অতুল বৰা (Atul Bora, জন্ম: ৭ এপ্ৰিল ১৯৬০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী। তেওঁ অসম গণ পৰিষদ নামৰ আঞ্চলিক দলৰ সৈতে জড়িত তথা বৰ্তমান ইয়াৰ সভাপতি। ২০১৪ চনৰ জুলাই মাহত তেওঁ এই দলৰ সভাপতি নিৰ্বাচিত হৈছিল।১ বৰ্তমান তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ কেবিনেটত কৃষি, উদ্যান শস্য, পশুপালন, অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত অঞ্চল উন্নয়ন আৰু সমবায় বিভাগৰ কেবিনেট মন্ত্ৰী। ইয়াৰ আগতে তেওঁ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত গঠিত চৰকাৰত কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন, পশুপালন, নগৰ উন্নয়ন আৰু নগৰ পৰিকল্পনা বিভাগৰ মন্ত্ৰী আছিল। তেওঁ বৰ্তমান বোকাখাট সমষ্টিৰ পৰা অসম বিধানসভাৰ সদস্য।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৬০ চনৰ ৭ এপ্ৰিল তাৰিখে অসমৰ গোলাঘাট জিলাৰ আঠগাঁও মৌজাৰ বৰাহী গাঁৱত অতুল বৰাৰ হৈছিল। তেওঁৰ মেহুৰাম বৰা আৰু পুণ্য প্ৰভা বৰাৰ জ্যেষ্ঠ সন্তান আছিল। তেওঁৰ প্ৰাৰম্ভিক শিক্ষা চৰাইমৰীয়া প্ৰাথমিক বিদ্যালয়ত গ্ৰহণ কৰিছিল আৰু তাৰপিছত তেওঁ তৰফাট মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা সম্পূৰ্ণ কৰিছিল।
তেওঁ কছাৰীহাট উচ্চ বিদ্যালয়ত নামভৰ্তি কৰে আৰু ইয়াৰ পৰায়ে তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। পৰৱৰ্তী সময়ত তেওঁ গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত নামভৰ্তি কৰে। ইয়াৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰে আৰু ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰীও লাভ কৰিছিল।
ৰাজনৈতিক জীৱন
অতুল বৰাই ছাত্ৰ কালৰ পৰাই ৰাজনৈতিক নেতৃত্বৰ জীৱন আৰম্ভ কৰিছিল। তেওঁ ছাত্ৰ অৱস্থাত অসম আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ আয়োজক সম্পাদক নিৰ্বাচিত হৈছিল আৰু তাৰ পিছত সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিও আছিল।২
তেওঁ উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ ছাত্ৰ সংগঠনৰ দ্বাৰা গঠিত উত্তৰ-পূব ছাত্ৰ সমন্বয় সমিতিৰ প্ৰতিষ্ঠাপক অধ্যক্ষও হৈছিল। প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে বৰাই সমগ্ৰ উত্তৰ-পূব ভাৰতত শৈক্ষিক, সাংস্কৃতিক, সামাজিক-ৰাজনৈতিক, ক্ৰীড়া আৰু সজাগতা কাৰ্যসূচী আয়োজন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
১৯৯৬ চনৰ ৯ জুন তাৰিখে তেওঁ নিজৰ গৃহ সমষ্টি গোলাঘাটৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়। বৰাই অসম গণ পৰিষদৰ বিভিন্ন দায়িত্বশীল পদ যেনে জিলা সভাপতি, যুটীয়া সম্পাদক, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰালৈকে কেইবছৰমান আইনৰ অনুশীলন কৰিছিল আৰু ২০১১ চনত তেওঁ দলৰ কাৰ্যকৰী সভাপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু ২০১৪ চনৰ ১৫ জুলাইত বৰাই দলটোৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল।৩
দলৰ সভাপতি হিচাপে তেওঁৰ নতুন দায়িত্ব গ্ৰহণ কৰাৰ পিছত বৰাই অসমৰ বিভিন্ন জিলা ভ্ৰমণ কৰি দলৰ স্থিতি উন্নত কৰাৰ বাবে যথাসাধিচেষ্টা চলাই আহিছে আৰু ৰাজ্যখনৰ দলীয় কৰ্মী, বুদ্ধিজীৱী আৰু প্ৰভাৱশালী ব্যক্তিসকলৰ লগতে সমাজৰ বিভিন্ন শ্ৰেণীক প্ৰতিনিধিত্ব কৰা লোকসকলৰ সৈতে বাৰ্তালাপ কৰি আহিছে।৪
২০১৬ চনৰ মে' মাহত বৰাই বোকাখাত সমষ্টিৰ পৰা জয়লাভ কৰি বিধানসভালৈ নিৰ্বাচিত হয়। তেওঁ ২০১৬ চনৰ ২৪ মে'ত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত গঠিত চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল আৰু তেওঁক কৃষি, উদ্যানশস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ, পশুপালন আৰু পশু চিকিৎসা, নগৰ উন্নয়ন বিভাগ, আৰু নগৰ পৰিকল্পনা বিভাগ প্ৰদান কৰা হৈছিল।৫ ২০২১ চনৰ মে' মাহত তেওঁ পুনৰ বোকাখাত সমষ্টিৰ পৰা জয়লাভ কৰে। তেওঁ ২০২১ চনৰ ১০ মে'ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁ কৃষি, উদ্যান শস্য, পশুপালন, অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত অঞ্চল উন্নয়ন আৰু সমবায় বিভাগ লাভ কৰে।
তথ্যসূত্ৰ
- ↑ ATUL BORA (AGP):Constituency- Golaghat (Golaghat ) - Affidavit Information of Candidate. myneta.info
- ↑ (23 July 2018). Minister Atul Bora launches free laboratory and diagnostic service
- ↑ Have faith in leadership of PM Narendra Modi: AGP president
- ↑ (17 July 2014). AGP Working President Atul Bora is New Party President. The New Indian Express
- ↑ (21 March 2016). That BJP has taken us as key partner proves our importance: AGP president Atul Bora
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অতুল বৰা” প্ৰবন্ধৰ সংশোধন ৪৪৩৮৮৬ (১১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।