অসমৰ ধৰ্মীয় স্থান
৬৫ প্ৰবন্ধ
-
দ'দান থান
অসমৰ গোৱালপাৰা জিলাৰ আগিয়াৰ পৰা ১৮ কিলোমিটাৰ আঁতৰত অৱস্থিত বায়দাত অৱস্থিত এখন থান হ'ল শ্ৰীশ্ৰী ৰিছি আশ্ৰিত দ'দান থান৷ প্ৰতিবছৰে ফাগুনৰ শুক্লা মহাষ্টমীৰ পৰা একাদশীলৈ ইয়াত এখন মেলা উদযাপন কৰা হয়৷ ১৯৭১ চনৰ পৰা ৰাভাসকলে পৰম উলহ-মালহেৰে ইয়াক জাতীয় উৎসৱ হিচাপে পালন কৰি আহিছে৷ এই মেলাত শিৱৰ (ৰিছি)…
-
নলেশ্বৰ থান
নলেশ্বৰ থান তেজপুৰ চহৰৰ দ-বেছেৰীয়া গাঁৱত অৱস্থিত| তথ্য অনুসৰি, ১৭৬০ চনৰ ভাদ মাহত সেই গাঁৱৰে মূৰাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু নমোৰাম গোস্বামীদেৱে এই থান খন প্ৰতিষ্ঠা কৰিছিল।
-
বুঢ়া গোঁসাই দেৱালয়
বুঢ়া গোঁসাই দেৱালয় তেজপুৰৰ ন-দুৱাৰ অঞ্চলৰ জামুগুৰিহাটৰ নন্দিকেশ্বৰ গাঁৱত অৱস্থিত এটা মন্দিৰ। এই দেৱালয় আহোম যুগত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ তত্ত্বাৱধানত নিৰ্মিত। পিছত ১৬৮৭ খ্ৰীষ্টাব্দত শিৱ সিংহই এই দেৱালয়খন পুনৰ নিৰ্মাণ কৰোৱায়।
-
মণিকৰ্ণেশ্বৰ দেৱালয়
মণিকৰ্ণেশ্বৰ দেৱালয় (Manikarneswar Devalaya) কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ মণিশৈল পাহাৰৰ ওপৰত অৱস্থিত ঐতিহাসিক দেৱালয়। এই দেৱালয় ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত। ইটাৰে নিৰ্মিত এই মন্দিৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত তৰাসদৃশ শিলৰ মূল ভেটিৰ ওপৰত পুনৰ নিৰ্মাণ কৰা হৈছিল।
-
মহা মৃত্যুঞ্জয় মন্দিৰ
মহা মৃত্যুঞ্জয় মন্দিৰ (Maha Mrityunjay Temple) অসমৰ নগাঁও জিলাৰ ভেৰভেৰিত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত এই মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল। স্থাপত্যশৈলীৰ ফালৰ পৰা মন্দিৰটো এটা বিশাল শিৱ লিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে।
-
মৈৰামৰা দৌল
মৈৰামৰা দৌল বা মৈৰামৰা থান (Moiramora Doul) ডিব্ৰুগড় জিলাৰ মানকটা মৌজাৰ খামতি ঘাটত অৱস্থিত ঐতিহাসিক দৌল। এই দৌলটো পোণপ্ৰথমতে ১০ শতিকা মানত শিলেৰে নিৰ্মাণ কৰা হৈছিল যদিও পাছলৈ ১৩-১৪ শতিকাত চুতীয়া ৰাজ্যৰ দিনত ইটাৰে পুণৰ নিৰ্মাণ কৰা হৈছিল। বৰ্তমান সময়ত মৈৰামৰা দৌল বা থানৰ কেৱল ভগ্নাৱশেষ পোৱা গৈছে।
-
হাতীমূৰা মন্দিৰ
হাতীমূৰা মন্দিৰ অসমৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ শিলঘাটৰ ওচৰৰ হাতীমূৰা পাহাৰত অৱস্থিত এটা ঐতিহাসিক মন্দিৰ। আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে ১৬৬৭ শকত (১৭৪৫-৪৬ খ্ৰীষ্টাব্দ) এই মন্দিৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰ মহিষাসুৰমৰ্দিনী দেৱী দুৰ্গাৰ প্ৰতি সমৰ্পিত।
-
