শ্ৰীক্ষেত্ৰ ধাম, মহাপ্ৰভু জগন্নাথ মন্দিৰ অসমৰ ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় চহৰত অৱস্থিত ভগৱান জগন্নাথৰ প্ৰতি সমৰ্পিত মন্দিৰ। হিন্দু ধৰ্মৰ চাৰি ধামৰ অন্যতম ওড়িশাৰ পুৰীত অৱস্থিত শ্ৰী জগনাথ মন্দিৰক আৰ্হি হিচাপে ২০১৪ চনত এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল।১ ডিব্ৰুগড়-তিনিচুকীয়া বাইপাছ পথৰ খনিকৰৰ মহাত্মা গান্ধী উদ্যানৰ ওচৰত অৱস্থিত এই মন্দিৰৰ উচ্চতা ৮৫ ফুট। স্থাপত্য গাঁথনি অনুসৰি এই মন্দিৰটো পুৰীত অৱস্থিত ভাৰতৰ মূল জগনাথ মন্দিৰ দ্বিতীয় স্বৰূপ।২
ইতিহাস
জগন্নাথ মন্দিৰৰ নিৰ্মাণকাৰ্য শ্ৰী শ্ৰী জগন্নাথ সাংস্কৃতিক ন্যাসৰ তত্ত্বাৱধানত আৰম্ভ হৈছিল। মন্দিৰৰ বাবে প্ৰয়োজনীয় পাঁচ বিঘা ভূমি বকপাৰা চাহ বাগিচায়ে দান কৰিছিল।৩ এই ন্যাসে বৰ্তমান প্ৰতিষ্ঠানটোৰ আনুষ্ঠানিক অভিভাৱক আৰু ৰক্ষক হিচাপে কাম কৰে। ২০১৪ চনত তিৰুপতি বালাজী মন্দিৰৰ অহা পুৰোহিতৰ উপস্থিতত প্ৰাণ প্ৰতিষ্ঠা সমৰোহ অনুষ্ঠিত হৈছিল। তদানীন্তন অসমৰ ৰাজ্যপালসকলৰ তালিকা জনকী বল্লভ পটনায়কে এই মন্দিৰ স্থাপনত বিশেষ অৱদান আগবঢ়াইছিল।৪
স্থাপত্য
ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ পুৰীত অৱস্থিত জগন্নাথ মন্দিৰৰ আৰ্হি হিচাপে লৈ নিৰ্মাণ কৰা হৈছে।৫ মূল মন্দিৰটো কলিংগ স্থাপত্যশৈলীৰ হোৱাৰ হেতুকে এই মন্দিৰো একে শৈলীত নিৰ্মাণ কৰা হৈছে। মন্দিৰৰ মূল শিখৰৰ উচ্চতা ৮৫ ফুট। মন্দিৰ প্ৰাংগণত মুঠ সাতটা মন্দিৰ আছে। মন্দিৰৰ মূল উপাস্য মহাপ্ৰভু জগন্নাথৰ লগতে বলভদ্ৰ, সুভদ্ৰা, শিৱ, গণেশ, হনুমান আৰু দেৱী মন্দিৰ আছে। মন্দিৰৰ চাৰিওফালে ৩ মিটাৰ উচ্চতাৰ দেৱাল আছে আৰু দেৱালত কৃষ্ণলীলা আৰু পুৰাণৰ দৃশ্য ভাস্কৰ্য ৰূপত সজোৱা হৈছে। মন্দিৰলৈ সোমোৱা দুখন প্ৰৱেশদ্বাৰ আছে। মূল প্ৰৱেশদ্বাৰৰ দুয়োফালে দুটা সিংহৰ প্ৰতিকৃতি থকাৰ বাবে ইয়াক সিংহদ্বাৰ বোলা হয়।
পৰ্যটন
জগন্নাথ মন্দিৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উপাসনাস্থল। ইয়ালৈ দৈনন্দিন বহু ভক্তৰ সমাগম হয়। পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হি হিচাপে ইয়ালৈ দেশ-বিদেশৰ নানা পৰ্যটক আহে। মন্দিৰৰ স্থাপত্য আৰু চৌপাশৰ সেউজীয়া পৰিৱেশে পৰ্যটকক আকৰ্ষণ কৰে। প্ৰতি বছৰে অনুষ্ঠিত ৰথযাত্ৰাতো মন্দিৰত ভক্ত সকলৰ ভীৰ পৰিলক্ষিত হয়।
যাতায়ত
জগন্নাথ মন্দিৰ ডিব্ৰুগড় চহৰৰ পৰা ৭ কিঃমিঃ নিলগত ডিব্ৰুগড়-তিনিচুকীয়া বাইপাছ পথৰ দাঁতিত খনিকৰ নামে ঠাইত অৱস্থিত। ইয়াৰ পৰা ডিব্ৰুগড় ৰেল ষ্টেচন প্ৰায় ৭ কিঃমিঃ আৰু ডিব্ৰুগড় বিমানবন্দৰ প্ৰায় ১২ কিঃমিঃ নিলগত অৱস্থিত।৬ডিব্ৰুগড় চহৰৰ পৰা জগন্নাথ মন্দিৰলৈ যোৱা নিয়মীয়াকৈ অটো ৰিক্সা পোৱা যায়।
তথ্যসূত্ৰ
- ↑ Exclusive: The Temples Home To Odisha’s Lord Jagannath In North-East India. sambadenglish.com
- ↑ www.assamtribune.com/scripts/epaper.asp?id=dec06
- ↑ Jagannath temple coming up near Dibrugarh to boost tourism in Assam. traveltechie
- ↑ Governor pays tribute to Dr John Berry White. assamtribune.com
- ↑ Dibrugarh Travel Guide. Kaziranga National Park
- ↑ Tourist Place. Airport Authority of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জগন্নাথ মন্দিৰ, ডিব্ৰুগড়” প্ৰবন্ধৰ সংশোধন ৬৩৬০১২ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।