অচ্যুত লহকৰ (৯ জুলাই, ১৯৩১ - ১২ জুন, ২০১৬)-ক অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক বুলি কোৱা হয়।১ পৰিভ্ৰমী নাট্যদল যেনে, যাত্ৰা, অপেৰা আদিৰপৰা পৃথক এই ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদিয়াৰ উপৰিও তেখেতে দীপাৱলী নামে এখন আলোচনী সম্পাদনা আৰু প্ৰকাশ কৰি উলিয়াইছিল। এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ উপৰিও তেখেতে নাটক ৰচনা কৰিছিল আৰু ভ্ৰাম্যমাণৰ বাবে বিভিন্ন কলা-কৌশল আৱিষ্কাৰ কৰিছিল। 'অতুল চন্দ্ৰ হাজৰিকা বঁটা'ৰে সন্মানিত এখেতক 'মঞ্চ প্ৰভাকৰ' বুলিও জনা যায়।২ ২০১৬ৰ ১২ জুনত বাৰ্ধক্যজনিত ৰোগত পাঠশালাত তেখেতৰ মৃত্যু হয়।৩
শিক্ষা আৰু শৈশৱ
অচ্যুত লহকৰৰ জন্ম হয় ১৯৩১ চনৰ জুলাই মাহৰ ৯ তাৰিখে পাঠশালাৰ সমীপৰ বাগনা গাঁৱত। তেওঁৰ পিতৃ আছিল গৌৰীকান্ত লহকৰ আৰু মাতৃ আছিল কান্তিপ্ৰিয়া লহকৰ। তেওঁ পাঠশালা মজলীয়া বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে আৰু ১৯৪৯ চনত বজালী হাইস্কুলৰ (এতিয়া বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়) পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। কিন্তু সেই সময়তে তেওঁ পিতৃক হেৰুৱাই আৰু ঘৰৰ সমগ্ৰ দায়িত্ব তেওঁৰ ওপৰত আহি পৰে। তাৰ পিছত তেওঁ কলিকতালৈ যায় আৰু তাৰ ছেইণ্ট পল কলেজত বাণিজ্য শাখাত নামভৰ্তি কৰে। কিন্তু তেওঁ পঢ়া সমাপ্ত নকৰি পাঠশালালৈ ঘূৰি আহে আৰু বজালী মহাবিদ্যালয়ৰ পৰা প্ৰাইভেটকৈ আই. এ. পাছ কৰে। পুনৰ তেওঁ কলিকতালৈ বি.এ.পঢ়িবলৈ যায়। বি.এ. পঢ়ি থকাৰ সময়তে তেওঁ অনুবাদকৰো কাম পাৰিশ্ৰামিক ভিত্তিত কৰিছিল। আমেৰিকান এম্বেছীৰ লগত হোৱা বন্দৱস্ত অনুসৰি তেওঁ “আব্ৰাহাম লিংকন”, “গনতন্ত্ৰ” আদি কেবাখনো গ্ৰন্থ অনুবাদ কৰি দিছিল। বি.এ. পাঠ্যক্ৰম সম্পূৰ্ণ নকৰাকৈ তেওঁ পুনৰ ঘৰলৈ ঘূৰি আহে আৰু ইতিমধ্যে তেওঁৰ ভাতৃ সদা লহকৰৰ দ্বাৰা প্ৰতিষ্ঠিত “নটৰাজ অপেৰা”ক এক নতুন ৰূপ দিবলৈ প্ৰয়াস কৰে। এই পৰীক্ষামূলক প্ৰয়াসৰ সফল প্ৰতিফলন হিচাপে ১৯৬৩ চনত ভ্ৰাম্যমাণ নটৰাজ থিয়েটাৰৰ জন্ম হয়।৪
দীপাৱলী আলোচনী সম্পাদনা
কলিকতাত পঢ়ি থকা কালতে অচ্যুত লহকৰে সচিত্ৰ মাহেকীয়া আলোচনী 'দীপাৱলী' সম্পাদনা আৰু প্ৰকাশ কৰিছিল। মূলতঃ 'আৱাহন'ৰদ্বাৰা অনুপ্ৰাণিত এই আলোচনীখন প্ৰথম প্ৰকাশ পাইছিল ১৯৫২ চনত। আলোচনীত কামত সহায়ৰ বাবে লহকৰে পাঠশালাৰ বামুণকুচি গাঁৱৰ তাৰক শৰ্মাক কলিকতালৈ লৈ গৈছিল। দীপাৱলীৰ আয়ুস দীঘলীয়া নাছিল। চেগাচোৰোকাকৈ কিছুবছৰ চলি আলোচনীখন বন্ধ হৈ গৈছিল। আলোচনীখনৰ প্ৰথম সংখ্যাটো কলিকতাৰ লক্ষ্মীবিলাস প্ৰেছত ছপা কৰা হৈছিল।৫
নটৰাজ থিয়েটাৰৰ জন্ম