কমাৰকুছি থান
কমাৰকুছি থান বৰপেটা সত্ৰৰ পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগত কমাৰকুছি নামে ঠাইত অৱস্থিত। কথিত আছে যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ইয়াত এবছৰ কাল আছিল। ১৫৪৩ খৃঃ ত শংকৰদেৱে নাৱেৰে ভটিয়াই আহি কামৰূপ পাইছিলহি।
-
কলি আই থান
শ্ৰী শ্ৰী কলি আই থান (Sri Sri Koli Aai Thaan) ডিব্ৰুগড় জিলাৰ ৰাজভেটা পঞ্চায়তৰ অন্তৰ্গত চেঙামাৰী হাবি গাঁৱত অৱস্থিত এখন ঐতিহাসিক থান। এই থান ডিবৰু সত্ৰৰ সত্ৰাধিকাৰৰ দুহিতা কলি আইৰ প্ৰতি উছৰ্গিত। দিহিং সত্ৰৰ কোনো পুৰুষ উত্তৰাধিকাৰী নথকাত কলি আইয়ে ইয়াৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।
-
কাশাৰপাৰাৰ কালী মন্দিৰ
কাশাৰপাৰাৰ কালী মন্দিৰ হ'ল বঙাইগাঁও জিলাৰ বইটামাৰী অঞ্চলৰ কাশাৰপাৰা গাঁৱত অৱস্থিত এটা ইতিহাস প্ৰসিদ্ধ মন্দিৰ। অঞ্চলটোৰ জনসাধাৰণে এই মন্দিৰটোক দেৱীৰ জাগ্ৰত মন্দিৰ বুলি বিশ্বাস কৰে। এই মন্দিৰটোত বলি বিধানৰ পৰম্পৰা পূৰ্বৰে পৰা চলি আহিছে।
-
গাংমৌ থান
গাংমৌ থান হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা এখন থান। মহাপুৰুষ শংকৰদেৱৰ তীৰ্থভ্ৰমণ সময়ত অসমৰ বিভিন্ন ঠাইত থাকি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। সেই স্থানবোৰত কালক্ৰমত কিছুমান সত্ৰ, মঠ-মন্দিৰ ইত্যাদিৰ গঢ় লৈ উঠিছিল। এনে এখন থান হ’ল গাংমৌ থান।
-
গুৱাহাটীস্থিত হিন্দু মন্দিৰৰ তালিকা
গুৱাহাটী চহৰখনত হিন্দু ধৰ্মৰ বহুতো মন্দিৰ আছে, তাৰ ভিতৰত প্ৰসিদ্ধ মন্দিৰসমূহ হ'ল:–
-
গৰখীয়া গোসাঁইৰ থান, সৰভোগ
মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁইৰ থান বৰনগৰৰ ঐতিহ্য বহনকাৰী এটা পবিত্ৰ ধৰ্মীয় অনুষ্ঠান। কোচ ৰজা নৰনাৰায়ণৰ দিনৰেপৰা বৰনগৰৰ ঐতিহ্যমণ্ডিত ক্ষেত্ৰসমূহৰ ভিতৰত মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁইৰ থান অন্যতম।
-
গৰখীয়া দৌল, নাজিৰা
শিৱসাগৰ জিলাৰ নাজিৰাত অৱস্থিত গৰখীয়া দৌল আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত নিৰ্মিত এটা মন্দিৰ-বিশেষ৷ আনহাতে, দৌলটো গড়গাঁও নগৰৰ পশ্চিম দিশত দিখৌ নৈৰ বিপৰীতে [দক্ষিণ পাৰে] আছে৷ এই দৌলটোক মহেশ্বৰ দৌল বা মহেশ্বৰৰ ঘৰ আৰু মাই দৌল বুলিও কোৱা হয়৷ স্বৰ্গদেউ প্ৰতাপ সিংহই ৰজা হোৱাৰ পাছত পূৰ্বতে পূজা…
-
ঘুগুহা দৌল
ঘুগুহা দৌল অসমৰ চিল-কং-মুখৰ ওচৰৰ গঙমুখ গাওঁ (বৰ্তমানৰ ধেমাজি জিলাৰ ঘুগুহা)ত অৱস্থিত এক মধ্যযুগীয় দৌল। অসম পুৰাতত্ত্ব বিভাগৰ অনুসৰি এই দৌল আহোম ৰজা শিৱসিংহই (১৭১৪-১৭৪৪) নিজৰ ৰাণী অম্বিকা দেৱীৰ কাৰণে নিৰ্মাণ কৰিছিল।
-
জগন্নাথ মন্দিৰ, ডিব্ৰুগড়
