অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পুষ্পলতা দাস

পুষ্পলতা দাস (১৯১৫–২০০৩) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী। তেওঁ ১৯৫১ চনৰ পৰা ১৯৬১ চনলৈ ৰাজ্য সভাৰ সাংসদ আছিল। তেওঁ অসম বিধানসভাৰ প্ৰাক্তন বিধায়িকা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সদস্যা আছিল।

হালনাগাদ: ২৬ জুন ২০২৪ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

পুষ্পলতা দাস (১৯১৫–২০০৩) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী।১ তেওঁ ১৯৫১ চনৰ পৰা ১৯৬১ চনলৈ ৰাজ্যসভাৰ সাংসদ আছিল। তেওঁ অসম বিধানসভাৰ প্ৰাক্তন বিধায়িকা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সদস্যা আছিল।২ তেওঁ অসমৰ শাখাৰ কৌস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মৃতি ন্যাস আৰু খাদী আৰু গ্ৰামীণ উদ্যোগ পৰিষদৰ অধ্যক্ষা আছিল।৩ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৯৯ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।৪

প্ৰাৰম্ভিক জীৱন

১৯১৫ চনৰ ২৭ মাৰ্চ৫ তাৰিখে উত্তৰ লখিমপুৰ (বৰ্তমান লখিমপুৰ) জিলাত পুষ্পলতা দাসৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ৰামেশ্বৰ শইকীয়া আৰু মাতৃ স্বৰ্ণলতা। গুৱাহাটীৰ পানবজাৰ বালিকা হাইস্কুলত তেওঁ শিক্ষা আৰম্ভ কৰে।১ ছাত্ৰ অৱস্থাৰ পৰায়ে তেওঁ ছাত্ৰ ৰাজনীতিৰ লগত জড়িত হৈ পৰিছিল। সেই সময়ত তেওঁ মুক্তি সংঘ নামৰ অনুষ্ঠান এটাৰ সম্পাদিকা আছিল। ১৯৩১ চনত ব্ৰিটিছ চৰকাৰে ছহিদ ভগৎ সিঙক ফাঁচী দিয়াৰ বাবে প্ৰতিবাদ কৰাৰ দোষত তেওঁক বিদ্যালয়ৰ পৰা অব্যাহতি দিয়া হয়। কিন্তু তেওঁ পঢ়া-শুনা তাতেই সমাপ্ত নকৰি ঘৰুৱাভাৱে মেট্ৰিক পৰীক্ষা দি ১৯৩৪ চনত উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ত ইণ্টাৰমিডিয়েট পঢ়িবলৈ যায়। পৰৱৰ্তী সময়ত তেওঁ অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু পিছলৈ ১৯৩৮ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ ডিগ্ৰী লাভৰ পাছত গুৱাহাটীৰ আৰ্ল ল' কলেজত তেওঁ আইনৰ শিক্ষা গ্ৰহণ কৰে। সেই সময়ত তেওঁ কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদিকা আছিল। সেই সময়তে গান্ধীজীয়ে ব্যক্তিগত সত্যাগ্ৰহ প্ৰৱৰ্তন কৰে আৰু তাৰ পিছতে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয়। তেওঁ এই আন্দোলনত সক্ৰিয় ভাবে অংশ গ্ৰহণ কৰে।৬

তথ্যসূত্ৰ

  1. ↑ (2016). Pushpa Lata Das (1951-2003). India Online
  2. ↑ (21 November 2003). Pushpalata’s memories live on. The Telegraph
  3. ↑ (2016). Puspa Lata Das Biography. Maps of India
  4. ↑ (2016). Padma Awards. Ministry of Home Affairs, Government of India
  5. ↑ Guptajit Pathak. (2008). Assamese Women in Indian Independence Movement: With a Special Emphasis on Kanaklata Barua. Mittal Publications. পৃ. 118–. ISBN 978-81-8324-233-2
  6. ↑ (2016). Individual Satyagraha 1940-41. GK Today

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ সমাজকৰ্মীঅসমৰ স্বাধীনতা সংগ্ৰামীঅসমৰ ৰাজনীতিকপদ্মভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুষ্পলতা দাস” প্ৰবন্ধৰ সংশোধন ৪২৪০৪৯ (২৬ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।