অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নোমল চন্দ্ৰ বৰা

নোমল চন্দ্ৰ বৰা অসমৰ এজন প্ৰতিষ্ঠিত উদ্যমী আৰু স্নায়ৰোগ বিশেষজ্ঞ। তেওঁ GNRC Hospitalsৰ প্ৰতিষ্ঠাতা।GNRC Hospitals উত্তৰ পূব ভাৰতৰ প্ৰথমখন তৃতীয় পৰ্য্যায়ৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ চিকিৎসালয়।

হালনাগাদ: ২১ মে’ ২০২৫ ১৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

নোমল চন্দ্ৰ বৰা অসমৰ এজন প্ৰতিষ্ঠিত উদ্যমী আৰু স্নায়ৰোগ বিশেষজ্ঞ।১ তেওঁ GNRC Hospitalsৰ প্ৰতিষ্ঠাতা।২GNRC Hospitals উত্তৰ পূব ভাৰতৰ প্ৰথমখন তৃতীয় পৰ্য্যায়ৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ চিকিৎসালয়। বৰাই ১৯৮৪ চনত গুৱাহাটীৰ মালিগাঁৱত ভেলোৰৰ স্নায়ৰোগ বিশেষজ্ঞ ডাঃ কে ভি মাথাইৰ মাৰ্গদৰ্শন আৰু সহযোগিতাত Guwahati Neurological Research Centre (GNRC) নামেৰে চিকিৎসালয় আৰম্ভ কৰে।৩ পৰৱৰ্তী পৰ্যায়ত ১৯৮৪ চনত ই এক বৃহৎ প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হয় আৰু ১৯৮৭ চনত আনুষ্ঠানিকভাৱে GNRC Ltd. গঢ় লৈ উঠে।৪

জন্ম

১৯৫০ চনৰ ১৫ আগষ্টত এটা কৃষক পৰিয়ালত নোমল চন্দ্ৰ বৰাৰ জন্ম হয়।৫তেওঁৰ জন্মস্থান অবিভক্ত শোণিতপুৰ জিলাৰ গহপুৰৰ ডুবিয়াত।৬

শৈক্ষিক জীৱন

বৰাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত নামভৰ্তি কৰি অসম চৰকাৰৰ পৰা লাভ কৰা শৈক্ষিক ঋণ আৰু বৃত্তিৰ সহায়ত ১৯৭৫ চনত এম বি বি এছ ডিগ্ৰী লাভ কৰে।৭ তেওঁ বিশ্ববিদ্যালয়ৰ ভিতৰতে সৰ্ব্বোচ্চ শতাংশ লাভ কৰি উত্তীৰ্ণ হয়।৮ পৰৱৰ্তী পৰ্য্যায়ত দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স(এইমছ)ত জ্যেষ্ঠ আৱাসী(Senior Resident) হিচাপে যোগদান কৰি তেওঁ স্নায়ুবিজ্ঞানৰ তিনি বছৰীয়া প্ৰশিক্ষণ সম্পূৰ্ণ কৰি ডি.এম. ডিগ্ৰী লাভ কৰে। ১৯৮৪ চনত উত্তৰ-পূব ভাৰতত গুণগত স্বাস্থ্যসেৱাৰ অপৰ্যাপ্ত উপলব্ধতাৰ সমাধানৰ বাবে ডাঃ বৰাই অসমলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়।৯

তথ্যসূত্ৰ

  1. ↑ (21 August 2014). Heralding Health Renaissance in North East. eHealth Magazine. Elets Technomedia Pvt Ltd
  2. ↑ Hassan, Ali Fauz. (18 August 2017). Purohit lauds GNRC effort. The Telegraph India
  3. ↑ Rajshekhar, Vedantam; Alexander, Mathew. (2017-11-01). year=2017; volume=65; issue=6; spage=1456; epage=1458; aulast=Rajshekhar; type=0 Prof. K V Mathai (1926 – 2017). Neurology India. পৃ. 1456–1458
  4. ↑ . G N R C LIMITED - Company Details. Zauba Corp. Zauba Technologies & Data Services Pvt Ltd
  5. ↑ (2020-01-25). Republic's Children: Recalling aspirations for the nation. The Economic Times
  6. ↑ Speakers' Profile – World Health Day 2018. Indian Institute of Technology Guwahati
  7. ↑ Mukherjee, Arnab; Sarkar, Sushmita. (2018-04-09). Hope Dawns in the East: New Model promises ‘Health for All, Smiles for All. Notion Press
  8. ↑ Speakers' Profile – World Health Day 2018. Indian Institute of Technology Guwahati
  9. ↑ Dr. Nomal Chandra Borah – Founder of GNRC Group of Hospitals. GNRC Hospitals

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ সমাজকৰ্মীঅসমীয়া চিকিৎসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নোমল চন্দ্ৰ বৰা” প্ৰবন্ধৰ সংশোধন ৫১১১৩৪ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।