অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দেওপাহাৰ

দেওপাহাৰ ভাৰতৰ অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ত অৱস্থিত পূৰাতাত্ত্বিক স্থান। এই স্থলত এখন সংৰক্ষিত পূৰাতাত্ত্বিক উদ্যান আৰু অসম চৰকাৰৰ পূৰাতাত্ত্বিক বিভাগৰ অন্তৰ্গত এটা যাদুঘৰ আছে। দেওপাহাৰ বা দেওপৰ্বত নামৰ অৰ্থ হৈছে ঈশ্বৰৰ পাহাৰ। ই ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত।

হালনাগাদ: ২৭ জুলাই ২০২৬ ২৮৮ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

দেওপাহাৰ ভাৰতৰ অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ত অৱস্থিত পূৰাতাত্ত্বিক স্থান। এই স্থলত এখন সংৰক্ষিত পূৰাতাত্ত্বিক উদ্যান আৰু অসম চৰকাৰৰ পূৰাতাত্ত্বিক বিভাগৰ অন্তৰ্গত এটা যাদুঘৰ আছে।১ দেওপাহাৰ বা দেওপৰ্বত নামৰ অৰ্থ হৈছে ঈশ্বৰৰ পাহাৰ। ই ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত। দেওপাহাৰ দেওপানী সংৰক্ষিত বনাঞ্চলৰ অংশ। দেওপানী সংৰক্ষিত বনাঞ্চলৰ মাটিকালি ১৩৩.৪৫ হেক্টৰ আৰু হাতী কৰিড'ৰৰ অংশ। ইয়াত এজোপা ঐতিহ্যপূৰ্ণ ভেলেও গছ আছে। প্ৰতি বছৰে জানুৱাৰীৰে পৰা অক্টোবৰ মাহলৈ এই গছত কেইবাটাও বৃহৎ বৃহৎ বাহ সাজিবলৈ হিমালয়ৰ পাদদেশৰ বনৰীয়া পৰিভ্ৰমী মৌমাখি ইয়ালৈ আহে।

দেওপাহাৰ অসমৰ এখন উল্লেখযোগ্য পৰ্যটনস্থলী।২ পাহাৰৰ শিখৰত এখন প্ৰাচীন শিলেৰে অৰ্ধনিৰ্মিত বা ১৮৯৭ চনৰ ভূমিকম্পত ধ্বংসপ্ৰাপ্ত মন্দিৰ আছে।

ইয়াৰ আশে-পাশে সিঁচৰত হৈ থকা ধ্বংসাৱশেষ সমূহ অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ তালিকাত অন্তৰ্ভুক্ত।

ইতিহাস

দেওপাহাৰৰ শিখৰত অৱস্থিত শিলৰ মন্দিৰ স্থাপত্যশৈলীৰ পৰা খ্ৰীষ্টীয় সপ্তমৰ পৰা নৱম শতিকাৰ বুলি অনুমান কৰিব পাৰি। এই মন্দিৰ ভগৱান শিৱৰ প্ৰতি উছৰ্গিত বুলি গণ্য কৰা হয়। লোকবিশ্বাস মতে ইয়াৰ মূল শিৱলিংগটো ১৯ শতিকাত পাহাৰৰ কাষতে স্থাপিত বাবা থান মন্দিৰলৈ স্থানান্তৰ কৰা হৈছিল।৩

স্থাপত্য

দেওপাহাৰত অৱস্থিত মন্দিৰটো একখণ্ড শিলৰ ওপৰত নিৰ্মিত। তোৰণৰ স্তম্ভত পদুমফুল আৰু ফুলৰ মালাৰে বিদ্যাধৰ খোদিত আৰু বৃহৎ মূলাৱৰণ ইয়াৰ অন্যতম বিশেষত্ব। ইয়াৰ লগতে ইয়াত শিলত খোদিত ভাস্কৰ্য পোৱা গৈছে। মন্দিৰ ভূমিৰ শিলাখণ্ডসমূহ লোৰ দণ্ডৰে স্থিৰ কৰোৱা হৈছিল।৪ মন্দিৰ স্থাপত্যত উত্তৰ গুপ্ত যুগৰ প্ৰভাৱ পৰিলক্ষিত হয়। বৃহৎ দুৱাৰত ফুলৰ পাহিৰ নক্সা, জীৱ-জন্তুৰ চাৰিওফালে লতাজাতীয় উদ্ভিদ, নাৰী দ্বাৰপালিকাৰ পত্ৰকুণ্ডল ইত্যাদি ইয়াৰ বিশেষত্ব। ইয়াত কীৰ্তিমুখ, কলামকৰা, ফাংনাম শিৱ, শ্ৰীধৰ ৰুদ্ৰ, লক্ষ্মী-নাৰায়ণ, হৰ-গৌৰী, ৰাসলীলা,সৰ্পদেৱতা, প্ৰণাম ধ্যান, পদ্ম চক্ৰ, ৰাম, ৰাৱণ, সুগ্ৰীৱ আদিৰ ভাস্কৰ্য পোৱা গৈছে। তদুপৰি ইয়াত ৰামায়ণ, মহাভাৰত, পুৰাণ আদিৰ দৃশ্যৰ ভাস্কৰ্য পোৱা গৈছে।

যাতায়ত

দেওপাহাৰ নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত। নুমলীগড় ৰে'ল ষ্টেচন ইয়াৰ নিকটৱৰ্তী ৰে'ল ষ্টেচন। যোৰহাটৰ যোৰহাট বিমানবন্দৰ ইয়াৰ পৰা প্ৰায় ৬৩ কিঃমিঃ নিলগত অৱস্থিত। দেওপাহাৰৰ নুমলীগড় শোধনাগাৰৰ পৰা ৫ কিলোমিটাৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৬১.৮ কিলোমিটাৰ আৰু গুৱাহাটীৰ পৰা প্ৰায ২৫৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

তথ্যসূত্ৰ

  1. ↑ Home | Directorate of Archaeology | Government Of Assam, India. archaeology.assam.gov.in
  2. ↑ Historical Monuments | Assam Tourism Development Corporation Ltd | Government Of Assam, India. tourismcorporation.assam.gov.in
  3. ↑ Welcome to Bokakhat Sub_division. www.bokakhat.gov.in
  4. ↑ Temple ruins on Dhansiri bank. www.telegraphindia.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংৰক্ষিত স্মৃতিচিহ্নঅসমৰ পুৰাতাত্বিক স্থানঅসমৰ ধৰ্মীয় স্থানহিন্দুধৰ্মৰ মঠ-মন্দিৰগোলাঘাট জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেওপাহাৰ” প্ৰবন্ধৰ সংশোধন ৬২০৪৪৭ (২৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।