জাহ্নৱী গোস্বামী এইচ.আই.ভি/এইড্ছৰ বিষয়ে সজাগতা সৃষ্টি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ অহা অসমৰ এগৰাকী সমাজকৰ্মী। নিজক এইচ.আই.ভি. সংক্ৰমিত বুলি ঘোষণা কৰা তেখেতেই উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা১। ১৯৯৬ চনতে নিজৰ দেহত এই ভাইৰাছ ধৰা পৰাৰ পিছত পোন্ধৰ বছৰ তেখেতে এখন এইচ.আই.ভি/এইড্ছমুক্ত সমাজ গঢ়িবলৈ চেষ্টা চলাই আহিছে। ২০০২ চনত তেখেতে অসমৰ এইড্ছত আক্ৰান্ত লোকসকলৰ জীৱন-ধাৰণৰ মান উন্নত কৰিবলৈ "দা আচাম নেটৱৰ্ক অৱ পজিটিভ পিপল" গঠন কৰে।
প্ৰাৰম্ভিক জীৱন
জাহ্নৱী গোস্বামীয়ে ১৯৭৬ চনত নগাঁও জিলাৰ কামপুৰ নগৰত জন্মগ্ৰহণ কৰে। চাৰিগৰাকী ভাই-ভনীৰ তেখেত আছিল জ্যেষ্ঠ। সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতেই তেখেতৰ পিতৃ বিয়োগ হয়। ১৯৯৪ চনত মাত্ৰ ১৮ বছত বয়সতে গুৱাহাটীৰ পংকজ শৰ্মা নামৰ এজন ব্যৱসায়ীৰ লগত গোস্বমীৰ বিবাহ সম্পন্ন হয়। তেওঁলোকৰ সন্তান "কস্তুৰিকা" তিনিমহীয়া হওঁতে ১৯৯৫ চনত পংকজ শৰ্মাৰ আকস্মিক মৃত্যু ঘটে। তাৰ পিছত জাহ্নৱী গোস্বামীক শহুৰেকৰ পৰিয়ালে ঘৰৰ পৰা উলিয়াই পঠিয়ায় আৰু তেখেত শুদাহাতে নগাঁৱৰ ঘৰলৈ ঘূৰি আহে১।
এইড্ছৰ সৈতে যুঁজ
সঘনাই হোৱা ৰোগৰ বাবে জাহ্নৱী গোস্বামীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্ত্তি কৰা হয়। তাত থাকোঁতেই তেখেতৰ দেহত এইচ.আই.ভি/এইড্ছ (AIDS-Acquired Immune Deficiency Syndrome) ধৰা পৰে। উল্লেখযোগ্য যে এই ৰোগৰ বীজাণু হৈছে এইচ.আই.ভি. (HIV-Human Immunodeficiency Virus) নামৰ এবিধ ভাইৰাছ। তেওঁৰ লগতে কণমানি কস্তুৰিকাৰো এই ৰোগ হোৱা বুলি চিকিৎসকে ঘোষণা কৰে। তেতিয়াহে স্পষ্ট হয় যে গোস্বামীৰ পতি এই ৰোগত ভুগি আছিল আৰু তেওঁৰ পৰিয়ালবৰ্গই এই কথা গোস্বামীৰ পৰিয়ালৰ পৰা লুকুৱাই ৰাখিছিল২।
মৃত্যু আসন্ন বুলি জানিও গোস্বামীয়ে কামপুৰৰ ঘৰলৈ গৈ উচ্চ শিক্ষা গ্ৰহণৰ সংকল্প লয়। পৰিয়ালৰ অনুপ্ৰেৰণা আৰু কেইজনমান অধিবক্তাৰ সহযোগত তেখেতে "সংক্ৰামক ৰোগ চিকিৎসালয় কৰ্তৃপক্ষ"ৰ বিৰুদ্ধে ভাৰতৰ উচ্চতম ন্যায়ালয়ত গোচৰ তৰে। চিকিৎসালয় তথা চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ তৰা তেখেতেই আছিল প্ৰথম ব্যক্তি৩। ১৯৯৭ চনত ন্যায়ালয়ে ৰায় দিয়ে যে এইচ.আই.ভি/এইড্ছ আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত কোনো ভেদভাৱ থাকিব নোৱাৰে আৰু তেওঁলোককো সাধাৰণ ৰোগীৰ সমানেই সা-সুবিধা প্ৰধান কৰা হ’ব। এই সুখবৰৰ কিছুদিন পিছতেই ১৯৯৮ চনত কণমানি কস্তুৰিকাৰ মৃত্যু ঘটে।
