অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

মূৰা দেৱালয়

মূৰা দেৱালয় হৈছে অবিভক্ত দৰং জিলাৰ আৰু বৰ্তমানৰ ওদালগুৰি জিলাৰ এখন অতি প্ৰাচীন আৰু শক্তিশালী পীঠস্থান। স্থানীয় লোকসকলৰ মাজত ই দ্বিতীয় কামাখ্যা ৰূপেও জনাজাত। এইখন মূলতঃ দেৱীপীঠ যদিও ইয়াত গণেশ, শিৱ, পাৰ্বতী, বিষ্ণু, কামাখ্যা, দুৰ্গা, লক্ষ্মী, সৰস্বতী, কালী আদি বহু দেৱ-দেৱীৰ থানো আছে।

হালনাগাদ: ২৪ জুলাই ২০২৫ ৩১৯ শব্দ · ২ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

মূৰা দেৱালয় হৈছে অবিভক্ত দৰং জিলাৰ আৰু বৰ্তমানৰ ওদালগুৰি জিলাৰ এখন অতি প্ৰাচীন আৰু শক্তিশালী পীঠস্থান। স্থানীয় লোকসকলৰ মাজত ই দ্বিতীয় কামাখ্যা ৰূপেও জনাজাত। এইখন মূলতঃ দেৱীপীঠ যদিও ইয়াত গণেশ, শিৱ, পাৰ্বতী, বিষ্ণু, কামাখ্যা, দুৰ্গা, লক্ষ্মী, সৰস্বতী, কালী আদি বহু দেৱ-দেৱীৰ থানো আছে। দৈনিক অলেখ ভক্তৰ সমাগম হোৱা এই পীঠস্থানখনত পূৰ্বতে হেনো নৰবলিও হৈছিল। কামাখ্যা মন্দিৰৰ লগত ইয়াৰ সম্পৰ্কও মনকৰিব লগীয়া। দুৰ দুৰনিৰ পৰা ইয়ালৈ বিভিন্ন ভক্তৰ সমাগম হোৱা দেখা যায়। মন্দিৰটোত থকা শিলখণ্ড আৰু মূৰ্তিবোৰ অতি প্ৰাচীন। এই মন্দিৰৰ ভিতৰত যি পানী আছে অতীতত কালৰ পৰা আছে। এই পানী খিনি মন্দিৰৰ পশ্চিমৰ ফালে থকা পুখুৰী লগত সংযোগ আছে।

উৎপত্তি

দক্ষ ৰজাৰ জীয়ৰী সতীয়ে পিতৃৰ অমান্তিত মহাদেৱৰ সৈতে বিবাহ হৈছিল। এবাৰ দক্ষ ৰজাই যজ্ঞ পাতি সকলো দেৱ দেৱীক নিমন্ত্ৰণ দিছিল। কিন্তু নিজৰ জী-জোৱাই সতী আৰু শিৱক যজ্ঞত নিমন্ত্ৰণ দিয়া নাছিল। তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত উপস্থিত হয়। যজ্ঞস্থলীত জীয়েকক দেখি দক্ষ ৰজাৰ খং উঠে আৰু শিৱক ভৎসনা কৰিবলৈ আৰম্ভ কৰে। স্বামীৰ বদনাম সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰে। সতীৰ বিয়োগত শিৱ বালিয়া হয় আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্ব ভ্ৰমি ফুৰিবলৈ ধৰে। এনেদৰে ঘূৰি ফুৰোতে, অৱশেষত বিষ্ণুয়ে সুদৰ্শন চক্ৰৰে সতীৰ দেহটো খণ্ডিত কৰিছিল আৰু সেই সতী দেহৰ অংগ যি ঠাইত পৰিলে সেই নামেৰেই নামাকৰণ হৈ এই তীৰ্থস্থান নিৰ্মান হৈছিল। এই ঠাইত সতীৰ মুৰ অংশ পৰিছিল বাবে মূলা দেৱালয় বুলি কোৱা হয়।

দ্বিতীয়তে, কিছু কিছু লোকৰ মতে, কেন্দুকলাই আছিল কামাখ্যা দেৱীৰ পূজাৰী। তেওঁৰ পূজা অৰ্চনাত দেৱী মুগ্ধ হৈ, দৰ্শন দি হেনো নৃত্য কৰিছিল। এই কথাষাৰ ৰাজাই কেনেবাকৈ গম পায় আৰু ৰজাইয়ো দেৱীৰ নৃত্য চাবলৈ মন প্ৰকাশ কৰে। আৰু প্ৰতিজ্ঞা বদ্ধ আছিল কেন্দুকলাই পূজাৰী, যেতিয়া, ৰজাই তেওঁক মৃত্যুৰ ভাবুকি দিলে, অৱশেষত ৰজাৰ হাতত মৰাতকৈ দেৱীৰ হাতত মৰাই ভাল বুলি ভাবি তেওঁ ৰজাক সময় সীমা বান্ধি দিলে। আৰু যথা সময়ত তেওঁ আহি পূজাৰ অৰ্চনাত দেৱী দৰ্শন দিব লগা হ'ল আৰু দ্বিতীয় জন ব্যক্তিৰ দৰ্শন পোৱা বাবত দেৱী কুন্ধাপীত হৈ কেন্দুকলাইৰ গালত এচৰ মাৰিছিল আৰু সেই চৰত তেওঁৰ মূৰটো চিঙি এই ঠাইত পৰিলে। এই ঠাইত পৰা কাৰনে ঠাইখিনিৰ নাম মূলা দেৱালয় হয়।

সম্পৰ্কিত শ্ৰেণী

অসমৰ হিন্দু মন্দিৰঅসমৰ ধৰ্মীয় স্থান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মূৰা দেৱালয়” প্ৰবন্ধৰ সংশোধন ৫২৬৮২৯ (২৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।