অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মহেন্দ্ৰ মোহন চৌধুৰী

মহেন্দ্ৰ মোহন চৌধুৰীৰ (Mahendra Mohan Choudhury) জন্ম ১৯০৯ চনত অসমৰ বৰ্তমান বৰপেটা জিলাৰ অৰ্ন্তগত নগাঁও নামৰ গাঁৱত। এল এল বি পাচ কৰি তেওঁ মহাত্মা গান্ধীৰ আহ্বানত ভাৰত ত্যাগ আন্দোলনৰ আগৰণুৱা হৈ পৰে।

হালনাগাদ: ২৫ মে’ ২০২২ ১৪৬ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মহেন্দ্ৰ মোহন চৌধুৰীৰ (Mahendra Mohan Choudhury) জন্ম ১৯০৯ চনত অসমৰ বৰ্তমান বৰপেটা জিলাৰ অৰ্ন্তগত নগাঁও নামৰ গাঁৱত। এল এল বি পাচ কৰি তেওঁ মোহনদাস কৰমচান্দ গান্ধীৰ আহ্বানত ভাৰত ত্যাগ আন্দোলনৰ আগৰণুৱা হৈ পৰে। গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমক গ্ৰুপিঙৰ পৰা ৰক্ষা কৰিবলৈ ১৯৪৬ চনৰ ১৫ ডিচেম্বৰত মহাত্মা গান্ধীক শ্ৰীৰামপুৰত লগ কৰি অসমক পূব পাকিস্তানৰ অঙ্গ নোহোৱাৰ বাবে যোৱা অসমৰ দুজনীয়া দলটোৰ এজন আছিল মহেন্দ্ৰ মোহন চৌধুৰী।১

ভাৰত স্বাধীন হোৱাৰ পিচত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি ১৯৫৭ চনত তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্ত হৈছিল। পিছত ১৯৭০ চনৰ পৰা ১৯৭২ চনলৈ অসমৰ চতুৰ্থজন মুখ্যমন্ত্ৰীৰূপে নিযুক্ত হয়। ইয়াৰ পিচত ১৯৭৩ চনৰ পৰা ১৯৭৭ চনলৈ তেখেতে পাঞ্জাবৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰে। এই সময়তে তেখতে মহাপুৰুষ শংকৰদেৱৰ কৰ্মৰাজি আন আন ৰাজ্যলৈ বিয়পাবলৈ বহু প্ৰচেষ্টা হাতত লয়। পাঞ্জাবৰ পাটীয়ালা বিশ্ববিদ্যালয়ৰ শঙ্কৰদেৱ আসন তাৰেই এটি উদাহৰণ৷২ অসমত উন্নত পদ্ধতিত খেতি কৰোৱা আৰু অসমীয়া ভাষাৰ স্বীকৃতি পোৱাতো তেখেতৰ অৱদান উল্লেখযোগ্য।

তথ্যসূত্ৰ

  1. ↑ Strangers of the mist:tales of war and peace from India's northeast:by Sanjoy Hazarika ISBN 0140240527 (0-14-024052-7)Penguin Group
  2. ↑ ৰংবং তেৰাঙ-:মহেন্ৰ মোহন চৌধুৰী জন্ম জয়ন্তী স্মৃতিচাৰণ গ্ৰন্থ, প্ৰকাশক আইকন সাহিত্য ন্যাস

সম্পৰ্কিত শ্ৰেণী

অসমৰ মুখ্যমন্ত্ৰীঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহেন্দ্ৰ মোহন চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৩২২১৫৬ (২৫ মে’ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।