-3
অতিৰিক্ত পঠন
- Kirk, Mass Communication Specialist 1st Class Amy. Astronaut Legend Neil Armstrong Receives Naval Astronaut Wings. www.cusnc.navy.mil
- Sherrod, Robert. (July 30, 1975). Men for the Moon. Apollo Expeditions to the Moon. NASA
- Thompson, Milton. (1992). At The Edge Of Space: The X-15 Flight Program. Smithsonian Books. ISBN 1-56098-107-5
বাহ্যিক সংযোগ
- neilarmstronginfo.com (official Armstrong family-maintained website)
- Armstrong's official NASA biography
- "Neil Armstrong Honored as an Ambassador of Exploration", NASA article
- Cosmos magazine, October 2006
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীল আৰ্মষ্ট্ৰং” প্ৰবন্ধৰ সংশোধন ৬৩১৯৬৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।