অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনুপম শইকীয়া (গণিতজ্ঞ)

অনুপম শইকীয়া এজন ভাৰতীয় গণিতজ্ঞ আৰু বৰ্তমান তেওঁ আই আই টি, গুৱাহাটীৰ গণিত বিভাগৰ এজন অধ্যাপক। পাটীগাণিতীক সংখ্যা তত্ত্বৰ লগত জড়িত গৱেষণা, বিশেষকৈ ইৱাছাৱা তত্ত্ব আৰু p-adic পৰিমাপৰ বাবে তেখেত জনাজাত। গাণিতিক সংকেত বিদ্যাৰ বিষয়তো তেওঁৰ গৱেষণা পত্ৰ প্ৰকাশ পাইছে।

হালনাগাদ: ৫ জুলাই ২০২৬ ৫৫৫ শব্দ · ৩ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

অনুপম শইকীয়া এজন ভাৰতীয় গণিতজ্ঞ আৰু বৰ্তমান তেওঁ আই আই টি, গুৱাহাটীৰ গণিত বিভাগৰ এজন অধ্যাপক।১ পাটীগাণিতীক সংখ্যা তত্ত্বৰ লগত জড়িত গৱেষণা, বিশেষকৈ ইৱাছাৱা তত্ত্ব আৰু p-adic পৰিমাপৰ বাবে তেখেত জনাজাত। গাণিতিক সংকেত বিদ্যাৰ বিষয়তো তেওঁৰ গৱেষণা পত্ৰ প্ৰকাশ পাইছে।২ ট্ৰিনিটি কলেজৰ ট্ৰাইপজ পাঠ্যক্ৰমত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰেংলাৰ খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া হৈছে অনুপম শইকীয়া।৩

শৈশৱ আৰু শিক্ষা জীৱন

শৈশৱকাল খেল-ধেমালিৰ মাজেৰে পাৰ হোৱা অনুপম শইকীয়াৰ শিক্ষাজীৱন আৰম্ভ হৈছিল গোলাঘাটৰ চান্দমাৰি নিম্ন বুনিয়াদী বিদ্যালয়ত। বিদ্যালয়ৰ শিক্ষাগুৰু হাতী বৰুৱাৰ অনুশাসনে শইকীয়াৰ জীৱনত প্ৰভাৱ পেলাইছিল। অনুপম শইকীয়াক গণিতৰ প্ৰতি আকৃষ্ট কৰিছিল শৈশৱতে দেউতাকে ধেমালিৰ ছলেৰে দিয়া মৌখিক আৰু গাণিতিক সমস্যাবোৰে।৩

সপ্তমমানলৈকে শইকীয়াৰ ক্ৰিকেট, বেডমিণ্টন, কেৰম আদিত পঢ়া-শুনাতকৈ অধিক ধাউতি আছিল।৩এম ই বৃত্তি পৰীক্ষাত তেওঁ যোৰহাট জিলাৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিছিল। আশা নকৰাকৈ লাভ কৰা এই ফলাফলে তেওঁৰ জীৱনৰ দিশ সলাই দিয়ে। তেতিয়াৰ পৰাই তেওঁ নিষ্ঠাৰে অধ্যয়নৰ জগতত সোমাই পৰে। অষ্টমমানৰ পৰা দশমমানলৈকে সময়চোৱাত তেওঁৰ শিক্ষাগুৰু জেহিৰুল হুচেইনে পাঠ্যপুথিৰ বাহিৰেও হাততে পোৱা যিকোনো কিতাপৰে পৰা গাণিতিক সমস্যাবোৰ সমাধান কৰিবলৈ দি তেওঁক উদগনি দিছিল।৩ ১৯৮৯ চনত গোলাঘাটৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অনুপম শইকীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰে। তাৰ পিছত তেওঁ গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ পৰা প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষাত উত্তীৰ্ণ হয়। অসম গণিত শিক্ষায়তনৰ দ্বাৰা আয়োজিত ৰিজিঅ'নেল মেথেমেটিকেল অলিম্পিয়াডত দশম শ্ৰেণীত দ্বিতীয় আৰু পিছৰ দুবছৰত প্ৰথম স্থান লাভ কৰিছিল অনুপম শইকীয়াই।৩১৯৯১ চনত দিল্লীৰ ষ্টিফেন কলেজত গণিত শাস্ত্ৰত স্নাতক ডিগ্ৰীৰ বাবে অধ্যয়ন কৰে। তাত তেওঁ কেৰম চেম্পীয়ন আৰু দবা টীমৰ খেলুৱৈ আছিল। ১৯৯৪ চনত বি এছ চি ডিগ্ৰী লৈ কেমব্ৰিজৰ ট্ৰিনিটি কলেজত যোগদান কৰে আৰু ১৯৯৬ চনত ৰেংলাৰ হয়।৪ ১৯৯৭ চনত তেওঁ ট্ৰিনিটি কলেজৰ পৰা গণিতত উচ্চ শিক্ষা সাং কৰে আৰু তাৰ পাছত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ বিমূৰ্ত গণিত আৰু গাণিতিক পৰিসংখ্যা বিভাগত পি এইচ ডি আৰম্ভ কৰে। ২০০১ চনত তাৰ পৰা তেওঁ জ'ন ক'টচ‌ৰ অধীনত Iwasawa Theory of Lubin-Tate Division Towers and p-Adic L-Functions শীৰ্ষক গৱেষণা পত্ৰৰ বাবে পি এইচ ডি ডিগ্ৰী লাভ কৰে।৫ ট্ৰিনিটি কলেজত থকা সময়তে তেওঁ মাইকেল আটিয়া, এলান বেকাৰ, ৰিচাৰ্ড বৰচাৰ্ডছ আদি ফিল্ডছ মেডেল বিভূষিত গণিতজ্ঞসকলৰ সান্নিধ্যলৈ আহে।৩

