অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুমন হৰিপ্ৰিয়া

সুমন হৰিপ্ৰিয়া (জন্ম: ১ জুন ১৯৭৯) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্দেশক, প্ৰযোজক আৰু ৰাজনীতিবিদ। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ হাজো বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হয়। তেওঁ তিনিখন চলচ্চিত্ৰ পৰিচালনা কৰিছে।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ২৬৪ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

সুমন হৰিপ্ৰিয়া (জন্ম: ১ জুন ১৯৭৯) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্দেশক, প্ৰযোজক আৰু ৰাজনীতিবিদ। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ হাজো বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হয়। তেওঁ তিনিখন চলচ্চিত্ৰ পৰিচালনা কৰিছে। ২০০৫ চনত মুক্তি লাভ কৰা তেওঁৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰ কদমতলে কৃষ্ণ নাচে ৫৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ 'শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ সন্মান লাভ কৰে।১

প্ৰাৰম্ভিক জীৱন

১৯৭৯ চনৰ ১ জুন তাৰিখে গুৱাহাটীত সুমন হৰিপ্ৰিয়াৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জীৱন চক্ৰৱৰ্তী আৰু মাতৃ বিজয়া চক্ৰৱৰ্তী। তেওঁৰ মাতৃ বিজয়া চক্ৰৱৰ্তী এগৰাকী ৰাজনীতিবিদ আৰু গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ।২ সুমন হৰিপ্ৰিয়ায়ে নতুন দিল্লীত অৱস্থিত জামিয়া মিলিয়া ইছলামীয়াৰ পৰা সমাজশাস্ত্ৰৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ লগতে তেওঁ নইডাত অৱস্থিত এছিয়ান একাডেমী অফ ফিল্ম এণ্ড টেলিভিছনৰ পৰা চলচ্চিত্ৰ আৰু টেলিভিছনৰ ডিপ্লোমা লাভ কৰিছিল। তেওঁ দিল্লীত অৱস্থিত ভাৰতীয় বিদ্যা ভৱনৰ পৰা জ্যোতিষ আচাৰ্য উপাধি লাভ কৰিছিল।৩

কৰ্মজীৱন

চলচ্চিত্ৰ

সুমন হৰিপ্ৰিয়া অসমীয়া চলচ্চিত্ৰৰ লগত জড়িত আছিল।৪ ২০০১ চনত তেওঁ যতীন বৰা আৰু গীতাৱলী ৰাজকুমাৰী অভিনীত ব্যৱসায়িক ভাৱে সফল ছবি কইনা মোৰ ধুনীয়া নিৰ্মাণ কৰিছিল। ২০০২ চনত তেওঁ ৰবি শৰ্মা আৰু গীতাৱলী ৰাজকুমাৰী অভিনীত ককাদেউতাৰ ঘৰজোঁৱাই নিৰ্মাণ কৰে। ২০০৫ চনত তেওঁ কদমতলে কৃষ্ণ নাচে পৰিচালনা আৰু প্ৰযোজনা কৰে। এই ছবিখনে ৫৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ 'শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ সন্মান লাভ কৰে।

চলচ্চিত্ৰ তালিকা

চননাম
২০০১কইনা মোৰ ধুনীয়া
২০০২ককাদেউতাৰ ঘৰজোঁৱাই
২০০৫কদমতলে কৃষ্ণ নাচে

ৰাজনৈতিক জীৱন

সুমন হৰিপ্ৰিয়ায়ে তেওঁ মাতৃ বিজয়া চক্ৰৱৰ্তীৰ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। তেওঁ ২০১৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত হাজো বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।৫

সমালোচনা

সুমন হৰিপ্ৰিয়ায়ে অসম বিধানসভাত কৰ'নাভাইৰাছ ৰোগ ২০১৯ৰ প্ৰতিৰোধ হিচাপে গোবৰ আৰু গৌমূত্ৰৰ ব্যৱহাৰৰ পৰামৰ্শ দিয়াৰ বাবে সমালোচিত হৈছে। তেওঁ কৈছিল, "গোবৰৰ বহুতো উপযোগিতা আছে। মই ভাবোঁ ই ক'ৰ'ণা ভাইৰাছ ধ্বংস কৰিব পাৰে। গৌমূত্ৰয়ো উপকাৰী হব পাৰে। "৬ ইয়াৰ লগতে তেওঁ গোবৰ আৰু গৌমূত্ৰ কৰ্কট ৰোগ আৰোগ্য কৰিব পাৰে বুলিও পৰামৰ্শ আগবঢ়াইছিল।৭

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ Assam Legislative Assembly - Member. অসম বিধানসভা
  3. ↑ (19 March 2016). Electoral Affidavit of Suman Haripriya. Assam State Election Commission. পৃ. 10
  4. ↑ Kokadeutar Gharjonwai /Suman Haripriya
  5. ↑ (20 May 2016). Exclusive: Cabinet Portfolio Names for BJP-led Govt in Assam. The Quint
  6. ↑ (19 March 2020). India's coronavirus health myths fact-checked. BBC News
  7. ↑ Nath, Hemanta Kumar. (2 March 2020). Cow urine, dung can treat coronavirus, says Assam BJP MLA. India Today

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালকঅসমৰ ৰাজনীতিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুমন হৰিপ্ৰিয়া” প্ৰবন্ধৰ সংশোধন ৩৯০৪৩৯ (৫ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।