কন্যাৰ মৃত্যুৰ পিছত জাহ্নৱী গোস্বামীয়ে এইড্ছৰ বিৰুদ্ধে সজাগতা সৃষ্টিকে জীৱনৰ পণ হিছাপে লয়। ১৯৯৮ চনত তেখেতে নিজকে এইচ.আই.ভি. আক্ৰান্ত বুলি মুকলিভাৱে ঘোষণা কৰে৪।
অনুষ্ঠান-প্ৰতিষ্ঠান
জাহ্নৱী গোস্বামীয়ে ১৯৯৯ চনত গুৱাহাটীলৈ গৈ "অসম ৰাজ্যিক এইড্ছ নিয়ন্ত্ৰণ সমিতি"(Assam State AIDS Control Society, ASACS)ত যোগদান কৰে। কিন্তু তেখেতে মানুহৰ ঘৃণাৰ বাবে ঘৰ বিচাৰি পোৱাত অসুবিধা হৈছিল। কেইবছৰমান সমিতিয়ে যোগাৰ কৰি দিয়া কোঠালী এটাত থকাৰ পিছত অৱশেষত ২০০৩ চনত অসম চৰকাৰে তেখেতক এটা ঘৰ প্ৰদান কৰে। এনেধৰণৰ বৈষম্যৰ বাবেই তেখেতে ২০০৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰা বিৰত থাকিবলগীয়া হয়২৪।
২০০২ চনত অসমৰ আন এইচ.আই.ভি. সংক্ৰমিত ব্যক্তিসকলৰ সৈতে মিলি গোস্বামীয়ে "Assam Network of Positive People" (ANP+) গঠন কৰে। ইয়াৰ উদ্দেশ্য আছিল এই ভাইৰাছত সংক্ৰমিত লোকৰ জীৱনৰ সক্ষমতা বৃদ্ধি কৰা আৰু তেওঁলোকক সমাজত উচিত স্থান দিয়া। তেওঁলোকে লগতে এটা পৰামৰ্শ কেন্দ্ৰ মুকলি কৰিছে য’ত দৰব-পাতিৰ সুবিধাৰ উপৰিও স্বাস্থ্য পৰীক্ষাৰো সুবিধা আছে৪।
২০০৯ চনত তেখেত "Indian Network of Positive People" (INP+)ৰ সভানেত্ৰী নিৰ্বাচিত হয়। ১৯৯৭ চনত জন্মলাভ কৰা এই অনুষ্ঠানটোৱে সমাজৰ এইচ.আই.ভি/এইড্ছ সংক্ৰমিত ব্যক্তিৰ প্ৰতি ভয়, ঘৃণা, বৈষম্য দূৰ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই আহিছে৩।
অসম ৰাজ্যিক এইচ.আই.ভি/এইড্ছ নিয়ন্ত্ৰণ সমিতিৰ এগৰাকী মূল সদস্যৰূপে তেখেতে চিকিৎসক, নাৰ্চ আৰু পেৰামেডিকেল কৰ্মীসকলক প্ৰশিক্ষণ প্ৰধান কৰে। ইয়াৰ উপৰিও তেখেতে সমগ্ৰ দেশজুৰি কথোপকথন, আলোচনা চক্ৰ, বক্তৃতা আদিত অংশ গ্ৰহণ কৰি এইচ.আই.ভি/এইড্ছ ওপৰত সজাগতা সৃষ্টি কৰাত অৰিহণা যোগাই আহিছে।
তেখেতে নিয়মীয়াকৈ এইড্ছৰ একমাত্ৰ সাম্প্ৰতিক চিকিৎসা "এণ্টি ৰেট্ৰ’ভাইৰেল থেৰাপী"(Anti Retroviral therapy) গ্ৰহণ কৰি আহিছে।
তথ্যসূত্ৰ
- ↑ A Positive Approach Towards HIV, by Nava Thakuria,March 2005, Retrieved:15.09.2011
- ↑ Never Mind the Numbers: India's HIV/AIDS Crisis is Large Enough,By Smita Baruah,1 June 2008, Retrieved:15.09.2011
- ↑ Jahnabi Goswami,By Parinita Datta, Retrieved:15.09.2011
- ↑ [www.twnside.org.sg/title2/women/2006/TWR187p36.doc]Fighting the HIV stigma:Jahnavi's way, By Nava Thakuria,March 2006, Retrieved:15.09.2011
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাহ্নৱী গোস্বামী” প্ৰবন্ধৰ সংশোধন ৬২৬৪৯৯ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।