পি এইচ ডিৰ পিছত তেওঁ প্ৰথমে এবছৰ ফ্ৰান্সত আই এইচ ই এছ বুলি এটা গৱেষণা প্ৰতিষ্ঠানত হ'জ ফেলশ্বিপৰূপে যোগদান কৰে। তাৰ পিছৰ তিনি বছৰ কানাডাৰ মেকগীল বিশ্ববিদ্যালয়ত অনুপম শইকীয়াই পষ্ট ডক্টৰেল গৱেষণাৰ লগতে শিক্ষকতা কৰে।৬তাৰ পিছত তেওঁ ভাৰতলৈ ঘূৰি আহে।৩

কৰ্ম জীৱন

আই আই টি বম্বেত কিছুদিন থকাৰ পিছত ২০০৫ চনৰ পৰা আই আই টি গুৱাহাটীত প্ৰবক্তা হিচাপে যোগদান কৰা অনুপম শইকীয়া ২০১৫ চনত প্ৰাধ্যাপক হৈ পৰে। আই আই টি গুৱাহাটীত তেওঁ বিভিন্ন সময়ত কেইবাটাও প্ৰশাসনিক পদত অধিষ্ঠিত হয়। অনুপম শইকীয়া এজন ভাল খেলুৱৈও। ১৯৯৯ চনত তেওঁ ট্ৰিনিটি কলেজৰ বেডমিণ্টন দলৰ দলপতি আছিল, আৰু ক্ৰিকেট দলটোৰো এগৰাকী সদস্য আছিল। তেওঁৰ দবা আৰু কেৰম খেলতো ৰাপ আছে।৭তেওঁ পত্নী আৰু সন্তানৰ সৈতে গুৱাহাটীত থাকে।৮

বঁটা আৰু সন্মান

অনুপম শইকীয়াই তেখেতৰ জীৱনত বহুতো বৃত্তি আৰু পুৰস্কাৰ লাভ কৰিছে।

  1. কেমব্ৰিজত অধ্যয়নৰ বাবে তেওঁ ৰামানুজন বৃত্তি লাভ কৰিছিল যিটো এবছৰত মাত্ৰ এজন ভাৰতীয় শিক্ষাৰ্থীকহে প্ৰদান কৰা হয়।
  2. ১৯৯৯ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পি এইচ ডিৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত বছৰেকীয়া গাণিতিক ৰচনা প্ৰতিযোগিতাত অনুপম শইকীয়াই স্মিথ আৰু নাইট বঁটা লাভ কৰিছিল।
  3. স্নাতকোত্তৰ গৱেষণাৰ ২০০০-২০০১ চনৰ কাম-কাজৰ বাবে কেমব্ৰিজৰ ট্ৰিনিটি কলেজে তেওঁক চিনিয়ৰ ৰাউছবল স্কলাৰশ্বিপ (Senior Rouseball Scholarship) প্ৰদান কৰিছিল।৪