শ্ৰীক্ষেত্ৰ ধাম, মহাপ্ৰভু জগন্নাথ মন্দিৰ অসমৰ ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় চহৰত অৱস্থিত ভগৱান জগন্নাথৰ প্ৰতি সমৰ্পিত মন্দিৰ। হিন্দু ধৰ্মৰ চাৰি ধামৰ অন্যতম ওড়িশাৰ পুৰীত অৱস্থিত শ্ৰী জগনাথ মন্দিৰক আৰ্হি হিচাপে ২০১৪ চনত এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল।
-
তাম্ৰেশ্বৰ দেৱালয়
তাম্ৰেশ্বৰ দেৱালয় হৈছে অসমৰ ওদালগুৰি জিলাৰ খৈৰাবাৰী অঞ্চলৰ এক অন্যতম পৌৰাণিক স্থান। প্ৰত্নতত্ত্ব বিভাগৰ গৱেষণা মতে তাম্ৰেশ্বৰ দেৱালয় আনুমানিক ১১-১২ শতিকাৰ ভিতৰত ওদালগুৰি জিলাৰ খৈৰাবাৰীত নিৰ্মাণ কৰা হৈছিল। জনশ্ৰুতি অনুসৰি এই প্ৰাচীন শৈৱপীঠ সপ্তম- নৱম শতিকাৰ ভিতৰত নিৰ্মাণ কৰা বুলি ধাৰণা কৰা হয়।
-
দেওপানী দুৰ্গা মন্দিৰ
দেওপানী দুৰ্গা মন্দিৰ বা দেওপানী থান অসমৰ কাৰ্বি আংলং জিলাৰ বোকাজানৰ বৰসেৱাগুৰি গাঁৱৰ ওচৰত দেওপানী চাহ বাগিচাত অৱস্থিত মা দুৰ্গা প্ৰতি উৎসৰ্গিত মন্দিৰ। দেওপানীত উদ্ধাৰ কৰা আৰু প্ৰতিষ্ঠাপিত প্ৰত্নতাত্ত্বিক মূল্যবিজড়িত শৈলমূৰ্তিসমূহ নৱম-দশম শতিকাৰ।
-
দেওপাহাৰ
দেওপাহাৰ ভাৰতৰ অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ত অৱস্থিত পূৰাতাত্ত্বিক স্থান। এই স্থলত এখন সংৰক্ষিত পূৰাতাত্ত্বিক উদ্যান আৰু অসম চৰকাৰৰ পূৰাতাত্ত্বিক বিভাগৰ অন্তৰ্গত এটা যাদুঘৰ আছে। দেওপাহাৰ বা দেওপৰ্বত নামৰ অৰ্থ হৈছে ঈশ্বৰৰ পাহাৰ। ই ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত।
-
দেৱী দৌল
দেৱী দৌল গৌৰীসাগৰ পুখুৰীৰ উত্তৰ তীৰৰ পূৱ সীমান্তত অৱস্থিত এটা দৌল বা মন্দিৰ। গৌৰীসাগৰৰ তিনিওটা মন্দিৰৰ ভিতৰত ই সকলোতকৈ ডাঙৰ। মন্দিৰটো ৰজা শিৱ সিংহৰ(১৭১৪-৪৪) ৰাণী ফুলেশ্বৰীৰ নিৰ্দেশ অনুসৰি ইটা আৰু পাথৰেৰে (শিল) নিৰ্মাণ কৰা হৈছিল।
-
পদুমণি থান
পদুমণি থান লখিমপুৰ জিলাৰ উত্তৰ দিশত লখিমপুৰ চহৰ পৰা ২৫ কিলোমিটাৰ নিলগত অৱস্থিত। ই এটা হিন্দু ধৰ্মৰ মন্দিৰ। ইয়াক ১৯৫২ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়ালৈ প্ৰতিদিনে বহু লোকৰ আগমণ হয়। দুলুং সংৰক্ষিত বনাঞ্চলৰ একেবাৰে সমীপত থকা এই মন্দিৰত বছৰি হাজাৰ হাজাৰ ভক্ত আগমন ঘটে।
-
পাঁচ পীৰ দৰগাহ
পাঁচ পীৰ দৰগাহ (Panch Peer Dargah) ধুবুৰী জিলাৰ ধুবুৰী চহৰত অৱস্থিত পাঁচ গৰাকী চুফী সন্তৰ মাজাৰ শ্বৰিফ। এই দৰগাহ ধুবুৰীৰ শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰাত সংৰক্ষিত পাঁচ গৰাকী চুফী সন্ত ক্ৰমে শ্বাহ আকবৰ, শ্বাহ বাগমাৰ, শ্বাহ চুফী, শ্বাহ সৰণ আৰু শ্বাহ কমলৰ সমাধিৰ ওপৰত নিৰ্মিত দৰগাহ।
-
বগা বাবাৰ মাজাৰ
