কমাৰকুছি থান বৰপেটা সত্ৰৰ পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগত কমাৰকুছি নামে ঠাইত অৱস্থিত। কথিত আছে যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ইয়াত এবছৰ কাল আছিল।
১৫৪৩ খৃঃ ত শংকৰদেৱে নাৱেৰে ভটিয়াই আহি কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) পাইছিলহি। কামৰুপত গুৰুজনাই ক্ষেত্ৰীৰ ওচৰৰ কাপনা, টপাবাৰী আদি ঠাইত সত্ৰ থান প্ৰতিষ্ঠা কৰি বৰপেটাৰ “চিনপৰা“ত উঠেহি। চিনপৰা নামৰ ঠাইখন স্থানীয় নাৱৰীয়া সকলে অপৰিস্কাৰ কৰি থৈছিল। সেয়েহে গুৰুজনাই মাধৱদেৱৰ লগত আলোচনা কৰি সেই ঠাই পৰিত্যাগ কৰাৰ সিদ্ধান্ত লয়। এই কথা শুনি জয়ন্তীয়াৰ মধাই নামৰ ভকত এজনে কমাৰকুছি নামৰ ভাল ওখ ঠাই এডোখৰ আছে বুলি জানিবলৈ দিয়ে। মধাই ভকতৰ কথা মানি লৈ গুৰুজনাই মাধবদেৱ আৰু আন শিষ্য সকলক লৈ কমাৰকুছিত থিতাপি লয়।
কমাৰকুচিত ধৰ্মপ্ৰচাৰ কৰি থকাৰ সময়ত তেঁওলোকে বিল এখনৰ পানী ব্যৱহাৰ কৰি আছিল। কিন্তু পিচলৈ মাছমৰীয়া সকলে মাছ ধৰাত বিলৰ পানী ঘোলা হৈ পৰে,যাৰ বাবে গুৰুজনাৰ সমন্বিতে সকলো ভক্ত কেইবাদিনো লঘোনে থাকিব লগা হয়। গুৰুজনাৰ মুখেৰে এই কথা জানিব পাৰি নাৰায়ন ঠাকুৰ আতাই ভৱানীপুৰত গোপাল আতাৰ হতুৱাই এটা পাটকুঁৱা বহুৱাই। ডাঃ মহেশ্বৰ নেওগ-এ তেখেতৰ পুথি শ্ৰীশ্ৰীশংকৰদেৱত লিখিছে যে এই ঠাইতে নুমলী ৰুক্মীনী আইদেউৰ মৃত্যু হয়। এই ঘটনাত শংকৰদেৱে মনত বৰ আঘাত পালে আৰু ভক্তসৱৰ সৈতে পাটবাউসীলৈ গমন কৰে।
শংকৰদেৱে কমাৰকুছি ত্যাগ কৰাৰ পিচত মেধি সকলেও সেইঠাই ত্যাগ কৰে। কমাৰকুছি থানৰ মেধিসকল বনগঞাগিৰি বংশধৰ আছিল বুলি জনা যায়। কিছুলোকৰ মতে সেই ঠাইডোখৰত কুমাৰ, হীৰা সম্প্ৰদায়ৰ লোকে বাস কৰাৰ বাবে এই ঠাইডোখৰৰ নাম কমাৰকুছি নামে জনাজাত।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমাৰকুছি থান” প্ৰবন্ধৰ সংশোধন ১৭৪৩৯২ (৬ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।