পেচাগত অৱদান

অনুপম শইকীয়াই বৰ্তমানলৈকে ইৱাছাৱা তত্ত্ব, p-adic পৰিমাপ, চাইক্লটমিক ফিল্ড আৰু অয়লাৰ ব্যৱস্থা বিষয়ক জড়িত বহুতো গৱেষণা পত্ৰ লিখিছে।৯ তেওঁৰ তত্ত্বাৱধানত ৬জন শিক্ষাৰ্থীয়ে পি এইচ ডি কৰিছে। অসমৰ বিভিন্ন অঞ্চলৰ লগতে দেশৰ অন্যান্য ঠাইতো অনুপম শইকীয়াই বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বহুতো জনপ্ৰিয় বক্তৃতা প্ৰদান কৰিছে। ইৱাছাৱাৰ মূল ধাৰণা আৰু ব্লছ-কাটো ধাৰণাৰ ৱাইলছৰ প্ৰমাণ সম্পৰ্কীয় সন্মিলনৰ খতিয়ানৰো দুটা সংখ্যা তেওঁ সম্পাদনা কৰিছিল।১০

তেওঁ ৰামানুজন গণিত সংস্থাৰ আলোচনী আৰু ভাৰতৰ গণিত শিক্ষক সংস্থাৰ প্ৰচাৰপত্ৰ(Bulletin of the Mathematics Teachers' Association)ৰ সম্পাদকীয় সমিতিৰ সদস্য।১১১২

গ্ৰন্থৰাজি

  1. The Bloch–Kato Conjecture for the Riemann Zeta Function, Cambridge University Press, 2015, 65-96 pp. ১৩

গৱেষণা-পত্ৰ

  1. Saikia, Anupam. (2001). Mathematical Proceedings of the Cambridge Philosophical Society Article contents Abstract A simple proof of a lemma of Coleman. Mathematical Proceedings of the Cambridge Philosophical Society. পৃ. 209 - 220
  2. Barman, Rupam; Saikia, Anupam. (2010). IWASAWA λ-INVARIANTS AND Γ-TRANSFORMS OF p-ADIC MEASURES ON formula Z^n_p. International Journal of Number Theory. পৃ. 1819-1829
  3. Barman, Rupam; Saikia, Anupam. (2012). Iwasawa λ-invariants of p-adic measures on Z^n_p and their Γ-transforms. Journal of Number Theory Volume 132, Issue 10, 2012, Pages. পৃ. 2258-2266
  4. Saikia, Anupam; Saloni, Kumari. (2018). Bounding Hilbert coefficients of parameter ideals. Journal of Algebra. পৃ. 328-344
  5. Das, Shamik; Saikia, Anupam. (2021). ON θ-CONGRUENT NUMBERS OVER REAL NUMBER FIELDS. Bulletin of the Australian Mathematical Society. পৃ. 218 - 229
  6. Chakraborty, Debopam; Saikia, Anupam. (2017). An explicit construction for unramified quadratic extensions of biquadratic fields. Acta Arithmetica. পৃ. 153-161
  7. Coates, J.; Saikia, Anupam; Raghuram, A. (2015). The bloch–kato conjecture for the riemann zeta function. Cambridge University Press
  8. Das, Shamik; Chakraborty, Debopam; Saikia, Anupam. (2020). On the period of the continued fraction of $\sqrt{pq}. Acta Arithmetica
  9. Saikia, Anupam. (2015). Explicit reciprocity law of bloch–kato and exponential maps. Cambridge University Press. পৃ. 65-96
  10. Chaudhuri, Dishari; Saikia, Anupam. (2017). On the derived length of units in group algebra. Czechoslovak Mathematical Journal

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Faculty: Department of Mathematics, IIT Guwahati. www.iitg.ac.in
  2. ↑ Publications. www.iitg.ac.in
  3. ↑ (3 september, 2020). ট্ৰিনিটি কলেজত পঢ়াৰ সুযোগ পোৱাটো মোৰ সৌভাগ্য. পৃ. 7
  4. ↑ Education. www.iitg.ac.in
  5. ↑ Mathematics Genealogy, Anupam Saikia
  6. ↑ Post-doctoral Job Experience. www.iitg.ac.in
  7. ↑ Official Activities. www.iitg.ac.in
  8. ↑ (24 January 2012). এয়া ভাল কথাই যে মানৱজাতিয়ে কেৱল ব্যৱহাৰিক প্ৰয়োগৰ কথা ভাবিযেই সময় কটোৱা নাই - Gonit Sora
  9. ↑ MathSciNet, Anupam Saikia
  10. ↑ Book Page at Cambridge. www.cambridge.org
  11. ↑ আৰ্কাইভ কপি
  12. ↑ Bulletin of MTA(I)
  13. ↑ The Bloch–Kato Conjecture for the Riemann Zeta Function

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া গণিতজ্ঞঅসমীয়া শিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুপম শইকীয়া (গণিতজ্ঞ)” প্ৰবন্ধৰ সংশোধন ৬১৫৮৩২ (৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।