বগা বাবাৰ মাজাৰ ( Boga Baba Mazhar) বা বগা ফকীৰৰ মাজাৰ অসমৰ ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় চহৰৰ মাজ-মজিয়াৰ পাঁচআলি অঞ্চলত অৱস্থিত ইছলাম ধৰ্মালম্বীৰ উপাসনাস্থলী। ইয়াত চুফী সন্ত চৈয়দ ৰশ্বন আলি চিষ্টিৰ মাজাৰ। চুফী সন্ত চৈয়দ ৰশ্বন আলি চিষ্টি স্থানীয়ভাৱে বগা বাবা হিচাপে বিখ্যাত আছিল।
-
বাঘেশ্বৰী মন্দিৰ
বাঘেশ্বৰী মন্দিৰ বঙাইগাঁও চহৰত অৱস্থিত। পাৰ্বতীৰ আন এটা নাম বাঘেশ্বৰী। ইয়াত পাৰ্বতীৰ তৰোৱালখন পৰা বাবে তৰোৱাল পূজা কৰা হয়। মন্দিৰটো শক্তিপীঠ মন্দিৰ হোৱা বাবে ইয়াত কোনো মূৰ্তি পূজা কৰা নহয়।
-
বাসুদেৱ থান
বাসুদেৱ থান লখিমপুৰ জিলাৰ ঢকুৱাখনা ৰ পূৱ প্ৰান্তত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ থান। ঢকুৱাখনা চাৰিআলিৰ পৰা পশ্চিমমূৱাকৈ প্ৰায় ১০ কি:মি: গ'লে এই প্ৰসিদ্ধ থানখন পোৱা যায়॥ থানখনৰ লগতে বাসুদেৱৰ এখন নামঘৰ আছে। সত্ৰৰ মুঠ মাটিকালি প্ৰায় ২০০ বিঘা।
-
বেজৰ দৌল
বেজৰ দৌল বা বেজ দৌল (Bezor Doul) ডিব্ৰুগড় জিলাৰ জিলাৰ ধেমেচী অঞ্চলৰ বেজপথাৰত অৱস্থিত ঐতিহাসিক দৌল। ই শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগত অৱস্থিত। বেজৰ দৌল আচলতে এটা বিষ্ণু দৌল আৰু অষ্টভূজাকৃতি গৰ্ভগৃহ আৰু এটা ঠেক অন্তৰালৰ সৈতে নিৰ্মিত।
-
ভোগপুৰ সত্ৰ
ভোগপুৰ সত্ৰ নদীদ্বীপ মাজুলীৰ মধ্য ভাগত থকা এখন ইতিহাসপ্ৰসিদ্ধ সত্ৰ। এই সত্ৰখনিৰ মুঠ মাটিকালি হৈছে ১৮৮.৫৭ হেক্টৰ। তদুপৰি এই সত্ৰৰ মুঠ জনসংখ্য়া হৈছে ১,৬৯৭ জন। প্ৰায় ৩০১ ঘৰ মানুহ ভোগপুৰ সত্ৰৰ এলেকাত বসবাস কৰি আছে। এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল ১৪৫০শকত(ইংৰাজী ১৫২৮ চনত)মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে।
-
মণিপুৰী আই গোসাঁনী থান
মণিপুৰী আই গোসাঁনী থানখন দুটা শাখাত অৱস্থিত। তাৰে প্ৰাচীন শাখাটো,ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ দেওবাৰী বাণ গাঁৱত অৱস্থিত। দ্বিতীয় শাখাটো, ধেমাজি জিলা আৰু লখিমপুৰ জিলাৰ সীমান্তৰ বৰহমথুৰিয়নী গাঁৱত (ঘিলামৰা অঞ্চলৰ সমীপত) অৱস্থিত।
-
মূৰা দেৱালয়
মূৰা দেৱালয় হৈছে অবিভক্ত দৰং জিলাৰ আৰু বৰ্তমানৰ ওদালগুৰি জিলাৰ এখন অতি প্ৰাচীন আৰু শক্তিশালী পীঠস্থান। স্থানীয় লোকসকলৰ মাজত ই দ্বিতীয় কামাখ্যা ৰূপেও জনাজাত। এইখন মূলতঃ দেৱীপীঠ যদিও ইয়াত গণেশ, শিৱ, পাৰ্বতী, বিষ্ণু, কামাখ্যা, দুৰ্গা, লক্ষ্মী, সৰস্বতী, কালী আদি বহু দেৱ-দেৱীৰ থানো আছে।
-
লাংকুৰি দেওশাল
হ'-ফি লাং-কু-ৰি(𑜑𑜦𑜡 𑜇𑜣 𑜎𑜡𑜂𑜫 𑜀𑜥 𑜍𑜣) অসমীয়াত লাংকুৰি দেওশাল (Temple of Langkuri) ফুৰালুং ধৰ্মৰ লাংকুৰি দেৱতাক আৰাধনা কৰা এখন হ'ফি দেউশাল। ১২৫৩ খ্ৰীষ্টাব্দত বৰাহী মুখিয়া থাকুমথাৰ উপদেশত চাওলুং চুকাফাই চৰাইদেউৰ এই অঞ্চলকে প্ৰথম স্থায়ী ৰাজধানী হিচাপে পাতি লয় আৰু তেওঁ আগবঢ়োৱা দেওঘৰক চুকাফাই দেওশাল…