বিস্তাৰিত: নটৰাজ থিয়েটাৰ'নটৰাজ থিয়েটাৰ' হৈছে প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ। বৰপেটা জিলাৰ পাঠশালা নগৰত ১৯৬৩ চনত এই ভ্ৰাম্যমাণ নাট্যদলটো গঢ় লৈ উঠিছিল।১ ১৯৫৯ চনত পাঠশালাত সদানন্দ লহকৰে গঠন কৰা 'নটৰাজ অপেৰা' নামৰ যাত্ৰাদলটোক আদিপৰ্ব হিচাপে লৈয়ে অচ্যুত লহকৰে নটৰাজ থিয়েটাৰ গঢ় দিছিল।৬
১৯৫৯ চনত পাঠশালাত সদানন্দ লহকৰে এক আধুনিক আৰু ব্যতিক্ৰমী যাত্ৰাপাৰ্টী নটৰাজ অপেৰা গঠন কৰে। এই দলটিয়ে ৰাজ্যৰ বিভিন্ন ঠাইত নাট প্ৰদৰ্শন কৰিছিল। ১৯৬০ চনত ই সম্পূৰ্ণ ভ্ৰাম্যমাণ পৰ্যায়লৈ ৰূপান্তৰিত হয় আৰু এই ভ্ৰাম্যমাণ যাত্ৰা ১৯৬২ চনলৈ বাহাল থাকে। পৰিৱৰ্তিত সমাজে 'নটৰাজ অপেৰা'ৰ এই ভ্ৰাম্যমাণ যাত্ৰাক আকোঁৱালি লৈছিল। 'নটৰাজ অপেৰা'ৰ এই কাম-কাজ দেখি অচ্যুত লহকৰে যাত্ৰাপাৰ্টীৰ এই ভ্ৰাম্যমাণ ৰূপটো আৰু কলিকতা, বোম্বাই আদি চহৰৰ থিয়েটাৰৰ ৰূপটো মিহলাই ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰূপ দিয়াৰ বাবে চিন্তা কৰিলে। সেয়েহে চুইচ টিপিয়েই ষ্টেজত মাইক, ৰঙা-নীলা লাইট আদি জ্বলাই তেওঁ চমক দিয়াৰ চেষ্টা কৰিব ধৰিলে। লগতে শিল্পীসকলক আৰ্থিক সুৰক্ষা দিয়া আৰু নাট্য শিল্পক আধূলিকতা প্ৰদান কৰাৰ বাবে অচ্যুত লহকৰে ১৯৬৩ চনত 'নটৰাজ অপেৰা'ক নতুনত্ব প্ৰদান কৰি 'নটৰাজ থিয়েটাৰ'ৰ জন্ম দিয়ে।৬
থিয়েটাৰলৈ অৱদান
অচ্যুত লহকৰে নিজৰ অনুলিখিত আত্মজীৱনীত উল্লেখ কৰিছে যে অপেৰাৰ কিছুমান ধাৰা তেখেতে ভাল নাপাইছিল আৰু সেইকেইটা সলনি কৰিবলৈ যাওঁতেই এটা নতুন অনুষ্ঠানৰ জন্ম হ'ল। তেখেতে ভাল নোপোৱা বিষয় কেইটা আছিল: পুৰুষৰ দ্বাৰা নাৰী চৰিত্ৰৰ অভিনয়, ভাষাৰ ভুল উচ্চাৰণ, সুৰত গঁথা সংলাপ আৰু অনূদিত নাটকৰ পয়োভৰ, য'ত অসমৰ পটভূমি ব্যৱহাৰ কৰা নহৈছিল। তেখেতে বিচাৰিছিল আধুনিক গদ্য সাহিত্যৰ ৰীতিত নাটকৰ বচন হওক আৰু নাটক হওক মৌলিক লগতে হওক অসমৰ পটভূমিৰ।৭
তাৰ বাহিৰেও এই অনুষ্ঠানটোৰ যোগেদি তেখেতে শিল্পীৰ পেছাদাৰী দিশটো টনকিয়াল কৰি ৰখাত গুৰুত্ব দিছিল। সেই বাবেই ভ্ৰাম্যমাণ থিয়েটাৰে প্ৰথমৰ পৰাই বাণিজ্যিক ভিত্তিত নাট্য-প্ৰদৰ্শন কৰাত গুৰুত্ব দিছিল বুলি তেখেতে আত্মজীৱনীত উল্লেখ কৰিছে। সেয়ে তেখেতে পোহৰ নিক্ষেপনৰ কাৰচাজী, শব্দযন্ত্ৰত ব্যৱহাৰত নতুনত্ব আৰু অন্যান্য চমকদাৰী কলা-কৌশল ব্যৱহাৰ কৰি ভ্ৰাম্যমাণক যাত্ৰা-অপেৰাতকৈ পৃথক কৰি দেখুওৱাত গুৰুত্ব দিছিল। সমগ্ৰ অসম পৰিভ্ৰমণ কৰি নাটক দেখুৱাবলৈ যাওঁতে আহিব পৰা অসুবিধালৈ চাই তেখেতে অস্থায়ী আৰু কঢ়িয়াই লৈ ফুৰিব পৰা মঞ্চ, প্ৰেক্ষাগৃহ, দৰ্শক বহাৰ আসন আদিও লৈ ফুৰোৱাৰ ব্যৱস্থা কৰিছিল, যাৰ বাবেই ভ্ৰাম্যমাণ থিয়েটাৰ এটা অনন্য অনুষ্ঠান হিচাপে গঢ় লৈ উঠিল।
সাহিত্য কৰ্ম
ৰচিত নাটক
- এৰিনা
- অজেয় ভিয়েটনাম
- আমেৰিকাৰ পুতলা
- ঊষা
- ব্লেকমানী
- ডাক্তৰবাবু
- আদৰ্শৱতী নাৰী
- আমি হেনো মানুহ নহয়
- হামিদা
- এখন পৃথিৱী
- শংকৰদেৱ
- বন্ধু হত্যাকাৰী বন্ধু
- দুলীয়াজান
- আল্লা ঈশ্বৰ৮
অনুবাদ গ্ৰন্থ
- আনা কাৰেনিনা
চলচ্চিত্ৰ নিৰ্মাণ
১৯৭৩-৭৪ চনত অচ্যুৎ লহকৰে তেখেতৰ এখন মঞ্চনাট ব্লেকমাণিৰ কাহিনীৰ আধাৰত একে নামতে এখন চিনেমা নিৰ্মাণৰ প্ৰচেষ্টা হাতত লয়। তেখেতে 'ব্লেকমাণি' প্ৰযোজনা কৰাৰ উপৰিও পৰিচালনাও কৰিছিল।৩ চিনেমাখনৰ বহু অংশৰ দৃশ্যগ্ৰহণ হৈছিল যদিও ই মুক্তি নাপালে।
বঁটা
- কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা (১৯৯৭)৯
- অতুল চন্দ্ৰ হাজৰিকা বঁটা
মৃত্যু
২০১৬ চনৰ ১২ জুনত বাৰ্ধক্যজনিত ৰোগত তেখেতৰ মৃত্যু হয়। বিভিন্ন ৰোগত ভুগি থকা লহকৰক জীৱনৰ শেষ নমাহ পাঠশালাৰ জ্যোতিনগৰত বাস কৰা জী-জোৱাইৰ ঘৰত বাস কৰিছিল। প্ৰয়োজনীয় সেৱা-শুশ্ৰূষা দিয়াৰ বাবেই জী-জোয়ায়ে তেখেতক নিজৰ ঘৰলৈ লৈ আহিছিল আৰু এইখন ঘৰতে তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।৩
বাহ্যিক সংযোগ
- আমি অসমীয়া ৱেবছাইটত অচ্যুত লহকৰৰ বিষয়ে অধিক তথ্য আছে
- দ্য চান্ডে ইণ্ডিয়ান ৱেবছাইটত ভ্ৰাম্যমাণ থিয়েটাৰৰ বিষয়ে থকা তথ্য
তথ্যসূত্ৰ
- ↑ Eminent Personalities of Assam. creative.sulekha.com
- ↑ কিশোৰ কুমাৰ কলিতা (লেখক-সংকলক). (২০১১). ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস (প্ৰথম খণ্ড). সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থা
- ↑ (13 June 2016). মহাপ্ৰয়াণত ভ্ৰাম্যমাণৰ পিতামহ. Asomiya Pratidin. পৃ. 1, 8
- ↑ (২০০৬). মঞ্চপ্ৰভাকৰ. সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থা
- ↑ মহানায়ক অচ্যুত লহকৰৰ আত্মজীৱনী ভ্ৰাম্যমাণ থিয়েটাৰ, অনুলেখন: এলক্স ফিগো, বুক ৱৰ্ল্ড পাব্লিকেচন, পাঠশালা, প্ৰথম প্ৰকাশ ২০১০
- ↑ কিশোৰ কুমাৰ কলিতা (লেখক), কিশোৰ কুমাৰ কলিতা আৰু ড॰ ৰনজিৎ ডেকা (সম্পাদক), পাঠশালা, আনন্দৰাম বৰুৱা একাডেমী প্ৰকাশন, পাঠশালা, পৃষ্ঠা ১৫৯ -ৰ পৰা উল্লিখিত, ডিচেম্বৰ, ২০১১
- ↑ এলেক্স ফিগো (অনুলেখক), মহানায়ক অচ্যুত লহকৰৰ আত্মজীৱনী ভ্ৰাম্যমাণ থিয়েটাৰ, বুক ৱৰ্ল্ড পাব্লিকেশ্বন, পাঠশালা (২০১০)
- ↑ (২০০৬). মঞ্চপ্ৰভাকৰ. সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থা
- ↑ www.kkfindia.org/list_award.html আহৰণ কৰা তাৰিখঃ ০৫-০৩-২০১২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অচ্যুত লহকৰ” প্ৰবন্ধৰ সংশোধন ৬২১৬৯৪ (৩০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।